কবিতাঃ শৰৎ / চাৰ্লছ বডলেয়াৰ
শৰৎ মূল কবিঃ চাৰ্লছ বডলেয়াৰ অনুবাদঃ অপৰাজিতা গগৈ শীঘ্ৰে আমি বুৰ যাম শীতৰ বিষণ্ণতাত বিদায় ল‘ব গ্ৰীষ্মৰ উজ্বল আবেলিবোৰ সকলো খন্তেকীয়া ! শুনিছোঁ প্ৰচণ্ড শব্দ কৰি বাগৰি পৰিছে শুকান কাঠৰ টুকুৰা ঘাঁহনিৰ কাষত মোৰ মাজলৈ বেদনা হৈ আহে শীত আনে ঘৃণা সন্মান কঠোৰ শ্ৰম আৰু ইচ্ছাবিৰুদ্ধ ভীতি চোওঁ-নোচোওঁকৈ উত্তৰৰ সূৰ্য মেৰু তলত ঢলি পৰাৰ দৰে […]
গল্পঃ দ্য ফলছ জেমছ/ গী দ্যঁ মোপাছাঁ
দ্য ফলছ জেমছ ( The False Gems ) মূলঃ গী দ্যঁ মোপাছাঁ (Guy de Maupassant) অনুবাদঃ গীতিকা শইকীয়া মিষ্টাৰ লেণ্টিনে তেওঁ কাম কৰা অফিচৰ সহকাৰী মুখ্য সচিবৰ ঘৰত আয়োজন কৰা সন্ধিয়াৰ এক অনুষ্ঠানত সেই কমবয়সীয়া সুন্দৰী যুৱতীগৰাকীক প্ৰথমবাৰৰ বাবে লগ পাইছিল। লগ পোৱাৰ লগে লগেই মিষ্টাৰ লেণ্টিন সেই সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত আচ্ছন্ন হৈ পৰিছিল। সেই […]
অসমীয়া অনুবাদ কবিতাঃ মোৰ আয়ে জানে
অসমীয়া অনুবাদ কবিতাঃ মোৰ আয়ে জানে মূলঃ মেৰি মা জানতি হে, টাৰু চিন্দিক অনুবাদঃ ডঃ চুচেংফা গগৈ, অধ্যাপক, নৰ্থ লখিমপুৰ কলেজ (স্বাঃ) মোৰ আই যদিও শব্দৰ সমূখত অন্ধ হৈ পৰে কিন্তু সেই ক‘লা আখৰবোৰৰ মাজৰ লুকাই থকা উজ্জ্বল অনাগত দিনবোৰৰ উমান মোৰ আয়ে জানে মোৰ আই বৈধব্যৰ মিছিলৰ সেইটো অংশ সমস্ত সংসাৰ যাৰ বাবে দ্বাৰবিহীন […]
কবিতাঃ তথাপিও মই জাগি উঠোঁ (Still I Rise)/মায়া অ্যাঞ্জেলু
তথাপিও মই জাগি উঠোঁ (Still I Rise) মূল কবি : মায়া অ্যাঞ্জেলু (Maya Angelou) অনুবাদ : প্ৰশান্ত কুমাৰ বৰা Maya সত্যৰ অপলাপ আৰু বিকৃত অপপ্ৰচাৰেৰে আপুনি ইতিহাসৰ গহ্বৰলৈ নিক্ষেপ কৰিব পাৰে মোক পদপিষ্ট কৰি মাটিৰ লগত মিহলাব পাৰে মোৰ শৰীৰ কিন্তু তাৰ মাজৰ পৰাই ধূলিৰ বা-মাৰলি উৰুৱাই মই পুনৰ জাগি উঠিম মোৰ সাহসী আৰু বেপৰোৱা […]
গল্পঃ তাইৰ প্ৰেমিক/ মেক্সিম গৰ্কী
