কবিতাঃ বয়স / সুনীল গংগোপাধ্যায়

বয়স  সুনীল গংগোপাধ্যায় অনুবাদঃ মুন মুন সৰকাৰ শইকীয়া মোৰ হেনো বয়স বাঢ়িছে?  গা ধুবলৈ লওতে হাঁহি হাঁহি কেইবাৰ যে কথাষাৰ কলো! এনে অকলশৰীয়া ঠাইখনত ছেও দি দি দুপাক নাচিলেও ক্ষতি নাই নহয় হাঁহিত ক‘ব নোৱাৰা হও, পিছবেলা নীৰাৰ কাষত বহি থাকোতে কলো মোৰ বয়স বাঢ়িছে বুলি শুনিছাই নহয়? ছপা হ‘লনে কথাটো? সঁচাকৈয়ে বুকুৰ নোম, কাণৰ […]

প্ৰৱন্ধঃ হেমিংৱেৰ জীৱনৰ যৱনিকা / Ray Setterfield

হেমিংৱেৰ জীৱনৰ যৱনিকা (Final Hours of Ernest Hemingway) মূলঃ Ray Setterfield অনুবাদঃ ধ্ৰুৱ শইকীয়া আৰ্নেষ্ট হেমিংৱে অ’ল্ড মেন এণ্ড দা চী উপন্যাস-খ্যাত আর্ণেষ্ট হেমিংৱেই ১৯৬১ চনৰ দুই জুলাইত আত্মহত্যা কৰাৰ পিচত একবিংশ শতিকাতো এই নোবেল বটা বিজয়ী সাহিত্যিকজনৰ এনে সিদ্ধান্তৰ ৰহস্য উদঘাটনৰ প্ৰচেষ্টাৰ ওৰ পৰা নাই৷ হেমিংৱেৰ জীৱনৰ অন্তিম সময়ৰ বর্ণণাৰে লিখা এক প্ৰবন্ধত ৰে […]

কবিতাঃ এক বাজি গ’ল / ভ্লাডিমিৰ মায়াক’ভস্কী

এক বাজি গ‘ল  (Past one o’ clock) মূলঃ ভ্লাডিমিৰ মায়াক‘ভস্কী (Vladimir Mayakovsky) ইংৰাজী অনুবাদঃ Vladimir Markov and Merrill Sparks. অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা এক বাজি গ‘ল৷ তুমি নিশ্চয় এতিয়া গভীৰ টোপনিত৷ ৰাতিৰ আকাশত ৰূপালী নিজৰাৰ দৰে হাতীপটি নাচে৷ চৌদিশ নিস্তব্ধপ্ৰায়৷ বিদ্যুতৰ আঘাতৰ দৰে বিজুলী ডাকৰ খবৰেৰে নজগাওঁ এতিয়া তোমাক সুখৰ সপোন ভাঙি আমনি দিবলৈ৷ সিহঁতে কোৱাৰ দৰে […]

কবিতাঃ অমৃতা প্ৰীতম দুটা কবিতা

অমৃতা প্ৰীতমৰ দুটা কবিতা অসমীয়া ভাঙনিঃ গীতিকা শইকীয়া উৎস গ্ৰন্থঃ কাগজ অউৰ কেনভাছ আঁখাঁ ৱাৰীচ শ্বাহ নু ৰচনাকালঃ ১৯৪৭ চন আজি মই তোমাক মাতিছোঁ ৱাৰীচ শ্বাহ, তোমাৰ কবৰৰ ভিতৰৰ পৰা মাত দিয়া। আৰু চোৱা, সেই প্ৰেমৰ কিতাপখনৰ কৰণাময়তাৰে ভৰা শেষৰ পৃষ্ঠাটো পুনৰ চোৱা এসময়ত, পঞ্জাৱৰ এজনী ছোৱালীয়ে কান্দিছিল; তুমি হাঁহাকাৰ কৰি সেই কাহিনী লিখিছিলা। আজি, লাখ লাখ ছোৱালীয়ে […]

