কবিতাঃ অমৃতা প্ৰীতম দুটা কবিতা

অমৃতা প্ৰীতমৰ দুটা কবিতা অসমীয়া ভাঙনিঃ গীতিকা শইকীয়া উৎস গ্ৰন্থঃ কাগজ অউৰ কেনভাছ আঁখাঁ ৱাৰীচ শ্বাহ নু ৰচনাকালঃ ১৯৪৭ চন আজি মই তোমাক মাতিছোঁ ৱাৰীচ শ্বাহ, তোমাৰ কবৰৰ ভিতৰৰ পৰা মাত দিয়া। আৰু চোৱা, সেই প্ৰেমৰ কিতাপখনৰ কৰণাময়তাৰে ভৰা শেষৰ পৃষ্ঠাটো পুনৰ চোৱা এসময়ত, পঞ্জাৱৰ এজনী ছোৱালীয়ে কান্দিছিল; তুমি হাঁহাকাৰ কৰি সেই কাহিনী লিখিছিলা। আজি, লাখ লাখ ছোৱালীয়ে […]

কবিতাঃ মাষ্টাৰদাৰ হাতঘড়ী / শামসুৰ ৰাহমান

মাষ্টাৰদাৰ হাতঘড়ী মূলঃ শামসুৰ ৰাহমান (বাংলাদেশ) অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা মাষ্টাৰদা, আপুনি হাতঘড়ী পিন্ধিছিল নে কেতিয়াবা? এই প্ৰশ্নই মোক খুন্দিয়াইছে বহুবাৰ৷ মাষ্টাৰদা, আপোনাৰ বিষয়ে বহু কথাই জনা আছে মোৰ৷ আপোনাৰ দেহৰ গঠন, বহুমূলীয়া ৰত্নৰ দৰে চকুৰ দীপ্তি, জীৱন-চৰ্যাৰ ধৰণ — আদি বহু প্ৰকাৰৰ খুঁটি-নাটিৰ সন্ধান মই পাইছোঁ কিতাপৰ ক‘লা আখৰৰ মাজত ভ্রমণ কৰি কৰি৷ কিন্তু […]

কবিতাঃ ধীৰ গতিৰ নাচোন / ডেভিড এল. ৱেডাৰফৰ্ড

ধীৰ গতিৰ নাচোন মূল  ঃ ডেভিড এল. ৱেডাৰফৰ্ড (David L. Weatherford) অসমীয়া ভাঙনি ঃ অৱনী বুঢ়াগোহাঁই মেৰী-গ‘- ৰাউণ্ডত ঘূৰি থকা শিশুহঁতক কৰিছানে কেতিয়াবা মন? শুনিছানে কেতিয়াবা টুপ-টাপ মাটিত পৰাৰ শব্দ, মেঘৰ জলীয় বৰ্ষণ? খেদিছানে কেতিয়াবা ৰঙ বিৰঙৰ পখিলাৰ একা বেঁকা গতি? দিছানে আন্ধাৰ-নিহালি-লোৱা-নিশাৰ মাজেৰে সুৰুযলৈ শেষ মুগ্ধ দৃষ্টি? তুমি বৰং কিছুপৰ ৰোৱা… কিমান নাচিবা আৰু দ্ৰুত লয়ত? সময়বোৰ […]

কবিতাঃ উলংগ ৰজা / নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী

উলংগ ৰজা মূল(বাংলা) : নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসমীয়া ভাষান্তৰ : নিবেদিতা ফুকন৷    সকলোৱে দেখিছে ৰজা উলংগ, তথাপিও সকলোৱে হাততালিৰে আটাহ পাৰিছে; চাব্বাছ, চাব্বাছ! কাৰোবাৰ মনত সংস্কাৰ, কোনোৰ আক’ ভয়; কোনোৱে আক’ নিজৰ বুদ্ধিকে অন্যৰ কাষত বন্ধকত ৰাখিছে; কোনোবা হয়তো পৰান্নভোজী, কোনো কৃপাপ্ৰাৰ্থী, কোনোবা কৰ্মপ্ৰাৰ্থী, প্ৰৱঞ্চক কোনোজনে ভাবিছে, ৰাজবস্ত্ৰ সচাঁকৈয়ে অতি সুক্ষ্ম, চকুৰে দেখা পোৱা নাই, তথাপিও আছে […]

কবিতাঃ এবুলনি বুলবুলিলৈ বুলি / জন কীটছ

এবুলনি বুলবুলিলৈ বুলি (Ode to Nightingale) মূলঃ জন কীটছ অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱা কিনো বৰবিহ খালোঁ জানো পায় কলিজাখন বিষায় হাত-ভৰি জিনজিনায় নে সেই আফিঙীয়া ৰসে খালেৰে উটুৱাই আনি পেলালেহি ৰূপকথাৰ পাহৰণি নৈত ? বুকুত ঈৰ্ষাৰ জুই জ্বলা বাৰু নাই কিন্তু কি সুখত আপোনপাহৰা হৈ পাতল ডেউকা পিন্ধি বনদেৱীয়ে মূৰ্চনা সানি বিৰিখৰ অগণন […]