গল্পঃ আন এজনী চবিনা / ড০ উষা যাদব

 আন এজনী চবিনা  মূল (হিন্দী): ড০ উষা যাদব        অনুবাদ : ড০ মনিকা শইকীয়া       শেষত যোৱাটো ৰবিবাৰে চবিনা মৰি থাকিল৷ নহয়, তাইৰ মৃত্যু ঘটিছিল দুবছৰৰ আগতেই, যেতিয়া তেৰ বছৰীয়া মৰমলগা ছোৱালীজনীক ঘৰৰ মানুহবোৰৰ অত্যাচাৰে মানসিক ভাবে হতাশ কৰি তুলিছিল৷        আৰম্ভণি ঘটিছিল বোৰ্খাতে৷        -“তোমাৰ কাৰণে এইটো বোৰ্খা কেনেকুৱা হ’ব চবু?” […]

উড়িয়া গল্পৰ অসমীয়া অনুবাদ / মুচিক : এক প্ৰেম কথা

 মুচিক : এক প্ৰেম কথা মূল (উড়িয়া) : শশাংক প্ৰিয়সখা অনূবাদ: নৱকুমাৰ মিশ্ৰ     আটাইয়ে নিদ্ৰামগ্ন হোৱাৰ পিছত নিস্তব্ধতাই আৱৰি ৰখা গভীৰ নিশাবোৰত উজাগৰে থাকি আমি কবি-লেখকসকলে চিত্ৰকল্প, প্ৰতীক, ৰূপক, প্ৰতিচ্ছবি আদি বিচাৰি ফুৰোঁ। নিশা উজাগৰে কটাই এই বিচাৰি ফুৰা অভ্যাসটোৰ বাবে মই গেংটকত থকা সময়চোৱাত কেবাবাৰো সমস্যাত পৰিবলগীয়া হৈছিলোঁ। সেই শীতপ্ৰধান পাহাৰীয়া জনবসতিপূৰ্ণ […]

অনূদিত গল্প – চীফৰ আপ্যায়ন / ভীষ্ম চাহনী

  চীফৰ আপ্যায়ন মূল (হিন্দী) – ভীষ্ম চাহনী অনুবাদ – ড০ মনিকা শইকীয়া   আজি মিষ্টাৰ শামনাথৰ ঘৰলৈ আপ্যায়নৰ বাবে চীফক নিমন্ত্ৰণ জনোৱা হৈছে৷        শামনাথ আৰু ঘৈণীয়েকৰ উশাহ ল’বলৈও সময় নাই৷ ঘৈণীয়েকে ড্ৰেচিং গাউন পিন্ধি, আউলী-বাউলী চুলিকোচা ওপৰলৈ উঠাকৈ খোপাটো বান্ধি, মুখৰ পাউদাৰখিনি মোহাৰি-মোহাৰি আৰু শামনাথে চিগাৰেটৰ শৰাধ পাতি-পাতি কামবোৰ তদাৰক কৰিছে৷        পাঁচ […]

কল্পবিজ্ঞান ভিত্তিক গল্প–

কল্পবিজ্ঞান ভিত্তিক গল্প– আলেকজেণ্ডাৰ দা গড  লেখকঃ আইজাক আচিমভ অনুবাদঃ ৰঞ্জনা দত্ত   লেখক পৰিচয়: :  প্ৰখ্যাত বিজ্ঞান আৰু  কল্পবিজ্ঞান লেখক আইজাক আচিমভ আমেৰিকাৰ বষ্টন ইউনিভাৰচিটিৰ জৈৱ ৰসায়ন বিভাগৰ প্ৰফেচৰ আছিল। ১৯২০ চনত ৰাছিয়াত জন্মগ্ৰহণ কৰা আচিমভে বিজ্ঞান, কল্পবিজ্ঞান আৰু ৰবটৰ ওপৰত ৫০০ খনতকৈও অধিক কিতাপ লিখিছে আৰু সম্পাদনা কৰিছে।  ইয়াৰোপৰি তেওঁ প্ৰায় ৯০, ০০০খন […]

দুষ্ট যাদুকৰৰ কাহিনী/ উৰিয়া ভাষাৰ গল্পৰ অসমীয়া অনুবাদ

  গল্প | অনুবাদ   দুষ্ট যাদুকৰৰ কাহিনী মূল(উৰিয়া)- সত্য মিশ্ৰ অসমীয়া অনুবাদঃ নৱকুমাৰ মিশ্ৰ   (১)   বহু বছৰ আগতে আমাৰ গাঁৱলৈ এজন যাদুকৰে যাদু দেখুৱাবলৈ আহিছিল। মানুহবোৰে কোৱামতে সেয়া ৫০-৬০ বছৰ আগৰ কথা। সেই কালত আমাৰ গাঁৱলৈ বাহিৰৰ পৰা খুব কম মানুহহে আহিছিল। কিন্তু যাদুকৰজন অহাৰ কথাটো আমাৰ গাঁৱত এতিয়াও ইমানকৈ আলোচিত হয় […]

