গ্ৰেটা থুনবাৰ্গৰ এটি জনপ্ৰিয় বক্তৃতা
(আমেৰিকাৰ নিউয়ৰ্ক চহৰত আগষ্ট মাহত আয়োজিত হোৱা ‘ক্লাইমেট একশ্যন চামিট-২০১৯’ত বিখ্যাত পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে এক ভাষণ আগবঢ়াইছিল । এয়া সেই জনপ্ৰিয় ভাষণটোৰেই ভাষান্তৰ। )
ভাষান্তৰ – আৰহান ইনামুল
উৎস- https://youtu.be/rYxt0BeTrT8
উৎস-
মোৰ বাৰ্তা এইটো যে
আমি আপোনালোকক লক্ষ্য কৰি আছোঁ। মুঠতে সকলোবোৰ ভুল হৈছে । মই এতিয়া ইয়াত থকাৰ
পৰিবৰ্তে সাগৰৰ সিপাৰে থকা মোৰ স্কুলত পাঠগ্ৰহণ কৰি থাকিব লাগিছিল। তথাপিও
আপোনালোকে আমাৰ দৰে উঠি অহা চামৰ ওপৰতহে সকলো আশা এৰি দিছে। ক‘ত সাহস পালে আপোনালোকে? আপোনালোকে মোৰ
স্বপ্নবোৰ আৰু মোৰ শৈশৱক হৰণ কৰি নিছে আপোনালোকৰ অৰ্থহীন, ৰিক্ত শব্দৰে, তথাপিও মই সৌভাগ্যৱানসকলৰ ভিতৰত এগৰাকী।
মানৱজাতিয়ে আজি ভূগিছে, মানুহ
মৃত্যুমুখত পৰিছে, সমগ্ৰ পৰিস্থিতিতন্ত্ৰ সংকটৰ সন্মুখীন হৈছে, আমি আহি আহি এক গণ বিলূপ্তপ্ৰায় হোৱাৰ আৰম্ভনিত ভৰি দিছোঁ , তথাপিও আপোনালোকে মাত্ৰ কৈ থাকিব পাৰে, পাতি থাকিব
পাৰে কেৱল টকাৰ কথা আৰু অতিলৌকিক অৰ্থনৈতিক বিকাশৰ সাধুকথা। ক‘ত সাহস পালে আপোনালোকে ?

৩০ বছৰতকৈ অধিক কালজুৰি বিজ্ঞানে স্ফটিকৰ দৰে স্পষ্টকৈ কৈ
আহিছে । আপোনালোকে ক‘ত সাহস পালে অহৰহ চকু মুদা কুলিৰ ভাও ধৰি
থাকিবলৈ আৰু ইয়াত আহি কবলৈ যে আপোনালোকে যথেষ্টখিনি কৰিছে, য‘ত নেকি ক‘তোৱেই কোনোধৰণৰ ৰাজনৈতিকভাৱে বা অন্য ধৰণৰ
সমাধান আমাৰ চকুত পৰা নাই।

আপোনালোকে কয় যে আপোনালোকে আমাৰ কথা শুনে, বুজি পায়, বুজি পায় এই জৰুৰীকালীন অৱস্থা। কিন্তু মই
যিমানেই দুখ বা ক্ষোভৰ আৱেশত নাথাকো কিয়, তথাপিও কওঁ যে
আপোনালোকক বিশ্বাস নকৰোঁ। বিশ্বাস নকৰোঁ যে আপোনালোকে সচাকৈয়ে পৰিস্থিতিটো বুজি
পাইছে ,
মই আপোনালোকক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছোঁ।

অহা দহবছৰত কাৰ্বন নিৰ্গমন ৫০% লৈ হ্ৰাস কৰি তাপমাত্ৰা ১.৫
ডিগ্ৰীৰ তলত ৰাখিবলৈ সক্ষম হ‘ব বুলি যি এটা জনাজাত
ধাৰনা প্ৰচাৰ হৈ আহিছে, মই কওঁ সেয়া মানৱীয় নিয়ন্ত্ৰনৰ বাহিৰত।
৫০% আপোনালোকৰ বাবে গ্ৰহনযোগ্য হ‘ব পাৰে কিন্তু এই
সংখ্যাবোৰে চৰম সীমা বহন নকৰে।

