হৰিবংশ ৰায় বচ্চনৰ কবিতাৰ অসমীয়া অনুবাদ
মূল (হিন্দী) : হৰিবংশ ৰায় বচ্চন অসমীয়া ভাবানুবাদ : প্ৰাঞ্জল কুমাৰ লাহন হৰাটো অতি আৱশ্যক হৈ পৰে যেতিয়া যুদ্ধ আপোনজনৰ লগত হয় আৰু জিকাটো অতি জৰুৰী হৈ পৰে যেতিয়া যুদ্ধ নিজৰ সৈতে হয় লক্ষ্য পোৱাটো সৌভাগ্যৰ কথা আমি চেষ্টাও নকৰো সেয়া বেয়া কথা কোনোৱে বৰফক সুধিলে— তুমি ইমান চেঁচা কিয়? বৰফে খুউব সুন্দৰ উত্তৰ দিলে— […]
কবিতাঃ আমিৰ হাছান দেহলভিৰ তিনিটা কবিতাৰ অসমীয়া অনুবাদ
মূল (ফাৰ্চী): আমিৰ হাছান দেহলভি ইংৰাজী অনুবাদ : ডঃ মইদুল ইছলাম বৰা অসমীয়া ভাঙনি : তাবাচ্ছুম ইছলাম বৰা। কত সেই নয়ন কত সেই নয়ন , যি তোমাৰ মুখনি দেখিও নহৈছিল সজল ? কত সেই হিয়াখনি যি তোমাৰ প্ৰেমৰ মায়াজালত নাখাইছিল উজুটি ? কোনো ফুলনীয়ে নোৱাৰিব তোমাৰ ৰূপৰ সমকক্ষ হবলৈ। তোমাৰ দৰে এপাহী ৰূপহী […]
কবিতাঃ গাহৰি / ৰ’আল্ড ডাহ্ল্
গাহৰি মূলঃ ৰ‘আল্ড ডাহ্ল্ অসমীয়া ভাঙনিঃ লুকী পি ডেকা ইংলেণ্ডৰ কোনোবাখিনিত এটা গাহৰি আছিল লোদোৰ পোদোৰ, বৰ বুধিয়ক সকলোৱে জানিছিল তাৰ চোকা মূৰটোৰ কথা এখন নপঢ়া কিতাপ নাছিল তাৰ নাছিল এটা নুবুজা অংক সি জানিছিল উৰাজাহাজ কেনেকৈ উৰে ইঞ্জিনবোৰ কেনেকৈ চলে আদি সঁচাকৈ বহুত কথাই জানিছিল গাহৰিটোৱে পিছে এটা কথাৰ একো পাট্টাই পোৱা নাছিল সি […]
ভগৎ সিঙৰ জীৱনৰ শেষৰখন চিঠিৰ অসমীয়া অনুবাদ
ভগৎ সিঙৰ শেষৰখন চিঠিঅনুবাদঃ জ্যোতিশিখা দত্ত ভগৎ সিঙক ফাঁচী দিয়াৰ আগদিনা অৰ্থাৎ ১৯৩১ চনৰ ২২ মাৰ্চ তাৰিখে ভগৎ সিঙে সতীৰ্থসকললৈ তেওঁৰ শেষ চিঠিখন লিখিছিল । জেলৰ পৰা পলাই যোৱাৰ সুবিধা কেনেবাকৈ কৰি দিব পৰা হ‘লে ভগৎ সিঙক বচাব পৰা গ‘লহেতেন বুলি তেওঁৰ বহু সতীৰ্থই ভাবিছিল । সতীৰ্থসকলৰ এই উদ্বিগ্নতাক প্ৰশংসা কৰি ভগৎ সিঙে তেওঁৰ মৃত্যু, […]
কবিতাঃ মায়া এঞ্জেল’ৰ তিনিটা কবিতা
মূলঃ মায়া এঞ্জেল‘অসমীয়া ভাঙনিঃ লুকী পি ডেকা বন্দী চৰাই মুক্ত চৰাই এটি উৰি ফুৰে বতাহে বতাহে সোঁ-সোঁৱাই নামি যায় তললৈ বতাহৰ সোঁতে সোঁতে হেঙুলীয়া সূৰুযৰ কিৰণত ডেউকা জুবুৰিয়ায় আকাশ সাৱটে আকাশখনক সি নিজৰ বুলি ভাবে পিছে সঁজাৰ চৰায়ে মাথো সঁজাতে ঘূৰ্মুটিয়ায় বিশাল আকাশখন সি সঁজাৰ মাজেৰেই চায় ডেউকা তাৰ বন্ধা বন্ধা দুঠেং ঠোঁটটো […]
পিতৃ জৱাহৰলাল নেহেৰুৱে জীয়ৰী ইন্দিৰালৈ লিখা চিঠিৰ অসমীয়া অনুবাদ
