সত্যজিৎ ৰায়ৰ বাংলা গল্পৰ অসমীয়া অনুবাদ

      ব্ৰজবুঢ়া     মূল ====  সত্যজিত ৰায় অনুবাদ ===== ৰঞ্জনা  দত্ত   শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ ডাইলত ডুবাই  মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে । তাৰ পিছত চোবাই চোবাই ক’লে , -“ তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই । আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা […]

কবিতাঃ ইতিহাস / ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ

  ইতিহাস (History) মূলঃ ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ (Rowan Ricardo Phillips) অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া   পলম হ’ল৷ বুৰঞ্জীয়ে তোমাক এটা চুমা খাব বুলি কৈছে৷ বিচনাত উঠাৰ পিচত৷ তুমি গুড নাইট বুলি ক’লাই নহয়৷ ভাগৰ লাগিছে তোমাৰ, চকু মেল খাই থাকিবই নোখোজে,, সেয়ে তোমাৰ ইমান লৰালৰি৷ তাই আক’, গৰম দিনৰ ৰাতি যেনেকুৱা হয়, তেনেকে শুব পৰা […]

C।othes / ফ্ৰানজ কাফকাৰ গল্পৰ অসমীয়া অনুবাদ

ফ্ৰানজ কাফকাৰ গল্পৰ অসমীয়া অনুবাদ   অসমীয়া অনুবাদঃ জ্যোতিশিখা দত্ত   (ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে। ইংৰাজী অনুবাদ কৰিছে উইলা আৰু এডৱিন মিওৰে)   গল্পটোৰ ইংৰাজী শিৰোনামঃ  “C।othes” ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ “পোচাকবোৰ”   মই যেতিয়াই পাত পাত কৰা, কুঁচি দিয়া আৰু নানা কাৰুকাৰ্য্যৰে সজাই তোলা সুন্দৰ পোচাক যিয়ে একোটা  সুন্দৰ দেহত মসৃণভাৱে সোমাই পৰা দেখো তেতিয়াই মোৰ ভাৱ […]

কবিতাঃ Louise Gluck ৰ কবিতাৰ অসমীয়া ভাঙনি

Louise Gluck ৰ কবিতাৰ অসমীয়া ভাঙনি অসমীয়া ভাঙনিঃ স্ৰোতস্বিনী তামুলী  স্ন‘ড্ৰপছমূল কবিতা: Snowdrops   জানেনে মই কেনে আছিলোঁ, কেনেকৈ জীয়াই আছিলোঁ? আপুনি জানে নৈৰাজ্যতা কি ; তেন্তে শীতকালে আপোনাৰ বাবে অৰ্থ বহন কৰিব পাৰে।   মই জীয়াই থকাৰ আশা কৰা নাছিলোঁ, কিন্তু পৃথিৱীখনে মোক আচৰিত কৰি তুলিলে। মই আকৌ জাগি উঠাৰ আশা কৰা নাছিলোঁ, পৃথিৱীৰ নমনীয়তাক […]

কবিতাঃ এজন বুঢ়া—ভাৰাভাৰা ৰাও

অনূদিত অসমীয়া কবিতা এজন বুঢ়া—ভাৰাভাৰা ৰাও মূলঃ হূবনাথ পাণ্ডে অনুবাদঃ বিতোপন গগৈ   এজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী বছৰ বয়সত নিজৰ ঘৰ-পৰিয়ালৰ পৰা আঁতৰত বহু দূৰত, কিজানি আৰু কেতিয়াও গচকিবলৈ নাপাব নিজৰ চোতালখন কেতিয়াও লিখিব নোৱাৰিব কবিতা আৰু কেতিয়াও লিখিব […]

গল্পঃ আপোন গাঁও/ ৰিচাৰ্ড ঊইলচন

ইংৰাজী গল্পৰ অসমীয়া অনুবাদ আপোন গাঁওমূল (ইংৰাজী) : ৰিচাৰ্ড ঊইলচনঅনুবাদ : ৰঞ্জনা দত্ত   পুৰণা ঘৰটোৰ সমূখত থিয় হৈ ৰিমীয়ে স্ফুৰ্তিত চিঞৰি উঠিল, -“ চোৱাচোন নীল , মোৰ যিটো ঘৰত জন্ম হৈছিল এই ঘৰটো দেখিবলৈ একেবাৰে তেনেকুৱা । একেই আগফালৰ গাড়ী থোৱা বাৰান্দা…. ডাঙৰ ডাঙৰ খিৰিকি ,দৰজা ,সকলোবোৰ একে ধৰণৰ ”। ৰিমীৰ পতি নীলে ৰিমীক […]

কবিতাঃ জীয়াই থকাৰ বিষয়ত / নাজিম হিকমত

নাজিম হিকমতৰ কবিতাৰ অসমীয়া অনুবাদ জীয়াই থকাৰ বিষয়ত (On Living) মূলঃ নাজিম হিকমত ইংৰাজী অনুবাদঃ Randy Blessing আৰু Motlu Konuk অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱাৰ   ১) জীয়াই থকাও জানো ল’ৰা-ধেমালি জীয়াই থাকিবই লাগিল মনপুতি ধৰা এটা কেৰ্কেটুৱাই জীৱনক সি নকৰি উলাই পাৰেমানে সম্বল গোটায় ৷ ল’ৰাধেমালি নহয় জীৱন ইটি ধৰা তাক পঞ্জাপুতি ধৰা তোমাৰ দুহাত থোৱা […]

A poem by Assamese Poet Sameer Tanti

I have seen you (তোমালোকক মই দেখিছোঁ) Origin(Assamese) : Sameer Tanti Translated by Dr Birinchi Kumar Das I saw you amidst the execution ground Silent and firm like an ancient Sal tree My heart brims with pride still at the thought of it That uncompromising battle and incomparable courage of yours Overlaid the whole sky […]

গল্পঃ ক্লান্তিৰ শেষ নাই / বান’ কুড়ছিয়া

ক্লান্তিৰ শেষ নাই   মূল: বান’ কুড়ছিয়া অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা   সেয়া আছিল প্ৰথমবাৰ৷  তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল – হবহু এইধৰণে:  মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে তলৰ খাপটোত আৰু জেকা মাটিখনৰ ঠিক ছয় ইঞ্চি ওপৰত আছিল সোঁ ভৰিখন৷ ঠিক সেই মূহুৰ্ততে চিলনীয়ে নতুনকৈ ওপজা কুকুৰা পোৱালি থপিয়াই ধৰাৰ […]

কবিতাঃ ম‌ই তোক আকৌ লগ পাম / অমৃতা প্ৰীতম

ম‌ই তোক আকৌ লগ পাম  মূল: অমৃতা প্ৰীতমঅনুবাদ: অনন্যা দত্ত   ম‌ই তোক আকৌ লগ পাম ক‘ত, কেনেকৈ নাজানো! হয়তো তোৰ ভাৱনাৰ এক ফিৰিঙতি হৈ তোৰ কেনভাছত নামিম… নহ‘লে সেই কেনভাছৰেই এক মায়াবী ৰেখা হৈ তোলৈ নীৰৱে ৰ লাগি চাই ৰ‘ম… সূৰ্যৰ কিৰণ হৈ তোৰ ৰংবোৰৰ সৈতে খেলি ৰ‘ম চাগে নহ‘লে ৰংবোৰৰেই দুবাহুত বহি সাৱটি […]