কবিতাঃ আত্মহত্যা

Posted by : translator
May 20, 2020

আত্মহত্যা

মূলঃ Suicide, F.G. Lorca
অসমীয়া ভাঙনিঃ নিকু দুৱৰা
জ্যামিতিৰ দৰেই আছিল কথাবোৰ
বেলকনিৰে দেখা পোৱা টাৱাৰ পোষ্টটোৱো জানিছিল
কিয় ঘড়ীটো একেথৰে ৰৈ আছে।
F.G. Lorca

এইমাত্ৰ মই হত্যা কৰি আহিছো
মোক এৰি যোৱা ছাঁটোক।
মোৰ হাতত এতিয়াও লাগি আছে তাৰ অস্থিৰ ছাই
আইনাৰ সিপাৰৰ মইটো—
যিটো মইব নোৱাৰিলো কেতিয়াও!
তাৰ ওঁঠত এতিয়াও অযুত শব্দৰ কলকলনি
আৰু এইপাৰৰ মইটোৰ মাথো এটাই শব্দ বাকী আছেগৈ…
বা সৰি পৰা ফুলবোৰক আকৌ জোৰা লগাই পেলাওঁ
আৰু ভাঙি পেলাও আয়নাখন।
…………
এতিয়া ইয়াত কোনো নাই
ভাঙি পৰা আয়নাখন কেৱল টুকুৰা-টুকুৰকৈ জ্বলি আছে।
(সম্পাদকীয় টোকাঃ ফ্ৰেডৰিক গাৰ্ছিয়া লৰকা অসমীয়া পাঠকৰ বাবে নতুন নহয়। নীলমণি ফুকনদেৱে তাহানিতেই লৰকাৰ কবিতা অনুবাদ কৰি অসমীয়া পাঠকক লৰকাৰ সৈতে পৰিচয় কৰাই দিছিল। মূলতঃ আমি গাৰ্ছিয়া লৰকাক তেওঁৰ কবিতাৰ বাংময়তাৰ বাবে জানো। নিকু দুৱৰাৰ এই অনুবাদ কবিতাটো লৰকাৰ বিখ্যাত Suicide শীৰ্ষক কবিতাটোৰ এটা মুকলি অনুবাদ।)

Popular Post

ঐতিহাসিক চিঠি