গল্পঃ কোকলোঙা / এণ্টন চেকভ

 কোকলোঙা মূল: এণ্টন চেকভ অসমীয়া ভাষান্তৰ: ডা° বিপুল কুমাৰ বৰুৱা   ডাৰোগা বাবু অচুমেলভে এটা নতুন ওভাৰকোট পিন্ধি বজাৰৰ চাৰিআলিৰ ফালেদি  কাষলতিৰ কেঁপেনাত এটা পাৰ্চেলৰ টোপোলা লৈ গৈ আছিল ৷পিচে পিচ এটা ৰঙাচুলীয়া কনিষ্টবলে এচালনী বাজেয়াপ্ত আমলখীও কঢ়িয়াই নিছে ৷ চাৰিওপিনে নিস্তব্ধতা ৷ চাৰিআলিত দেও-মনিচৰ সঁচ নাই ৷ দোকান-পোহাৰবোৰৰ দুৱাৰে আশাহতভাৱে ভোকাতুৰৰ মুখৰ দৰে মুখ মেলি […]

গল্পঃ স্ত্ৰীৰ পত্ৰ / ৰবীন্দ্ৰনাথ ঠাকুৰ

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ৰ অসমীয়া ভাৱানুবাদ ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই শ্ৰীচৰণকমলেষু আমাৰ বিয়া হোৱাৰ আজি পোন্ধৰ বছৰেই হ’ল যদিও আজি পৰ্যন্ত তোমালৈ চিঠি লিখা নাই। চিৰদিন কাষতেই আছো – মুখেৰে বহু কথা শুনিছো বা শুনাইছো। চিঠি লিখাৰ সুৰুঙাই পোৱা নাই।   আজি মই তীৰ্থভ্ৰমণৰ অৰ্থে পুৰীত, তুমি তোমাৰ অফিচত। কলকাতাৰ লগত তোমাৰ সম্বন্ধ ঠিক […]

গল্প : বিষফুল / সত্যজিৎ ৰায়

বিষফুল মূল(বঙালী) : সত্যজিত ৰায় অনুবাদ :  ৰঞ্জনা দত্ত   “ সেইফালে নেযাব বাবু” জগন্ময়বাবু উচপ খাই উঠিল। তেওঁৰ ওচৰে পাজৰে অন্য কোনোবা আছিল বুলি তেওঁ গম পোৱা নাছিল বাবেই এইদৰে চক খাব লগা হ’ল। তেওঁৰ সোঁহাতে দহ হাত মান দুৰত তেৰ চৈধ্য বছৰ বয়সৰ ল’ৰা এটা থিয় হৈ থকা দেখিবলৈ পালে। তাৰ পিন্ধনত এটা […]

গল্পঃ গছবোৰ / ফ্ৰানজ কাফকা

গছবোৰ মূলঃ ফ্ৰানজ কাফকা অনুবাদঃ জ্যোতিশিখা দত্ত   আমাৰ বাবে বৰফত থকা স্কন্ধৰ নিছিনা । দেখাত লাগে সিহঁত মসৃণ হৈ পৰি আছে আৰু এটা সৰু ঠেলা সিঁহত ঘূৰ্ণমান হবলৈ যথেষ্ট হব । নহয়, সেইটো কৰিব নোৱাৰি, সিহঁত ভূমিৰ লগত দৃঢ়ভাৱে যুক্ত হৈ আছে । কিন্তু চোৱা, আনকি সেইটোও দেখাত হে লাগে ।

গল্পঃ খ্ৰীষ্টমাছৰ সময়ত / এন্টন চেকভ

খ্ৰীষ্টমাছৰ সময়তমূল (ৰুছিয়ান): এণ্টন চেখভইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত কুমাৰ বৰা (১) “কি লিখোঁ?” কৈ কৈ য়েগৰে কলমটো চিঞাহীত ডুবাই ল’লে । ভাছিলিছাই জীয়েকক চাৰিবছৰ ধৰি দেখা নাই । জীয়েক য়েফিম্যা বিয়াৰ পিছত পিটাৰ্ছবুৰ্গলৈ গ’লগৈ, তেওঁলোকলৈ দুখন চিঠি লিখিলে; আৰু তাৰ পিছত সিহঁত যেন তেওঁলোকৰ জীৱনৰ পৰা অদৃশ্য হৈ পৰিল ! তাইৰ আৰু দেখা-দেখিও নাই, […]

