কবিতাঃ মোৰ নীলা কুকুৰা / এন গ্ৰে

Posted by : translatorsassam
April 30, 2021

অনুবাদত অসমীয়া কবিতা


মোৰ নীলা কুকুৰা

মূল:  এন গ্ৰে
ভাবানুবাদ:  যশোৱন্ত নিপুণ

 


মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন

মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল,

মনে মনে ৰুক্ষ  ঘাঁহবোৰৰ মাজেৰে,

আৰু বৰষুণে ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ, ময়েই নীলা বগলী,

আৰু নীলা ভাটৌ ৷  আমি অনুচ্চ সুৰত

ফৰাছী ভাষাত কথা পাতোঁ ৷  মই তাইক কওঁ

ঘোঁৰা, ষাঁড়, আৰু সিংহ এই সকলোবোৰেই তৰাবোৰত আছিল

আমাৰ জীৱনৰ বেলেগে বেলেগ সময়ত ৷  মই তাইক
কওঁ আনকি

সাগৰেও কৰিব নোৱৰা বহুত কিবাকিবিয়েই আছে,
যেনে ঘূৰি
অহাটো

যেতিয়া সেয়া যোৱাৰ সময় ৷  মই তাইক কওঁ মোৰ
হৃদয় প্ৰলয়ৰ

সাগৰত এখন নাও, এটা কফিন, এখন পাল তৰি দিয়া জাহাজ ৷

মই তাইক কওঁ বৰ্তমান সময় বুলিবলৈ একোৱেই নাই,

কঁহুৱাৰ গোটেই পথাৰখনেই তাইক এহেজাৰ

ভিন্ন উত্তৰ দিব পাৰে ৷ মই তাইক কওঁ এটা কুকুৰ

লাইটহাউচ এটা  ব পাৰে, এটি ঘৰচিৰিকাই সপোন দেখিব
পাৰে

তাৰ গানৰ, টোপনিত কঁপাই তুলিব পাৰে তাৰ কণ্ঠ

মই তাইক কওঁ কেনেকৈ এজনী মায়া ধাত্ৰীয়ে গীত গাই প্ৰত্যেক কেঁচুৱাকে তাৰ

নিজৰ নিশংক গীতটোলৈ লৈ যাব পাৰে ৷  এই নিশা, জোনটোৱে এন্ধাৰবোৰ

ঠেলি পঠিয়ায় ৷ মোৰ চুলি তাল গছবোৰত লাগি ধৰে ৷  মই তাইক কওঁ মই এজোপা গছ

ব পাৰিলোঁহেতেন,  তুমি যদি মোক ইয়াত অলপ
বেছি সময় ধৰি ৰাখিলাহেঁতেন ৷

মই তাইৰ ডিঙিটো স্পৰ্শ কৰোঁ ৷  তাই অস্পষ্ট
শব্দ কৰে
,

কণী আৰু পাখিৰ তাইৰ গান ৷  মই তাইক কওঁ
তুমি

এক উচ্ছল তৰংগ আছিলা, বৰ্ষাৰ বিজুলী চমকনিৰে  ধুমুহাৰ এজন পুৰুষ ৷

Popular Post

ঐতিহাসিক চিঠি