তাইৰ প্ৰেমিক মূল: মেক্সিম গৰ্কী অনুবাদ: কুইন ফুকন মেক্সিম গৰ্কী মোৰ এজন চিনাকী মানুহে এবাৰ মোক এই কাহিনীটো কৈছিল — তেতিয়া মই ছাত্ৰ হিচাপে মস্কোত আছিলোঁ। মই থকা ঠাইখনৰ ওচৰতে এগৰাকী মহিলা আছিল, যাৰ বিষয়ে মই অৱতাৰণা কৰিব খুজিছোঁ। তেওঁ আছিল পোলেণ্ডৰ। নাম টেৰেছা। মানুহগৰাকী দীৰ্ঘদেহী। গাৰ গঠন মজবুত, বৰণ ক‘লা। ডাঠ চেলাউৰিৰে […]
কবিতাঃ হিমা/ সুবোধ চৰকাৰ
হিমা মূল বাংলা : সুবোধ চৰকাৰ ভাষান্তৰ : নীলাভ সৌৰভ এখন দৰিদ্ৰ ভাৰতবৰ্ষৰ নাম হিমা দাস। ভাৰতবর্ষ ডাঙৰ মানুহ তাতোকৈ আৰু ডাঙৰ মানুহ ভাৰতবর্ষ তাতোকৈ আৰু ডাঙৰ ডাঙৰ মানুহ ভাৰতবর্ষ হাউলি পৰিল হিমাৰ ভাতৰ কাঁহীত, কি সেই প্র‘টিন যি খাই অসমৰ পৰা দৌৰি এছিয়া পালেগৈ, আমেৰিকা পালেগৈ ভাতৰ কাঁহীত ভাত নাছিল আছিল শেৱালি, সিজোৱা আলু […]
কবিতাঃ ইৰানীয়ান চলচ্চিত্ৰ পৰিচালক আব্বাছ কিয়াৰ’স্তামিৰ কেইটিমান নিৰ্বাচিত কবিতা
ইৰানীয়ান চলচ্চিত্ৰ পৰিচালক আব্বাছ কিয়াৰ’স্তামিৰ কেইটিমান নিৰ্বাচিত কবিতা: অনুবাদ ঃ ইন্দ্ৰনীল গায়ন abbas kiarostami ( ১) শাৰী শাৰীকৈ ৰঙাবোৰ বৰফত জিলিকি আছে হয়তো এয়া এক দুৰ্ঘটনাৰ খেল আছিল ভৰি দুখন আগলৈ চুচৰি গৈ আছে (২) বতাহজাকে কঢ়িয়াই আনিছে চেৰীফুল ফুলাৰ কথা আকাশখন এতিয়া ক’লা চানেকীয়া (৩) মোৰ শুকান ওঁঠত কিছু মদিৰাৰ টোপাল গোটেই নিশাটো আজি আমি […]
কবিতাঃ লীলাধৰ জগূড়ীৰ তিনিটা কবিতা
লীলাধৰ জগূড়ীৰ তিনিটা কবিতা মূল : লীলাধৰ জগূড়ী (হিন্দী) অসমীয়া ভাঙনি : ৰুবুল দাস প্ৰাৰ্থনা ফলবোৰ! চৰা দামত বিক্ৰী হ‘লেই সাউৎকৰে সৰি পৰিবা দেই চুই দিলেই অথবা চালেই । আহাৰ আইৰ স‘তে যি আহাৰক ৰুইছিলা তুমি আমাৰ পথাৰত বুকুলৈকে বাঢ়ি আহিছে সি অহা দেওবাৰলৈ ফুল ফুলিব দুখৰ মাহ পকিব আমাৰ হাঁহিবোৰ সৰি পৰাৰ আগেয়ে সকলো […]
গল্পঃ ডালিম / কাৱাবাটা য়াচুনাৰি (জাপান)