গল্প / দৰিদ্ৰ কোন (ব্যংগ ৰচনা) / ৰাজ কিশোৰ

দৰিদ্ৰ কোন (ব্যংগ ৰচনা) মূল(হিন্দী) : ৰাজকিশোৰ অনুবাদ : তাম্ৰপালি ৰাজকোঁৱৰ সুলভ মূল্যৰ দোকানত কনডমৰ পেকেট বিক্ৰী কৰিবৰ বাবে বিতৰণ কৰিব পৰা যাব নে নাযায় এই বিষয়ক প্ৰায় ডেৰশ পৃষ্ঠাৰ এটা ফাইল সন্মুখত লৈ বিষয়াজন হিচাপ নিকাচ কৰাত ব্যস্ত আছিল৷ ফাইলটো ওপৰৰপৰা তললৈ বিভিন্ন জ্যেষ্ঠ বিষয়াই কনডম বিতৰণ সম্পৰ্কত আগবঢ়োৱা দিহা পৰামৰ্শৰে ভৰি আছিল৷ কিছুমানৰ মতে এই […]

ফিডেল কাষ্ট্ৰ’ৰ চিঠি

চিঠি খন ১২ বছৰীয়া ফিডেল কাষ্ট্ৰ’ই সেইসময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংক্লিন ৰুজভেল্টলৈ লিখিছিল। চিঠিৰ ভাষাই কনমাণি কাষ্ট্ৰ’ৰ বৈপ্লৱিক চেতনাৰ আভাস বহন কৰিছে। অনুবাদ : দেৱাশ্ৰী বৰগোহাঁই ছেণ্টিয়াগু দি কিউবা নৱেম্বৰ ৬ ১৯৪০ মিষ্টাৰ ফ্ৰেংকলিন ৰুজভেল্ট, ৰাষ্ট্ৰপতি সংযুক্ত ৰাষ্ট্ৰ মোৰ প্ৰিয় বন্ধু ৰুজভেল্ট মই ভালদৰে ইংৰাজী নাজানো, কিন্তু তোমালৈ লিখাৰ জোখাৰে প্ৰয়োজনীয় খিনি জানো । মই ৰেডিঅ’ শুনি ভাল […]

অনুবাদ, অনুবাদক আৰু কমফৰ্ট জ’ন

অনুবাদ, অনুবাদক আৰু কমফৰ্ট জ’ন Archana’s Let’s Talk শীৰ্ষক ইউটিউব চেনেলটোৱে ‘অনুবাদক’ প্ৰকল্পটোৰ সৈতে ৰজিতা খুৱাই “অনুবাদক, অনুবাদ আৰু কমফৰ্ট জ’ন” শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত কৰিছিল। ৱেবিনাৰখনত অংশগ্ৰহণ কৰিছিল কোকিল শইকীয়া, সমুদ্ৰ কাজল শইকীয়া আৰু নিকু দুৱৰাই। ৱেবিনাৰখনৰ আঁত ধৰিছিল অৰ্চনা বৰঠাকুৰে।ৱেবিনাৰখন চাবলৈ ক্লিক কৰকঃ (আপুনি এ.পি.এছ.চি-ৰ প্ৰস্তুতি চলাই আছে নেকি? যদি হয় ক্লিক কৰক)

সাক্ষাৎকাৰঃ নিকু দুৱৰাৰ সৈতে বিন্টু বিক্ৰম

সাক্ষাৎকাৰঃ নিকু দুৱৰাৰ সৈতে বিন্টু বিক্ৰম প্ৰতিধ্বনি ইউটিউব চেনেলটোৰ হৈ শ্ৰীযুত বিন্টু বিক্ৰমে অনুবাদক, Translators-ৰ প্ৰশাসক নিকু দুৱৰাৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সাক্ষাৎকাৰটোত ‘অনুবাদক’ৰ আঁৰৰ বহুখিনি কথাই গম পাব। ভিডিওটো চাবলৈ ক্লিক কৰক- (আপুনি এ.পি.এচ.ছি-ৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি হয়, ক্লিক কৰক)