বক্তৃতাঃ এ পি জে আব্দুল কালাম , ৰাষ্ট্ৰপতি , ২০০৭ চনৰ গণতন্ত্ৰ দিৱসৰ ভাষণ ।

২০০৭ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ড০ এ পি জে আব্দুল কালামে ভাৰতৰ শৈক্ষিক বিকাশ, দৰিদ্ৰতা তথা বিজ্ঞান ভিত্তিক আৰু সামাজিক উন্নয়ন সম্পৰ্কে প্ৰদান কৰা বিশেষ বক্তৃতাটিঃ                            অনুবাদ- স্ৰোতস্বিনী তামুলী          আশীৰ দশকত মোক শিশু সকলে কৰা প্ৰশ্নসমূহ আছিল এইধৰণৰ-“আমি কেতিয়ালৈ ভাৰতৰ জয়গান গাবলৈ সক্ষম হ‘ম?” আজিৰ যুৱ সমাজে প্ৰশ্ন কৰে-“আমি দেশৰ বাবে কি কৰিব পাৰোঁ?” […]

Translated Story: The Studio

The Studio Main: Saurav Chaliha Translated by: Abhisek Kumar Sharmah Isn’t it funnier? The way you would have perceived me. You would have probably thought that in this cozy studio, you will be framed in a captivating picture, that these fluorescent lights and the synthetic backdrop behind you and your kith and kin will create […]

অসমীয়া অনুবাদ কবিতাঃ ভাস্ক’ পোপাৰ দুটা কবিতা

অসমীয়া অনুবাদ কবিতাঃ ভাস্ক‘ পোপাৰ দুটা কবিতা ইংৰাজী অনুবাদৰ উৎস – Poem Hunter অসমীয়া ভাঙনি— অৰূপ কুমাৰ দাস লুকা-ভাকু এজনে আনজনৰ লগত লুকা-ভাকু খেলি লুকাই যায় এজনৰ জিভাৰ তলতে আৰু আনজনে বিচাৰি চলাথ কৰে পৃথিৱী লুকাই যায় তেওঁৰ কপালতে বিচাৰি ফুৰে আকাশত লুকাই যায় তেওঁৰ পাহৰণিৰ মাজত বিচাৰি ফুৰে ঘাঁহবোৰত তেওঁ তেওঁৰ চেহেৰাটো ক‘ত যে […]

ঐতিহাসিক চিঠিঃ এজন শিশু গণিতজ্ঞলৈ চিঠি

এজন শিশু গণিতজ্ঞলৈ চিঠি  মূলঃ Letters to a young mathematician মূল লেখকঃ  আয়ান ষ্টেৱাৰ্ট অনুবাদঃ দেৱজিৎ পাটোৱাৰী প্ৰথমখন চিঠিঃ গণিত কিয় কৰিব লাগে? মৰমৰ দেবু, তুমি গণিত অধ্যয়ন কৰিবা বুলি জানি, তুমি আশা কৰা মতেই মই বহুত সুখী হ‘লো। ইয়াৰ অৰ্থ এইটোৱেই হ‘ল যে, মই তোমাক হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল শেষ হোৱাৰ পিছত পঢ়িবলৈ দিয়া গণিতৰ […]

ঐতিহাসিক চিঠিঃ ভাৰ্জিনিয়া উল্ফৰ শেষৰখন চিঠি

ভাৰ্জিনিয়া উল্ফৰ শেষৰখন চিঠি অনুবাদঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় প্ৰিয়তম, @Penguin Books, Australia মই নিশ্চিত যে মই পুনৰ উন্মাদ হ’বলৈ গৈ আছোঁ। মোৰ এনে লাগিছে যেন আমি পুনৰ সেই ভয়ংকৰ সময়বোৰৰ মাজেৰে আগুৱাই যাব নোৱাৰিম। মই এইবাৰ বোধহয় সুস্থ হৈ নুঠিমগৈ। মই আজিকালি চৌপাশে বিবিধ আচহুৱা মাত কিছুমান শুনিবলৈ লৈছো, অথচ মনোযোগ দিব পৰা নাই। […]

অসমীয়া অনুবাদ কবিতাঃ ফেৰেঙনি

অসমীয়া অনুবাদ কবিতাঃ ফেৰেঙনি মূল ইংৰাজী কবিতাঃ Cross কবিঃ Langston Hughes অসমীয়া ভাঙনিঃ মেঘনা চৌধুৰী মোৰ পিতা আছিল এজন বগা বুঢ়া আৰু ক’লা ছালৰ আছিল মোৰ আই৷ কাহানিবা যদি পিতাক মই শাও দিছোঁ সেই শাওবোৰ লৈছোঁ ঘূৰাই৷ যদি কাহানিবা ক’লী আইক দিছোঁ শাও বিচাৰিছোঁ তেওঁ নৰকলৈ যাওক, সেই পাপী ইচ্ছাৰ বাবে মই দুঃখিত বিচাৰোঁ তেওঁ […]

অসমীয়া অনূদিত প্ৰবন্ধঃ আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত

অসমীয়া অনূদিত প্ৰবন্ধঃ আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত মূল: অভিজিৎ ৰায় অনুবাদ: বৰ্ণালী বৰুৱা দাস জোনাব মেজবাহউদ্দিন জওহেৰৰ আস্তিকতা আৰু নাস্তিকতাক লৈ অত্যন্ত সুলিখিত লেখাটো পঢ়াৰ পাছৰপৰাই এই লৈ কিবা এটা লিখাৰ তাগিদা অনুভৱ কৰিছো‌। প্ৰবন্ধটোৰ গঠনশৈলী আৰু ভাষা বিন্যাসৰ বাবেই কেৱল নহয়, প্ৰতিপক্ষৰ চিন্তাধাৰাৰ প্ৰতি তেখেতৰ সন্মানবোধ, বিপৰীত মতসমূহকো যথেষ্ট গুৰুত্বসহকাৰে লোৱা, বিচাৰ কৰা, সেইবোৰ […]

অসমীয়া অনুবাদ কবিতাঃ গোল-মাল

অসমীয়া অনুবাদ কবিতাঃ গোল-মাল মূল কবিঃ চাৰ্লছ_বুকৱস্কি অনুবাদঃ অনন্ত ৰাজখোৱা এই চহৰখন এতিয়ালৈকে দুবাৰকৈ জ্বলি যোৱা দেখিছো ম‌ই! প্ৰতিবাৰৰেই উল্লেখযোগ্য ঘটনাটো হৈছে জ্বলাৰ পশ্চাৎ ৰাজনীতিকসকলৰ প্ৰতিক্ৰিয়া। সিহঁতে বিফল ব্যৱস্থাটোৰ অন্যায়ৰ ওপৰত ৰাজপথ কঁপাই ঘোষণা কৰে ইস্তাহাৰ তৈয়াৰ কৰে দীঘল দাবী চনদ- নি:স্ব আৰু ভোকাৰ্ত শ্ৰমিক সকলৰ স্বাৰ্থৰ খাতিৰত। ব্যৱস্থাৰ সামান্য‌তম সাল-সলনিও হোৱা নাছিল শেষৰবাৰ, এইবাৰো […]