About

TranslatorsAssamৰ সম্পৰ্কে ট্ৰাঞ্চলেটৰছ আছাম অনুবাদ সম্পৰ্কীয় এটা বহুভাষিক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য় উদ্দেশ্য হৈছে অসমৰ তৰুণ অনুবাদক-অনুবাদিকাসকলক অনুবাদৰ ক্ষেত্ৰখনলৈ উৎসাহ প্ৰদান কৰা আৰু অসমৰ পাঠক-পাঠিকাসকলক বিশ্বৰ সমকালীন তথা ধ্ৰুপদী সাহিত্যৰ সোৱাদ প্ৰদান কৰা। ২০২০ চনৰ মে’ মাহত প্ৰতিষ্ঠা হোৱা এই প্ৰকল্পটোক অসমৰ পাঠক-পাঠিকাসকলে অতি কম দিনৰ ভিতৰতে আদৰি লোৱাৰ বাবে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ। অসমীয়া […]

অসমীয়া অনুবাদ কবিতাঃ চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই দিছিল

অসমীয়া অনুবাদ কবিতাঃ চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই দিছিল মূল কবিতা (হিন্দী) – ৱ’ খত কে’ পূৰ্জে উৰা ৰহা থা কবি- গুলজাৰ অসমীয়া ভাঙনি- সৃষ্টি শ্ৰেয়ম চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই দিছিল বতাহৰ দিশ তেওঁ দেখুৱাই দিছিল অন্য কথাও কিছু আহিছিল পোহৰলে‘ নিজৰ লিখাবোৰ (মই) লৈছিলোঁ মচিবলে‘ বতাহৰ দিশ তেওঁ দেখুৱাই দিছিল চিঠিৰ টুকুৰাবোৰ উৰুৱাই দিছিল তেওঁৰেই […]

বিশেষ লেখাঃ নতুন অনুবাদকলৈ একলম

নতুন অনুবাদকলৈ একলম -নিকু দুৱৰা, সম্পাদক, Translators বৰ্তমান সময়চোৱাত বিশ্ব সাহিত্যই ইয়াৰ ধ্ৰুপদী আৰু ৰক্ষণশীল চৰিত্ৰ সলনি কৰি একধৰণৰ গোলকীকৃত ধাৰণাৰ মাজলৈ গতি কৰিছে। ইয়াৰ ফলত বিশ্ব সাহিত্যত অনুবাদৰ প্ৰাসংগিকতা বহুপৰিমাণে বৃদ্ধি পাইছে। আমাৰ নিচেই কাষৰীয়া বাংলা সাহিত্যতে অনুবাদ সাহিত্যৰ গুৰুত্ব দেখিলে চমক খাবলগীয়া। বিশ্ব সাহিত্যৰ বিভিন্ন নতুন-নতুন সৃষ্টিসমূহ বাংলা ভাষাৰ পাঠকসকলে আমাতকৈ বহু আগতেই […]

অসমীয়া অনুবাদ কবিতাঃ আজি ৰাতি সপোনক ধাৰে লৈছোঁ মই গাৰুটোৰ পৰা

অসমীয়া অনুবাদ কবিতাঃ আজি ৰাতি সপোনক ধাৰে লৈছোঁ মই গাৰুটোৰ পৰা মূল ভাষাঃ বড়ো মূল কবিঃ ধীৰ্য্যু জ্যোতি বসুমতাৰী অসমীয়া ভাঙনিঃ নিউটন কোঁৱৰ বসুমতাৰী গোটেই ৰাতি খেলিছো মই হালধীয়া সপোনৰ ঘাটত ভৰি দুখনে নাচিছে পানীত পানীখিনি নাচিছে দুভৰিৰ সৈতে ঢৌবোৰ পাৰলৈ ঢাপলি মেলিছে ঢৌবোৰ মিলিত হৈছে নৈৰ পাৰত বাৰে বাৰে সহি পৰা দুবাহুৰ *ফাস্ৰাই বতাহৰ সৈতে […]

গল্পঃ কণ-চেপেনা

কণ-চেপেনা মূলঃ চাদাত হাসান মান্টো অনুবাদঃ সৃষ্টি শ্রেয়ম তাইৰ নাম আছিল মায়া। চুটি-চাপৰকৈ মহিলা এগৰাকী। গোটেই মুখখন নোমেৰে ভৰা। ভোবোকাৰ। ওপৰ ওঁঠৰ কাষে কাষেতো নোমবোৰ ইমান বেছিকৈ আছিল যে দেখিলে ভাব হৈছিল সেয়া নোম নহয়, আপোনাৰ-মোৰ দৰে মোচ একোছাহে! মূৰটো আছিল ঠিয়কৈ; সেইটোও এসোপা চুলিৰে ভৰা। এই কাৰণেই তাই এটা সময়ত কণ-চেপেনাৰ ওপৰত নিৰ্ভৰশীল হৈ […]

