অসমীয়া অনুবাদত শীৰ্ষেন্দু মুখোপাধ্যায়ৰ গল্প
বিজ্ঞান ভিত্তিক কল্প কাহিনী সময় মূল :: শীৰ্ষেন্দু মুখোপাধ্যায় অনুবাদ:: ৰঞ্জনা দত্ত সোমনাথৰ বয়স মাত্ৰ বাইছ বছৰ। এই বয়টোত মানুহৰ শক্তি, উৎসাহ, আবেগ আদিৰ প্ৰকাশ খুব বেছি। সোমনাথে এজনী ধুনীয়া, দুৰ্দান্ত হাই ফাই পৰিয়ালৰ ছোৱালীৰ লগত এক পক্ষীয় প্ৰেমত পৰিল। ছোৱালী জনীৰ নাম অপৰা। চিনা পৰিচয় নাই। চৌধূৰী হতঁৰ ঘৰটো পাৰাৰ সকলোতকৈ […]
কল্প বিজ্ঞান ভিত্তিক গল্প
কল্প বিজ্ঞান ভিত্তিক গল্প তাৰকা মাতৃ (ষ্টাৰ মাডাৰ ) মূল :: ৰবাৰ্ট এফ ইয়ংঅনুবাদ:: ৰঞ্জনা দত্ত লেখক পৰিচিতিঃ ১৯১৫ চনৰ ৮ জুন তাৰিখে নিউ য়ৰ্কত জন্মগ্ৰহণ কৰা ৰবাৰ্ট ফ্ৰাঙ্কলিন ইয়ং আমেৰিকাৰ এজন স্বনামধন্য কল্পবিজ্ঞান লেখক। তেখেতে পাঁচ খন ডাঙৰ কলেৱৰৰ কল্পবিজ্ঞান উপন্যাস, পাঁচ খন সৰু উপন্যাস, অসংখ্য কল্পবিজ্ঞান আৰু বিজ্ঞান ভিত্তিক চুটিগল্প সংকলনেৰে আমেৰিকাৰ সাহিত্য জগতক চহকী কৰি থৈ […]
নবনীতা দেব সেনৰ “গদাধৰপুৰ উইমেনছ কলেজ” গল্পৰ অসমীয়া অনুবাদ
গদাধৰপুৰ উইমেনছ কলেজ মূলঃ নবনীতা দেব সেন অসমীয়া অনুবাদঃ অনুৰাধা বৰুৱা “সন্ধেবলায় কে ডেকে নেই তাৰে?” আচ্ছা, গীতু, তোৰ বাৰু সেই আলোচনা চক্ৰ খনৰ কথা মনত আছে নে ? অশোকতৰুৱে মূৰ তল কৰি যে গাইছিল— “ও আমাৰ গোলাপবালা—-” , এতিয়া অশোকতৰুৱে অন্য ধৰণৰ গান গায় । তোৰ মামাই যে সেইবাৰ সপোনৰ অৰ্থৰ বিষয়ে বক্তৃতা প্ৰদান […]
গল্পঃ ঘাটবাবু/ সুনীল গঙ্গোপাধ্যায়
ঘাটবাবু মূল: সুনীল গঙ্গোপাধ্যায় অনুবাদ: পংকজ কুমাৰ নেওগ ৰাতি কেই বাজিল ঠিক নাই। বহুত সময় ধৰি বৰষুণ দি আছে। বৰষুণ দিয়াৰ এই শব্দ শুনি থাকিলে কিবা এটা নিচা লাগি যায়। বাসু হালদাৰৰ বাৰে বাৰে টোপনি ভাঙি গৈছে। কিবা এটা যেন অস্বস্তিৰ ভাৱ। দুৱাৰৰ বাহিৰত শুই থকা কুকুৰ দুটাই কিবা যেন সপোন […]
গ্ৰীকৰ সাধুকথাঃ পানী কাৰ: আলেকজেণ্ডাৰ আৰু পছেইদন
পানী কাৰ: আলেকজেণ্ডাৰ আৰু পছেইদন অনুবাদ ঃ গীতাশ্ৰী তামুলী “মই তোমাক কৰ দিব কিয় লাগে?” “কাৰণ মই এই পৃথিৱীৰ সম্ৰাট।” “কিন্তু মই সমুদ্ৰৰ ৰজা।” “মই যদি সমুদ্ৰ অভিযান চলাওঁ, তেন্তে বেছিদিন তুমি সম্ৰাট হৈ থাকিব নোৱৰিবা।” “কিন্তু তুমি কি জাতৰ মাছনো?” “মই হলো মেছিদনৰ আলেকজেণ্ডাৰ তৃতীয়, যাৰ পতাকা পৃথিৱীৰ সমগ্ৰ ভূখণ্ডতে উৰি আছে।” “অ। জানি […]
তুচ্ছ/হুমায়ূন আহমেদ
অনুবাদ গল্পঃ তুচ্ছমূলঃ হুমায়ূন আহমেদঅনুবাদঃ কলচুম বিবি মই মাটিৰ ফালে চাই খোজকাঢ়ো। ইয়াৰ প্ৰধান সুবিধা হৈছে পৰিচিত কাৰোবাৰ সৈতে চকুৱে চকুৱে পৰাৰ সম্ভাৱনা বহুত কমি যায়। এজনৰ সৈতে আনজনৰ এখন আঁৰকাপোৰৰ সৃষ্টি হয়। কোনো কোনোৱে বুজিব নোৱাৰে। ভদ্ৰতা দেখুওৱাৰ বাবে আগুৱাই আহি কয়-আচ্ছালামুআলাইকুম, ভালে আছেনে? এইবোৰ ক্ষেত্ৰত মই প্ৰশ্নকৰ্তাৰ মুখৰ ফালে […]
