গল্পঃ ঘাটবাবু/ সুনীল গঙ্গোপাধ্যায়
ঘাটবাবু মূল: সুনীল গঙ্গোপাধ্যায় অনুবাদ: পংকজ কুমাৰ নেওগ ৰাতি কেই বাজিল ঠিক নাই। বহুত সময় ধৰি বৰষুণ দি আছে। বৰষুণ দিয়াৰ এই শব্দ শুনি থাকিলে কিবা এটা নিচা লাগি যায়। বাসু হালদাৰৰ বাৰে বাৰে টোপনি ভাঙি গৈছে। কিবা এটা যেন অস্বস্তিৰ ভাৱ। দুৱাৰৰ বাহিৰত শুই থকা কুকুৰ দুটাই কিবা যেন সপোন […]
গ্ৰীকৰ সাধুকথাঃ পানী কাৰ: আলেকজেণ্ডাৰ আৰু পছেইদন
পানী কাৰ: আলেকজেণ্ডাৰ আৰু পছেইদন অনুবাদ ঃ গীতাশ্ৰী তামুলী “মই তোমাক কৰ দিব কিয় লাগে?” “কাৰণ মই এই পৃথিৱীৰ সম্ৰাট।” “কিন্তু মই সমুদ্ৰৰ ৰজা।” “মই যদি সমুদ্ৰ অভিযান চলাওঁ, তেন্তে বেছিদিন তুমি সম্ৰাট হৈ থাকিব নোৱৰিবা।” “কিন্তু তুমি কি জাতৰ মাছনো?” “মই হলো মেছিদনৰ আলেকজেণ্ডাৰ তৃতীয়, যাৰ পতাকা পৃথিৱীৰ সমগ্ৰ ভূখণ্ডতে উৰি আছে।” “অ। জানি […]
কবিতাঃ শৱ কঢ়িওৱাত লাগিছে গঙ্গা / পাৰুল খক্কড়
শৱ কঢ়িওৱাত লাগিছে গঙ্গা মূল (গুজৰাটী) :- পাৰুল খক্কড় হিন্দী অনুবাদ :- ইলিয়াচ শেখ অসমীয়া অনুবাদ :- ময়ূৰী শৰ্মা বৰুৱা শৱবোৰে কৈ উঠিছে সমস্বৰে, ‘সকলো বঢ়িয়া সকলো বঢ়িয়া’ চাহাব, তোমাৰ ৰামৰাজ্যত শৱ কঢ়িওৱাত লাগিছে গঙ্গা শ্মশানত ঠাই নাই, খৰি-কাঠ সকলো শেষ ক্লান্ত শ্ৰান্ত আমাৰ কান্ধ, চকুবোৰো শুকাই কৰকৰীয়া ঘৰে ঘৰে চলিছে যমদূতৰ […]
তুচ্ছ/হুমায়ূন আহমেদ
অনুবাদ গল্পঃ তুচ্ছমূলঃ হুমায়ূন আহমেদঅনুবাদঃ কলচুম বিবি মই মাটিৰ ফালে চাই খোজকাঢ়ো। ইয়াৰ প্ৰধান সুবিধা হৈছে পৰিচিত কাৰোবাৰ সৈতে চকুৱে চকুৱে পৰাৰ সম্ভাৱনা বহুত কমি যায়। এজনৰ সৈতে আনজনৰ এখন আঁৰকাপোৰৰ সৃষ্টি হয়। কোনো কোনোৱে বুজিব নোৱাৰে। ভদ্ৰতা দেখুওৱাৰ বাবে আগুৱাই আহি কয়-আচ্ছালামুআলাইকুম, ভালে আছেনে? এইবোৰ ক্ষেত্ৰত মই প্ৰশ্নকৰ্তাৰ মুখৰ ফালে […]
গল্পঃ এজন বক্তাৰ নিৰ্মাণ (চুটি গল্প)
এজন বক্তাৰ নিৰ্মাণ মূল: ষ্টিফেন ক্ৰেইন ভাবানুবাদ: যশোৱন্ত নিপুণ হুইলমভাইলৰ স্কুলখনৰ এইটো এটা নিয়ম আছিল যে, যেতিয়া ল’ৰা-ছোৱালীবোৰে এটা বিশেষ শ্ৰেণী পাইছিল, তেতিয়া সিহঁতে শুকুৰবাৰৰ আবেলিটো বাগ্মীতাৰ বিকাশৰ কাৰণে উৎসৰ্গা কৰিব লাগিছিল ৷ এইটো এটা দুখ লগাকৈ মূৰ্খামিৰে ভৰা বিশ্বাস আছিল যে বক্তাৰ এনেদৰেই নিৰ্মাণ হ’ব পাৰে […]
A Poem by Assamese Poet Pranjit Borah
Even By Making Myself Empty Origin: Pranjit Bora Translated by Dr. Birinchi Kumar Das Every grey evening when she finishes her prayer In her moist eyes In her crumpled chador Everywhere I see myself growing full The […]
কবিতাঃ আৰু এটা প্ৰেমৰ কবিতা / দুন্যা মিখাইল
