কবিতাঃ নিথৰ শীতলতা/ তছলিমা নাছৰিন

 নিথৰ শীতলতা   মূল: তসলিমা নাসৰিন অসমীয়া ভাঙনি: মুনমুন সৰকাৰ শইকীয়া   কোন যে ক‘ত টুপুককৈ সৰি পৰিছে, হাতভৰি লৰফৰ কৰা নাই, চোৱা নাই কাৰোপিনে মাত মতা নাই,শুনা নাই–   কাৰ আছুতীয়া ড্ৰয়াৰত আছিল বেংকৰ জমাবহী, পুৰণা প্ৰেমৰ চিঠি , কণ্ঠহাৰ আছিল, আছিল বৰাদ্দ মাটিৰ নক্সা, আৰু খুব সন্তৰ্পণে সজাই থোৱা আছিল নেপথালিনৰ তলত জাপি […]

কবিতাঃ শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে/ পুষ্যমিত্ৰ উপাধ্যায়

 শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে   মূলঃ পূষ্যমিত্ৰ উপাধ্যায় অসমীয়া ভাঙনিঃ ড° সমাদৃতা গোস্বামী   হাতত জেতুকা নহয়, পাথৰ তুলি লোৱা নিজেই নিজৰ শিৰ বচোঁৱা জুৱা খেলি বহি আছে শকুনি, চবৰে শিৰ বিক্ৰী যাবই শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে বিক্ৰী হৈ যোৱা বাতৰি কাকতৰ ভৰষাত […]

কবিতাঃ নাৰী / ৰমাশংকৰ যাদৱ (বিদ্ৰোহী)

নাৰী (औरतें)  মূলঃ ৰমাশংকৰ যাদৱ (বিদ্ৰোহী) অসমীয়া ভাঙনিঃ  মুনমুন সৰকাৰ শইকীয়া   কিছুসংখ্যক মহিলাই নিজৰ ইচ্ছানুসৰি নাদত জাপমাৰি প্ৰাণ দিছিল পুলিচৰ নথিত উল্লেখ আছে। আৰু কিছুসংখ্যক মহিলাই নিজ ইচ্ছানুসৰি চিতাৰ জুইত আত্মজাহ দিছিল ধৰ্মীয় কিতাপবোৰত লিখা আছে। মই কবি, মই কৰ্তা কিহৰ ইমান লৰালৰি এদিন মই পুলিচ আৰু পুৰোহিত দুয়োকে মহিলাৰ আদালতলৈ মাতি পঠিয়াম। আৰু আন সকলো […]

কবিতাঃ পৰিচয় / অমৃতা প্ৰীতম

 পৰিচয়মূলঃ অমৃতা প্ৰীতমঅনুবাদঃ পৰিমালা কোঁৱৰ তোমাক যদি কোনোবা জনমত লগ পাওঁ মোৰ সিৰাই সিৰাই কঁপনি উঠিব যেতিয়া তোমাৰ উশাহে মোৰ উশাহক চুমিব তেতিয়া মগজুত  সময় উভতিব বব এটা গুহা আছিল তাত মই আৰু এজন সন্যাসী আছিলোঁ সন্যাসীজনে মোক তেওঁৰ দুবাহুত লৈ মোৰ উশাহক চুমিছিল ঈশ্বৰৰ শপত ! তেওঁৰ ওঁঠৰ পৰা ওলোৱা সেই সুবাসত কি মায়াৰ […]

কবিতাঃ সোণৰ নৌকাখনি / ৰবীন্দ্ৰনাথ ঠাকুৰ

 সোণৰ নৌকাখনিমূলঃ ৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া ভাঙনিঃ বিপুল বৰুৱা   আকাশ জুৰি মেঘে আছে গৰজি, ঘন বৰষুণ ৷ পাৰত অকলে আছোঁ,ভাৰসা ৰাখিবলৈ কোনো নায়েই দেখোন ৷ ডাঙৰিয়ে ডাঙৰিয়ে থোকভৰা দোৱা হ’ল ধান গোটেই কেইডৰা ইফালে নৈখন দোকোলটকা থৌকিবাথৌ খৰসোঁতা ৷ ধান দাই থাকোঁতেই পালেহি বাৰিষা ৷ অলপীয়া খেতিখোলা তাতে অকলশৰীয়া চৌদিশে বানৰ খেলাই কৰিছে জ্বলাকলা ৷ সিপাৰ […]