প্ৰায়বোৰ প্ৰতিক্ৰিয়া চক্ৰ (Feedback Loop), অতিৰিক্ত উষ্মতা, যি লুকাই আছে বিষাক্ত বায়ু প্ৰদূষণ বা
জলবায়ু ন্যায় আৰু সমতাৰ বিভিন্ন দিশৰ ওপৰত। তথাপিও তেওঁলোকে আমাৰ প্ৰজন্মৰ ওপৰত
নিৰ্ভৰ কৰি আছে, যি লক্ষ লক্ষ টনৰ কাৰ্বন ডাই অক্সাইড উশাহৰ
লগত শোষণ কৰি আছোঁ। যি কাৰ্বন ডাই অক্সাইড বায়ুলৈ এৰি দিয়া হৈছে আপোনালোকৰ
প্ৰযুক্তিৰ দ্বাৰা যি প্ৰায়েহে অস্তিত্ব বহন কৰে। সেয়ে কওঁ সৰলভাৱেই যে ৫০% ৰ
প্ৰত্যাহ্বান আমাৰ বাবে গ্ৰহনযোগ্য নহয়, ইয়াৰ পৰবৰ্তী
ফলাফলৰ কোনে দ্বায়িত্ব ল‘ব?

আপোনালোকে ক‘ত সাহস পালে
এনে ভাও ধৰিবলৈ যে এই সমস্যা সমাধান কৰিব পৰা যাব মাত্ৰ কিছুমান কাৰিকৰী সমাধানৰ
যোগেদি। আজিৰ তাৰিখত নিৰ্গমনৰ সৈতে কাৰ্বন ডাই অক্সাইডৰ যি বাকী থকা বাজেট সেয়া
চাৰে আঠ বছৰৰ ভিতৰত একেবাৰে শেষ হৈ যাব। অদ্যাপি এনে কোনো আঁচনি বা সমাধানসূত্ৰ
আগবঢ়োৱা হোৱা নাই এই পৰিসংখ্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ , কাৰণ এই সংখ্যাবোৰক লৈ আপোনালোকে অসহজবোধ কৰে আৰু লাজ লগা ধৰনেৰে আপোনালোক
বুজন সক্ষম হোৱা নাই এই সচাঁ কথাবোৰ কবলৈ।

আপোনালোকে আমাক হতাশ কৰিছে, যুৱ প্ৰজন্মই বুজি উঠিছে আপোনালোকৰ প্ৰতাৰণা। আহি থকা প্ৰত্যেকটো ভৱিষ্যতৰ
প্ৰজন্মৰ চকু আপোনালোকৰ ওপৰত , আৰু যদি আকৌ আপোনালোকে
আমাক হতাশ কৰে, তেন্তে মই কৈ থ‘লো যে আমি আপোনালোকক ক্ষমা নকৰোঁ। আমি আপোনালোকক এইদৰে গা এৰা দি থাকিবলৈ এৰি
নিদিওঁ। ইয়াতেই, এতিয়াই আমি ৰেখাডাল টানি দিছোঁ। বিশ্ব জাগি
উঠিছে,
পৰিৱৰ্তন আহি আছে, আপোনালোকে লাগিলে
ভালেই পাওঁক বা বেয়া পাওঁক

– গ্ৰেটা থুনবাৰ্গ, নিউয়ৰ্ক।
অনুবাদকৰ টোকা – শব্দই
প্ৰতি শব্দ অনুবাদ কৰিলে বুজি পোৱাত অসুবিধা হ‘ব পাৰে বুলি কিছুমান অংশত অৰ্থটো একেই ৰাখি ঠায়ে ঠায়ে বাক্য
গাঠনিটো অলপ সালসলনি কৰা হৈছে ।