কবিতাঃ এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে / ঝাঁক প্ৰিৱেৰ

এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে মূল ফৰাচীঃ ঝাঁক প্ৰিৱেৰ (Jacques Prévert) অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই  প্ৰথমে এটা সঁজা আঁকাএখন খোলা দুৱাৰৰ সতেতাৰ পাছত আঁকাকিবা এটা চকুতলগা কিবা এটা সৰল কিবা এটা মৰমলগা কিবা এটা প্ৰয়োজনীয় চৰাইটোৰ বাবে তাৰ পাছত কেনভাচখন গছ এজোপাত আওঁজাই থোৱা, ফুলনি এখনত বননি এখনত অথবা হাবি এডৰাত আৰু গছজোপাৰ আঁৰত লুকাই […]

কবিতাঃ আঁঠ বছৰৰ আগৰ এদিন / জীৱনানন্দ দাশ

আঁঠ বছৰৰ আগৰ এদিন  মূলঃ জীবনানন্দ দাশ  অসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই  শুনিলো, লাচকটা ঘৰলৈ লৈ গ‘ল তাক কালি নিশা ফাগুনৰ ৰাতিৰ আন্ধাৰত যেতিয়া ডুবি গৈছিল পঞ্চমীৰ জোন মৰিবৰ গ‘ল মন তাৰ।   পত্নী শুইছিল কাষতে— শিশুটিও আছিল প্ৰেমো আছিল, আশাও আছিল, পিছে জোনাকত সি বা কিনো ভূত দেখিল, ভাগিল কিয় টোপনি তাৰ ? অথবা বহুদিন […]

কবিতাঃ তুমি যদি মোক পাহৰি পেলোৱা / পাবলো নেৰুডা

তুমি যদি মোক পাহৰি পেলোৱা মূলঃ পাবলো নেৰুডা অনুবাদঃ বিপুল বৰুৱা এটি কথা তুমি জনাটো বিচাৰোঁ মই এইয়া কেনেকৈ তুমি জানা লেহেমীয়া শৰতৰ ৰঙাপৰা ডালটি পৰশা যদি মই ফটিক জোনটিলৈ চাওঁ আৰু চুই চাওঁ জুইৰ কাষৰ খিৰিকী বা মলচিবৰ অসাইধ ফুটছাই গাল বা শোতোৰাপৰা খৰি এচটাৰ গা প্ৰত্যেকেই যেন মোক তোমাৰ কাষলৈকে লৈ যায় ভাৰ […]

কবিতাঃ আইনৰ প্ৰসংগত/ খলিল জিব্ৰান

আইনৰ প্ৰসংগত (Chapter: On Laws by Khalil Gibran) মূলঃ খলিল জিব্ৰান অনুবাদঃ অৱনী বুঢ়াগোহাঁই (লেখকৰ “দেৱদূত” গ্ৰন্থৰ পৰা)   তাৰপাচত এজন আইনজীৱি আহিল আৰু কলে : গুৰুদেৱ, আমাৰ আইনৰ বিষয়ে কি ক‘ব ? আৰু ‘তেওঁ‘ উত্তৰ দিলে এইবুলি :   তোমালোকে আইন বনাই যিমান ভালপোৱা, তাতোকৈ বেছি ভালপোৱা আইন ভাঙি । সাগৰৰ পাৰত ওমলা ল‘ৰাছোৱালী […]

কবিতাঃ যদি মানুহ হৈ নোৱাৰো, পখী হৈ উভতিম এদিন / তছলিমা নাসৰিন

যদি মানুহ হৈ নোৱাৰো, পখী হৈ উভতিম এদিনমূল বাংলা কবিতা: “যদি মানুষ হয়ে না পাৰি, পাখি হয়েও ফিৰব একদিন” মূল : তছলিমা নাসৰিন অনুবাদ : বাপুকণ চৌধুৰী মোৰ বাবে অপেক্ষা কৰিবা মধুপুৰ নেত্ৰকোনা অপেক্ষা কৰিবা জয়দেবপুৰৰ চাৰিআলি বোৰ, মই উভতিম, ভীৰৰ মাজত হুলস্থূল কৰিম, সাহসৰ অসীম বন্যাত অপেক্ষা কৰা, আপোন ঘৰ, নেমুতলা আৰু গোল্লাচুটৰ পথাৰ॥ […]

