অসমীয়া অনুবাদত বিদেশী কবিতাঃ প্ৰেম আৰু যৌনতা বিষয়ক পাঁচটা কবিতা
প্ৰেম আৰু যৌনতাৰ পাঁচটা কবিতা অসমীয়া ভাঙনি ঃ কোকিল শইকীয়া মূলঃ Desire কবিঃ Langston Hughes (আমেৰিকা) আমাৰ ইচ্ছা আছিল যেন একেলগে দুটা মৃত্যু দ্ৰুতভাবে মিহলি হৈ পৰা আমাৰ একেটা উশাহৰ মৃত্যু এটি অচিনাকি অদ্ভুদ সুগন্ধিৰ ভাপ আমাৰ মাজৰ তীব্ৰতা এটি নগ্ন ঘৰ Flesh on the stones by Salvador Dali মূলঃ At The Touch Of You কবিঃ Witter Bynner (আমেৰিকা) তোমাৰ স্পৰ্শত যেন তুমি তোমাৰ তীক্ষ্ণ হাতেৰে লক্ষ্যৰ দিশে ধেনুত শৰ জুৰিছা সুখৰ শৰেৰে বিন্ধি পেলাইছা মোৰ শৰীৰ তুমি বসন্ত আৰু মই পাহাৰৰ গৰা মোৰ ওপৰেৰে এটি উজ্জ্বল জলপ্ৰপাত বৈ গৈছে মূলঃ The Atheist কবিঃ Megan Falley আমি প্ৰথমবাৰ […]
গল্পঃ ৰূপা / হুমায়ূন আহমেদ
ৰূপা মূল : হুমায়ুন আহেমদ অনুবাদ : মুনমুন চৰকাৰ শইকীয়া : দাদা, আপুনি এটা ইণ্টাৰেষ্টিং গল্প শুনিবলৈ আগ্ৰহী নে? মই মানুহজনৰ মুখলৈ ভেবা লাগি চালোঁ। অলপ সময়ৰ আগতেহে তেখেতৰ লগত মোৰ পৰিচয় হৈছে, কথা-বতৰাও বিশেষ নাই হোৱা। মই ট্ৰেইনৰ বাবে ৰৈ আছোঁ নেকি জানিব খুজিলে। মই সন্মতি প্ৰকাশ কৰিলোঁ আৰু ভদ্ৰতাৰ খাতিৰত জানিব […]
বিষ্ণু প্ৰসাদ ৰাভাদেৱে অনুবাদ কৰা গীতঃ সৰ্বহাৰাৰ আন্তৰ্জাতিক গান
বিষ্ণু প্ৰসাদ ৰাভাদেৱে অনুবাদ কৰা এটা গীতঃ সৰ্বহাৰাৰ আন্তৰ্জাতিক গান মূলঃ The International, Eugene Pottier (1871) অনুবাদঃ বিষ্ণু প্ৰসাদ ৰাভা (উৎসঃ বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী প্ৰথম খণ্ড, পৃঃ ১৪৪) ওঠ্ জাগি ওঠ্ উপবাসী অন্ন-ভূমি হীন দ, বুকু পেট জ্বলা চিৰদুখী শেষ যুদ্ধলই হেৰ, ব’ল। শুন হেৰ’ শুন গৰজন আৱাহন, সৃজনৰ নৱ বল। চিঙি দাস […]
কবিতাঃ পাবলো নেৰুডাৰ পাঁচটা কবিতা
মই তোমাক ভাল নেপাওঁ (I don’t love you) অসমীয়া ভাঙনিঃ চাণক্য চিৰাং ভাল নেপাওঁ কিয়নো তুমি এখনি লুণীয়া হৃদয়ৰ ফুলনিৰ গোলাপ, অথবা তুমি ঠিক প্ৰক্ষেপিত শৰৰ জ্বলন্ত সংলাপ ! পিচে ভালপাওঁ তোমাক জানিও নিশ্চিত অন্ধকাৰ থাকে ভালপোৱাৰ সংগোপনে,ঠিক ছায়া আৰু আত্মাৰ নিতান্তই দুয়ো যে ৰখীয়া দোমোজাৰ ! ভালপাওঁ ঠিক যেন তুমি কেতিয়াও নুফুলা কোমল কুঞ্জলতা, তুমিয়েতো […]
ঝুম্পা লাহিৰীৰ সৈতে ফ্ৰেঞ্চকা পেল্লাচৰ এটি সাক্ষাৎকাৰ
