কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা
জুই আৰু বৰফ (Fire and Ice) মূল কবি : ৰবাৰ্ট ফ্ৰষ্ট অনুবাদ : প্ৰশান্ত কুমাৰ বৰা কোনোবাই কোৱা শুনো অগনিত দহি হেনো শেষ হ’ব এদিন এই সেউজ ধৰণী, কোনোৱে আক’উ কয় হিমতহে হ’ব লয় হেৰুৱাম ধৰাধাম নাপাম তৰণী। পিছে এটা কথা মই বুজিছো নিশ্চয়কৈ বাসনাৰ ৰৌদ্ৰতাপ সহা বৰ টান, জুইৰ কথা কওঁতাকে সঁচা যেন লাগে […]
“ কোমল গান্ধাৰ “ ৰ প্ৰসংগত
“ কোমল গান্ধাৰ “ ৰ প্ৰসংগত ঋত্বিক কুমাৰ ঘটক অনুবাদ: ইন্দ্ৰনীল গায়ন ” কোমল গান্ধাৰ” ৰ নিমাৰ্ণৰ সময়চোৱাত কোনো সুনিৰ্দিষ্ট তত্বক অনুসৰণ কৰা হোৱা নাছিল৷ বিশেষভাৱে বাস্তৱ […]
অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ বাংলা অনুবাদ
অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ বাংলা অনুবাদ খগেশ সেন ডেকা অনুবাদ এক অতিশয় জটিল সাহিত্য-কলা৷ সেয়া কবিতা, গল্প, উপন্যাসেই হওক, কিংবা তত্ত্বগধুৰ লেখাই হওক৷ এটা ভাষাৰ শব্দমালা আন এটা ভাষালৈ কিবা প্ৰকাৰে ৰূপান্তৰিত কৰিব পাৰিলেও জতুৱা প্ৰয়োগবোৰৰ (Idioms) সঠিক অনুবাদ বৰ দুৰূহ কাম৷ অনুবাদ কৰ্ম বিবিধ প্ৰকাৰৰ হ‘ব পাৰে—আক্ষৰিক অনুবাদ, ছায়ানুবাদ, ভাবানুবাদ ইত্যাদি৷ […]
অসমীয়া অনুবাদ কবিতা : ইজ্ব্যেগনেভ হাৰ্বাৰ্টৰ দুটি কবিতা
অসমীয়া অনুবাদ কবিতা : ইজ্ব্যেগনেভ হাৰ্বাৰ্টৰ দুটি কবিতা ইংৰাজী অনুবাদ : ছিজল‘ মিল‘জ উৎস : Zbigniew Herbert Selected poems অসমীয়া ভাঙনি : অনন্ত ৰাজখোৱা বস্তুবোৰ নিস্প্ৰাণ বস্তুবোৰ সহজাত ৰূপত শুদ্ধ আৰু সিবোৰক কোনো কথাতেই ভৎসৰ্না কৰিব নোৱাৰি। চকী এখনৰ ভৰি কেইটা কেতিয়াও সাল-সলনি হোৱা দেখা নাই মই।অথবা দেখা নাই বিচনা এখনক, পিছ ঠেঙত ভৰ দি থিয় হোৱা। অৱসাদে ভাৰাক্ৰান্ত কৰাৰ পাছতো,মেজখনে […]
গল্প : গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত)
গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত) মূল: কেণ্ডেচ টাৰ্টল অনুবাদ: ননী চহৰীয়া বৰা জেনেট ৰে‘—–পে‘ট ৰেৰ কন্যা। বয়স মাত্ৰ ছয়বছৰ। সেই বয়সৰ পৰাই ছোৱালীজনী এটা অনুসন্ধানত ব্ৰতী হৈছিল । তাইৰ দেউতাকৰ বিষয়ে আছিল তাইৰ অনুসন্ধান। সেইদিনা মাকে কৈছিল—ভায়েক টম স্কুলৰ পৰা আহিলেই তাইক কিবা এটা কথা ক‘ব। জেনেট উৎফুল্লিত হৈ পৰিছিল। জেনেটে ভাবিছিল–মাকে কি […]
