গল্পঃ পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো / গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ
পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো মূল : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ অনুবাদ : গীতাশ্ৰী তামুলী সাগৰেৰে উটি অহা ক’লা আৰু উফন্দি থকা বস্তুটো দেখা প্ৰথম শিশুজাকে ভাবিছিল এয়া শত্ৰুপক্ষৰ জাহাজ৷ সিহঁতে যেতিয়া দেখিলে যে ইয়াত পতাকা বা মাস্তুল নাই, তেতিয়া সিহঁতে ভাবিলে এইটো এটা তিমি৷ কিন্তু উপকূলত আহি লগাৰ পিছত সামুদ্ৰিক তৃণৰ জাঁজীবোৰ, […]
গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ সাক্ষাৎকাৰ
গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ এটা সাক্ষাৎকাৰ অনুবাদঃ অৰ্পিতা বৰদলৈ ১৯২৭ চনত ক’লম্বিয়াৰ আৰাকাটাকা গাঁৱত জন্মলাভ কৰা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে ১৯৬৭ চনত “চিয়েন এনোচ ডি চোলেদাদ” নামৰ উপন্যাসখন প্ৰকাশ কৰি আধুনিক উপন্যাস সাহিত্যৰ এগৰাকী দক্ষ ব্যক্তি ৰূপে পৰিগণিত হয় (ইংৰাজীত এই উপন্যাসখনেই ১৯৭০ চনত “ওৱান হানড্ৰেড ইয়াৰ্চ অৱ চ’লিটিউড” নামেৰে প্ৰকাশিত হৈছিল)৷ তেখেতৰ খ্যাতিত ১৯৮৭ চনত সাহিত্যৰ […]
কবিতাঃ জুই আৰু বৰফ / ৰবাৰ্ট ফ্ৰষ্ট
জুই আৰু বৰফ (Fire and Ice) মূলঃ ৰবাৰ্ট ফ্ৰষ্ট অসমীয়া ভাঙনিঃ বাৎসায়ন কোনোবাই কয় এই পৃথিৱী শেষ হ’ব জুইতকোনোবাই কয় বৰফত৷য’ত মই লোভত লালায়িত হ’লোসাৱতিলো জুইৰ পৃষ্ঠপোষকক৷কিন্তু যদিও দুয়োটাই ঘাটক,মই চিনি পালো সিমানখিনি বিতৃষ্ণাকযি কয় বৰফৰ ধবংসই পৰ্যাপ্ত আৰু মহৎ৷
পৃথিৱীখন কেনেকৈ সৃষ্টি হ’ল – অৰুণাচল প্ৰদেশৰ চাৰিটা জনগোষ্ঠীৰ লোক-কাহিনী
সৃষ্টিৰ পাতনিৰ লগত জড়িত অৰুণাচল প্ৰদেশৰ চাৰিটা প্ৰধান জনগোষ্ঠীয় লোক-কাহিনীঃ অনুবাদ ঃ ময়ূৰী শৰ্মা বৰুৱা (ক) আপাটানি – ৰেৰু সোৱণশিৰী আদিতে কুজুম-চ্ছাণ্টু মানে পৃথিৱীখন মূৰ, হাত-ভৰি আৰু প্ৰকাণ্ড পেটটোৰ সৈতে মানুহৰ দৰে আছিল৷ অতীজৰ মানুহবিলাক তেওঁৰ পেটৰ ওপৰতে বাস কৰিছিল৷ এদিন হ’ল কি কুজুম-চ্ছাণ্টুৰ মনত খেলালে যে যদিহে তেওঁ ঠিয় হয় আৰু খোজ দিবলৈ লয় তেন্তে […]
গল্পঃ ডবাখেলৰ ওস্তাদ / মুন্সী প্ৰেমচন্দ
ডবাখেলৰ ওস্তাদ মূল কাহিনী(হিন্দী) : শতৰঞ্জ কে খিলাড়ী লেখক : মুন্সী প্ৰেমচন্দ অনুবাদ : সুকন্যা শৰ্মা নৱাব *ৱাজেদ আলী শ্বাহৰ সময়ৰ কথা এয়া। ভোগ-বিলাসিতাৰ ৰংত আকন্ঠ ডুবি আছিল সমগ্ৰ লক্ষ্ণৌ চহৰ। সৰু-বৰ, ধনী-দুখীয়া, ৰোগী-নিৰোগী, সকলো মত্ত কেৱল ভোগ-বিলাস-আমোদ-প্ৰমোদ উপভোগ কৰাত। এফালে যদি কোনোবাই নাচ-গানৰ মজলিছ পাতিছে, কোনোৱে আকৌ আফিংৰ ৰাগীত মচগুল হৈছে। জীৱন-যাপনৰ প্ৰত্যেকটো ক্ষেত্ৰতেই […]
