অলিভিআ গেটউডৰ কবিতা

Posted by : translatorsassam
June 27, 2021

মূল: Jordan convinced me that pads are disgusting

কবি: Olivia Gatwood

ভাষান্তৰ: মুনমুন সৰকাৰ

 

জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে প্যাড
বিৰক্তিৰ

প্যাডে তোমাৰ অন্তৰ্বাসক  দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে।

 


আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত
ফুলাম আৰামীচকীত বহি আছিলোঁ
,

এজনী সাতোঁৰবিদৰ পোছাকত আনজনী  কেবাতৰপেৰে আবৃত কাপোৰসাজত

পানী  তাইৰ বাবে মূল্যৱান সম্পদ আছিল, পানীক তাই হিয়া উজাৰি ভাল পাইছিল আৰু মই টেম্পনক লৈ অত্যন্ত
ভীতিগ্ৰস্ত আছিলোঁ

নাইবা কব পাৰি

সেই অনাবৃত গাঁতটোক লৈ ভীতিগ্ৰস্ত হৈ
আছিলোঁ
,
সেই মাংসপেশীক লৈ মই ভীতিগ্ৰস্ত আছিলোঁ যিয়ে মুঠি মাৰি ধৰা
দি ধৰে আকৌ মন গ
লে ঠেলি দিয়ে

যিয়ে বান্ধি ৰাখে আকৌ বোৱাই দিয়ে।

তাই কৈছিল, ” মই তোমাৰ বাবে কিবা এটা কৰিম।”

আৰু হয়, আমি বহুবাৰ দুয়ো দুয়োকে বিবস্ত্ৰ ৰূপত দেখিছোঁ

একেলগে ধুই পোখালি নিকা কৰিছো নিজৰ শৰীৰ

দুয়ো তুলনা কৰিছোঁ দুয়োৰে স্তনবৃন্ত

বিনিময় কৰিব বিচাৰিছোঁ দুয়োৰে শৰীৰৰ
সৰু ডাঙৰ মাংসপিণ্ড

গতিকে ইয়াত অস্বাভাৱিক একোৱেই নাছিল, সঁচাই

যেতিয়া মই শৌচালয়ৰ আসনত আঠু কাঢ়ি বহিছিলোঁ
আৰু তাই মজিয়াত শুই নীৰিক্ষণ কৰিছিল মোৰ নিম্নাংশ

এনে লাগিছিল যেন এজন কাৰিকৰে পৰ্যবেক্ষণ
কৰিছে এখন গাড়ীৰ তলপেট

হাতত প্লাষ্টিকৰ ছিৰিঞ্জ লৈ তাই মোক বিন্ধিছিল
এপেকেট কপাহেৰে

অচেতন হৈ টাইলচত পৰাৰ আগেয়ে মই ইমানলৈ
হে দেখিছিলো যে
,

জৰ্ডান, এজনী অভিজ্ঞ তেজ বিশাৰদ, ফিৰোজা ৰঙৰ বিকিনি পৰিহিতাই কৈছে, এতিয়া তুমি সাঁতুৰিবলৈ সাজু হৈছা।

Popular Post

ঐতিহাসিক চিঠি