ভিচৱাভা চিমবৰ্স্কাৰ তিনিটা কবিতা।

মূলঃ ভিচৱাভা চিমবৰ্স্কা (Wislawa Szymborska) মূল কাব্যগ্ৰন্থঃ Nic dza Razy(Nothing Twice) অসমীয়া অসমীয়াঃ অনন্ত ৰাজখোৱা নিৰীক্ষণৰত সন্ত্ৰাসবাদী (Terrorysta, on patrzy) ৰেস্তোৰাঁ খনত ৰাখি থৈ অহা বোমাটো ১৩.২০ ত ফুটিব এতিয়া ১৩.১৬ হৈছেহে যথেষ্ট সময় আছে এতিয়াও কিছুমান মানুহ সোমাবৰ বাবে আন কিছুমান মানুহ ওলাবৰ বাবে সন্ত্ৰাসবাদীটো ইতিমধ্যে ৰাস্তা পাৰ হৈ গৈছে দূৰত্ব‌ই বচাব তাক বিপদৰ পৰা, […]

মূল স্পেনিছ আৰু ইংৰাজীৰ পৰা অনূদিত পাবলো নেৰুডাৰ দহটা কবিতা

অসমীয়াত নেৰুডাৰ দহটা কবিতাঅসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই কাৰণ, প্ৰেমে যুদ্ধ কৰিবলগা হয় (And because love battles) প্ৰেমে মাথো শস্যক্ষেত্ৰতেই জুইৰে যুঁজ নকৰে,  পুৰুষবোৰৰ আৰু নাৰীবোৰৰ মুখৰ জুইৰ সতেও কৰিবলগীয়া হয়, মই বাট সলনি কৰি, মোৰ হৃদয় আৰু তোমাৰ সুষমাৰ মাজত বাঢ়ি অহা  ধূসৰ, অচিন পুলিবোৰ উঘালি পেলাম। মোৰ বিৰুদ্ধে কোনো কথা সিহঁতে আৰু কব নোৱাৰিব, মোৰ […]

কাবায়াচি ইচচাৰ কেইটামান কবিতা

কাবায়াচি ইচচাৰ কেইটামান কবিতা অসমীয়া ভাঙনিঃ আনিছ উজ জামান ১ ছেৰিফুলবোৰ ফুলিছে এই ঠাইখনত ঘাঁহবোৰো ফুলে ২  আজি নিশা তোমালোকো গৈছা  হেমন্তৰ জোন ৩ বুদ্ধৰ নিয়ম পাতৰ নিয়ৰকনাত জিলিকি আছে ৪ চেৰিগছবোৰৰ তলত অচিনাকি কোনোৱেই নাই ৫ উৰি নেযাবা নাইটিঙ্গেল তোমাৰ গানটো দুৰ্বল হলেও  তুমি যে মোৰেই ৬ স্কাইলাৰ্কটোৱে গীত জুৰিছে কৃষকজনে কোৰখনকে গাৰু কৰি […]

কবিতাঃ আত্মান্বেষণ / নাহিদা আশৰাফী

আত্মান্বেষণ  মূলঃ নাহিদা আশৰাফী (বাংলা) অসমীয়া ভাঙনিঃ কুমুদ ঘোষ    হাতে দোষাৰোপ কৰিলে ভৰিক । ভৰিয়ে চকুক চকুৱে ভোকক ভোকে দোষাৰোপ কৰিলে কাণক  ইমানবোৰ হুলস্থূল, দেহযুদ্ধত ভয় খাই আত্মা হাতত সাৰে ভৰিত সাৰে ওলাই আহি খোজ কঢ়াত লাগিল অন্ধকাৰত … এতিয়া সি জৰিগছৰ তলত কুঁচিমুচি হৈ শুই আছে বৃক্ষৰ জন্মৰ আশাত…। কবি পৰিচিতিঃ নাহিদা আশৰাফী বাংলাদেশৰ এগৰাকী […]

