গল্পঃ এটা স্বাধীন অংগ / হাৰুকি মুৰাকামী
হাৰুকি মুৰাকামীৰ গল্পৰ অসমীয়া অনুবাদ ঃ এটা স্বাধীন অংগ মূলঃ হাৰুকি মুৰাকামী (জাপানী)ইংৰাজী অনুবাদঃ ফিলিপ গেব্ৰিয়েলঅসমীয়া অনুবাদঃ উপাসনা কৃষ্ণাত্ৰেয় পৃথিৱীখনত এনে কিছু মানুহ আছে-(কি যে এক নিৰ্বোধিতা!) যিসকলে এটা আচৰিত ধৰণৰ কৃত্ৰিম জীৱন যাপন কৰে৷ মই এনেকুৱা মানুহ বৰ বেছি লগ পোৱা নাই, কিন্তু নিশ্চিত যে এনে মানুহ আছে কিছুসংখ্যক৷ আৰু ডাঃ টোকাই আছিল তেনে […]
কবিতাঃ ৰেষ্টোৰাঁ / হেৰ’ল্ড পিণ্টাৰ
ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ ২০০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰা বৃটিছ সাহিত্যিক হেৰ’ল্ড পিণ্টাৰ ঘাইকৈ নাট্যকাৰ হিচাপেই পৰিচিত যদিও তেওঁ কিছু সংখ্যক কবিতাও লিখিছে। ‘দ্য বাৰ্থডে পাৰ্টী’, ‘দ্য হোমকামিং’, ‘বিট্ৰেয়েল’ আদি নাটকেৰে খ্যাতি অৰ্জন কৰা পিণ্টাৰৰ ‘ৰেষ্টোৰাঁ’ কবিতাটো তেওঁৰ বহুচর্চিত কবিতাসমূহৰ ভিতৰত এটা। ৰেষ্টোৰাঁ মূল – হেৰ’ল্ড পিণ্টাৰ অসমীয়া অনুবাদ — ড° বিৰিঞ্চি […]
কবিতাঃ অক্টোবৰ / লুইজ এলিজাবেথ গ্লুক
সাহিত্যৰ ন‘বেল বিজয়ী লুইজ এলিজাবেথ গ্লুকৰ কবিতা October ৰ প্ৰথমচোৱা অক্টোবৰমূল: Octoberকবি: লুইজ এলিজাবেথ গ্লুকঅনুবাদ: কিশোৰ কুমাৰ দাস ১। আকৌ শীত আহিল নেকি? আকৌ ঠাণ্ডা পৰিল নেকি? ফ্ৰাংকে জানোঁ বৰফত শুই পৰা নাই? সি ভাল পোৱা নাই নে? বসন্তৰ বীজবোৰ ৰোপণ কৰা নাইনে? নিশাটো শেষেই হোৱা নাই নে? গলা বৰফৰ পানীয়ে ঠেক নলাবোৰ […]
গল্পঃ কোকলোঙা / এণ্টন চেকভ
কোকলোঙা মূল: এণ্টন চেকভ অসমীয়া ভাষান্তৰ: ডা° বিপুল কুমাৰ বৰুৱা ডাৰোগা বাবু অচুমেলভে এটা নতুন ওভাৰকোট পিন্ধি বজাৰৰ চাৰিআলিৰ ফালেদি কাষলতিৰ কেঁপেনাত এটা পাৰ্চেলৰ টোপোলা লৈ গৈ আছিল ৷পিচে পিচ এটা ৰঙাচুলীয়া কনিষ্টবলে এচালনী বাজেয়াপ্ত আমলখীও কঢ়িয়াই নিছে ৷ চাৰিওপিনে নিস্তব্ধতা ৷ চাৰিআলিত দেও-মনিচৰ সঁচ নাই ৷ দোকান-পোহাৰবোৰৰ দুৱাৰে আশাহতভাৱে ভোকাতুৰৰ মুখৰ দৰে মুখ মেলি […]
গল্পঃ স্ত্ৰীৰ পত্ৰ / ৰবীন্দ্ৰনাথ ঠাকুৰ
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ৰ অসমীয়া ভাৱানুবাদ ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই শ্ৰীচৰণকমলেষু আমাৰ বিয়া হোৱাৰ আজি পোন্ধৰ বছৰেই হ’ল যদিও আজি পৰ্যন্ত তোমালৈ চিঠি লিখা নাই। চিৰদিন কাষতেই আছো – মুখেৰে বহু কথা শুনিছো বা শুনাইছো। চিঠি লিখাৰ সুৰুঙাই পোৱা নাই। আজি মই তীৰ্থভ্ৰমণৰ অৰ্থে পুৰীত, তুমি তোমাৰ অফিচত। কলকাতাৰ লগত তোমাৰ সম্বন্ধ ঠিক […]