গল্পঃ এটা অভিশপ্ত ঘড়ী / শুভম মণ্ডল

এটা অভিশপ্ত ঘড়ীমূলঃ শুভম মণ্ডলঅনুবাদঃ পংকজ কুমাৰ নেওগ   টুং টাং শব্দ কৰি ঘড়ীটোৰ পৰা ৰাতি নবজাৰ সঙ্কেত ভাহি আহিল। জলতৰঙ্গৰ দৰে এটা মিঠা সুৰীয়া মাত। মানবেন্দ্ৰই মুগ্ধ হৈ গোলাকৃতিৰ দেৱাল ঘড়ীটো চাই আছিল। সি ক’লে – “তোমাৰ ঘড়ীটো বৰ সুন্দৰ। ইমান সুমধুৰ ধ্বনি মই ক’তো শুনা নাই আৰু পেণ্ডুলামটোও বিশেষ ধৰণৰ”। মই মৃদুভাৱে হাঁহিলো। […]

উৰিয়া গল্পৰ অসমীয়া অনুবাদ

বংশিকা মূল (উৰিয়া) : দেৱপ্ৰিয় প্ৰিয়দৰ্শী চক্ৰ অনুবাদ: নৱকুমাৰ মিশ্ৰ   কান্ধত ভেনিটি বেগটো ওলোমাই, বাওঁ হাতেৰে সৰু আইনাখন ধৰি সোঁ হাতখনেৰে মুখত চপৰিয়াই তাই ঊৰ্ধশ্বাসেৰে ঢপলিয়াবলৈ আৰম্ভ কৰিলে।  ন বাজিবলৈ আৰু মাত্ৰ কুৰি মিনিট বাকী। কুৰি মিনিটতে তাই জানো খণ্ডগিৰি চ‘ক পাৰ হৈ সেই এন্ধাৰ এঢলীয়া ৰাস্তাটো পাবগৈ?   তাই জাগমৰা বাৰভূজা মণ্ডপ পাৰ […]

অসমীয়া অনুবাদত বিনায়ক নাডকাৰ্ণিৰ গল্প – ফ্লাৰ্টিং

ফ্লাৰ্টিংমূল ইংৰাজী-( ফ্লাৰ্টিং )বিনায়ক নাডকাৰ্ণি৷অনুবাদঃ মাধুৰী গগৈ৷ ” ই ১০৪ নং বাছখন গ’ল নেকি বাৰু ? ” উশাহ নসলোৱাকৈয়ে বাছ ষ্টপটো পায়েই  মই তাত থিয় হৈ থকা ব্যক্তিজনক সুধিলোঁ ৷ তেওঁ মোৰ প্ৰশ্নটোত ইমানেই আচৰিত হোৱাৰ ৰিয়েকচন দিলে যে মোৰ এনে লাগিল তেওঁক যেনিবা মই তেওঁৰ ৱালেটটোহে খুজিলোঁ ৷ কিছুসময় ৰৈ তেওঁ উত্তৰ দিলে , “ […]

অসমীয়া অনুবাদত জাফৰ ইকবালৰ গল্প

  লুডুৰ ছয়   মূল – জাফৰ ইকবাল অনুবাদ ✍ ৰঞ্জনা দত্ত     লেখক পৰিচয়  –  মহম্মদ জাফৰ ইকবাল বাংলাদেশৰ এজন প্ৰখ্যাত কল্পবিজ্ঞান সাহিত্যৰ লেখক, পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ আৰু সমাজকৰ্মী । তেখেত চাহজাহাল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চাইন্স আৰু ইঞ্জিনিয়াৰিং বিভাগৰ বিভাগীয় মুৰব্বী । তেওঁ ৱাশ্বিংটন ইউনিভাৰচিটিৰ পৰা পি এইচ ডি লাভ কৰাৰ পিছত প্ৰায় ১৮ […]

অসমীয়া অনুবাদত লেংষ্টন হিউজৰ গল্প / এদিন শাৰদীয় সন্ধিয়া

এদিন শাৰদীয় সন্ধিয়া মূলঃ লেংষ্টন হিউজ অনুবাদঃ বিশ্বজিৎ সূত্ৰধাৰ                      বিল যেতিয়া কিশোৰ তেতিয়াৰ পৰাই সিহঁত দুটাৰ মাজত কিবা এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। একো একোটা সুন্দৰ সন্ধিয়াৰ বহুখিনি সময় সিহঁত দুটাই একেলগে ফুৰি ফুৰি নানান ধৰনৰ কথা পাতি পাতি বৰ মধুৰ ভাবে কটাইছিল। এনে দৰেই দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু সময়ৰ সোঁতত এদিন […]