অনুবাদত অসমীয়া কবিতা আৰু এটা প্ৰেমৰ কবিতা মূলঃ দুন্যা মিখাইল অনুবাদঃ ধ্ৰুৱ শইকীয়া আৰু এটা দিন যদি পালোহেঁতেন প্ৰেমৰে কবিতা লিখিলোহেঁতেন এটা মাথো এটা শব্দৰ কবিতা হব সেইটো বাইনেৰি কোডৰ ঘটিব পুনৰাবৃত্তি৷ তাক মই পুৰণ কৰিম সেই সংখ্যাৰে তোমাক যিমানদিন নোকোৱাকৈ থাকিলো সেই দিনৰ সংখ্যা যোগ দিম দিনবোৰ মই যেতিয়া নিৰৱতাৰে ব্যক্ত কৰিছিলো […]
গল্পঃ ডিচ্চিৰ কথাৰে/ জয়ন্তী মনোকৰণ
ডিচ্চিৰ কথাৰে … মূল ৰচনা : Chipko Takes Root (জয়ন্তী মনোকৰণ) অনুবাদ : কৃষ্ণা সোণোৱাল ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ধুম !! ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে । ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল । “ডিচ্চি… !” ওখ দেৱদাৰু , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই শুনিববৈ পালে ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে। “ আঁহা … আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হ’ব লাগিব নহয় … ! ল’ৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ । “ “ আমিও যাম ককা “ শ্যামে চিঞঁৰি ক’লে । “ এইবাৰলৈ নহয় , পিছত যাবা … “ ককাকে দৃঢ়ভাৱে ক’লে । “ ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা–চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া । “ ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গ’ল । ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ল’লে । তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল । তাকে দেখি কাষতে নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল , “ এই সাৱধান , পৰি যাবা । “ তেনেতে হঠাতে নদীত এটা বৃহৎ ঢৌ বাগৰি অহাত তত্ ধৰিব নোৱাৰি ডিচ্চি বাগৰি পৰিবই ওলাইছিল ; খুড়াকে লৰি গৈ তাইক ধৰাতহে কথমপি পানীত নপৰিল তাই । পিছে তাইৰ বাওঁ ভৰিখন পানীৰ তলত থকা প্ৰকাণ্ড শিল এটাত উজুটি খাই তললৈ সোমাই গ’ল । গাধটোৰ সৈতে আগে আগে গৈ থকা ককাৰ মাত পানীৰ সোঁতৰ শব্দৰ সৈতে মিলি পৰিছিল । পানীৰ কোবাল সোঁতত গাধটো আনফালে উটি গৈছিল , তাৰ পিঠিত বোজা কৰি অনা লাম–লাকটুবোৰ পানীত সিঁচৰতি হৈ পৰিছিল । খুড়ায়ো কেনেবাকৈহে পানীত নিজৰ থৰকাচুটি নেহেৰোৱাকৈ আছিল । তেওঁ ডিচ্চিৰ ভৰিখন শিলটোৰ ফাঁকৰপৰা ওলাবৰ বাবে পাৰেমানে চেষ্টা কৰি আছিল… “ উহ , বেচেৰীজনী !! “ লাহে লাহে বোকাময় পানীবোৰ নদীৰ সোঁতত আহি তাইৰ শৰীৰত বাগৰি পৰিছিলহি । প্ৰচণ্ড ঠেলা এটা মাৰি অৱশেষত খুড়াকে তাইৰ ভৰিখন শিলৰ ফাঁকৰ মাজৰপৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল । বিষ যন্ত্ৰণাত কেঁকাই খুড়াকৰ কোলাত উঠি তাই ঘৰ পালেগৈ । মাকে তাইক তেনে অৱস্থাত দেখি উধাতু খাই লৰি আহিল আৰু ৰাউচি জুৰি বিনাবলৈ ধৰিলে , বাওঁ ভৰিৰ বিষত ৰ’ব নোৱাৰি তাই ঢলি পৰিল । ডিচ্চিক