গল্পঃ ইয়াক পৰিত্যাগ কৰা (Give it UP!) / ফ্ৰানজ কাফকা

মূল: ফ্ৰানজ কাফকা ইংৰাজী অনুবাদ: টানিয়া আৰু জেমছ ষ্টাৰ্ন অসমীয়া অনুবাদ: জ্যোতিশিখা দত্ত ৰাতিপুৱা খুব সোনকাল আছিল । ৰাস্তাবোৰ পৰিস্কাৰ আৰু অকলশৰীয়া। মই ষ্টেচনলৈ গৈ আছিলো । মই যেতিয়া টাৱাৰ ক্লকটোৰ লগত মোৰ ঘড়ীতো মিলাবলৈ লৈছিলো তেতিয়াহে মই উপলব্ধি কৰিছিলো যে মই ভবাতকৈ মোৰ বহু পলম হ‘ল আৰু মই খৰ খেদা কৰা উচিত। এই উপলব্ধিয়ে […]

গল্পঃ কেট ইন দ্য ৰেইন / আৰ্নেষ্ট মিলাৰ হেমিংৱে

 মূল গল্পঃ Cat in the Rainগল্পকাৰঃ Earnest Miller Hemingwayঅনুবাদঃ অৰুণিমা ভট্টাচাৰ্য্য “বৰষুণত ভিজা মেকুৰীটো” . হোটেলখনত থকা মানুহবোৰৰ ভিতৰত তেওঁলোক দুজনেই মাত্র আমেৰিকাৰ আছিল। হোটেলৰ চিৰিৰে কোঠালৈ অহা যোৱা কৰোতে লগ পোৱা কোনো মানুহ তেওঁলোকৰ চিনাকি নাছিল। তেওঁলোকৰ কোঠাটো দ্বিতীয় মহলাত সাগৰৰ ফালে আছিল। তাৰ পৰা ৰাজহুৱা উদ্যানখন আৰু যুদ্ধৰ স্মৃতিসৌধটো দেখা গৈছিল। উদ্যানখনত সেউজীয়া ঠাল-ঠেঙুলিৰে ডাঙৰ প্লামৰ […]

গল্পঃ বিদূষক / ৰবীন্দ্ৰনাথ ঠাকুৰ

বিদূষকমূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই     (১) কাশীৰ ৰজা কৰ্ণাটক জয়ৰ বাবে ওলাল । যুঁজত তেঁৱেই জয়ী হ’ল । বিজয় চিন স্বৰূপে চন্দন, হাতীৰ দাঁত আৰু সোন মাণিক মুকুতা আদি হাতীত বোজাই দিয়া হ’ল । দেশলৈ উলটি অহাৰ পথত ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ ৰক্তৰে পূজা দিলে । পূজা দি উভতি আহিছে– গাত […]

গল্পঃ কোন ওচৰত, কোন দূৰত / মংগল সিং হাজোৱাৰি

 কোন ওচৰত, কোন দূৰত মূল: Mangal Singh Hajowari উৎস: Modern Bodo Short Stories (Sahitya Akademi) বড়োৰ পৰা ইংৰাজীলৈ অনুবাদ: জয়্কান্ত শৰ্মা অনুবাদ: কিশোৰ দাস নিশাটো মৰোঁ মৰোঁ হৈছিল। সপোনটো দেখিয়েই বিলায়ে সাৰ পাই উঠিছিল। গিৰিয়েকক বিছনাত খেপিয়াই চাইছিল যদিও বিচাৰি নাপালে। তাই আচম্বিত হৈছিল। ক‘লৈ গ‘ল সি? খৰধৰকৈ তাই উঠি দখনাখন ভালদৰে গাঁঠি ল‘লে আৰু […]

