কবিতাঃ বন্দী-শিৱিৰৰ পৰা / শামসুৰ ৰাহমান
বন্দী-শিৱিৰৰ পৰা (বন্দী শিবিৰ থেকে)মূলঃ শামসুৰ ৰাহমানঅসমীয়া অনুবাদঃ খগেশ সেন ডেকা ঈৰ্ষাতুৰ নহওঁ, তথাপি মোৰ তোমালোকলৈ আজি বৰ ঈৰ্ষা হৈছে৷ তোমালোকে সুন্দৰ সুন্দৰ কাপোৰ-কানি পৰিধান কৰা, পাৰ্কৰ বেঞ্চত বহি আলাপত মচগুল হোৱা সেই বাবে কেতিয়াও নহয়৷ ভাল বস্তু খোৱা বোৱা কৰা ফূৰ্তি কৰা সবান্ধৱে, সেই কাৰণেও নহয়৷ বন্ধুসকল তোমালোক যিসকল কবি, স্বাধীন দেশৰ কবি, তেওঁলোকৰ […]
কবিতাঃ দ্বিতীয় আৱিৰ্ভাৱ / উইলিয়াম বাটলাৰ য়িট্ছ
দ্বিতীয় আৱিৰ্ভাৱ মূলঃ উইলিয়াম বাটলাৰ য়িট্ছ অনুবাদঃ যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ ; সকলোবোৰ খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আবৰে, আৰু সৰ্বত্ৰ প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ ; সৰ্বোত্তম সকলৰ কোনো […]
কবিতাঃ ৰঙা গাখীৰ/ বিকি মহেশ্ৰী (হিন্দী)
ৰঙা গাখীৰ মূলঃ বিকি মহেশ্ৰী (হিন্দী) অনুবাদঃ বিতোপন গগৈ আকাশত বোমা এটা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আকাশত আকৌ এটা বোমা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আৰু এটা বোমা কণমানিটোৱে সুধিলে মা ইমান […]
অসমীয়া অনুবাদত চে’ গুৱেভাৰাৰ চিঠি
ফিডেল কাষ্ট্ৰ’লৈ চে’ৰ বিদায় পত্র অসমীয়া অনুবাদঃ কংকনা তালুকদাৰ ফিডেল, এইখিনি সময়ত মোৰ বহু কথাই মনলৈ আহিছে, যেতিয়া মই মাৰিয়া এন্টনিৰ ঘৰত আপোনাক লগ পাইছিলো। আপুনি মোক প্ৰস্তাৱ দিছিল আৰু মই আপোনাৰ লগত থিয় হৈছিলোঁ। সমস্ত উত্তেজনা জড়িত হৈ আছিল ইয়াৰ প্ৰস্তুতিৰ লগত। এদিনাখন সিহঁত আহিছিল আৰু সুধিছিল মৃত্যুৰ ক্ষেত্রত কাক সুচিত কৰা উচিত, […]
অনূদিত গল্পঃ বিধাতা / বনফুল
বিধাতা মূল: বনফুল অনুবাদ: অপৰাজিতা লহকৰ বাঘৰ উপদ্ৰৱ দিনে দিনে ইমান বাঢ়িছে। ভয়তে আতংকিত হৈ পৰিছে মানুহবোৰ। গৰু, ছাগলী বাদেই শেষত বাঘৰ আক্ৰমণত মানুহো মৰিবলৈ ধৰিলে। সকলোৱে হাতত লাঠী, জোং, যাঠী, বন্দুক আদি লৈ গৈ বাঘটোক মাৰিলে। এটা বাঘ মৰিল থিকেই, কিন্তু আৰু এটা আহিল। উপায়হীন হৈ শেষত মানুহবোৰ বিধাতাৰ ওচৰত নিবেদন কৰিলে- […]
হৰিবংশ ৰায় বচ্চনৰ কবিতাৰ অসমীয়া অনুবাদ