কবিতাঃ তোমাৰ মুখ মনত পৰিছে চে’ / মৃন্ময় চক্ৰবৰ্তী
তোমাৰ মুখ মনত পৰিছে চে‘ মূল বাংলা : তোমার মুখ মনে পড়ে, চে’ কবি : মৃন্ময় চক্ৰবৰ্তী অসমীয়া ভাবানুবাদ : বাপুকণ চৌধুৰী লেটিন আমেৰিকাই ক‘লে তোমাৰ মুখ মনত পৰিছে চে‘ এণ্ডিজ পৰ্বতৰ দৰে সুউচ্চ দৃষ্টি পথ আটলান্টিকৰ ঢৌ ৰ দৰে প্ৰাণ প্ৰস্ফুটিত হাঁহিবোৰ তোমাৰ উজ্বল মুখ মণ্ডলত !!!! আমি এচিয়াৰ ক্লান্ত আকাশৰ তলত ক্ৰমশ: ঠেক […]
কবিতাঃ আমাৰ শিশুসকললৈ উপদেশ / নাজিম হিকমত
আমাৰ শিশুসকললৈ উপদেশ (Advice to our Children) মূল কবি : নাজিম হিকমত অসমীয়া ভাঙনি : খগেশ সেন ডেকা nazim hikmet তোমালোক দুষ্ট হোৱা, তাত কোনো ক্ষতি নাই৷ সুউচ্চ দেৱালবোৰ, ওখ ওখ গছবোৰ বগাই যোৱা৷ এক অভিজ্ঞ দলপতিৰ দৰে দুয়োখন হাতক নিৰূপণ কৰিবলৈ দিয়া তোমাৰ চাইকেলৰ গতি৷ আৰু ধৰ্মগুৰুৰ কাৰ্টুন অঁকা কাঠ-কলমডালেৰে, ধ্বংস কৰি পেলোৱা […]
কবিতাঃ হ’ৰ্ছত্ বেইনেকৰ চাৰিটা কবিতা
হ‘ৰ্ছত্ বেইনেকৰ চাৰিটা কবিতা অনুবাদ : অনন্ত ৰাজখোৱা উৎস গ্ৰন্থ : Zeichen und satze/Signs and propositions) অভিযুক্ত (Angeklagt/Accused) গোটেই কেইজনেই আছিল অভিযুক্ত দোষ স্বীকাৰ কৰিলে সিহঁতৰ মাজৰ এজনেহে। বাকী কেইজনে নশ্চাৎ কৰিলে মৌনতাৰ শব্দ […]
কবিতাঃ প্ৰথমতে তেওঁলোকে সুধিছিল/ পেষ্টৰ মাৰ্টিন নিয়েমল্লাৰ
প্ৰথমতে তেওঁলোকে সুধিছিল মূল : FIRST THEY CAME কবি : PASTOR MARTIN NIEMOLLER (Friedrich Gustav Emil Martin Niemöller) অসমীয়া ভাঙনি : কিশোৰ দাস প্ৰথমতে তেওঁলোকে সুধিছিল কমিউনিষ্ট সকলৰ কথা আৰু মই একো কোৱা নাছিলো কিয়নো মই কমিউনিষ্ট নাছিলো তাৰ পিছত তেওঁলোকে সুধিছিল সমাজবাদী সকলৰ কথা আৰু মই একো কোৱা নাছিলো কিয়নো মই সমাজবাদী নাছিলো […]
গল্পঃ অপ্ৰেম পত্ৰ / সুনীল গঙ্গোপাধ্যায়
অপ্ৰেম পত্ৰ মূল : সুনীল গঙ্গোপাধ্যায় অনুবাদ : মুনমুন সৰকাৰ শইকীয়া Sunil Gangopadhyay পাৰ্টি জমি উঠিছে দুপৰীয়াই। সৰু এপাৰ্টমেণ্ট এটাত প্ৰায় ১২-১৪জন মানুহ, পাকঘৰৰ দায়িত্ব লৈছে পুৰুষসকলেই। বিদেশলৈ আহিলেই সকলো পুৰুষেই ৰন্ধা বঢ়া শিকি লয়। মণ্টুৱে ভাল বিৰিয়ানী ৰান্ধে। বন্ধুসকলৰ যিকোনো এঘৰত খোৱা বোৱাৰ আয়োজন হ’লেই মণ্টুক মতা হয়। মণ্টুৰ ইমানেই ৰন্ধা বঢ়াত […]