মাকৰ সৈতে থৈ খুড়াকে এইবাৰ ককাকক বিচাৰি ওলাল । কিন্তু বহুত বিচৰাৰ পিছতো ক’তো ককাকৰ কোনো সন্ধান পোৱা নগ’ল । কিছুদিনৰ পিছত নদীৰ পাৰত ককাকৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল । আমন–জিমনকৈ ডিচ্চি ঘৰৰ চোতালত বহি কিছুমান ভাৱত বিভোৰ হৈ আছিল । কোনোবাই কোৱা তাইৰ মনত পৰিছিল যে বহিৰাগত বিভিন্ন কোম্পানীৰ লোক আহি সিহঁতৰ নদীৰ পাৰৰ ভালেমান গছ কাটি নিছিল । গছবোৰ কাটি নি তাৰে হেনো সিঁহতে ক্ৰিকেট খেলৰ বেট আৰু আন বিভিন্ন খেলা সামগ্ৰী সাজে । তাইৰ বৰ খং উঠিছিল “ কিয় কাটি তহিলং কৰে আমাৰ গছবোৰ ? নাজানেনে তেওঁলোকে তেনেকৈ গছবোৰ সোপাকে কাটি নি নি শেষ কৰাৰ বাবেই সৌ পাহাৰৰ ঢাপৰ মাটিবোৰ খহি আহে নদীলৈ !! আৰু বাম হৈ পৰে আমাৰ নদীখন , এটা ঢৌৱেই বানৰ সৃষ্টি কৰি কত যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে !! নুবুজেনে তেওঁলোকে ? “ আৰু তাইৰ মৰমৰ ককাকজন …. তেওঁকোতো হেৰুৱালে তাই !! বিমৰ্ষ হৈ তাই দুখ পোৱা বাওঁ ভৰিখখনৰ আঁঠু অংশত চুই চালে । পাহৰিব পাৰিবনে তাই কেতিয়াবা সেই হিমশীতল নদীৰ পানী ? তাইৰ এতিয়াও মনত পৰে সিদিনাৰ সেই ভয়াবহ মুহূৰ্তখিনি … নাই নাই … খুড়াকে তাইক প্ৰায়ে কয় আমি সদায় ভাল কথাবোৰ মনলৈ আনিব লাগে , সদায় ভাল ভাল চিন্তা কৰিব লাগে । কথাখিনি মনলৈ অহাৰ লগে লগে তাইৰ ভিতৰত এক অদম্য সাহস জাগি উঠিল যিয়ে তাইৰ সকলো ভয়, বেয়া চিন্তা পলকতে দূৰ কৰি পেলালে । এতিয়াও তাইৰ কাষত তাইৰ সাদৰী মাকজনী আছে , মৰমৰ ভায়েককেইটা আছে । খুড়াক খুড়ীয়েকেও সিহঁতৰ বৰ যতন লয় । নিজৰ সন্তান তেওঁলোকৰ নাই । ডিচ্চিয়ে খুড়াকক নিজৰ ককাকৰ সমানেই ভাল পায় , পিছে যেতিয়া তাই খুড়ীয়েকে তাইৰ মাকক কোৱা শুনে যে খুড়াকৰ জুৱা খেলা অভ্যাসৰ বাবে আজিকালি বৰ সমস্যা হয় বুলি, তেতিয়া তাইৰ কুমলীয়া মনটো মোচৰ খাই যায় … “ খুড়া !!.. জুৱা খেলে !! এয়া হ’ব পাৰেনে !?” […]
কবিতাঃ পহিলা মে’ / নাজিম হিকমত
পহিলা মে‘ মূলঃ নাজিম হিকমত অনুবাদঃ বিতোপন গগৈ মই এতিয়া কুৰি বছৰীয়া লেনিন জীয়াই আছে ৰেড স্কোৱেৰত উৰি আছে ৰক্ত পতাকা আৰু হাতত হাত থৈ ঠিয় হৈছেহি পোন্ধৰ কোটি মানুহ পঁয়ত্ৰিছ বছৰ পাৰ হৈ গ‘ল তথাপিও মই কুৰি বছৰীয়া লেনিনো জীয়াই আছে আৰু ৰেড স্কোৱেৰৰ বুকুত আজি এশ কোটি মানুহ!
কবিতাঃ মুৰ্জাফৰ গৰ্ফৰৰ কেইটিমান হাইকু
হাইকুৰ অসমীয়া অনুবাদ হাইকু মূলঃ মুৰ্জাফৰ গৰ্ফৰ (উৰ্দু)ভাবানুবাদ: ইন্দ্ৰনীল গায়ন মৃদু তৰংগৰ মাজেৰে সাঁতুৰি থকা দীঘল ৰাতিটো এগছি মাটিৰ চাকি ※ জোনৰ ছাঁয়ে আকাশখন ছানি ধৰিছে বতাহজাকে নিজলৈ বাট বুলিছে এটা চৰাইয়ে উচুপি আছে ※ দুখৰ ৰাতিৰ মৌনতা ঘড়ীটোৱে আন্ধাৰৰ পোচাকযোৰ পিন্ধি দালি পৰুৱাটোলৈ বাট চাইছে ※ ক’লা মেঘবোৰ লাহে […]