শিক্ষক (ৰাছিয়ান কবিতা)

 শিক্ষক   (মূল ৰুছ: Schoolmaster, য়েভগেনি আলেক্সাণ্ডাৰভিচ য়েভটুশেঙ্কো ইংৰাজী অনুবাদ: ৰবিন মিলনাৰ-গুলেণ্ড আৰু পিটাৰ লেভি অসমীয়া অনুবাদ: এপ’লো খাটনিয়াৰ) অনুবাদকক আপোনাৰ সহায়ৰ প্ৰয়োজনঃ   খিৰিকিৰে দেখা যায় শুকুলা গছকেইডাল৷ শিক্ষকজনে ইয়াৰে চাই পঠিয়াই সিহঁতলৈ, সুদীৰ্ঘ সময় তেখেত স্থিৰ হৈ চাই থাকে তেওঁৰ দৃষ্টি নিবদ্ধ খিৰিকিৰ বাহিৰৰ গছকেইডালত, এহাতৰ চক-পেঞ্চিলডাল লাহেকৈ ভাঙি, দিঘলীয়া বিভাজনৰ একমাত্ৰ নিয়মটো, […]

অসমীয়া অনুবাদ কবিতা। ভাস্ক প’পাৰ কবিতা। মানসী গগৈ। আমাৰ মাজত অনেক ব্যৱধান

 আমাৰ মাজত অনেক ব্যৱধান মূলঃ ভাস্ক প’পা অনুবাদঃ মানসী গগৈ   ১ আমি হাত দাঙিলে বাটটো বগুৱা বাই আকাশলৈ আমি আমাৰ চকু নমালে মূধচটো নামি আহে পৃথিৱীলৈ   প্ৰতিটো যন্ত্ৰণাৰ আঁতৰত যি আমি কোৱা নাই এজোপা নাহৰ গছ বাঢ়ি ওখ হ’ল যি আমাৰ অলক্ষিতে ৰ’ল   প্ৰতিটো আশাৰ পৰা দূৰৈত আমি লালন কৰো যাক সাৰ […]

ৰুডয়াৰ্ড কিপলিঙৰ অসমীয়া অনুবাদ / যশোৱন্ত নিপুণ

যদি মূল: ৰুডয়াৰ্ড কিপলিং অনুবাদঃ যশোৱন্ত নিপুণ   যদি তুমি মস্তিষ্ক শীতল কৰি ৰাখা যেতিয়া তোমাৰ চাৰিওফালৰ সকলোৱেই সিহঁতৰ চেতনা হেৰুৱাইছে আৰু তাৰ বাবে তোমাকেই দোষাৰোপ কৰিছে; যদি তুমি নিজকে বিশ্বাস কৰা যেতিয়া সকলোৱে তোমাক সন্দেহ কৰে, কিন্তু সিহঁতক সন্দেহ কৰাৰ সুবিধাকণো তুমি দিয়া : যদি তুমি অপেক্ষা কৰিব পাৰা আৰু অপেক্ষাৰে ভাগৰি নপৰা, তোমাক […]

মোৰ নাম ভাৰতবৰ্ষ/ অমিতাভ দাশগুপ্ত

 মোৰ নাম ভাৰতবৰ্ষ মূল : বাংলাকবি : অমিতাভ দাশগুপ্তভাঙনি : প্ৰদীপ কুমাৰ সন্দিকৈ   ষ্টেনগানৰ  কেইবাজাঁই বুলেটে থকা-সৰকা কৰা মোৰ বুকুৰ ওপৰত জিলিকি উঠিছে যি মানচিত্ৰ তাৰ নাম ভাৰতবৰ্ষ।   মোৰ প্ৰতি টোপাল শোণিতেৰে চাহ-বাগান , কফি-খেতি কয়লা-খনি  , পাহাৰ-ভৈয়াম-অৰণ্যত খোদিত কৰা হৈছে যি ভালপোৱাৰ ছবি তাৰ নাম ভাৰতবৰ্ষ।   মোৰ চকুৰ লোটক আৰু হাড়ৰ ফচফেটে […]