বক্তৃতাঃ গ্ৰেটা থুনবাৰ্গৰ এটি জনপ্ৰিয় বক্তৃতা

গ্ৰেটা থুনবাৰ্গৰ এটি জনপ্ৰিয় বক্তৃতা (আমেৰিকাৰ নিউয়ৰ্ক চহৰত আগষ্ট মাহত আয়োজিত হোৱা ‘ক্লাইমেট একশ্যন চামিট-২০১৯’ত বিখ্যাত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে এক ভাষণ আগবঢ়াইছিল । এয়া সেই জনপ্ৰিয় ভাষণটোৰেই ভাষান্তৰ। ) ভাষান্তৰ – আৰহান ইনামুলউৎস- https://youtu.be/rYxt0BeTrT8 মোৰ বাৰ্তা এইটো যে আমি আপোনালোকক লক্ষ্য কৰি আছোঁ। মুঠতে সকলোবোৰ ভুল হৈছে । মই এতিয়া ইয়াত থকাৰ পৰিবৰ্তে সাগৰৰ সিপাৰে থকা […]

বক্তৃতাঃ জৱহৰলাল নেহেৰুৰ Tryst with destinyৰ মুকলি অনুবাদ

জৱহৰলাল নেহেৰুৰ “Tryst with destiny”ৰ মুকলি অনুবাদ ভাষান্তৰঃ ৰাজশ্ৰী দাস বহু বছৰ আগতে আমি নিয়তিৰ সৈতে প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। এতিয়া সেই প্ৰতিজ্ঞা সম্পন্ন কৰাৰ সময় আহি পৰিছে। সম্পূৰ্ণ ৰূপে নহ‘লেও কিছু পৰিমানে হ‘লেও সফল কৰিম। মাজনিশাৰ সেই ঘটনাৰ সময়ত, যেতিয়া পৃথিৱী শুই থাকিব, তেতিয়া ‘জীৱন আৰু স্বাধীনতা‘ৰ বাবে সমগ্ৰ পৃথিৱীত ভাৰতবৰ্ষ জনাজাত হৈ পৰিব। ইতিহাসত এনেকুৱা […]

অসমীয়া অনুবাদ কবিতাঃ গুই লি ছুইৰ দুটি কবিতা

অসমীয়া অনুবাদ কবিতাঃ গুই লি ছুইৰ দুটি কবিতা  মূলঃ ইংৰাজী  অসমীয়া ভাঙনিঃ ড০ কমল কুমাৰ তাঁতী নেমেছিছ তেওঁৰ ভালপোৱাৰ ধাৰণা আৰু তাইৰ ভালপোৱাৰ ধাৰণা, ৰক্তাক্ত লাঠিবোৰ লৈ দুয়ো দুয়োকে চিকাৰ কৰিবলৈ খেদি ফুৰিছে। খেলটোৰ নাম হৈছে ভাষা। মাতৃৰ কোচত আবদ্ধ হৈ থাকোঁতে যেতিয়া তেওঁলোকক টোপনিয়ে হেঁচা মাৰি ধৰিছিল, তেতিয়াই তেওঁলোক দুয়োৱে এদিনতে সেয়া শিকি পেলাইছিল। […]

বক্তৃতাঃ ‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ বিখ্যাত বক্তৃতাটো

 ‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ বিখ্যাত বক্তৃতাটো অনুবাদ- প্ৰদ্যুম্ন কুমাৰ গগৈ মই দুঃখিত, কিন্তু এজন সম্ৰাট হ‘ব মই নিবিচাৰো। সেয়া মোৰ দায়িত্ব নহয়। মই শাসন অথবা পৰাভূত কৰিব নিবিচাৰো কাকোকে। মই প্ৰয়োজনত কাৰোবাক সহায় কৰিব পালেহে ভাল লাগে। ঈহুদী- অনাঈহুদী- ক‘লা মানুহ, বগা- আমি কেৱল বিচাৰো ইজনে সিজনক সহায় কৰিব, মানুহ এনেকুৱাই স্বাভাৱিকতে। আমি ইজনে সিজনৰ সুখবোৰৰ […]

কবিতাঃ নিজাৰ কাব্বানিৰ তিনিটা কবিতা

অসমীয়া অনুবাদ কবিতাঃ নাইজৰ কেবেনিৰ তিনিটা কবিতা মূল—আৰৱীইংৰাজী— বি ফ্ৰাংইহ,চি ব্ৰাউন অসমীয়া ভাঙনি— অৰূপ কুমাৰ দাস  চাকিতকৈ পোহৰ বেছি জৰুৰী চাকিতকৈ পোহৰ বেছি জৰুৰী, মই লিখা কবিতাবোৰ বহীখনতকৈ, আৰু চুমা এটা এযোৰ ওঁঠতকৈ ৷ তোমালৈ লিখা মোৰ চিঠিবোৰ যিবোৰ আমি দুজনতকৈয়ো মহান আৰু গুৰুত্বপূৰ্ণ ৷ সেইবোৰেই একমাত্ৰ দলিল য‘ত মানুহে আৱিস্কাৰ কৰিব তোমাৰ ৰূপ আৰু মোৰ […]