ডালিম (The Pomegranate) মূল গল্পকাৰ : কাৱাবাটা য়াচুনাৰি (Kawabata Yasunari) অনুবাদঃ অবন্তিকা পৰাশৰ Kawabata Yasunari যোৱা নিশা মাকৰ ঘৰলৈ বুলি ঢাপলি মেলা বৰদৈচিলা জাকে ডালিমজোপা একেবাৰে লঠঙা কৰি থৈ গ’ল । সৰা পাতবোৰ এতিয়া আলই আথনি হৈ গছজোপাৰ গুৰিতে পৰি আছে । পুৱা শোৱাপাটি এৰাৰ পাছতে গছজোপাৰ লঠঙা ৰূপটো দেখি কিমিকো চক খাই উঠাৰ দৰে হ’ল। সৰা পাতবোৰৰ নিজৰ মাজতে থকা মৰম দেখি তাই তবধ মানিলে। এনেহেন বতাহে আলফুলিয়া পাতবোৰ তচ-নছ কৰি পেলাব বুলিয়েই তাই ধৰি লৈছিল । গছজোপাত এতিয়া মুঠেই এটা ডালিমহে বাকি ৰৈছেগৈ। এটা সজীৱ, ৰসাল ডালিম। হ’ব’ পাৰে অকলশৰীয়া, কিন্তু পকি ৰসেৰে চপচপিয়া হৈ আছে । “মা বাহিৰলৈ আহি এবাৰ চাই যা চোন” কিমিকোই মাকক চিঞৰিলে । “এৰাতোন, মই পাহৰিয়েই গৈছিলো “ ক’ব লাগে কাৰণে কিবা এষাৰ কৈ মাক পাকঘৰলৈ উভটি গ’ল । কথাটোৱে কিমিকোক সিহঁতৰ অকলশৰীয়া অৱস্থাটোৰ কথা আকৌ এবাৰ মনত পেলাই দিলে। বাৰাণ্ডাখনৰ এইখিনিৰ পৰা ডালিমটোক কিমান মৰম আকুলৱা অথচ অকলশৰীয়া যেন লাগিছে । দুসপ্তাহ মান আগতে তাইৰ সাত বছৰীয়া ভতিজাকটো ফুৰিবলৈ আহিছিল। অকলশৰীয়া ডাল এটাত ওলমি থকা এই ডালিমটোত পোনেই চকু গ’ল তাৰ (তেতিয়া অৱশ্যে সেইটো পাতৰ আঁৰত মুখ গুজি লুকাই আছিল)। সময় নষ্ট নকৰি সি গছডাল বগাবলৈ ধৰিলে। কিমিকোৰ এনে লাগিল যেন তাই হঠাতে জীৱন্ত হ’বলৈ আৰম্ভ কৰিছে । “সৌৱা, অলপ ওপৰলৈ । তাত ডাঙৰ এটা ডালিম আছে “ তাই বাৰাণ্ডাৰ পৰাই চিঞৰিলে […]
লিওনাৰ্ডো দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন
লিওনাৰ্ডো দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন ৰচনা কালঃ ১৪৮০ ভাষান্তৰঃ চন্দনা কাশ্যপ মোৰ পৰম লব্ধপ্ৰতিষ্ঠ মহামহিম যিসকল ব্যক্তিয়ে নিজকে পণ্ডিত আৰু যুদ্ধৰ সা-সঁজুলিৰ নিপুণ কাৰিকৰ বুলি ভাৱে, তেওঁলোক সকলোৰে সাফল্যক এতিয়া যথাৰ্থতাৰে চোৱা আৰু গণ্য কৰাৰ পিছত, আৰু এয়া লক্ষ্য কৰাৰ পিছত যে উক্ত সঁজুলিসমূহৰ আৱিষ্কাৰ আৰু কাৰ্য্যকৰিতা সাধাৰণ প্ৰচলিত সঁজুলিসমূহতকৈ কোনো ফালৰ পৰাই […]