কবিতাঃ পহিলা মে’ / নাজিম হিকমত

Posted by : translatorsassam
May 1, 2021

পহিলা মে

মূলঃ নাজিম হিকমত

অনুবাদঃ বিতোপন গগৈ


মই এতিয়া কুৰি বছৰীয়া

লেনিন জীয়াই আছে

ৰেড স্কোৱেৰত উৰি আছে ৰক্ত পতাকা

আৰু হাতত হাত থৈ ঠিয় হৈছেহি

পোন্ধৰ কোটি মানুহ

 

পঁয়ত্ৰিছ বছৰ পাৰ হৈ গ

তথাপিও মই কুৰি বছৰীয়া

লেনিনো জীয়াই আছে

আৰু ৰেড স্কোৱেৰৰ বুকুত

আজি এশ কোটি মানুহ!

Popular Post

ঐতিহাসিক চিঠি