সুনীল গঙ্গোপাধ্যায়ৰ কবিতাৰ অসমীয়া অনুবাদ

Posted by : translatorsassam
June 26, 2021

 নীৰাৰ অসুখ
মূল কবিতা: নীরার অসুখ
কবি: সুনীল গঙ্গোপাধ্যায়
ভাষান্তৰ: মুনমুন সৰকাৰ
 

নীৰা অসুস্থ হলে গোটেই কলকাতাবাসী দুখত থাকে

বেলি ডুবাৰ পৰত নিয়ন
লাইটবোৰ হঠাৎ জ্বলি উঠাৰ আগমূহুৰ্তত খা-খবৰ লৈ লয়

নীৰাৰ আজি ভাল নে?

গীৰ্জাৰ বয়স্ক ঘড়ী, দোকানৰ ৰঙা নীলা পোহৰ, সিঁহতবোৰে জানে

নীৰাৰ আজি দেহা ভাল!

অফিচ, চিনেমা, পাৰ্কত লাখ লাখ মানুহৰ মুখে মুখে ঘুৰি ফুৰে

নীৰাৰ খবৰ

বকুলৰ তীব্ৰতৰ গোন্ধই
জনাই থৈ যায়
, নীৰাৰ আজি স্ফূৰ্তি

হঠাৎ মৃদু বতাহে যেতিয়া
বেগাই বুলিবলৈ লয়
, পাগলৰ
দৰে ঘণ্টা বজাই বজাই  প্ৰতিধ্বনিৰে কঁপাই তোলে
আকাশ- বতাহ

খেল খেলিবলৈ লয়,

কলকাতাৰ সবেই মৃদু হাঁহি
এটা মাৰি গম লয় যে নীৰা আজি ফুৰিবলৈ গৈছে।

 

আকাশত যেতিয়া ভৰপক ডাৱৰ, ছায়াঘন গোমোঠা মহানগৰত ভীষণ দুঃখ বোধ

হঠাৎ ট্ৰামৰ সৈতে টেক্সীৰ
মুখামুখি সংঘৰ্ষত বিৰক্তিকৰ জানজোঁট চাৰিআলিত

 

ৰেস্তোৰাঁত, বাটে-ঘাটে আন্ধাৰ মুখ , বিৰক্তিৰ মুখা

 

সমগ্ৰ কলকাতা জুৰি ক্ৰোধ
আৰু ধৰ্মঘট
, এনে লাগে যেন অচিৰেই যদি
লণ্ডভণ্ড হ
বলৈ গৈ আছে সব

 

টেলিফোনৰ অফিচ, ডাকঘৰত জুই জ্বলাই

যি যত আছে নিজৰ উশাহকো পাৰিলে ধৰ্মঘটত ৰাখিবলৈ লওঁতেই

 

মই গম পাই যাওঁ, ভয়ত বিতত হৈ দৌৰি যাওঁ নীৰাৰ ওচৰলৈ, তাইক কওঁ,

নীৰা, তোমাৰ মন বেয়া লাগিছে নেকি?

 

মোৰ সোণজনী এবাৰ মোৰ চকুত
চকু থোৱা
, দাপোনত পৰাৰ দৰে মোৰ চকুহালত
চোৱা তোমাৰ ৰূপৰ মাধুৰী

 

অস্ফুট হাঁহি মাৰি কন
কন ল
ৰা ছোৱালীৰ দৰে এবাৰ দিয়াচোন
সাঁথৰৰ উত্তৰ!

 

তেতিয়াই ডাৱৰ আঁতৰে, বৰষুণ নামে, মানুহে চিনেমা আৰু খেল চাবলৈ গুচি যায় স্বস্তিৰে ভৰা একো একোখন
মুখ লৈ

 

ট্ৰাফিকৰ গাঁঠি খোলে, চাইকেলৰ সতে টেম্পো, মটৰৰ সতে ৰিক্সা

মিলিজুলি ঘৰলৈ ওভোতে, নিজৰ নিজৰ বাটে

 

চিগাৰেট এডাল ওঁঠত চেপা
মাৰি ধৰি কোনোবাই কৈ যায়
, জীয়াই
থকাটো ইমানো বেয়া কাৰবাৰো নহয়!

Popular Post

ঐতিহাসিক চিঠি