গল্পঃ লাইচেঞ্চ / চাদাত হাচান মান্টো

মূলঃ চাদাত হাচান মান্টোঅনুবাদঃ ৰঞ্জনা দত্ত আব্বু কচোৱান আছিল বেছ সুঠাম চেহেৰাৰ। তাৰ ঘোঁৰাটোও আছিল চহৰৰ ভিতৰত সকলোতকৈ সুন্দৰ । গতিকে সি যাকে তাকে টাঙ্গাত নুঠায়। সদায় উঠা ধৰা বন্ধা মানুহ কেইজনৰ পৰাই দিনে দহ পোন্ধৰ টকা উপাৰ্জন হয় ,যিটো তাৰ বাবে যথেষ্ট । অন্য কচোৱান বোৰৰ দৰে আব্বুৰ কোনো নিচা কৰাৰ অভ্যাস নাছিল । বেচ […]

গল্পঃপৰিবৰ্তন / দোলনা বড়ুয়া তৃষা

 পৰিবৰ্তন মূল বাংলা: দোলনা বড়ুয়া তৃষা অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই         পলাশ আজি শহুৰেকৰ ঘৰলৈ যাবলৈ ওলাইছে । তাক বিদায় জনাবলৈ সকলো আহিছে । মাকে ল’ৰাক শহুৰেকৰ ঘৰলৈ পঠিয়াব লগা হোৱাৰ খঙত অনুস্বৰে কান্দিছে ।         আপোনালোকে চাগে ভাবিছে ল’ৰা এটা শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ যোৱাতো নো কি ডাঙৰ কথা । নাই । পলাশ শহুৰেকৰ ঘৰলৈ […]

গল্পঃ দুশ সত্তৰকোটি হৃদস্পন্দন / অমৃতা প্ৰীতম

দুশ সত্তৰকোটি হৃদস্পন্দন মূলঃ অমৃতা প্ৰীতমঅনুবাদঃ অপৰাজিতা গগৈ অৱশেষত সুৰেখাই মংগলসূত্ৰডাল ডিঙিৰ পৰা খুলি পেলালে ।তাইৰ উশাহ -নিশাহ ইমানেই ঘন হ‘ল যে অলপ পাছতে যেন ই বন্ধ হৈ যাব! সুৰেখাই এজন তিব্বতী লামাই কৰবাত লিখা কথা এটা মনত পেলালে। তেওঁ লিখিছিল যে যদি এটা তৰাৰ কম্পন দুশসত্তৰ কোটিৰ ওচৰ চাপে তেতিয়া ই মৃত হৈ তললৈ খহি […]

গল্পঃ কুং-ই-চি / লু চুন [চীন]

  কুং–ই–চি মূল গল্প : Kung I-Chi মূল লেখক : লু চুন [চীন] অনুবাদ : ৰশ্মিৰেখা গগৈ         লাচেনত থকা পান্থশালাবোৰ চীনৰ আন ঠাইৰ দৰে নহয়৷ ইয়াৰ পান্থশালাবোৰত ৰাস্তাৰ ফালে নব্বৈ ডিগ্ৰী কোণত মুখ কৰি একোটাকৈ কাউণ্টাৰ আছে য’ত সুৰা তপতাবৰ বাবে গৰম পানীৰ ব্যৱস্থা আছে৷ মানুহবোৰে দুপৰীয়া আৰু গধূলি কামৰপৰা উভটি আহি একো পিয়লা […]

গল্পঃ অন্যমনস্কভাৱে খিৰিকিৰে ৰ’ লাগি চোৱা (Absent-minded Window-gazing!)/ ফ্ৰানজ কাফকা

মূলঃ ফ্ৰানজ কাফকা ইংৰাজী অনুবাদঃ উইলা আৰু এডৱিন মিও অনুবাদঃ জ্যোতিশিখা দত্ত দ্ৰুত গতিত অহা ঋতু বসন্তৰ দিনবোৰক লৈ নো আমি কি কৰিব পাৰোঁ? ৰাতিপুৱা আকাশখন ডাৱৰীয়া আছিল, কিন্তু এতিয়া যদি আপুনি খিৰিকীৰ ওচৰলৈ যায় আপুনি আশ্বৰ্যচকিত হব আৰু খিৰিকীৰে মুখখন উলিয়াই আকাশখনলৈ চাই ৰ’ব।  সূৰ্য্যটো ইতিমধ্য ডুব গৈছে কিন্তু তলত আপুনি দেখিব ই কণমানি […]