গল্পঃ অসাধাৰণ / প্ৰফুল্ল ৰায়

অসাধাৰণ মূল বাংলা: প্ৰফুল্ল ৰায় অসমীয়া অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই দুই মহলাৰ বিশাল বেলকনিৰ প্ৰকাণ্ড চোফাখনত বহি আছে আশালতা। তেওঁৰ কোলাত এখন কিতাপ- ‘উইমেন ইন ব্ৰিটিছ ইণ্ডিয়া’। আশালতাৰ বয়স পঞ্চাছৰ উচৰাউচৰি হ’ব। কিন্তু এতিয়াও তেওঁৰ শৰীৰত বয়সে কোনো ভাঁজ পেলাব পৰা নাই। এই বয়সত এনে সুন্দৰ স্বাস্থ্য কাচিৎহে চকুত পৰে। গাৰ বৰণ উজ্জ্বল শ্যাম ৰঙী। নিমজ […]

কবিতাঃ ৰুটি আৰু সংসদ / ধুমিল

ৰুটি  আৰু সংসদ   মুল(হিন্দী) : ধুমিল অনুবাদ-ড. মঞ্জুমণি শইকীয়া   এজন মানুহে ৰুটি বেলিছে আন এজনে ৰুটি খাইছে তৃতীয় এজন ব্যক্তিও আছে যিজনে ৰুটি বেলাও নাই, ৰুটি খোৱাও নাই ।   কেবলমাত্র ৰুটিৰে খেলিছে মই সুধিছো – ‘‘এই তিনি নম্বৰৰ মানুহজন কোন ?’’ মোৰ  দেশৰ সংসদ মৌন

গল্পঃ দ্য ডায়মণ্ড নেকলেচ/ গ্যী দ্যঁ মোপাছাঁ

“দ্য ডায়মণ্ড নেকলেচ” মূলঃ গ্যী দ্যঁ মোপাছাঁ অনুবাদঃ গীতিকা শইকীয়া তেওঁ এগৰাকী অত্যন্ত সুন্দৰী, মৰমলগা যুৱতী, যাৰ জন্ম বিধাতাৰ কিবা ভুলতহে যেন কেৰাণীৰ ঘৰত হৈছিল। তেওঁৰ বিবাহৰ সময়ত কোনো যৌতুক নিব পৰাকৈ সক্ষম নাছিল, অথবা বিবাহক লৈ তেনে কোনো বিশেষ আশাও নাছিল, নাছিল সমাজৰ কোনো ধনী, খ্যাতি সম্পন্ন বিশিষ্ট ব্যক্তিৰ লগত চা-চিনাকি, নাছিল কাৰোবাৰ লগত প্ৰেম-ভালপোৱাৰ কোনো সম্বন্ধ, বিবাহ কৰাৰো কোনো আশা, তথা বিশেষ কিবা […]

প্ৰৱন্ধঃ এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? / Ed Vishwanathan

এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে? মূল: Ed Vishwanathan অনুবাদ: কিশোৰ দাস   (Ed Vishwanathan ৰ Amazing Secrets of the Bhagavad Gita ৰ একত্ৰিছ তম পাঠ How can a person control his thoughts and mind? ৰ অনুবাদ।)   নাতিল‘ৰা: এজন মানুহে কিদৰে মন আৰু চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে?   ককাদেউতা: এই যে […]

কবিতাঃ পাঠকৰ প্ৰতি / চাৰ্লছ বুক’স্কি

পাঠকৰ প্ৰতি (Dear Reader) মূল ঃ চাৰ্লছ বুক’স্কি [Charles Bukowski (1920-1994)] অসমীয়া ভাঙনি ঃ উদয় বৰুৱা বিজ্ঞাপন আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক কবিতা এটা সৃষ্টিৰ মানসেৰে আজি নিশা ইয়ালৈ অহাৰ পূৰ্বে মই তলৰ মহলাত আছিলো আৰু টেলিভিশ্বনত এখন তথ্যচিত্ৰ আৰম্ভ হৈছিল। ঘোষকজনে কৈছিল – শ্ৰীযুত কেনকেচিয়ে প্ৰথম খন উপন্যাস লিখাৰ পাচত ২৫ […]

