মহাত্মা গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি

মহাত্মা গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি অনুবাদকঃ নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ প্ৰথমখন চিঠি ৱাৰ্ধা, চি.পি, ভাৰত জুলাই ২৩, ১৯৩৯ প্ৰিয় বন্ধু, মোৰ বন্ধুসকলে মানৱতাৰ স্বাৰ্থত তোমালৈ এই পত্ৰখন লিখিবলৈ জোৰ কৰি আছিল কিন্তু মই ভয় খাই আছিলো যে মোৰ কথাবোৰ তোমাৰ সমুখত বোধহয় মূল্যহীন হৈ পৰিব। কিন্তু তাৰ পাছতো মই উপলব্ধি কৰিলো মোৰ […]

গল্পঃ ভাৰতবৰ্ষ / এছ ওৱাজেদ আলি

 ভাৰতবৰ্ষ  মূল বাংলা: এছ ওৱাজেদ আলি  অসমীয়া অনুবাদ: মিণ্টুল হাজৰিকা        পঁছিশ বছৰ আগত এবাৰ মই কলিকতালৈ গৈছিলোঁ৷ তেতিয়া মোৰ বয়স ১০-১১ বছৰ হ’ব৷ মই থকা ঘৰৰ ওচৰত এখন গেলামালৰ দোকান আছিল৷ তাৰ ওচৰেদি মোৰ অহা-যোৱা চলিছিল৷ সেই গেলামাল দোকানখনত বুঢ়া মানুহ এজনে গদিত বহি প্ৰকাণ্ড এখন কিতাপ সুৰ লগাই পঢ়ি আছিল৷ বুঢ়া মানুহজনৰ মূৰটোৰ […]

অসমীয়া অনুবাদ কবিতাঃ ইজ্ব্যেগনেভ হাৰ্বাটৰ দুটা কবিতা

অসমীয়া অনুবাদ কবিতা মূল কবিঃ ইজ্ব্যেগনেভ হাৰ্বাট (Zbigniew Herbert)মূল ভাষাঃ প’লিছইংৰাজী অনুবাদঃ ছেজলো মিলজ অসমীয়া ভাঙনিঃ অনন্ত ৰাজখোৱা চকুপানীৰ প্ৰযুক্তিবিদ্যাৰ পৰা (From the Technology of tear) সদ্যহতে যিমান দূৰলৈকে আমাৰ জ্ঞানৰ পৰিসৰ বিস্তৃত, তাৰ পৰা এটা কথা জনা যায় যে চিকিৎসা অথবা যিকোনো উৎপাদন কৰ্মৰ বাবে মিছা চকুপানীহে উপযুক্ত। প্ৰকৃত চকুপানী যথেষ্ট গৰম, সেই হেতু তাক […]

গল্পঃ খাদক / হুমায়ূন আহমেদ

খাদক মূলঃ  বাংলা গল্পকাৰঃ হুমায়ূন আহমেদ অনুবাদঃ  মুনমুন সৰকাৰ শইকীয়া মই মানুহজনৰ বয়সটো আন্দাজ কৰিবলৈ চেষ্টা চলাই আছোঁ। আচলতে বয়সটো লৈ মোৰ একো মতলব নাই যদিও প্ৰথমবাৰ দেখোঁতেই বয়সটো জানিবলৈ কিয় জানো মন গ’ল। মানুহজনক যেন প্ৰদৰ্শনীত সজাই থোৱা কিবা এটা বস্তু হিচাপে মোৰ আগত আনি থিয় কৰাই দিয়া হৈছিল। আমাক ঘেৰি বহু মানুহ ইতিমধ্যেই […]

গল্পঃ মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য / আগাথা ক্ৰিষ্টি

মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য(The Disappearance of Mr Davenheim)  মূল ইংৰাজী: আগাথা ক্ৰিষ্টি অসমীয়া অনুবাদ: নৱজ্যোতি বড়া সেইদিনা পোঁৱাৰো আৰু মোৰ লগত ৰাতিপুৱাৰ চাহকাপ খাবলৈ আমাৰ পুৰণি বন্ধু স্কটলেণ্ড য়াৰ্ডৰ ঈন্সপেক্টৰ জেপ অহাৰ কথা আছিল। আমি দুয়ো চাহৰ টেবুলতে বহি তেওঁ অহালৈ অপেক্ষা কৰি আছিলোঁ। আমাৰ লেণ্ডলেডীগৰাকীৰ এটা বদ অভ্যাস আছিল, তেওঁ বাচন বৰ্তনবোৰ পৰিপাটিকৈ সজাই […]