অসমীয়াত বিশটা ইংৰাজী নাৰ্ছাৰী পদ্য

অসমীয়া ভাঙনিঃ পংকজ কুমাৰ নেওগ   (১) (Jack and Jill)  জোন আৰু জুনুকা   জোন আৰু জুনুকা পালেগৈ পাহাৰৰ টিং, আনিবলৈ নিজৰাৰ পানী, কেকোঁ-জেকোঁকৈ বৰ এটা বাল্টিত, পানী লৈ আহে উভতি । বিষম আছিল কাল হঠাতে উজুতি খাই, জোন পৰে ভৰি পিছলি, শিলত খুন্দা খাই কপালৰ তেজেৰে, বেচেৰা হ’ল ৰাঙলী ! জোনৰ পিছে পিছে ভনীয়েক জুনুকাৰো […]

কবিতাঃ দ্য অ’ল্ড প্লেহাউচ / কমলা

 দ্য অ‘ল্ড প্লেহাউচ মূলঃ কমলা দাস অসমীয়া ভাঙনি:  দুলুমণি গগৈ   পুৰণি নাটঘৰটো মুক্ত বিহংগ চাতক মই, তুমি কৰিছিলা পিঞ্জৰাবদ্ধ তোমাৰ প্ৰেমৰ দীঘলীয়া গ্ৰীষ্মত, ভাবিছিলা বিস্মৃতিৰ গ্ৰাসত পৰিব মোৰ এৰি অহা মৰমৰ ঘৰ, মোৰ আজন্ম প্ৰকৃতি– মই জনী, মোৰ উৰাৰ হাবিয়াস আৰু পাহৰাই দিবা অন্তহীন আকাশী পথৰ অকোৱা–পকোৱা গলি। তোমাক জানিবলৈ নহয় , মই নিজকেহে […]

কবিতাঃ বন্ধু / গুলজাৰ

বন্ধু মূল ( হিন্দী ) : গুলজাৰ অসমীয়া ভাঙনি : মিণ্টুল হাজৰিকা   নিঃসহায় বন্ধুহীনভাৱে গোটেই দিনটো কটাইছোঁ নিজৰ ওচৰত কিছু অচিনাকি আছিলোঁ কিছু বিষণ্ণ, অকলশৰীয়া গোটেই দিনটো সাগৰৰ পাৰত অহিবাহিত কৰি আকৌ উভতি আহিলোঁ তালৈকে নিৰ্জন বাটৰ দাঁতিত থকা খালী ঘৰটোলৈকে দুৱাৰ খোলাৰ লগে লগে মেজৰ ওপৰত থোৱা কিতাপে কোমল মাতেৰে খৰখৰকৈ  ক’লে : পলম কৰিলা […]

কবিতাঃ ৰেখা হে সেইবোৰ/ গুলজাৰ

 ৰেখা হে সেইবোৰ মূলঃ গুলজাৰ অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী ৰেখা হে সেইবোৰ; থাকিব দিয়া তেনেকৈয়ে   হয়তো কিছুমান  অভিমানী মনে কৰিছিল আঁক বাঁক  !!!!   আহা ছোন কাবাডী খেলোগৈ সেই ৰেখাৰে বনোৱা ঘৰবোৰত  !!!!   ৰেখা হে সেইবোৰ; থাকিব দিয়া তেনেকৈয়ে••••••   মোৰ ঘৰলৈ আহা, মোক উচতাই লোৱা মোৰ হাত তোমাৰ হাতেৰে স্পৰ্শ কৰি যিমান […]

শ্ৰীজাতৰ দুটি কবিতা

 শ্ৰীজাতৰ দুটি কবিতা অনুবাদ : পংকজ কুমাৰ নেওগ মূল: আমি ভালো নেই আই, মই নৰিয়াপাটিত   আই, মই এতিয়া নৰিয়া পাটিত কথাটো তোক জনাওঁ বুলিয়েই আছিলোঁ; কিন্তু কিয় জানো কুণ্ঠা বোধ হ’ল; মই যে তোক কাহানিও সোধা নাই, “আই, তই কেনে আছ” বুলি ।   আজন্ম তোৰ চেনেহবোৰ লভি পোৱাৰ অভ্যাস চোন মোৰ বাবে হৈ পৰিছে […]