কবিতাঃ এটা অকবিতা / তচলিমা নাচৰিণ

এটা অকবিতা মূল : তচলিমা নাচৰিণ ভাষান্তৰ : মুনমুন সৰকাৰ শইকীয়া মোৰ মা ঢুকোৱাৰ পৰত , ৰাতিপুৱা গা পা ধুই, কাপোৰ কানি আৰু জোতা পিন্ধি ঘৰৰ পৰা ওলাই গৈছিল দেউতা, দীৰ্ঘদিনীয়া অভ্যাস।পুৱাৰ আহাৰত ডাঙৰদাই ঘিউত ভজা ছখন পৰঠাৰ সৈতে খাহীৰ মাংস খাইছিল, বাকীবোৰ আহাৰ মুখৰোচক নহয় তাৰ মতে। সৰুদাই ছোৱালী এজনীৰ বুকুত, মুখত হাত বুলাই […]

কবিতাঃ য’ত সকলোবোৰেই সংগীত/ জালালুদ্দিন ৰুমী

য‘ত সকলোবোৰেই সংগীত (Where Everything is Music)মূলঃ জালালুদ্দিন ৰুমীঅসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী   এই গীতবোৰ বচোৱাকলৈ উদ্বিগ্ন ন‘হবা! বাদ্যবোৰৰ কোনোবা এটা ভাঙিও যায় যদি, চিন্তা নকৰিবা।   আমি এনে এখন ঠাইত নিজকে পাইছোঁ য‘ত সকলোবোৰেই সংগীত।   বাজানাৰ ধ্বনি আৰু বাঁহীৰ সুৰ আলাসত ভাহি উঠে, যদি কেনেবাকৈ অগ্নিদগ্ধ হৈয়ো যায় জগতৰ সমস্ত বাদ্যযন্ত্ৰ, তেতিয়াও […]

কবিতাঃ এজন কবিৰ সাক্ষাৎকাৰ/ নিৰ্মলেন্দু গুণ

এজন কবিৰ সাক্ষাৎকাৰমূল বাংলাঃ নিৰ্মলেন্দু গুণঅনুবাদঃ ড৹ বিৰিঞ্চি কুমাৰ দাস : বাৰু, চমুকৈ কবিতা বুলিলে আপুনি কি বুজে? — মানুহ । : আপোনাৰ কবিতাত ৰাজনীতিৰ ব্যৱহাৰ বৰ বেছি, ধাৰণা হয় আপুনি শিল্পৰ দিশটোক বিশেষ এটা —- ইয়াৰ কাৰণ কি? — মানুহ । : স্বৰ্গ, নৰক; এইবোৰ বিষয়ত আপোনাৰ মনোভাৱ জানিব বিচাৰোঁ । অলপ সহজভাৱে বুজাই ক‘বনে? — বৰ […]

কবিতাঃ এটি সাক্ষাৎ / অমৃতা প্ৰীতম

 এটি_সাক্ষাৎ মূল (হিন্দী): অমৃতা প্ৰীতম অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন মই নিশ্চুপ, শান্তি আৰু স্থিৰেৰে থিয় হৈ আছিলোঁ মাথোঁ কাষেৰে বৈ যােৱা সমুদ্ৰত ধুমুহা আছিল কিন্তু সমুদ্ৰক ঈশ্বৰেহে জানে কি ভাৱ আহিল ধুমুহাৰ এটি পুতলা সাজি মোৰ হাতত তুলি দিলে আৰু হাঁহি কিছু দূৰ গুচি গ‘ল আচৰিত হৈছোঁ কিন্তু তেওঁৰ আশ্বৰ্যখিনি লৈ ল‘লোঁ জানিছিলোঁ এই ধৰণৰ […]

ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধ / হৰিবংশৰায় বচ্চন।

ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধমূল – হৰিবংশৰায় বচ্চন।অনুবাদ – গায়ত্ৰী দেৱী বৰঠাকুৰ। “আমি সকলো নুপুংসক বিংশ শতিকাৰ দুৰ্বল ,পৌৰুষত্বহীন সন্তান “ শুনিছো আমাৰ দেশৰ ডেকাচাম হেনো বহুত খঙত আছে ; শুনিছো আমাৰ দেশৰ যি পৰম্পৰা,পৰিস্থিতি সেইবোৰে তেওঁলোকক অসন্তুষ্ট,ৰুষ্ট কৰি তুলিছে, শুনিছো কথাবোৰ এনেকুৱাকৈ কয় হেনো একেষাৰে ক‘বলৈ গ‘লে যিবোৰ একেবাৰেই বেয়া লগা,অনৰ্থক আৰু কামবোৰ এনে […]