গল্পঃ খ্ৰীষ্টমাছৰ সময়ত / এন্টন চেকভ
খ্ৰীষ্টমাছৰ সময়তমূল (ৰুছিয়ান): এণ্টন চেখভইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত কুমাৰ বৰা (১) “কি লিখোঁ?” কৈ কৈ য়েগৰে কলমটো চিঞাহীত ডুবাই ল’লে । ভাছিলিছাই জীয়েকক চাৰিবছৰ ধৰি দেখা নাই । জীয়েক য়েফিম্যা বিয়াৰ পিছত পিটাৰ্ছবুৰ্গলৈ গ’লগৈ, তেওঁলোকলৈ দুখন চিঠি লিখিলে; আৰু তাৰ পিছত সিহঁত যেন তেওঁলোকৰ জীৱনৰ পৰা অদৃশ্য হৈ পৰিল ! তাইৰ আৰু দেখা-দেখিও নাই, […]
কবিতাঃ এজন কবিৰ সাক্ষাৎকাৰ/ নিৰ্মলেন্দু গুণ
এজন কবিৰ সাক্ষাৎকাৰমূল বাংলাঃ নিৰ্মলেন্দু গুণঅনুবাদঃ ড৹ বিৰিঞ্চি কুমাৰ দাস : বাৰু, চমুকৈ কবিতা বুলিলে আপুনি কি বুজে? — মানুহ । : আপোনাৰ কবিতাত ৰাজনীতিৰ ব্যৱহাৰ বৰ বেছি, ধাৰণা হয় আপুনি শিল্পৰ দিশটোক বিশেষ এটা —- ইয়াৰ কাৰণ কি? — মানুহ । : স্বৰ্গ, নৰক; এইবোৰ বিষয়ত আপোনাৰ মনোভাৱ জানিব বিচাৰোঁ । অলপ সহজভাৱে বুজাই ক‘বনে? — বৰ […]
কবিতাঃ এটি সাক্ষাৎ / অমৃতা প্ৰীতম
এটি_সাক্ষাৎ মূল (হিন্দী): অমৃতা প্ৰীতম অনুবাদ: প্ৰাঞ্জল কুমাৰ লাহন মই নিশ্চুপ, শান্তি আৰু স্থিৰেৰে থিয় হৈ আছিলোঁ মাথোঁ কাষেৰে বৈ যােৱা সমুদ্ৰত ধুমুহা আছিল কিন্তু সমুদ্ৰক ঈশ্বৰেহে জানে কি ভাৱ আহিল ধুমুহাৰ এটি পুতলা সাজি মোৰ হাতত তুলি দিলে আৰু হাঁহি কিছু দূৰ গুচি গ‘ল আচৰিত হৈছোঁ কিন্তু তেওঁৰ আশ্বৰ্যখিনি লৈ ল‘লোঁ জানিছিলোঁ এই ধৰণৰ […]
আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃ
আলজেৰিয়ান-ফ্ৰেন্স দাৰ্শনিক জেক ডেৰিডা (Jacques Derrida)ৰ এটি সাক্ষাৎকাৰঃঅনুবাদ ঃ ড০ চন্দনা কাশ্যপ প্ৰশ্ন ১ : “এটা সাক্ষাৎকাৰ ডেৰিডাৰ সৈতে? অৱশেষত আমি চাগৈ তেখেতৰ বিষয়ে কিবা কথা বুজিবলৈ গৈ আছোঁ !” এয়াই আছিল কিছুমান মানুহৰ বক্তব্য যেতিয়া মই ঘোষণা কৰিছিলোঁ যে মই আপোনাৰ সৈতে এই কামটোৰ বাবে প্ৰস্তুতি চলাই আছোঁ। কোৱা হয় যে আপোনাৰ লিখনিসমূহ জটিল, পঠনসাধ্যতাৰ […]
ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধ / হৰিবংশৰায় বচ্চন।
ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ বৃদ্ধমূল – হৰিবংশৰায় বচ্চন।অনুবাদ – গায়ত্ৰী দেৱী বৰঠাকুৰ। “আমি সকলো নুপুংসক বিংশ শতিকাৰ দুৰ্বল ,পৌৰুষত্বহীন সন্তান “ শুনিছো আমাৰ দেশৰ ডেকাচাম হেনো বহুত খঙত আছে ; শুনিছো আমাৰ দেশৰ যি পৰম্পৰা,পৰিস্থিতি সেইবোৰে তেওঁলোকক অসন্তুষ্ট,ৰুষ্ট কৰি তুলিছে, শুনিছো কথাবোৰ এনেকুৱাকৈ কয় হেনো একেষাৰে ক‘বলৈ গ‘লে যিবোৰ একেবাৰেই বেয়া লগা,অনৰ্থক আৰু কামবোৰ এনে […]
আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০ / সমুদ্ৰ কাজল শইকীয়া
আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০: সমুদ্ৰ কাজল শইকীয়া অনুবাদ, তৰ্জমা, ভাঙনি, ভাষান্তৰ- ইংৰাজী translation শব্দৰ বিপৰীতে এই আটাইকেইটা অসমীয়া ৰূপৰ ভিতৰত আজিকালি ‘অনুবাদ’ শব্দটোৰে প্ৰচলন বেছি। অসমীয়া কথ্যৰূপৰ সৈতে ‘ভাঙনি’টো নিভাঁজ সুৰীয়া, এটা ভাষাৰ পৰা আন এটালৈ ভাঙি অনা হয় বুলি বুজিবলৈও সহজ। তৰ্জমাৰ মূল- পাৰস্যৰ তাৰ্জোম ترجمه, আৰবী তৰজমা تَرْجَمَة । ‘ভাষান্তৰ’টোও অত্যন্ত স্পষ্ট : […]
কবিতাঃ এই গ্ৰহৰ পিচত / মার্ক ষ্ট্ৰেণ্ড
এই গ্ৰহৰ পিচত (After Our Planet)মূলঃ মার্ক ষ্ট্ৰেণ্ড (Mark Strand)অনুবাদঃ ধ্ৰুৱ শইকীয়া (ক) মই এনে এক ঠাইৰ পৰা লিখিছো যলৈ তুমি কাহানিও অহা নাই, ইয়াত ৰেল এৰোপ্লেন একে নচলে, পশ্চিমৰ এখন ঠাই, ইয়াৰ প্ৰতিটো ঘৰ সুৰক্ষিত থাকে বৰফৰ ডাঠ চামনিৰে ঢাক খাই জোনবাইৰ নিস্তেজ মুখাবয়বত বতাহৰ আর্তনাদ মানুহ, আৰু তেওঁলোক সাজ পোচাক, বৰ সাধাৰণ, […]
অনুবাদ দিৱস বিশেষঃ আহ্বান
(সকলোকে বিশ্ব অনুবাদ দিৱসৰ শুভেচ্ছা জনাইছোঁ) অসমীয়া সাহিত্যত অনুবাদৰ ক্ষেত্ৰত এটা সাংঘাটিক সীমাবদ্ধতা দেখিবলৈ পোৱা যায়। বহুক্ষেত্ৰত এই সীমাবদ্ধতাই অনুবাদ সাহিত্যক একঘেয় কৰি তুলিছে। তাৰ ফলশ্ৰুতিত অনুবাদ সাহিত্যও Typical হৈ পৰিছে। এই সীমাবদ্ধতা কেৱল ভাষিক সীমাবদ্ধতাই নহয়, বৰং সাংস্কৃতিক সীমাবদ্ধতাও। নতুন অনুবাদকৰ ক্ষেত্ৰত এই কথাবোৰ আৰু চিন্তনীয় হৈ পৰে। নতুন অনুবাদকৰ ক্ষেত্ৰত প্ৰথমতেই কেইটামান […]
গল্পঃ লাইচেঞ্চ / চাদাত হাচান মান্টো
মূলঃ চাদাত হাচান মান্টোঅনুবাদঃ ৰঞ্জনা দত্ত আব্বু কচোৱান আছিল বেছ সুঠাম চেহেৰাৰ। তাৰ ঘোঁৰাটোও আছিল চহৰৰ ভিতৰত সকলোতকৈ সুন্দৰ । গতিকে সি যাকে তাকে টাঙ্গাত নুঠায়। সদায় উঠা ধৰা বন্ধা মানুহ কেইজনৰ পৰাই দিনে দহ পোন্ধৰ টকা উপাৰ্জন হয় ,যিটো তাৰ বাবে যথেষ্ট । অন্য কচোৱান বোৰৰ দৰে আব্বুৰ কোনো নিচা কৰাৰ অভ্যাস নাছিল । বেচ […]
গল্পঃপৰিবৰ্তন / দোলনা বড়ুয়া তৃষা
পৰিবৰ্তন মূল বাংলা: দোলনা বড়ুয়া তৃষা অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই পলাশ আজি শহুৰেকৰ ঘৰলৈ যাবলৈ ওলাইছে । তাক বিদায় জনাবলৈ সকলো আহিছে । মাকে ল’ৰাক শহুৰেকৰ ঘৰলৈ পঠিয়াব লগা হোৱাৰ খঙত অনুস্বৰে কান্দিছে । আপোনালোকে চাগে ভাবিছে ল’ৰা এটা শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ যোৱাতো নো কি ডাঙৰ কথা । নাই । পলাশ শহুৰেকৰ ঘৰলৈ […]