আফগানিস্তানৰ কবি ‘নাদিয়া অঞ্জুমন’ৰ চাৰিটা কবিতা
আফগানিস্তানৰ কবি ‘নাদিয়া অঞ্জুমন‘ৰ চাৰিটা কবিতামূল: নাদিয়া অঞ্জুমন অসমীয়া ভাঙনি: ৰুবুল দাস (১) মোৰ হৃদয়ৰ ক্ৰন্দন মোৰ হৃদয়ৰ ক্ৰন্দন জিলিকে কোনোবা তৰাৰ দৰে । আৰু মোৰ উৰণৰ পখীয়ে চুৱে আকাশক । (২) কোন ডকাইতে এয়া কোন ডকাইতে তোমাৰ সপোনৰ বিশুদ্ধ সোনৰ মূৰ্তিটোক এই ভীষণ ধুমুহাত লুটি নিলে ? (৩) মই কপাহ নহওঁ মই কোনো কপাহৰ […]
কবিতাঃ আমি/ শুভ দাশগুপ্ত
আমি মূল: শুভ দাশগুপ্ত অসমীয়া ভাঙনি: বাপুকণ চৌধুৰী ক্ষুদিৰাম হ’ব কাষৰ ঘৰৰ ল’ৰা আমাৰ লৰাটো ডাক্তৰ হ’ব আমাৰ লৰা ইঞ্জিনিয়াৰ হ’ব নহলে আটোল টোল চৰকাৰী বিষয়া হ’ব; ক্ষুদিৰাম আকৌ কিয় হ’ব? ! ক্ষুদিৰাম আমাৰ কাষৰ ঘৰৰ ল’ৰাটোৱেই হ’ব••• আমাৰ ল’ৰাই দেশ চলাব, দেশ শাসন কৰিব চৰকাৰী গাড়ীত আহিব চৰকাৰী গাড়ীত যাব দুয়োকাষে মখমলৰ গালিচা পাৰিব, […]
কবিতাঃ এইদৰেই মৰাশটোৱে ক’লে
এইদৰেই মৰাশ টোৱে ক’লে (Thus spoke the Cadaver…) মূলঃ BD Chaurasia’s Human Anatomy Book, ষষ্ঠ খণ্ড । অসমীয়া ভাঙনিঃ প্ৰিয়াক্ষি প্ৰিয়দৰ্শনী শুনা, মোক অলপ আলফুলকৈ তুলিবা জীয়াই থাকোতে মোৰ শৰীৰটোৱে বৰ অনাদৰ পালে সৎকাৰৰ যোগ্যও ই নাছিল সেইবাবেই মই ইয়াত এইদৰে… তুমি মোক কাটি পেলোৱা শৰীৰটো টুকুৰা টুকুৰকৈ সোলোকাই ব্যৱচ্ছেদ কৰা মই মানিছোঁ মানিছোঁ […]
অমৃতা প্ৰীতমৰ দুটি কবিতা
মূল হিন্দী: আত্মমিলন , খালী জগহ অসমীয়া ভাঙনি: ড০ ৰীতা শৰ্মা আত্মমিলন মোৰ বিচনা সাজু কিন্তু জোতা আৰু কামিজৰ দৰে তই নিজৰ শৰীৰটোও খুলি দে তাত এমূৰত থৈ দে বিশেষ একো কথা নাই এয়া নিজৰ নিজৰ দেশৰ ৰীতি মাথোন… খালী ঠাই মাথো দুখন দুৱাৰ আছিল এখনে মোক আৰু তাক অধিকাৰৰ পৰা বঞ্চিত কৰিলে […]
চেজল মিলোজৰ পাঁচটা কবিতা
অসমীয়া ভাঙনি ঃ যশোৱন্ত নিপুণ পাহৰি যোৱা তুমি আনক দিয়া দুখবোৰ পাহৰি যোৱা, আনে তোমাক দিয়া দুখবোৰো পাহৰি যোৱা ৷ নৈখন বৈ থাকে চিৰকাল , নিজৰাবোৰ জিলিকে আৰু নিঃশব্দ হয়, তুমি পাহৰিব ধৰা পৃথিৱীত তুমি খোজ কাঢ়া ৷ কেতিয়াবা দূৰণিৰ গীত এটিৰ কলি তুমি শুনিবলৈ পোৱা, ইয়াৰ অৰ্থ কি, তুমি প্ৰশ্ন কৰা, কোনে গাইছে ? […]
কবিতাঃ অৰাজনৈতিক বুদ্ধিজীৱি সকল / ওট্টো ৰেনে কাষ্টিল্লো