কবিতা: হুল / সুবোধ সৰকাৰ

হুল মূলঃ সুবোধ সৰকাৰ (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ সুবোধ সৰকাৰ চাওতালসকলক বান্ধি ইংৰাজসকলৰ ভৰিৰ ওচৰলৈ চোঁচৰাই আনিম বুলি ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল । কিন্তু হাবিৰ পৰা সিহঁতে গছৰ ডালত ভাৰ বান্ধি    কঢ়িয়াই আনিলে মহেশ দাৰোগাৰ শৰীৰ । ট্ৰাকত তুলি পঠিয়াই দিলে ইংৰাজহঁতৰ থানালৈ । মহেশে কৈছিল, ‘তইনো কোন ?’ […]

কবিতাঃ কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা/ টই ডেৰিকট্টে

কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা (Why I don’t write about George Floyd) মূলঃ টই ডেৰিকট্টে (Toi Derricotte) অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া            Toi Derricotte কাৰণ কব লগা বহুত কথা আছে কাৰণ কবলৈ একো নাই মোৰ কাৰণ মই নাজানো কিনো ক’ম কাৰণ সকলো কথা দেখোন কোৱা হ’লেই কাৰণ ক’বলৈ যোৱাটো বেদনাদায়ক ভীষণ মই নো কি কব […]

কবিতাঃ সোণাই মোৰ, শুনা / মহম্মদ আজিজ লাইহাবী (মৰক্কো)

সোণাই মোৰ, শুনা মূলঃ মহম্মদ আজিজ লাইহাবী (মৰক্কো)  অসমীয়া ভাঙনিঃ ৰুমা অধিকাৰী সোণাই মোৰ! তুমি জীয়াই থাকিবই লাগিব; আৰু তাৰ বাবে সলনি কৰিব লাগিব শান্তিৰ বাটঃ সাৰি-পুচি তাক পৰিষ্কাৰ কৰিব লাগিব যেন শত শত বছৰৰ মলি মুক্ত তাম হে! মই তোমাক উপহাৰ দিব পাৰোঁ জীৱন; কিন্তু , শান্তিৰ দিনবোৰ ! সেয়া কোনে দিব উপহাৰ ? মই সেয়া দিব পাৰোঁ […]

কবিতাঃ বয়স / সুনীল গংগোপাধ্যায়

বয়স  সুনীল গংগোপাধ্যায় অনুবাদঃ মুন মুন সৰকাৰ শইকীয়া মোৰ হেনো বয়স বাঢ়িছে?  গা ধুবলৈ লওতে হাঁহি হাঁহি কেইবাৰ যে কথাষাৰ কলো! এনে অকলশৰীয়া ঠাইখনত ছেও দি দি দুপাক নাচিলেও ক্ষতি নাই নহয় হাঁহিত ক‘ব নোৱাৰা হও, পিছবেলা নীৰাৰ কাষত বহি থাকোতে কলো মোৰ বয়স বাঢ়িছে বুলি শুনিছাই নহয়? ছপা হ‘লনে কথাটো? সঁচাকৈয়ে বুকুৰ নোম, কাণৰ […]

কবিতাঃ এক বাজি গ’ল / ভ্লাডিমিৰ মায়াক’ভস্কী

এক বাজি গ‘ল  (Past one o’ clock) মূলঃ ভ্লাডিমিৰ মায়াক‘ভস্কী (Vladimir Mayakovsky) ইংৰাজী অনুবাদঃ Vladimir Markov and Merrill Sparks. অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা এক বাজি গ‘ল৷ তুমি নিশ্চয় এতিয়া গভীৰ টোপনিত৷ ৰাতিৰ আকাশত ৰূপালী নিজৰাৰ দৰে হাতীপটি নাচে৷ চৌদিশ নিস্তব্ধপ্ৰায়৷ বিদ্যুতৰ আঘাতৰ দৰে বিজুলী ডাকৰ খবৰেৰে নজগাওঁ এতিয়া তোমাক সুখৰ সপোন ভাঙি আমনি দিবলৈ৷ সিহঁতে কোৱাৰ দৰে […]