গল্প : পানপাত্ৰ / অমৃতা প্ৰীতম
প্ৰবন্ধঃ চিনেমাৰ ৰাজকুমাৰ
চিনেমাৰ ৰাজকুমাৰ : প্ৰমথেশ বৰুৱা মূল বাংলা:- প্ৰেমেন্দ্ৰ মজুমদাৰ অনুবাদ:- মিণ্টুল হাজৰিকা তেতিয়া দেশ বিভাজন হোৱা নাছিল৷ অবিভক্ত বংগদেশ আৰু অবিভক্ত অসম দুখন শান্তিপ্ৰিয় প্ৰতিবেশী ৰাজ্য৷ এই দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অসমৰ অন্তৰ্গত গোৱালপাৰা জিলা আছিল এই দুই ৰাজ্যৰ সাংস্কৃতিক মিলনভূমি৷ ভাটিয়ালী গানৰ সুৰত মতলীয়া বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এই মিলন সেঁতুয়ে জন্ম দিছিল বহুতো উপকথা, সাধুকথা […]
আব্ৰাহাম লিংকনলৈ এজনী কণমানিৰ চিঠি
আব্ৰাহাম লিংকনলৈ এজনী কণমানিৰ চিঠি ভাষান্তৰঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয় এন. ৱাই, চাটাক্ কোঃ ১৫ অক্টোবৰ, ১৮৬০ সন্মানীয় এ.বি. লিংকন মহাশয়, ডাঢ়ি নথকা লিংকন @Wikepedia মোৰ দেউতা এইমাত্ৰ মেলাৰ পৰা আহি ঘৰ সোমাইছেহি। তেওঁ মেলাৰ পৰা ঘৰত সজাই থবলৈ বুলি আপোনাৰ আৰু শ্ৰীমান হেমলিনৰ ছবিও লৈ আনিছে। মই এজনী এঘাৰ বছৰীয়া অকণমানি ছোৱালী যদিও ভাবো […]
সাক্ষাৎকাৰঃ যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real)
যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real) অনুবাদঃ স্ৰোতস্বিনী তেজিমলা (টোকাঃ বছৰচেৰেক আগতে মিয়া খালিফাই Porn Industry এৰিছিল। Porn Industry এৰাৰ পিছত, কেইমাহমান আগতে মিয়া খালিফাই নিজৰ জীৱন আৰু Porn Industry ৰ জগতখন সম্পৰ্কে আন্তৰাষ্ট্ৰীয় নিউজ চেনেল ‘BBC’ত ‘Hard Talk’ শীৰ্ষক এটি সাক্ষাৎকাৰ প্ৰদান কৰিছিল। সজাগতা আৰু সাৱধানতা অৱলম্বনৰ বাবে এই সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল, যাতে কোনেও নিজৰ অনিচ্ছাসত্তে এই উদ্যোগত ভৰি দিবলগা […]
গল্পঃ দেউতাৰ সহায়/ আৰ কে.নাৰায়ণৰ গল্প
দেউতাৰ সহায় মূলঃ Father’s Help মূল গল্পকাৰঃ আৰ.কে.নাৰায়ন অসমীয়া অনুবাদঃ মিণ্টুল হাজৰিকা বিচনাত শুই শুই ছোয়ামীয়ে হঠাৎ গম পালে যে আজি সোমবাৰ৷ যদিও অলপ আগতে তাৰ মনত ধাৰণা হৈছিল যে শুক্ৰবাৰৰ শেষ প্ৰহৰটি চলি আছে৷ কিন্তু ইতিমধ্যে সোমবাৰ আহি হাজিৰ৷ সি ভাবিলে এইমাত্ৰ এটা ভূমিকম্প আহি স্কুলৰ অট্টালিকাটো ধূলিসাৎ কৰি পেলায়৷কিন্তু আলবাৰ্ট মিছনেৰী স্কুলৰ সেই […]