About

Posted by : translator
May 23, 2025

TranslatorsAssamৰ সম্পৰ্কে

ট্ৰাঞ্চলেটৰছ আছাম অনুবাদ সম্পৰ্কীয় এটা বহুভাষিক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য় উদ্দেশ্য হৈছে অসমৰ তৰুণ অনুবাদক-অনুবাদিকাসকলক অনুবাদৰ ক্ষেত্ৰখনলৈ উৎসাহ প্ৰদান কৰা আৰু অসমৰ পাঠক-পাঠিকাসকলক বিশ্বৰ সমকালীন তথা ধ্ৰুপদী সাহিত্যৰ সোৱাদ প্ৰদান কৰা। ২০২০ চনৰ মে’ মাহত প্ৰতিষ্ঠা হোৱা এই প্ৰকল্পটোক অসমৰ পাঠক-পাঠিকাসকলে অতি কম দিনৰ ভিতৰতে আদৰি লোৱাৰ বাবে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ। অসমীয়া সাহিত্যৰ জগতখনত অনুবাদক দ্বিতীয় শ্ৰেণীৰ সাহিত্য হিচাপেই গণ্য কৰি আহিছে। TranslatorsAssam এই ধাৰণাবোৰৰ বিৰুদ্ধে এটা প্ৰতিবাদ। আমি বিশ্বাস কৰো যে এটা জাতিৰ জাতীয় বৌদ্ধিকতাৰ বিকাশৰ বাবে অনুবাদেই হৈছে আটাইতকৈ ফলপ্ৰসু উপায়। গতিকে আহক আমি সকলোৱে অনুবাদকৰ এই বৰ্ণিল যাত্ৰাৰ অংশীদাৰ হওঁ।

Popular Post

ঐতিহাসিক চিঠি