অসমীয়া অনুবাদ কবিতাঃ গোল-মাল

Posted by : translatorsassam
May 23, 2020

অসমীয়া অনুবাদ কবিতাঃ গোল-মাল



মূল কবিঃ চাৰ্লছ_বুকৱস্কি
অনুবাদঃ অনন্ত ৰাজখোৱা
এই চহৰখন এতিয়ালৈকে দুবাৰকৈ জ্বলি যোৱা
দেখিছো ম‌ই!
প্ৰতিবাৰৰেই উল্লেখযোগ্য ঘটনাটো হৈছে
জ্বলাৰ পশ্চাৎ ৰাজনীতিকসকলৰ প্ৰতিক্ৰিয়া।
সিহঁতে বিফল ব্যৱস্থাটোৰ অন্যায়ৰ ওপৰত
ৰাজপথ কঁপাই ঘোষণা কৰে ইস্তাহাৰ
তৈয়াৰ কৰে দীঘল দাবী চনদ-
নি:স্ব আৰু ভোকাৰ্ত শ্ৰমিক সকলৰ স্বাৰ্থৰ খাতিৰত।
ব্যৱস্থাৰ সামান্য‌তম সাল-সলনিও হোৱা নাছিল
শেষৰবাৰ
,
এইবাৰো তিলমানো পৰিৱৰ্তন নহয়
দৰিদ্ৰসকল দৰিদ্ৰ হৈয়ে থাকিব
সংস্থাপনহীনসকল সংস্থাপনহীন হৈয়ে ৰ
গৃহহীনসকলেও সজাব নোৱাৰিব কোনো ঘৰ
যদি ৰাজনীতিকসকলৰ কথা সোধা,
সিহঁত এই মাটিৰ সাৰ-পানীৰ দয়াত
উজলি থাকিব চিৰকাল।
কবি পৰিচিতিঃ চাৰ্লছ বুকৱস্কি আছিল Poet of Los
Angeles low life.
কবিতাৰ ফৰ্ম আৰু কনটেণ্টৰ ওপৰত
সম্পৰীক্ষণ চলোৱা আমেৰিকাৰ এজন লেখত লবলগীয়া কবি আৰু ঔপন্যাসিক।সেই সময়ৰ সাধাৰণ
আৰু পৰিব্ৰজিত আমেৰিকান সকলৰ বুকুত সোমাবলৈ সক্ষম হোৱা বুকৱস্কিৰ কবিতা আমাৰ দৰে
পাঠকৰ বাবেও সুখপাঠ্য। বিশেষকৈ তেওঁৰ কবিতাবোৰত ফুটি উঠা চহৰীয়া দৰিদ্ৰতা এটা
অধ্যয়ন কৰি চাবলগীয়া অংগ।

মূল কাব্যগ্ৰন্থৰ নামঃ “Poems written
before jumping out of an 8 storey window”

Popular Post

ঐতিহাসিক চিঠি