মূলঃ জৱাহৰলাল নেহেৰু অনুবাদ: দেৱাশ্ৰী বৰগোহাঁই মোৰ মৰমৰ ইন্দিৰা, ২৬ অক্টোবৰ ১৯৩০ জন্মদিনত উপহাৰ আৰু শুভেচ্ছা গ্ৰহণ কৰাটো তোমাৰ অভ্যাসত পৰিণত হৈছে। মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায়ে তোমাৰ লগত আছে। কিন্তু নাইনি জেইলৰ পৰা কি উপহাৰ তোমালৈ পঠিয়াও। মোৰ উপহাৰ কোনো সামগ্ৰী নহয়, ই মানসিক তথা আত্মিক খোৰাকহে। যাক কোনো কাৰাগাৰৰ ওখ দেৱালে বাধা […]
কবিতাঃ বিশ্বাস / চেজল মিলোজ
বিশ্বাস মূল: চেজল মিলোজ ভাবানুবাদ: যশোৱন্ত নিপুণ কিবা এটি বিশ্বাস তোমাৰ বুকুত তুমি যেতিয়া চোৱা নিয়ৰৰ টোপাল এটিলৈ নাইবা পানীত উটি অহা গছৰ এখিলা পাতলৈ আৰু তুমি জানা যে সিহঁত তেনেকুৱা কাৰণ সিহঁত তেনেকুৱাই হ’ব লাগিছিল ৷ আনকি যেতিয়া তুমি চকু মুদা আৰু সপোনৰ দেশত ঘূৰি ফুৰা পৃথিৱীখন তেনেকৈয়ে থাকিব যেনেকৈ ই চিৰকাল আছিল […]
কবিতাঃ নিথৰ শীতলতা/ তছলিমা নাছৰিন
নিথৰ শীতলতা মূল: তসলিমা নাসৰিন অসমীয়া ভাঙনি: মুনমুন সৰকাৰ শইকীয়া কোন যে ক‘ত টুপুককৈ সৰি পৰিছে, হাতভৰি লৰফৰ কৰা নাই, চোৱা নাই কাৰোপিনে মাত মতা নাই,শুনা নাই– কাৰ আছুতীয়া ড্ৰয়াৰত আছিল বেংকৰ জমাবহী, পুৰণা প্ৰেমৰ চিঠি , কণ্ঠহাৰ আছিল, আছিল বৰাদ্দ মাটিৰ নক্সা, আৰু খুব সন্তৰ্পণে সজাই থোৱা আছিল নেপথালিনৰ তলত জাপি […]
Translated Assamese Short Story : The Oriel Licker by Sanjib Pol Deka
The Oriel Licker Original (Assamese) : Sanjib Pol Deka Translated by Hemanta Sarmah Tamuly 1 The news tumulted a few months ago. Monoram also heard it then. Hetou reappeares. Burha Luit returned the hetou as it was devoured by the river itself. The hetou is emerged on the North part of the Luit as it […]
কবিতাঃ শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে/ পুষ্যমিত্ৰ উপাধ্যায়
শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে মূলঃ পূষ্যমিত্ৰ উপাধ্যায় অসমীয়া ভাঙনিঃ ড° সমাদৃতা গোস্বামী হাতত জেতুকা নহয়, পাথৰ তুলি লোৱা নিজেই নিজৰ শিৰ বচোঁৱা জুৱা খেলি বহি আছে শকুনি, চবৰে শিৰ বিক্ৰী যাবই শুনা দ্ৰৌপদী অস্ত্ৰ তুলি লোৱা, এতিয়া আৰু তোমাৰ গোঁসাই নাহে বিক্ৰী হৈ যোৱা বাতৰি কাকতৰ ভৰষাত […]