অৰাজনৈতিক বুদ্ধিজীৱি সকল মূল (স্পেনিছ) : ওট্টো ৰেনে কাষ্টিল্লো (Otto Rene Castillo) অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী Otto Rene Castillo “My task which I am trying to achieve is, by the power of the written word, to make you hear, to make you feel–it is, above all, to make you see.” — Joseph Conrad (1897)” এদিন […]
কবিতাঃ আটলান্টিচ — এটি হেৰোৱা কবিতা
আটলান্টিচ – এটি হেৰোৱা কবিতা মূল : ইভান বোলেন্দ অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ Eavan কেনেকৈ বাৰু এইটো সংঘটিত হৈছিল, মই প্ৰায়েই চিন্তা কৰিছিলোঁ যে সম্পূৰ্ণ মহানগৰ এখন – অট্টালিকা, সুদৃশ্য তোৰণ, কাৰুকাৰ্য্য খচিত স্তম্ভৰ শাৰী আৰু জন্তু আৰু বাহনবোৰ কথা নক’লোৱেইবা – এই সকলোবোৰেই কোনোবা এটা সুন্দৰ দিনত সাগৰৰ গভীৰত জাহ গৈছিল ? মই […]
কবিতাঃ পছোৱালৈ ওলগনি/ পাৰ্চী শ্ব্যেলী
পছোৱালৈ ওলগনি (Ode To West Wind) মূলঃ পাৰ্চী শ্ব্যেলী অসমীয়া ভাঙনিঃ বিপুল কুমাৰ বৰুৱা ১) অ’ বনৰীয়া পছোৱা বা শৰতৰ তই আছিলি উশাহ অদেখা আৰু এতিয়া উৰুৱাই আঁতৰাই নিয় মৰি সৰা পাত নিমিষত যেন শুনা পাই বেজৰ মন্ত্ৰ পলাই পত্ৰং ভূত পিশাচ যত হালধীয়া, ক’লা কজলা শেঁতা মদৰুৱা ৰঙা পোকে খাই কৰা চিতপখৰা সৰাপাত তই তোৰ […]
সাবিৰ হাকাৰ দহটা কবিতা
সাবিৰ হাকাৰ দহটা কবিতা অসমীয়া ভাঙনিঃ ড০ ৰীতা শৰ্মা নুনি ফল আপুনি কি কেতিয়াবা নুনি ফল দেখিছে? য‘তেই সৰি পৰে,সেই মাটিখিনিত তাৰ ৰঙা ৰঙৰ ৰসেৰে দাগ হৈ যায় সৰি পৰাৰ দৰে যন্ত্ৰণাদায়ক আৰু একো নাই মই কত শ্ৰমিকক দেখিছোঁ ওখ ওখ দালানৰ পৰা সৰি পৰা আৰু পৰি নুনি ফল হৈ যোৱা… চৰকাৰ কিছুদিন হ‘ল পুলিচে […]
কবিতাঃ মুখামুখি / চেজল মিলোজ
মুখামুখি মূলঃ চেজল মিলোজ অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ আমি বৰফাবৃত পথাৰৰ মাজেৰে গাড়ী এখনত গৈ আছিলোঁ দোকমোকালিত ৷ এখন ৰঙা ডেউকা উৰি আহিছিল এন্ধাৰত ৷ আৰু হঠাতে এটা শহাপহুৱে পথটোৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷ আমাৰ এজনে তেওঁৰ হাতখনেৰে সেইটো দেখুৱাই দিছিল ৷ সেয়া আজি বহু বছৰ আগৰ কথা ৷ আজি সিহঁতৰ কোনোৱেই জীৱিত […]