গল্পঃ জীৱনৰ পাঁচটা উপহাৰ / মাৰ্ক টোৱেইন

জীৱনৰ পাঁচটা উপহাৰ (FIVE  BOONS OF LIFE) মূল: মাৰ্ক টোৱেইন অনুবাদ: নৱজ্যোতি বড়া প্ৰথম অধ্যায় এদিন ৰাতিপুৱা টোপোলা এটা লগত লৈ এজনী পৰী আহিল আৰু ক’লে, “মই উপহাৰ লৈ আহিছোঁ। এটা বাছি লোৱা আৰু বাকীবোৰ তাতে ৰাখি থৈ দিয়া। পিছে সাৱধান। ভালকৈ ভাবি চিন্তি উপহাৰটো নিৰ্বাচন কৰিবা, কাৰণ তাৰে ভিতৰত এটাহে মাত্ৰ মূল্যৱান।” পাঁচটা উপহাৰ আছিল–যশস্যা, […]

কবিতাঃ মুখামুখি / চেজল মিলোজ

মুখামুখি মূলঃ চেজল মিলোজ অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ আমি বৰফাবৃত পথাৰৰ মাজেৰে গাড়ী এখনত গৈ আছিলোঁ দোকমোকালিত ৷ এখন ৰঙা ডেউকা উৰি আহিছিল এন্ধাৰত ৷ আৰু হঠাতে এটা শহাপহুৱে পথটোৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷ আমাৰ এজনে তেওঁৰ হাতখনেৰে সেইটো দেখুৱাই দিছিল ৷ সেয়া আজি বহু বছৰ আগৰ কথা ৷ আজি সিহঁতৰ কোনোৱেই জীৱিত […]

ভিচৱাভা চিমবৰ্স্কাৰ তিনিটা কবিতা।

মূলঃ ভিচৱাভা চিমবৰ্স্কা (Wislawa Szymborska) মূল কাব্যগ্ৰন্থঃ Nic dza Razy(Nothing Twice) অসমীয়া অসমীয়াঃ অনন্ত ৰাজখোৱা নিৰীক্ষণৰত সন্ত্ৰাসবাদী (Terrorysta, on patrzy) ৰেস্তোৰাঁ খনত ৰাখি থৈ অহা বোমাটো ১৩.২০ ত ফুটিব এতিয়া ১৩.১৬ হৈছেহে যথেষ্ট সময় আছে এতিয়াও কিছুমান মানুহ সোমাবৰ বাবে আন কিছুমান মানুহ ওলাবৰ বাবে সন্ত্ৰাসবাদীটো ইতিমধ্যে ৰাস্তা পাৰ হৈ গৈছে দূৰত্ব‌ই বচাব তাক বিপদৰ পৰা, […]

গল্পঃ এটি ৰজাঘৰীয়া বাৰ্তা / ফ্ৰানজ কাফকা

এটি ৰজাঘৰীয়া বাৰ্তা (An Imperial Message) মূলঃ ফ্রানজ কাফকা ইংৰাজী অনুবাদঃ ইয়ান জনষ্টন অনুবাদঃ ময়ূৰী শৰ্মা বৰুৱা সম্ৰাটে – তেওঁলোকে কোৱামতে – এটা বাৰ্তা পঠিয়াইছে৷ সম্ৰাটে কেৱল তোমালৈ মানে তেখেতৰ অভাগা প্ৰজা তোমালৈ বুলি মৃত্যুশেতেলিৰ পৰাই এটা বাৰ্তা পঠিয়াইছে৷ শেতেলিৰ কাষত আঁঠু কঢ়াই বহুৱাই লৈ সম্ৰাটে কটকীজনৰ কাণত বাৰ্তাটো ফুচফুচাই ক’লে৷ অতি জৰুৰী বুলি ভাবিয়েই […]

ইংলেণ্ডৰ ‘লষ্ট পয়েট’ পাৰ্চী শ্বেলীৰ বিষয়ে ৪৩ টা আশ্চৰ্য্যকৰ সত্যঃ

ইংলেণ্ডৰ ‘লষ্ট পয়েট’ পাৰ্চী শ্বেলীৰ বিষয়ে ৪৩ টা আশ্চৰ্য্যকৰ সত্যঃ- উৎস ঃ ইন্টাৰনেট অনুবাদ ঃ অনুপম বৰুৱা Joseph Severn (1793- 1879) Posthumous Portrait of Shelley Writing Prometheus UnBound (1845), oil on canvas, Keats-Shelley Memorial House, Rome, Italy ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগত সাংস্কৃতিক কল্পনাপ্ৰৱণতাৰ অন্যতম পুৰুধা ব্যক্তি আছিল পাৰ্চী শ্বেলী। পাৰ্চী শ্বেলী আৰু তেওঁৰ পৰিবাৰ মেৰী শ্বেলী( ফ্ৰেংকিষ্টানৰ লেখিকা) […]

