কবিতাঃ আকৌ লৃগাং / টাবুৰাম টাইদ

আকৌ লৃগাং মূলঃ মিচিং কবিঃ টাবুৰাম টাইদ অসমীয়া ভাঙনিঃ নিতুল নন্দন ৰেগন গুমৰাগ গুমৰাগ ইফালে গুমৰাগ গুমৰাগ গুমৰাগ সিফালেও গুমৰাগ বৰনৈ গুমৰাগ সোৱণশিৰি গুমৰাগ উজনিত গুমৰাগ নামনিতো গুমৰাগ হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো আকাশে বতাহে গুমৰাগ ৰাগ ! বহিব নোৱাৰোঁ, থাকিব নোৱাৰোঁ, গুমৰাগে লহৰ তুলিছে টোপনি নধৰে, পেটৰ কলমলনি বাঢ়িছে যোৱাবেলিৰ দুমদুমৰ ৰগৰেই আতিছিলে […]

জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী

জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী ইংৰাজীৰ পৰা অনুবাদ অনুবাদ:- কিন্নৰী ডেকা  এসময়ত জাপান দেশত দুটা ভেকুলী আছিল। তাৰে এটাই ওচাকা চহৰত সমুদ্ৰ তীৰৰ এটা গাতত বাস কৰিছিল আৰু আনটোৱে ক্য‘ট‘ চহৰেৰে বৈ যোৱা সৰু চাফা পানীৰ ধাৰা এটা বাচি লৈছিল। ইমান দূৰে দূৰে বাস কৰা কাৰণে সিহঁতে এটাই আনটোৰ বিষয়ে কেতিয়াওঁ একো শুনাও নাছিল। কিন্তু […]

অসমীয়া অনূদিত প্ৰবন্ধঃ সভ্যতা আৰু বোধোদয়

অসমীয়া অনূদিত প্ৰবন্ধঃ সভ্যতা আৰু বোধোদয় মূল: Civilization and Enlightenment, ষ্টিভেন পিংকাৰ অনুবাদ: ৰামকৃষ্ণ দত্ত, ইতিহাস বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)  ইউৰোপীয় জ্ঞানদীপ্ততাৰ খোজৰ আউঁসাতেই ফৰাচী বিপ্লৱৰ শুভাৰম্ভনী ঘটিছিল ৷ আৰম্ভনিতে গণতন্ত্ৰৰ এক ক্ষণস্থায়ী আশ্বাস দি পিছে পিছে বিভৎস ৰাজহত্যা, বৈপ্লৱিক অভ্যুত্থান, ধমাৰ্ন্ধতা, নিয়ন্ত্ৰনহীন উশৃংখল জনতা, সন্ত্ৰাসবাদ, স্ব–প্ৰণোদিত যুদ্ধ আকৌ তাৰ পিছে পিছে এজন আত্মম্ভৰী–ময়বৰ […]

কবিতাঃ শব্দ / এছ আৰ নাটৰাজন

Melancholy by Edvard Munch শব্দ      মূল কবি : এছ আৰ নাটৰাজন অসমীয়া ভাঙনিঃ ৰাজীৱ বৰুৱা শব্দ এটা নাই লিখি থোৱা কবিতাটোৰ পৰাই হেৰাল অৰ্থই বাট হেৰুৱাই ভগ্নাংশ হৈ চটফটাই থাকিল উকা ঠাইডোখৰ পূৰাবলৈ তাত জোৰা দিয়া হল এটুকুৰা হীৰা এন্ধাৰৰ লহৰত কবিতাৰ ৰক্ত প্ৰবাহত হীৰাৰো কানিমুনি লাগিল সানি দিয়া হ‘ল ৰামধেনুৰ  এটা ৰং তাতো নালাগিল […]

গল্পঃ পাপ/ হুমায়ূন আহমেদ

পাপ মূলঃ বাংলা গল্পকাৰঃ হুমায়ূন আহমেদ অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া   হুমায়ূন আহমেদ মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ নে? পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি […]