গল্পঃ এনিশা / কেইশ্বম প্ৰিয়কুমাৰ

এনিশা মূল (মণিপুৰী) : কেইশ্বম প্ৰিয়কুমাৰইংৰাজী অনুবাদ : ৰবীন এছ নাংগমঅনুবাদ : ৰঞ্জনা দত্ত   কি কৰিম যদি শুই থাকোঁতে মূৰটো কিহবাৰে থেতালি পেলায় ? বা গম নোপোৱাকৈ মেচি দা খনেৰে কাটি পেলায় ? চিন্তা বোৰ মনলৈ অহাত ষ্টিফেন ভয়তে জোকাৰ খাই উঠিল । টোপনিটো আহিব খোজা সময়তে হঠাতে তাৰ চকু কাণ সষ্টম হৈ পৰিল। […]

গল্পঃ সুৰা বিপনীৰ অৰ্জন / ষ্টান আগেইৰা

 সুৰা বিপনীৰ অৰ্জন মূল (ইংৰাজী): ষ্টান আগেইৰা (Stan Ageira) অনুবাদ: ধ্ৰুৱ শইকীয়া স্কুলৰ গাতে লগাকৈ চিৰাগৰ ককায়েক কেতনৰ ঘৰটো। গেটখন খুলি চিৰাগ সোমাই গ’ল। শিকলিৰে বান্ধি থোৱা কুকুৰটো ভূকি ভূকি যিমানখিনি পাৰে আগুৱাই আহিল। চিৰাগ আজি প্ৰায় এবছৰৰ মূৰত ইয়ালৈ আহিছে। সেয়ে কুকুৰটোৱে চিনি পোৱা নাই। চিৰাগে হাতখন ডাঙি এঠাইতে অলপ সময় ৰৈ থাকিল, তাৰ […]

গল্পঃ মাটিৰ ওপৰৰ নাওঁবোৰ/ জেনিচ পাৰিয়াট

  মাটিৰ ওপৰৰ নাওঁবোৰ             মূলঃ জেনিচ পাৰিয়াট                    অনুবাদ: অৱনী বুঢ়াগোহাঁই । নৈখনলৈ আমি দুয়ো  যিমান বাৰ গৈছো, সেইখিনি হিচাব কৰিলেই মই গম পাওঁ আমি দুয়ো কিমান দিন একেলগে আছিলো । চৌদ্ধ দিনৰ ভিতৰত দহ দিন । সেয়া বৰ বেছি দীঘলীয়া বুলি কব পৰা নাযায় […]

গল্পঃ আঁচোৰ/ সমৰেশ মজুমদাৰ

আঁচোৰ মূল গল্প : আঁচড় সমৰেশ মজুমদাৰ অনুবাদ : মুনমুন সৰকাৰ শইকীয়া দিন দুপৰতেই ঘৰখন ভূতবাংলাৰ দৰে লাগে। এই আবাসস্থলৰ শেষ বাসিন্দা হৰশংকৰ ৰয়। দুপৰীয়া চিঠি এখন পঢ়ি আছিল। বৰ্ধমানৰ জীবনবাবুৱে লিখা, আপোনাৰ ছোৱালীজনী আমাৰ ভাল লাগিছিল। পছন্দ কৰিছিলোঁ। কিন্তু তাই যদি বিয়া নবহো বুলি সিদ্ধান্ত লৈয়েই পেলাইছিল তাক মাতি নি ইমান খিনি অপমান নকৰাহেঁতেনো হ‘ল হয়!   […]

গল্পঃ আংকল / স্বাতী কিৰণ

আংকল মূল(তামিল) : আঝাগিয়াচিঙ্গাৰ অনুবাদ : স্বাতী কিৰণ         নিজৰ ছীটটো বিচাৰি বৃন্দাবন এক্সপ্ৰেছত গপচত বহি ল’লো৷ ৰে’লখনে যাত্ৰাৰ সংকেত দি উঁকি মাৰিলে৷ ঠিক তেতিয়াই তেওঁ মোৰ কাষৰ ছীটত বহিলহি৷ তেওঁ অন্য কোনো নহয় মোৰ পত্নী৷ অথচ মই এনেকুৱা ভাও জুৰিলো যেন মোৰ কাষত কোনে বহিছে সেই কথাটোত মই অলপো গুৰুত্বই দিয়া নাই৷ তাইৰ উপস্থিতিক মই সম্পূৰ্ণৰূপে অগ্ৰাহ্য […]