কবিতাঃ To His Coy Mistress / এন্ড্ৰু মাৰভেল

To His Coy Mistress   মূল : এন্ড্ৰু মাৰভেল অনুবাদ : অগ্নিভ গগৈ   যদি আমাৰ হাতত পৰ্য্যাপ্ত সময় থাকিলহেঁতেন , তেনেহলে হে ভদ্ৰমহিলা ,তোমাৰ এই লাজুকীয়া স্বভাৱ অপৰাধ নহলহেঁতেন । আমি এঠাইত বহিলোঁহেঁতেন আৰু ভাবিলোহেঁতেন , আমাৰ এই মৰমলগা দীঘলীয়া দিনবোৰ কেনেকৈ কটাম ।   তুমি গঙ্গাৰ পাৰত বহি ৰুবী বিচাৰিলাহেঁতেন আৰু মই হামবাৰ […]

প্ৰৱন্ধঃ তৰোৱাল বনাম আত্মা / মহাত্মা গান্ধী

তৰোৱাল বনাম আত্মা (Sword vs Spirit) মূল : মহাত্মা গান্ধী অনুবাদ : ৰাজীৱ দত্ত এজন বন্ধুয়ে “My Magazine “আলোচনীৰ পৰা তলৰ মনোগ্ৰাহী অংশটো মোলৈ পঠিয়াইছে – “নেপোলিয়নৰ দৰে আজিলৈকে কোনো বিজয়ীয়ে যুদ্ধেৰে অধিক লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফ্ৰান্সৰ সম্রাট, যিজনে এজন ক্ষুদ্ৰ কৰ্চিকান সেনা বিষয়া হিচাপে জীৱন আৰম্ভ কৰিছিল, কম সময়ৰ বাবে হ‘লেও […]

কবিতাঃ জন্ম কিয় দিছিলা / হৰিবংশ ৰায় বচ্চন

জন্ম কিয় দিছিলা মূল ঃ হৰিবংশ ৰায় বচ্চন অসমীয়া ভাঙনি ঃ তনুশ্ৰী দাস   Harivansh Rai Bachchan   জীৱন আৰু সমাজৰ নগ্ন চকুৰে ঢুকি নোপোৱা খৰিয়ালখনক ভয় কৰি মোৰ পুত্ৰই মোক সোধে- “আমাক জন্ম কিয় দিছিলা?”   আৰু মোৰ দেউতাই মোৰ বিনা অনুমতিত মোক কিয় জন্ম দিছিল এই একমাত্ৰ প্ৰশ্নৰ এই একমাত্ৰ উত্তৰৰ বাহিৰে, মোৰ ওচৰত আন একোৱেই উত্তৰ […]

গল্পঃ অযোনি / ভল্গা (তামিল)

অযোনি মূল : ভল্গা অনুবাদ : ননী চহৰীয়া বৰা     আজি মই লিখিবলৈ আৰম্ভ কৰা কাহিনীটোৰ উদ্দেশ্য এই কাহিনীটো কোৱা। মই কাহিনী ভাল পাওঁ। মোৰ আইতাৰ ওচৰত বহি মুকলি আকাশৰ তলত জোনটোলৈ চাই চাই সাধুকথা শুনি টোপনি গৈছিলো। বৰ্ষণমুখৰ ৰাতি কিনকিনিয়া বৰষুণৰ টুপুৰ টাপাৰ শব্দৰ মাজত আইতাৰ ওচৰত বহি কম্বল এখনেৰে গাটো মেৰিয়াই লৈছিলো। […]

এলবাৰ্ট আনষ্টাইনে তেওঁৰ জীয়ৰীলৈ লিখা চিঠি

এলবাৰ্ট আইনষ্টাইনে তেওঁৰ জীয়াৰীলৈ লিখা চিঠি অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই চিঠিখন এলবাৰ্ট আইনষ্টানে তেওঁৰ জীয়ৰী লেইজাৰ্ললৈ লিখিছিল। ১৯৮০ চনত বিভিন্ন সময়ত ভিন ভিন ব্যক্তিলৈ লিখা তেখেতৰ আন কেইবাখনো চিঠিৰ স’তে এই চিঠিখনো প্ৰকাশ কৰা হৈছিল।   (আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক) মই যেতিয়া আপেক্ষিকতাবাদ তত্ত্ব উত্থাপন কৰিছিলো খুব কম সংখ্যক লোকেহে […]