“হোৱাট এম আই ট্ৰায়িং টু লীভ বিহাইণ্ড” (সাক্ষাৎকাৰ গ্ৰহণকাৰী – ফ্ৰেঞ্চকা পেল্লাচ, ৩১আগষ্ট, ২০১৭) অসমীয়া অনুবাদ- কিন্নৰী ডেকা। ঝুম্পা লাহিৰী (জীৱন এটি অনাকাংক্ষিত ক্ষণৰ ভঁড়াল! ই অপ্ৰত্যাশিত মুহূৰ্ত আৰু চমৎকাৰৰ এটা জোলোঙা। আজিলৈকে দেখা ৰোমাঞ্চকৰ সপোনবোৰতো নিজকে ঝুম্পা লাহিৰীৰ পাকঘৰত তেওঁক ইটালিয়ান মকা মেচিন এটাৰ পৰা মোৰ বাবে কফি তৈয়াৰ কৰা চাই থকা অৱস্থাত মই […]
গল্পঃ আকাশদীপ / জয়শঙ্কৰ প্ৰসাদ
আকাশদীপ মূল (হিন্দী) : জয়শঙ্কৰ প্ৰসাদ অনুবাদ : ড॰ মঞ্জুমণি শইকীয়া “বন্দী” “কি? শুবলৈ দিয়া৷ ” “মুক্ত হ’ব বিচৰা নেকি? ” “এতিয়া নহয়, টোপনি ভাগিলে, মনে মনে থাকা৷” “আকৌ সুবিধা নহ’ব৷ ” “বৰ ঠাণ্ডা, কোনোবাই কম্বল এখন দি ঠাণ্ডাৰ পৰা বচোৱাহেঁতেন৷ ” “ধুমুহা আহিব […]
কবিতাঃ গজালি (আক্লিম) / অন টেৰণ (কাৰ্বি)
গজালি (আক্লিম) মূল- অন টেৰণ অসমীয়া ভাঙনি – জৰসিং ইংতি পাহাৰীয়া নিজৰাৰ ছিটিকনি পৰিলে স্বচ্ছতাহৈ সাৰ পাই উঠিম এন্ধাৰৰ দেওলগা চৰাই পৃথিৱী স্নিগ্ধ জোনৰ পোহৰ আনি দিলে ন বাট বুলিব পাৰিম ! মোৰ গা- গছ, কোমল কুঁহিপাত তোমালোকৰ ফুলেৰে জ্যোতিষ্কাৰৰ ফুলনিত বাঢ়ি বৈ যাব দিয়াত,তোমালোকৰ শিপাইয়ে মোকো মেৰাই ধৰিলে ৷ তোমালোকৰে সোনালী উশাহবোৰ […]
গল্পঃ আৰু যুদ্ধ নালাগে / কর্তাৰ সিং দুগ্গল (পঞ্জাৱী)
আৰু যুদ্ধ নালাগে মূল : কর্তাৰ সিং দুগ্গল (পঞ্জাৱী) অনুবাদ : স্বাতী কিৰণ, সহকাৰী প্রাধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় । গড় অৰবাবত ভীষণ হুলস্থুল। ছাহজাদ খান যুদ্ধৰ পৰা ঘূৰি আহিছে। হাবিলদাৰ হিচাপে সেনাবাহিনীত যোগ দি ঘূৰি আহিছে অফিচাৰ হিচাপে। কঁকালত পিষ্টল, কান্ধত বন্দুক। বুকুত পদবীৰ চিহ্নসূচক ছডলীয়া ফিটা। লগত দুটা অর্ডালী। গাঁৱৰ সীমাৰ বাহিৰৰ আঁহত গছ এজোপাৰ […]
কবিতাঃ মেৰী অ’লিভাৰৰ ছটা কবিতা
অসমীয়া ভাঙনি : যশোৱন্ত নিপুণ mary oliver প্ৰতি ৰাতিপুৱা মই খবৰকাকতবোৰ পঢ়োঁ , মই কাকতকেইখন খুলি লওঁ আৰু ৰ’দৰ পোহৰত পৰ্যবেক্ষণ কৰোঁ ৷ কেনেকৈ ৰঙা গোলাবোৰ , ছবিবোৰৰ , তৰাৰ দৰে চহৰকেইখনলৈ ধেনু-ভিৰীয়া পথেৰে নামি আহে , কেনেকৈ মৃত্যুৱে সকলোবোৰ ধোঁৱা-বৰণীয়া ধ্বংসাৱশেষত সামৰি লয় কেমেৰাবোৰ অহাৰ আগতেই ৷ মোৰ বুকুৰ কোন এন্ধাৰ অংশ কঁপি উঠে: […]
গল্পঃ প্লেগ / শৰদিন্দু বন্দোপাধ্যায়
প্লেগ মূল (বাংলা) : শৰদিন্দু বন্দোপাধ্যায় অসমীয়া ভাঙনি : দেৱাশ্ৰী বৰগোহাঁই দহবছৰৰ আগৰ কথা । বম্বেত জাহাজৰপৰা নামিয়ে ঘৰলৈ ‘তাঁৰ’ পঠিয়ালো । একোৱে চোন ভাল লগা নাই, মনটোৱে ছটফটাই আছে । ঘৰৰ ইমান ওচৰ পায়ো তেতিয়াও ঘৰ পাবলৈ বহু দূৰ বাকী । যিমান দিন বিদেশত আছিলো কিবা প্ৰকাৰে মনটোক বুজনি দি বান্ধি […]