কবিতাঃ শৱ কঢ়িওৱাত লাগিছে গঙ্গা / পাৰুল খক্কড়

Posted by : translatorsassam
May 17, 2021

 

শৱ কঢ়িওৱাত লাগিছে গঙ্গা

 

মূল (গুজৰাটী) :- পাৰুল খক্কড়

হিন্দী অনুবাদ :- ইলিয়াচ শেখ

অসমীয়া অনুবাদ :- ময়ূৰী শৰ্মা বৰুৱা

 

শৱবোৰে কৈ উঠিছে সমস্বৰে,
‘সকলো বঢ়িয়া সকলো বঢ়িয়া’

চাহাব, তোমাৰ ৰামৰাজ্যত শৱ
কঢ়িওৱাত লাগিছে গঙ্গা

শ্মশানত ঠাই নাই, খৰি-কাঠ
সকলো শেষ

ক্লান্ত শ্ৰান্ত আমাৰ কান্ধ,
চকুবোৰো শুকাই কৰকৰীয়া

ঘৰে ঘৰে চলিছে যমদূতৰ খেলা

চলিছে মৃত্যুৰ উদ্দাম নৃত্য

চাহাব, তোমাৰ ৰামৰাজ্যত শৱ
কঢ়িওৱাত লাগিছে গঙ্গা

নিতৌ ইখনৰ পিছত সিখনকৈ জ্বলি
থকা চিতাবোৰে

বিচাৰিছে বিৰতি ক্ষন্তেকৰ
বাবে

নিতৌ উদং হৈ আছে মণিবন্ধ,
উকা হৈ আছে সেওঁতা

ঘৰে ঘৰে হিয়াভঙা কান্দোনৰ
ৰোল

বাহ্, জুইকুৰালৈ চাই বীণ বজোৱাত
মগন ‘বিল্লা-ৰঙ্গা’

চাহাব, তোমাৰ ৰামৰাজ্যত শৱ
কঢ়িওৱাত লাগিছে গঙ্গা

চাহাব, তোমাৰ দেৱাঙ্গভূষণ,
দিব্য তোমাৰ জ্যোতি

বুজি পোৱাহেঁতেন ৰাইজখনে,
তুমি কেৱল শিল, মুকুতা নোহোৱা,

সাহ আছে যদি ওলাই আহি চিঞৰি
কোৱা

‘ৰজা মোৰ উলংগ, ৰজা মোৰ নঙঠা”

চাহাব, তোমাৰ ৰামৰাজ্যত শৱ
কঢ়িওৱাত লাগিছে গঙ্গা

Popular Post

ঐতিহাসিক চিঠি