গল্পঃ এজন বক্তাৰ নিৰ্মাণ (চুটি গল্প)
এজন বক্তাৰ নিৰ্মাণ মূল: ষ্টিফেন ক্ৰেইন ভাবানুবাদ: যশোৱন্ত নিপুণ হুইলমভাইলৰ স্কুলখনৰ এইটো এটা নিয়ম আছিল যে, যেতিয়া ল’ৰা-ছোৱালীবোৰে এটা বিশেষ শ্ৰেণী পাইছিল, তেতিয়া সিহঁতে শুকুৰবাৰৰ আবেলিটো বাগ্মীতাৰ বিকাশৰ কাৰণে উৎসৰ্গা কৰিব লাগিছিল ৷ এইটো এটা দুখ লগাকৈ মূৰ্খামিৰে ভৰা বিশ্বাস আছিল যে বক্তাৰ এনেদৰেই নিৰ্মাণ হ’ব পাৰে […]
গল্পঃ ডিচ্চিৰ কথাৰে/ জয়ন্তী মনোকৰণ
ডিচ্চিৰ কথাৰে … মূল ৰচনা : Chipko Takes Root (জয়ন্তী মনোকৰণ) অনুবাদ : কৃষ্ণা সোণোৱাল ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ধুম !! ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে । ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল । “ডিচ্চি… !” ওখ দেৱদাৰু , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই শুনিববৈ পালে ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে। “ আঁহা … আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হ’ব লাগিব নহয় … ! ল’ৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ । “ “ আমিও যাম ককা “ শ্যামে চিঞঁৰি ক’লে । “ এইবাৰলৈ নহয় , পিছত যাবা … “ ককাকে দৃঢ়ভাৱে ক’লে । “ ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা–চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া । “ ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গ’ল । ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ল’লে । তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল । তাকে দেখি কাষতে নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল , “ এই সাৱধান , পৰি যাবা । “ তেনেতে হঠাতে নদীত এটা বৃহৎ ঢৌ বাগৰি অহাত তত্ ধৰিব নোৱাৰি ডিচ্চি বাগৰি পৰিবই ওলাইছিল ; খুড়াকে লৰি গৈ তাইক ধৰাতহে কথমপি পানীত নপৰিল তাই । পিছে তাইৰ বাওঁ ভৰিখন পানীৰ তলত থকা প্ৰকাণ্ড শিল এটাত উজুটি খাই তললৈ সোমাই গ’ল । গাধটোৰ সৈতে আগে আগে গৈ থকা ককাৰ মাত পানীৰ সোঁতৰ শব্দৰ সৈতে মিলি পৰিছিল । পানীৰ কোবাল সোঁতত গাধটো আনফালে উটি গৈছিল , তাৰ পিঠিত বোজা কৰি অনা লাম–লাকটুবোৰ পানীত সিঁচৰতি হৈ পৰিছিল । খুড়ায়ো কেনেবাকৈহে পানীত নিজৰ থৰকাচুটি নেহেৰোৱাকৈ আছিল । তেওঁ ডিচ্চিৰ ভৰিখন শিলটোৰ ফাঁকৰপৰা ওলাবৰ বাবে পাৰেমানে চেষ্টা কৰি আছিল… “ উহ , বেচেৰীজনী !! “ লাহে লাহে বোকাময় পানীবোৰ নদীৰ সোঁতত আহি তাইৰ শৰীৰত বাগৰি পৰিছিলহি । প্ৰচণ্ড ঠেলা এটা মাৰি অৱশেষত খুড়াকে তাইৰ ভৰিখন শিলৰ ফাঁকৰ মাজৰপৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল । বিষ যন্ত্ৰণাত কেঁকাই খুড়াকৰ কোলাত উঠি তাই ঘৰ পালেগৈ । মাকে তাইক তেনে অৱস্থাত দেখি উধাতু খাই লৰি আহিল আৰু ৰাউচি জুৰি বিনাবলৈ ধৰিলে , বাওঁ ভৰিৰ বিষত ৰ’ব নোৱাৰি তাই ঢলি পৰিল । ডিচ্চিক মাকৰ সৈতে থৈ খুড়াকে এইবাৰ ককাকক বিচাৰি ওলাল । কিন্তু বহুত বিচৰাৰ পিছতো ক’তো ককাকৰ কোনো সন্ধান পোৱা নগ’ল । কিছুদিনৰ পিছত নদীৰ পাৰত ককাকৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল । আমন–জিমনকৈ ডিচ্চি ঘৰৰ চোতালত বহি কিছুমান ভাৱত বিভোৰ হৈ আছিল । কোনোবাই কোৱা তাইৰ মনত পৰিছিল যে বহিৰাগত বিভিন্ন কোম্পানীৰ লোক আহি সিহঁতৰ নদীৰ পাৰৰ ভালেমান গছ কাটি নিছিল । গছবোৰ কাটি নি তাৰে হেনো সিঁহতে ক্ৰিকেট খেলৰ বেট আৰু আন বিভিন্ন খেলা সামগ্ৰী সাজে । তাইৰ বৰ খং উঠিছিল “ কিয় কাটি তহিলং কৰে আমাৰ গছবোৰ ? নাজানেনে তেওঁলোকে তেনেকৈ গছবোৰ সোপাকে কাটি নি নি শেষ কৰাৰ বাবেই সৌ পাহাৰৰ ঢাপৰ মাটিবোৰ খহি আহে নদীলৈ !! আৰু বাম হৈ পৰে আমাৰ নদীখন , এটা ঢৌৱেই বানৰ সৃষ্টি কৰি কত যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে !! নুবুজেনে তেওঁলোকে ? “ আৰু তাইৰ মৰমৰ ককাকজন …. তেওঁকোতো হেৰুৱালে তাই !! বিমৰ্ষ হৈ তাই দুখ পোৱা বাওঁ ভৰিখখনৰ আঁঠু অংশত চুই চালে । পাহৰিব পাৰিবনে তাই কেতিয়াবা সেই হিমশীতল নদীৰ পানী ? তাইৰ এতিয়াও মনত পৰে সিদিনাৰ সেই ভয়াবহ মুহূৰ্তখিনি … নাই নাই … খুড়াকে তাইক প্ৰায়ে কয় আমি সদায় ভাল কথাবোৰ মনলৈ আনিব লাগে , সদায় ভাল ভাল চিন্তা কৰিব লাগে । কথাখিনি মনলৈ অহাৰ লগে লগে তাইৰ ভিতৰত এক অদম্য সাহস জাগি উঠিল যিয়ে তাইৰ সকলো ভয়, বেয়া চিন্তা পলকতে দূৰ কৰি পেলালে । এতিয়াও তাইৰ কাষত তাইৰ সাদৰী মাকজনী আছে , মৰমৰ ভায়েককেইটা আছে । খুড়াক খুড়ীয়েকেও সিহঁতৰ বৰ যতন লয় । নিজৰ সন্তান তেওঁলোকৰ নাই । ডিচ্চিয়ে খুড়াকক নিজৰ ককাকৰ সমানেই ভাল পায় , পিছে যেতিয়া তাই খুড়ীয়েকে তাইৰ মাকক কোৱা শুনে যে খুড়াকৰ জুৱা খেলা অভ্যাসৰ বাবে আজিকালি বৰ সমস্যা হয় বুলি, তেতিয়া তাইৰ কুমলীয়া মনটো মোচৰ খাই যায় … “ খুড়া !!.. জুৱা খেলে !! এয়া হ’ব পাৰেনে !?” […]
গল্পঃ আইনা / হুমায়ূন আহমেদ
আইনা মূলঃ হুমায়ূন আহমেদঅনুবাদঃ পংকজ কুমাৰ নেওগ
গল্পঃ কেৰাচিনৰ গোন্ধ / অমৃতা প্ৰীতম
কেৰাচিনৰ গোন্ধ মূল: অমৃতা প্ৰীতম অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই গুলেৰিৰ মাক–দেউতাক চাম্বাত থাকে । পতিৰ ঘৰৰ পৰা কেইমাইল মান আঁতৰত । থিয় পাহাৰটোৰ পৰা একা–বেকা ৰাস্তাটোৰ শেষত । গুলেৰিৰ ঘৰৰ লৈ মনত পৰিলেই স্বামী মানকৰ লগত পাহাৰৰ চূড়াটোত গৈ থিয় হয় । চাম্বাৰ ঘৰবোৰ বেলিৰ পোহৰত জকমকাই থাকে, তাকে চাই গুলেৰিৰ মন ভৰি […]