নিয়তিৰ সমুখত / কাফকাৰ গল্প

নিয়তিৰ সমুখত(Before the Law) মূল গল্পকাৰঃ  ফ্ৰান্স কাফকা – ইংৰাজী অনুবাদ- য়্যান জনছটন অসমীয়া অনুবাদ- কিন্নৰী ডেকা নিয়তিৰ যিখন সিংহদুৱাৰ, যাৰ সমুখত সদায় এজন দুৱাৰ ৰখীয়াই পহৰা দি থাকিছিল।  এদিন দেশখনৰ এজন লোক সেই দুৱাৰ ৰখীয়াজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা নিয়তিৰ ওচৰলৈ যাওঁ বুলি প্ৰৱেশৰ অনুমতি বিচাৰিছিল। কিন্তু, তেওঁক নিৰাশ কৰি দুৱাৰ ৰখীয়াজনে সেই মূহুৰ্তত  […]

বব ডিলানৰ দুটা কবিতা

অসমীয়া অনুবাদ কবিতাঃ বব ডিলানৰ দুটা কবিতা (আচলতে এই দুটা ডিলানৰ বিখ্যাত গান । কিন্তু গানৰ কথাখিনি কবিতাতকৈ পৃথক নহয় । সেয়ে কবিতা হিচাপে পঢ়ি কবিতা হিচাপে অনুবাদ কৰা হৈছে) মূলঃ বব ডিলান অনুবাদঃ বিভূতি গগৈ  বতাহত ভাহিছে ( Blowing In The Wind ) আৰু কিমান বাট মানুহে যাব লাগিব তুমি তেওঁক মানুহ বোলাৰ আগেয়ে? […]

প্ৰেমৰ চিঠি / জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি

জিমি হেণ্ডৰিক্সে অনামি প্ৰেমিকালৈ লিখা চিঠি – অনুবাদঃ লিজা বৰা কণমানি ছোৱালী সুখবোৰ তোমাৰ নিজৰ ভিতৰতেই আছে…সেয়ে অন্তৰৰ পৰা শিকলিবোৰ ভাঙি পেলোৱা আৰু নিজকে বাঢ়িবলৈ দিয়া- তুমি এপাহি সুবাসিত ফুলৰ দৰে… মই জানো উত্তৰটো- তোমাৰ ডেউকা দুখন ব্যাপ্ত কৰি দিয়া আৰু নিজকে স্বাধীন কৰি তোলা৷ সদায়েই ভাল পাওঁ তোমাক জিমি হেণ্ডৰিক্স টোকাঃ জিমি হেণ্ডৰিক্স আছিল […]

কবিতাঃ জোতা/ অশোক বাজপেয়ী

অসমীয়া অনুবাদ কবিতাঃ জোতা মূলঃ অশোক বাজপেয়ী মূল ভাষাঃ হিন্দী অসমীয়া ভাঙনিঃ অৰ্চনা পূজাৰী জোতাযোৰ তাতেই আছিল ভৰি দুখনহে তাত নাছিল কোনো কোনো ঠাইত ভেঁকুৰ লাগিছিল কিয়নো কোনেও জোতাযোৰ পিন্ধা নাছিল ব্যৱহাৰ নোহোৱাৰ বাবে এক বিপদো হৈছিল জোতাযোৰৰ তলিত ধূল বা বোকা একো লগা নাছিল কোনেও সেই ঠাইৰ পৰা আঁতৰাইও থোৱা নাছিল পিছে  জোতাযোৰ এদিন […]

অসমীয়া অনুবাদ কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা

অসমীয়া অনুবাদ কবিতাঃ হিম-পৰা গধূলি হাবিৰ মাজত ৰোৱা ৰবাৰ্ট ফ্ৰষ্ট মূলঃ ৰবাৰ্ট ফ্ৰষ্ট অনুবাদ: অজিৎ বৰুৱা এই হাবি কাৰ মই বোধকৰোঁ জানো। তেওঁৰ ঘৰ এই গাঁৱতে যদিও; তেওঁৰ হাবিখন হিম পৰি ভৰি উঠা চাম বুলি মই ৰোৱা তেওঁ নেদেখিব। মোৰ সৰু ঘোঁৰাটোৱে আচহুৱা পাব কাষত পমুৱা ঘৰ নথকা সত্ত্বেও হাবি আৰু গোটমৰা পুখুৰীৰ মাজৰ ঠাইতে […]