কবিতাঃ মুৰ্জাফৰ গৰ্ফৰৰ কেইটিমান হাইকু

Posted by : translatorsassam
May 1, 2021

 হাইকুৰ অসমীয়া অনুবাদ



হাইকু

 

মূলঃ
মুৰ্জাফৰ গৰ্ফৰ (উৰ্দু)
ভাবানুবাদ:
ইন্দ্ৰনীল গায়ন


 


মৃদু তৰংগৰ মাজেৰে সাঁতুৰি থকা

দীঘল ৰাতিটো

এগছি মাটিৰ চাকি

 

জোনৰ ছাঁয়ে আকাশখন ছানি ধৰিছে

বতাহজাকে নিজলৈ বাট বুলিছে

এটা চৰাইয়ে উচুপি আছে

 

দুখৰ ৰাতিৰ মৌনতা

ঘড়ীটোৱে আন্ধাৰৰ পোচাকযোৰ পিন্ধি

দালি পৰুৱাটোলৈ বাট চাইছে

 

ক’লা মেঘবোৰ  লাহে লাহে আঁতৰিছে

মোৰ বুকুত মৰা জোনৰ ছাঁ

 

 

এজাক বতাহ

এখন আকাশ

আৰু এয়া কি বৰ্ষা ঋতু?

 

নাওখনত

জোনৰ পোহৰ

পোহৰত উৰি থকা পখিলাবোৰ

 

 

যোৱা ৰাতি

তেওঁ পুনৰ আহিছিল

মই তেওঁৰ পৰা আঁতৰি আহিছিলো ৷

 

Popular Post

ঐতিহাসিক চিঠি