পাবলো নেৰুডাৰ অসমীয়া অনুবাদ

সমালোচনাৰ গীতিকাব্য – (এক)     মূলঃ পাবলো নেৰুডা। অনুবাদঃ অৱনী বুঢ়াগোহাঁই।   মই পাঁচটা কবিতা লিখিছিলো, এটা আছিল সেউজীয়া, আনটো গোল ঘেঁহুৰঙী পাউৰুটী , তৃতীয়টো আছিল সাজি থকা এটি ঘৰ,  চতুৰ্থটো এটা বৃত্ত, আৰু পঞ্চমটো চুটি ; এক বিজুলীৰ চমকণিৰ দৰে ,   আৰু লিখি গৈ থাকোতে মোৰ যুক্তিয়ে স্থায়ী ৰূপ ললে । আৰু তেতিয়াই […]

ষ্টেন স্বামীৰ কবিতা

ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ প্ৰায় ৯ মাহ দিন জেলত থাকি ৫/৭/২০২১ তাৰিখে মৃত্যবৰণ কৰা ৮৪ বছৰীয়া মানৱ অধিকাৰ কৰ্মী ষ্টেন স্বামীয়ে জেলত থকা অৱস্থাতে লিখা এটা কবিতা কাৰাগাৰৰ জীৱন, প্ৰকৃত সাম্যবাদী মূলঃ ষ্টেন স্বামী অনুঃ বিতোপন গগৈ   কাৰাগাৰৰ নিৰাশ দুৱাৰখনৰ ভিতৰত সকলো বস্তু কাঢ়ি লোৱা হৈছে কেৱল অত্যন্ত প্ৰয়োজনীয় কেইটাৰ বাহিৰে   প্ৰথমে আহে “তুমি” তাৰ পিছত […]

Hiren Bhattacharyya’s poem in English translations

Original Assamese poem by Revered poet Hiren Bhattacharyya   Translated by Dr Bipul Kumar Baruah   Seasons on Poetic Depiction   1. Monsoon   Mellowing tune of flute of wind Has blown athrough the Sal forest. Wind of monsoon is as if a tragic lover Whose bosom is full of benign smiles Of sorrows and […]

প্ৰভাতী প্রাৰ্থনা/ লুইচ গ্লাক

প্ৰভাতী প্রাৰ্থনা মূল: লুইচ গ্লাক অনুবাদ : আফৰুজা আখতাৰ   আপুনি জানিব বিচাৰিছে   সময়বোৰ মই কেনেদৰে অতিবাহিত কৰো? সন্মুখৰ ল’ন খনত খোজ কাঢ়ি কাঢ়ি মই বন নিৰাই  থকাৰ ভাও ধৰো কিন্তু আপুনি বিশ্বাস কৰক ফুলৰ বিচনাত নাচি থকা ক্ল’ভাৰৰ গুচ্ছৰ মাজৰ পৰা এডালো বন মই টানি থকা নাই  দৰাচলতে  কিছুমান প্ৰমাণ সংগ্ৰহ কৰাৰ অৰ্থে মই […]

চাৰ্লছ বুকওস্কিৰ কবিতাৰ অসমীয়া অনুবাদ

 নীলা চৰাইমূলঃ চাৰ্লছ বুকওস্কিঅনুঃ বিতোপন গগৈ   এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে সি ওলাই আহিব খোজে বাহিৰলৈ কিন্তু মই বৰ কঠোৰ তাক লৈ  মই কওঁ, তাতে সোমাই থাক  কাকো চাবলৈ নিদিওঁ মই তোক   এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে সি ওলাই আহিব খোজে বাহিৰলৈ কিন্তু মই তাৰ গাত মদ […]

প্রাক্তন / জয় গোস্বামীৰ কবিতাৰ অসমীয়া অনুবাদ

মূল কবিতা : প্রাক্তনকবি : জয় গোস্বামী  (বাংলা)অসমীয়া অনুবাদ : অনুৰাধা বৰুৱা   প্রাক্তন   সময়মতে যায়নে অফিচলৈ? পুৱাৰ জলপান খায়নে ভালকৈ? টিফিন নিয়েনে? নে কেণ্টিনতে খায়? কাপোৰ কানি কোনে ধুৱে? চাহ কোনে কৰে আগৰ দৰে? দুৰ্গাৰ মাক কেই বজাত আহে? মইতো খুব পুৱাই উঠিব লাগিছিল৷ সেই চাৰ্টটো পিন্ধেনে এতিয়াও? টেকটেকীয়া নীল ৰঙৰ? তেঁওৰতো সেইটোয়েই পছন্দৰ, […]