ইয়াণ্ডাবু সন্ধিখন

ইয়াণ্ডাবু সন্ধিখন উৎসঃ https://commons.wikimedia.org/wiki/File:Treaty_of_Yandabo.pdf (এই অনুবাদটো অনুবাদকৰ দ্বাৰা প্ৰকাশ পাবলগীয়া “১৮২৬ : ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ’ গ্ৰন্থৰ পৰা” গ্ৰন্থখনৰ পৰা লেখকৰ অনুমতি সাপেক্ষে ৱেবচাইটত দিয়া হৈছে৷ ) (ইয়াণ্ডাবু সন্ধিৰ বিষয়ে অসমৰ বেছিভাগ লোকেই কম-বেছি পৰিমাণে শুনিছে। আজিৰ তাৰিখতো সন্ধিখনক লৈ অসমৰ মানুহ কম-বেছি পৰিমাণে আৱেগিক হৈ উঠা দেখা যায়। অসম আৰু অসমীয়া জাতি কোনো […]

বক্তৃতাঃ ‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীৰ বক্তৃতা

‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীয়ে ২০০১ চনত ডুবাইৰ এখন সভাত প্ৰদান কৰা বক্তৃতা মূল- হিন্দী  অনুবাদঃ লিজা বৰা      আজি সংস্থাৰ তৰফৰ পৰা উপস্থিত মাননীয় আব্বু হাচমি ,আদিম ভাই, শ্বায়েৰ ভাই আৰু উপস্থিত ভাই -ভনী সকল; মই কেৱল হিন্দী ভাষাহে জানো৷ আনবোৰ ভাষা ভালকৈ নাজানো৷ মোক দিল্লীৰ পৰা আমন্ত্ৰণ কৰি, সংস্থাৰ তৰফৰ পৰা ইমানখিনি […]

গল্পঃ কবি

কবি মূলঃ বাংলা   গল্পকাৰঃ হুমায়ুন আহমেদ  অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া টাউন প্ৰেছৰ অধিকাৰী সিৰাজুল ইচলাম ডাঙৰীয়াই খঙতে মুখখন ফুলাই বহি আছিল। তেওঁৰ খঙৰ বহুকেইটা কাৰণ আছিল। প্ৰুফ ৰীডাৰ জোবেদ আলী এতিয়াও আহি পোৱাহি নাই। মেচিন চলোৱাজনে একো কাম নথকাত এনেই বহি আছে। ইয়াৰ উপৰিও বতৰৰ অৱস্থা ভাল নহয়। ধুমুহা, বৰষুণ অহাৰ সম্ভাৱনাই দেখা দিছে। ধুমুহা […]

সাক্ষাৎকাৰঃ তছলিমা নাছৰিণৰ সৈতে সুমন কুঞ্জিলালৰ সাক্ষাৎকাৰ

“মই প্ৰেমৰ মোহত বাৰে বাৰে প্ৰেমত পৰিছো।” তছলিমা নাছৰিনৰ সৈতে সুমনা কাঞ্জিলালৰ সাক্ষাৎকাৰ অনুবাদকঃ অৱনী বুঢ়াগোহাঁই প্ৰেম অসীম অনন্ত এটা বিষয়। তাক শব্দৰ বান্ধোনেৰে কোনে বান্ধিব পাৰে ? প্ৰেম হয়তো যিমানখিনি পোৱা,  তাতকৈ বেছিকৈ দিবলৈ বিচৰাৰ অনুভৱ। প্ৰেমে বিচৰা দৰে গভীৰতা পালে এনেধৰণৰ অনুভূতি আহে। প্ৰেমে নিশ্চয়কৈ সান্নিধ্য বা নৈকট্য বিচাৰে। কিন্তু ভালপোৱাজনৰ বাবে দূৰৰ […]

Translated Story : The Sky Or The Earth : A View From Afar

Translated Story : The Sky Or The Earth : A View From Afar ( দূৰৈৰ পৰা আকাশ অথবা পৃথিবী ) Origin : Devabrata DasTranslated by the author PC- Achyut Hatimuria                                                     […]