মূল (হিন্দী) : হৰিবংশ ৰায় বচ্চন অসমীয়া ভাবানুবাদ : প্ৰাঞ্জল কুমাৰ লাহন হৰাটো অতি আৱশ্যক হৈ পৰে যেতিয়া যুদ্ধ আপোনজনৰ লগত হয় আৰু জিকাটো অতি জৰুৰী হৈ পৰে যেতিয়া যুদ্ধ নিজৰ সৈতে হয় লক্ষ্য পোৱাটো সৌভাগ্যৰ কথা আমি চেষ্টাও নকৰো সেয়া বেয়া কথা কোনোৱে বৰফক সুধিলে— তুমি ইমান চেঁচা কিয়? বৰফে খুউব সুন্দৰ উত্তৰ দিলে— […]
কবিতাঃ আমিৰ হাছান দেহলভিৰ তিনিটা কবিতাৰ অসমীয়া অনুবাদ
মূল (ফাৰ্চী): আমিৰ হাছান দেহলভি ইংৰাজী অনুবাদ : ডঃ মইদুল ইছলাম বৰা অসমীয়া ভাঙনি : তাবাচ্ছুম ইছলাম বৰা। কত সেই নয়ন কত সেই নয়ন , যি তোমাৰ মুখনি দেখিও নহৈছিল সজল ? কত সেই হিয়াখনি যি তোমাৰ প্ৰেমৰ মায়াজালত নাখাইছিল উজুটি ? কোনো ফুলনীয়ে নোৱাৰিব তোমাৰ ৰূপৰ সমকক্ষ হবলৈ। তোমাৰ দৰে এপাহী ৰূপহী […]
কবিতাঃ গাহৰি / ৰ’আল্ড ডাহ্ল্
গাহৰি মূলঃ ৰ‘আল্ড ডাহ্ল্ অসমীয়া ভাঙনিঃ লুকী পি ডেকা ইংলেণ্ডৰ কোনোবাখিনিত এটা গাহৰি আছিল লোদোৰ পোদোৰ, বৰ বুধিয়ক সকলোৱে জানিছিল তাৰ চোকা মূৰটোৰ কথা এখন নপঢ়া কিতাপ নাছিল তাৰ নাছিল এটা নুবুজা অংক সি জানিছিল উৰাজাহাজ কেনেকৈ উৰে ইঞ্জিনবোৰ কেনেকৈ চলে আদি সঁচাকৈ বহুত কথাই জানিছিল গাহৰিটোৱে পিছে এটা কথাৰ একো পাট্টাই পোৱা নাছিল সি […]
কবিতাঃ মায়া এঞ্জেল’ৰ তিনিটা কবিতা
মূলঃ মায়া এঞ্জেল‘অসমীয়া ভাঙনিঃ লুকী পি ডেকা বন্দী চৰাই মুক্ত চৰাই এটি উৰি ফুৰে বতাহে বতাহে সোঁ-সোঁৱাই নামি যায় তললৈ বতাহৰ সোঁতে সোঁতে হেঙুলীয়া সূৰুযৰ কিৰণত ডেউকা জুবুৰিয়ায় আকাশ সাৱটে আকাশখনক সি নিজৰ বুলি ভাবে পিছে সঁজাৰ চৰায়ে মাথো সঁজাতে ঘূৰ্মুটিয়ায় বিশাল আকাশখন সি সঁজাৰ মাজেৰেই চায় ডেউকা তাৰ বন্ধা বন্ধা দুঠেং ঠোঁটটো […]
কবিতাঃ বিশ্বাস / চেজল মিলোজ
বিশ্বাস মূল: চেজল মিলোজ ভাবানুবাদ: যশোৱন্ত নিপুণ কিবা এটি বিশ্বাস তোমাৰ বুকুত তুমি যেতিয়া চোৱা নিয়ৰৰ টোপাল এটিলৈ নাইবা পানীত উটি অহা গছৰ এখিলা পাতলৈ আৰু তুমি জানা যে সিহঁত তেনেকুৱা কাৰণ সিহঁত তেনেকুৱাই হ’ব লাগিছিল ৷ আনকি যেতিয়া তুমি চকু মুদা আৰু সপোনৰ দেশত ঘূৰি ফুৰা পৃথিৱীখন তেনেকৈয়ে থাকিব যেনেকৈ ই চিৰকাল আছিল […]