কবিতাঃ দেউতা/ ছিলভিয়া প্লেথ
দেউতা ( Daddy ) মূল: ছিলভিয়া প্লেথ অনুবাদ: বিভূতি গগৈ তুমি নোহোৱা, তুমি আৰু নোহোৱা কাহানিও, ক‘লা জোতা য‘ত মই বাস কৰিছিলোঁ এটা ভৰিৰ দৰে ত্রিশ বছৰ ধৰি, বেচেৰী, বিবৰ্ণ মই উশাহ ল‘বলৈ বা হাঁচি মাৰিবলৈকো ভয় কৰি । দেউতা, মই তোমাক হত্যা কৰিলোঁহেতেন তুমি মৰিলা, মই সময় পোৱাৰ আগেয়ে । তুমি ঈশ্বৰ ভৰ্তি এটা […]
অসম্ভৱ অনুবাদ
সমুদ্ৰ কাজল শইকীয়াৰ লেখা – অসম্ভৱ অনুবাদ অনুবাদ হিচাপে অভিযোজন : প্ৰত্যাহ্বান আৰু সম্ভাৱনা : অনুবাদ এটা জটিল কলা। এটা ভাষাৰ পৰা আন এটালৈ, এটা স্থানৰ পৰা আন এটালৈ, এটা ৰূপলৈ আন এটা ৰূপলৈ ৰূপান্তৰণ কৰাৰ প্ৰক্ৰিয়াটোত প্ৰত্যাহ্বান কেইবাটাও পৰ্যায়ত আহে। অনুবাদ বুলি কওঁতেই যিহেতু এটা মূল ভাষা আৰু আন এটা নতুন ভাষাৰ প্ৰসংগ আহি পৰে, […]
কবিতাঃ পল ৰবচনলৈ/ নাজিম হিকমত
পল ৰবচনলৈ মূল কবি : নাজিম হিকমত অনুবাদ : বিকাশ অসম ডেকা nazim hikmet সিহঁতে আমাৰ গানবোৰ গাব নিদিয়ে ৰবচন হে মোৰ গানৰ পক্ষীৰাজ নিগ্ৰো বন্ধু আমাৰ গানবোৰ সিহঁতে গাব নিদিয়ে। সিহঁতে ভয় কৰে ৰবচন কুঁৱলীবোৰ আতৰিবলৈ চাবলৈ শুনিবলৈ আৰু চুই চাবলৈ… সিহঁতে কান্দিবলৈও ভয় কৰে শীতে চুই যোৱা নগ্ন শৰীৰৰ দৰে… সিহঁতে হাঁহিবলৈও ভয় […]
গল্পঃ ঘড়ী / সুনীল গঙ্গোপাধ্যায়
ঘড়ী মূল : বাংলা লেখক : শ্ৰীযুত সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া মোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো। ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ কাষত বহিবলৈ পোৱাটো বৰ সৌভাগ্যজনক, তাতে আকৌ ঠাণ্ডা বতাহ, টোপনি নহাকৈ পাৰেনে? আহিবই, ইয়াত আচৰিত হ’বলগীয়া কি আছে? তদুপৰি বাছত […]
গল্পঃ এদাল ৰচীৰ টুকুৰা/ গী দ্যঁ মোপাছাঁ
এদাল ৰচীৰ টুকুৰা মূল গল্পকাৰ : গী দ্যঁ মোপাছাঁ (Guy de Maupassant) অসমীয়াকৰণ : অৱনী বুঢ়াগোহাঁই । (১) সেইদিনা মঙলবৰীয়া হাটৰ দিন আছিল, আৰু সেয়ে জাগুনৰ চাৰিওকাষে থকা গাঁওবোৰৰ পৰা জাকে জাকে খেতিয়কবোৰ, সিহঁতৰ ঘৈণীয়েকহঁতৰ সতে জাগুন চাৰিআলিলৈ আহিছিল । বেছিভাগ মতা মানুহবোৰে লাহে লাহে খোজ কাঢ়িছিল, তাৰে কিছুমানে লাখুটি এদালত ভৰ দি, অলপ কুঁজা […]