গল্পঃ ৰথছাইল্ডৰ বেহেলা / এন্টন ছেকভ

ৰথছাইল্ডৰ বেহেলা (The Fiddle of Rothchild) মূল: এন্টন ছেকভ ভাষান্তৰ : ডাঃ বিপুল কুমাৰ বৰুৱা নগৰীখন সৰু, গাঁৱতকৈয়ো বেয়া ৷ আৰু সেয়াতো সেয়াই অধিবাসীৰ মাজৰ আঙুলিৰ মূৰত গণিব পৰা বুঢ়া-বুঢ়ী ৷ তেওঁলোকো সঁচাকৈ বৰ বিৰক্তিকৰ ভাবে অতি সেৰেঙা হাৰতহে সিফলীয়া হয় ৷ হস্পিতালত আৰু কাৰাগাৰত কফিনৰ চাহিদা নাই বুলিবই পাৰি ৷ মুঠৰ ওপৰত কাৰবাৰ দেউলীয়া […]

গল্পঃ খুলি ৰখা খিৰিকীখন / এইছ এইছ মুনৰো (চাকি)

খুলি ৰখা খিৰিকীখন মূল ইংৰাজী : এইছ এইছ  মুনৰো (চাকি) অনুবাদ : যতীন্দ্ৰ চৌধুৰী “ মোৰ খুড়ী আহি পাবই, মিঃ নাটেল”, পোন্ধৰ বছৰ বস্যসীয়া অতি শান্ত ছোৱালী এজনীয়ে কৈছিল;“ মাজৰ সময়খিনি আপুনি মোৰ সঙ্গ সহিবলৈ চেষ্টা কৰিব লাগিব।” আহিবলগীয়া খুড়ীয়েক  জনীক  বিৰক্ত নকৰাকৈ, এই মূহুৰ্তত উপস্থিত থকা ভতিজী জনীক মন ভাল লগাবলৈ কিবা এটা কবলৈ মিঃ […]

মূল স্পেনিছ আৰু ইংৰাজীৰ পৰা অনূদিত পাবলো নেৰুডাৰ দহটা কবিতা

অসমীয়াত নেৰুডাৰ দহটা কবিতাঅসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই কাৰণ, প্ৰেমে যুদ্ধ কৰিবলগা হয় (And because love battles) প্ৰেমে মাথো শস্যক্ষেত্ৰতেই জুইৰে যুঁজ নকৰে,  পুৰুষবোৰৰ আৰু নাৰীবোৰৰ মুখৰ জুইৰ সতেও কৰিবলগীয়া হয়, মই বাট সলনি কৰি, মোৰ হৃদয় আৰু তোমাৰ সুষমাৰ মাজত বাঢ়ি অহা  ধূসৰ, অচিন পুলিবোৰ উঘালি পেলাম। মোৰ বিৰুদ্ধে কোনো কথা সিহঁতে আৰু কব নোৱাৰিব, মোৰ […]

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট / গেব্রিয়েল গাৰ্চিয়া মার্কেজ

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ ফটোত মাৰ্কেজ আৰু ফিডেলে একেলগে মদ্যপান কৰি আছে কিউবালৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী পর্যটকক এসপ্তাহৰ বাবে সংগ দি ফিডেল কাষ্ট্রোৱে তেওঁৰ বিষয়ে কৈছিলঃ “বাপৰে, মানুহজনে কেনেকৈ ইমান কথা পাতিব পাৰে, তেওঁ দেখোন মোতকৈও বেছি কথা কয়।” ফিডেল কাষ্ট্রোক জানিবলৈ হ’লে এই কথা বুজি […]

কাবায়াচি ইচচাৰ কেইটামান কবিতা

কাবায়াচি ইচচাৰ কেইটামান কবিতা অসমীয়া ভাঙনিঃ আনিছ উজ জামান ১ ছেৰিফুলবোৰ ফুলিছে এই ঠাইখনত ঘাঁহবোৰো ফুলে ২  আজি নিশা তোমালোকো গৈছা  হেমন্তৰ জোন ৩ বুদ্ধৰ নিয়ম পাতৰ নিয়ৰকনাত জিলিকি আছে ৪ চেৰিগছবোৰৰ তলত অচিনাকি কোনোৱেই নাই ৫ উৰি নেযাবা নাইটিঙ্গেল তোমাৰ গানটো দুৰ্বল হলেও  তুমি যে মোৰেই ৬ স্কাইলাৰ্কটোৱে গীত জুৰিছে কৃষকজনে কোৰখনকে গাৰু কৰি […]