কবিতাঃ বন্দী-শিৱিৰৰ পৰা / শামসুৰ ৰাহমান
বন্দী-শিৱিৰৰ পৰা (বন্দী শিবিৰ থেকে)মূলঃ শামসুৰ ৰাহমানঅসমীয়া অনুবাদঃ খগেশ সেন ডেকা ঈৰ্ষাতুৰ নহওঁ, তথাপি মোৰ তোমালোকলৈ আজি বৰ ঈৰ্ষা হৈছে৷ তোমালোকে সুন্দৰ সুন্দৰ কাপোৰ-কানি পৰিধান কৰা, পাৰ্কৰ বেঞ্চত বহি আলাপত মচগুল হোৱা সেই বাবে কেতিয়াও নহয়৷ ভাল বস্তু খোৱা বোৱা কৰা ফূৰ্তি কৰা সবান্ধৱে, সেই কাৰণেও নহয়৷ বন্ধুসকল তোমালোক যিসকল কবি, স্বাধীন দেশৰ কবি, তেওঁলোকৰ […]
কবিতাঃ দ্বিতীয় আৱিৰ্ভাৱ / উইলিয়াম বাটলাৰ য়িট্ছ
দ্বিতীয় আৱিৰ্ভাৱ মূলঃ উইলিয়াম বাটলাৰ য়িট্ছ অনুবাদঃ যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ ; সকলোবোৰ খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আবৰে, আৰু সৰ্বত্ৰ প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ ; সৰ্বোত্তম সকলৰ কোনো […]
কবিতাঃ ৰঙা গাখীৰ/ বিকি মহেশ্ৰী (হিন্দী)
ৰঙা গাখীৰ মূলঃ বিকি মহেশ্ৰী (হিন্দী) অনুবাদঃ বিতোপন গগৈ আকাশত বোমা এটা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা সেয়া কিহৰ উদযাপন মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আকাশত আকৌ এটা বোমা জলমলাই উঠিল কণমানিটোৱে সুধিলে মা দেউতা কেতিয়া আহিব মাকে তাক বুকুত সাৱটি গাখীৰ খোৱাবলৈ ধৰিলে আৰু এটা বোমা কণমানিটোৱে সুধিলে মা ইমান […]
অসমীয়া অনুবাদত চে’ গুৱেভাৰাৰ চিঠি
ফিডেল কাষ্ট্ৰ’লৈ চে’ৰ বিদায় পত্র অসমীয়া অনুবাদঃ কংকনা তালুকদাৰ ফিডেল, এইখিনি সময়ত মোৰ বহু কথাই মনলৈ আহিছে, যেতিয়া মই মাৰিয়া এন্টনিৰ ঘৰত আপোনাক লগ পাইছিলো। আপুনি মোক প্ৰস্তাৱ দিছিল আৰু মই আপোনাৰ লগত থিয় হৈছিলোঁ। সমস্ত উত্তেজনা জড়িত হৈ আছিল ইয়াৰ প্ৰস্তুতিৰ লগত। এদিনাখন সিহঁত আহিছিল আৰু সুধিছিল মৃত্যুৰ ক্ষেত্রত কাক সুচিত কৰা উচিত, […]
অনূদিত গল্পঃ বিধাতা / বনফুল
বিধাতা মূল: বনফুল অনুবাদ: অপৰাজিতা লহকৰ বাঘৰ উপদ্ৰৱ দিনে দিনে ইমান বাঢ়িছে। ভয়তে আতংকিত হৈ পৰিছে মানুহবোৰ। গৰু, ছাগলী বাদেই শেষত বাঘৰ আক্ৰমণত মানুহো মৰিবলৈ ধৰিলে। সকলোৱে হাতত লাঠী, জোং, যাঠী, বন্দুক আদি লৈ গৈ বাঘটোক মাৰিলে। এটা বাঘ মৰিল থিকেই, কিন্তু আৰু এটা আহিল। উপায়হীন হৈ শেষত মানুহবোৰ বিধাতাৰ ওচৰত নিবেদন কৰিলে- […]