কবিতাঃ বিজ্ঞানত মই দহ পাইছোঁ
বিজ্ঞানত মই দহ পাইছোঁ কবিঃ প্ৰণৱ ঘোষ অনুবাদঃ ৰুমা অধিকাৰী বিজ্ঞানত মই দহ পাইছোঁ, মাথো দহ প্ৰশ্নবোৰ টান নাছিল, উত্তৰবোৰো জনা ভাগ্য মোৰ প্ৰসন্ন নাছিল; গৈ পাওঁতেই হ‘ল পলম৷ নহ‘লে ; মই জানো বিজ্ঞানত ফে‘ল কৰা ছাত্ৰী! পুৱাৰ পৰাই নানানটা অঘটন ব্ৰেকফাষ্টত গোট কণী, ৰান্ধনীজনীয়ে নিয়মবোৰ নাজানেঅমলেট কৰি দিলে কথা নাছিল, বিঘিনি হৈ গ‘লহেতেন লেটাৰ মাৰ্কস পোৱাটো […]
কবিতাঃ সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত/ কুমাৰ অনুপম
সমুদ্ৰৰ মাছমৰীয়া সকলৰ গীত মূল : কুমাৰ অনুপম (হিন্দী) অসমীয়া ভাঙনি : ৰুবুল দাস সমুদ্ৰ আমাৰ ৰুটী সমুদ্ৰ আমাৰ স্তুতি আমাৰ দেহৰ মাছবোৰ সমুদ্ৰৰ আমাৰ জীৱনৰ ৰঙবোৰ সমুদ্ৰৰ ধৈৰ্য আৰু নিমখ আমাৰ তেজৰ বাট বতাহ অ‘ বতাহ তোমাৰ ওচৰত কৃতজ্ঞ প্ৰতিকূল হ‘লেও আকাশ অ‘ আকাশ তোমাৰ ওচৰত কৃতজ্ঞ কাষত নাথাকিলেও পানী অ‘ পানী তোমাৰ ওচৰত […]
কবিতাঃ প্ৰেম
প্ৰেম মূল : মিৰ‘শ্লেভ হোলাব ইংৰাজী অনুবাদ : আয়ান মিলনাৰ, জৰ্জ ডাইনাৰ অসমীয়া অনুবাদ : অৰূপ কুমাৰ দাস অসংখ্য চিগাৰেটৰ টুকুৰা ৷ ইখন বেৰৰ পৰা সিখন বেৰলৈ বহু যোজনৰ বাট ৷ বৰফৰ দৰে নিৰুদ্বেগ মৃ্ত্যু আৰু অৰ্ধ চেতনা ৷ চোতালৰ পাতি হাঁহৰ পদচিহ্ন যেন পুৰণি অলেখ শব্দ ৷ নিলিখা অসংখ্য কিতাপ ৷ নসজা অসংখ্য চিতা ৷ যাতনা ৷ […]
কবিতাঃ আন্না শ্বিৰৰ কবিতা
আন্না শ্বিৰৰ কবিতা ইংৰাজী: চেস্বোৱাফ মিলোজ লিঅ‘নাৰ্ড নাথান অসমীয়া ভাষান্তৰ: দ্বিজেন কুমাৰ দাস এক: যিদৰে গছৰ আছে বতাহৰ প্ৰতি সাগৰৰ প্ৰতি শঙ্খৰ যিদৰে জীৱনৰ আছে যন্ত্ৰণাৰ প্ৰতি মৃত্যুৰ প্ৰতি সময়ৰ — দুৰ্নিবাৰ ভালপোৱা তেনে ভালপোৱাৰেই মই পূৰ্ণ এতিয়া৷ দুই: সেউজীয়াৰ মাজতে আমাৰ ভালপোৱাৰ বাহ সাজিছা মোহাৰি পেলোৱা ফুলবোৰলৈ […]
গল্প : মহ / প্ৰেমেন্দ্ৰ মিত্ৰ
মহ মূল গল্পকাৰ ঃ প্রেমেন্দ্ৰ মিত্ৰ অনুবাদ ঃ অংকিনী বৰা গল্পটোৰ আগতে কম নে গল্পটো যাৰ মুখেৰে শুনিছিলোঁ তেওঁৰ কথা আগতে কম একেবাৰে ঠিক কৰিব পৰা নাই। কিন্তু গল্পটোৰ লগত ঘনশ্যামদা চমুকৈ ঘনদা ইমান বেছিকৈ জড়িত যে তেওঁৰ পৰিচয় নিদিলে গল্পটোৰ ৰস আধামান কমি যাব। সেয়ে বোধকৰোঁ ঘনদাৰ পৰিচয়ৰে আৰম্ভ কৰা বেছি ভাল হব। ঘনদাৰ শুকান উবান , […]