২০০৭ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ড০ এ পি জে আব্দুল কালামে ভাৰতৰ শৈক্ষিক বিকাশ, দৰিদ্ৰতা তথা বিজ্ঞান ভিত্তিক আৰু সামাজিক উন্নয়ন সম্পৰ্কে
প্ৰদান কৰা বিশেষ বক্তৃতাটিঃ
অনুবাদ- স্ৰোতস্বিনী
তামুলী
আশীৰ দশকত মোক শিশু সকলে কৰা প্ৰশ্নসমূহ
আছিল এইধৰণৰ-“আমি কেতিয়ালৈ ভাৰতৰ জয়গান গাবলৈ সক্ষম হ‘ম?” আজিৰ যুৱ সমাজে প্ৰশ্ন
কৰে-“আমি দেশৰ বাবে কি কৰিব পাৰোঁ?” আকৌ,
মই বহুতো ই-মেইল আৰু
চিঠি-পত্ৰ লাভ কৰোঁ য‘ত মোক সুধা হয় -“আমি কি আগবঢ়াব পাৰোঁ ভাৰতৰ বাবে,দেশৰ বাবে ?” প্ৰশ্নসমূহৰ গাঠনিক পৰিবৰ্তন হ‘ল একোটা সূচক
যি প্ৰমাণ কৰে যে ভাৰতে এক ইতিবাচক প্ৰক্ষেপিত পথেৰে বিকশিত হ‘বলৈ আৰম্ভ কৰিছে।
যেতিয়া মই ই-মেইল আৰু চিঠি-পত্ৰসমূহ
পঢ়ো ব্যক্তিগত পৰ্যায়ত তেওঁলোকৰ সৈতে সংপৃক্ত যেন অনুভৱ কৰোঁ আৰু সমুখত স্পষ্ট ভাৱে
দেখা পাওঁ নাগৰিক সকলে সেৱা আগবঢ়াবলৈ উপচি
থকা সুযোগসমূহ। গতিকে “মই দেশক কি দিব পাৰোঁ”- এই সম্পৰ্কে আলোচনা কৰিবলৈ
আগবাঢ়িছো।
ভাৰতৰ ইতিহাস খুচৰিলে দেখা পাম যে ভাৰতে
ভিন্ন সময়ত ভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছে। কিন্তু ভাৰতৰ আৰোহণ গামী অৰ্থনীতি, বৈদেশিক আৰু ঘৰুৱা ক্ষেত্ৰত বিনিয়োগ , আত্মবিশ্বাস, প্ৰবন্ধক, ব্যৱসায়িক, কাৰিকৰী কুশলতাৰ দিশত অৰ্জন কৰা গোলকীয় সফলতা,২৫ মিলিয়নতকৈ অধিক যিসকল ভাৰতীয় মূলৰ লোকে পৃথিৱীৰ বিভিন্ন
অংশত বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ উন্নতিৰ বাবে কাম কৰি আছে, পৃথিৱীৰ বহু উন্নত দেশে বিনিয়োগৰ বাবে প্ৰকাশ কৰা ইচ্ছা- এইসমূহৰ
জৰিয়তে আমাৰ দেশত বিজ্ঞান ভিত্তিক গৱেষণা আৰু উন্নয়নৰ হকে নতুন কেন্দ্ৰ স্থাপন কৰিব
পাৰোঁ। বৰ্তমান সময়ত যুৱ সমাজৰ বহু প্ৰতিনিধিয়ে কৰ্মচাৰী
হোৱাতকৈ নিজাকৈ নতুন যোজনা হাতত ল‘ব বিচাৰে । আমাৰ কাৰিকৰী সক্ষমতা তথা ইয়াৰ মূল্য আৰু সভ্যতাৰ ঐতিহ্যক বিশ্বই
সন্মান কৰে। বহু বিদেশী বিনিয়োগকাৰীয়ে সেয়ে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ
কৰে আৰু তেওঁলোকে তাৰ পৰা যথেষ্ট লাভাৱান্বিত হ‘বলৈ সক্ষম হয়। কিন্তু আৰ্শ্বযকৰ বিষয়টো হ‘ল যে আমাৰ দেশৰ পুঁজিপতিসকলে নিজ দেশৰ পৰিৱৰ্তে বিদেশত বিনিয়োগ কৰিবলৈ আগ্ৰহী।
বৰ্তমান আমাৰ দেশৰ জি ডি পি 729 বিলিয়ন মাৰ্কিন ডলাৰ। জি ডি পি ৰ হাৰ বছৰে ১০ শতাংশকৈ বৃদ্ধি
কৰিবৰ বাবে তাৎক্ষণিকভাৱে কিছু পদক্ষেপ কৰাটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত কৃষক, শ্ৰমিক, ব্যৱসায়ী, বিজ্ঞানী- সমাজৰ প্ৰতিজন লোকৰ উন্নতি অনুঘটক স্বৰূপ। আজিৰ তাৰিখত
মুক্ত আকাশৰ আঁচনি আৰু প্ৰতিযোগিতাৰ পৰিৱেশে আকাশী পথৰ যাত্ৰাক মধ্যবিত্ত পৰিয়ালসমূহৰ
বাবেও সুগম কৰি তুলিছে। কিন্তু মানুহৰ মাজত যোগসুত্ৰ স্থাপন কৰিবলৈ এয়া জানো যথেষ্ট!!তাৰ
বাবে আমি আমাৰ পৰ্যটন আৰু অৰ্থনৈতিক ক্ষেত্ৰখনক সবল কৰি তুলিব লাগিব।
ম‘বাইল ফোনসমূহে মানুহৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছে। ৰপ্তানি বাণিজ্যই ৮০
বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে বিগত ৮ মাহত। মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতৰ
প্ৰদৰ্শন প্ৰশংসনীয়। ২০০৭ চনৰ ১০ জানুৱাৰীত কাৰ্তছট -২ (CARTOSAT -2) ৰ লগতে এছ আৰ ই আৰু দুটা উপগ্ৰহ পৰীক্ষামূলকভাৱে প্ৰক্ষেপ কৰা
হৈছিল। এছ আৰ ই ৰ সফল প্ৰক্ষেপণ আছিল ভাৰতৰ মহাকাশ বিজ্ঞানৰ মাইলৰ খুঁটি।
আজি আমাৰ দেশৰ ৯টা জিও-ষ্টেচনাৰি উপগ্ৰহ
আৰু এটি এডুচেট আছে যি শিক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে। এককথাত আমাৰ দেশত স্পেচ -টেকনলজী, টেলি-কমিউনিকেচন, টেলি-এডুকেশ্বন, টেলি – মেডিচিনৰ ক্ষেত্ৰত
এক নেটৱৰ্ক গঢ় লৈ উঠিছে।
দ্য ওৱান ষ্টপ এডুকেশ্বন পৰ্টেল SAKSHAT ৰ শুভাৰম্ভ কৰা হৈছিল দেশৰ যিকোনো অঞ্চলৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ
ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ বিকাশৰ বাবে।
বাহিৰৰ পৰা বহু ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ
বাবে আহে ভাৰতলৈ। বহিৰ্ৰাষ্ট্ৰৰ বহু শৈক্ষিক অনুষ্ঠানে ভাৰতৰ বিশ্ববিদ্যালয়সমূহক সহযোগিতা
আগবঢ়াব খুজিছে।
বৰ্তমান ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২২শতাংশ
লোক দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলত বাস কৰে। ভাৰত চৰকাৰে সমকালীন গ্ৰাম্য উন্নয়নৰ বাবে
ভাৰত নিৰ্মাণ আঁচনিকে ধৰি বহুতো আঁচনি হাতত লৈছিল। ইয়াৰ উপৰিও প্ৰতিখন ৰাজ্য চৰকাৰে
গ্ৰাম্য অঞ্চল আৰু আন্তঃগাঠনিক উন্নয়নৰ বাবে মিশ্বন ২০২০ ক উপলক্ষ হিচাপে গণ্য কৰি বহু আঁচনি গ্ৰহণ কৰিছিল।
আমি আশা কৰোঁ যে দৰিদ্ৰতাৰ সীমা ৰেখা
০ শতাংশলৈ নিম্নগামী হওক আৰু সাক্ষৰতাৰ হাৰ ১০০ শতাংশলৈ অগ্ৰগামী হওঁক।মানৱ উন্নয়নৰ
পৰিসংখ্যা প্ৰতি ১২৭ জন ব্যক্তিৰ বিপৰীতে নূন্যতম ৫০জন হওঁক।
প্ৰতিজন ভাৰতীয় নাগৰিকৰ একোটা ডিগ্ৰী
অথবা গোলকীয় প্ৰতিযোগিতামূলক গুণগত প্ৰশিক্ষণ থাকক।
বৰ্তমান আমাৰ দেশৰ কোনো অংশতে পানীৰ সংৰক্ষণৰ
সু-সংগঠিত ব্যৱস্থা নাই। কিন্তু এসময়ত ভাৰতে অনুভৱ কৰিব যে শক্তিৰ সংৰক্ষণ হ‘ল শক্তি নিৰ্ভৰশীলতাৰ
মূল।নদীসমূহৰ আন্তঃসংযোগীকৰণ, প্ৰযুক্তিগত পানী সংগ্ৰহ
ব্যৱস্থা,পানীৰ পুনঃচক্ৰীয়কৰণ আদি ব্যৱস্থাৰ ফলস্বৰূপে উদ্যোগ, জল পৰিবহন, খোৱা পানী বিতৰণ আৰু
প্ৰাকৃতিক সৌন্দৰ্য অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সহায়ক হ‘ব। তদুপৰি নবীকৰণযোগ্য সম্পদ , যেনে- সৌৰশক্তি, বায়ু শক্তি, বায়‘মাছ আদিৰ যিমান পাৰি সদ্ব্যবৱহাৰ কৰা উচিত।
এক প্ৰ‘-এক্টিভ স্বাস্হ্য ব্যৱস্থা তথা ইয়াৰ সম্বন্ধীয় কিছুমান পৰিৱৰ্তনকামী
নতুন আঁচনি গ্ৰহণ কৰা উচিত যাৰ জৰিয়তে ভাৰতৰ চুকে-কোণে থকা প্ৰতিজন নাগৰিকে নূন্যতম
খৰচত যথোপযুক্ত স্বাস্হ্য সেৱা লাভ কৰিবলৈ সক্ষম হয়।
প্ৰতিজন ছাত্ৰই যাতে নিজ ইচ্ছা অনুসৰি
অধ্যয়ন কৰাৰ আৰু উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰে।
মই নিশ্চিত যে আপোনালোকে সকলো দিশতে সমৃদ্ধি
দেখা পাব।এই সকলোবোৰৰ উপৰিও কৌশলগত দিশতো ভাৰতবৰ্ষই বিশ্বশান্তিৰ বাবে সহযোগিতা আগবঢ়াইছে। এই একক সংমিশ্ৰণে শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ দিশত আমাৰ বিকাশ শক্তিশালী
আৰু বহনক্ষম কৰি তুলিব ।
গৃহ নিৰ্মাণ, পৰিৱেশ উন্নয়ন, যুৱ শক্তিৰ ৰাজনীতিত মনোনিবেশ আদি হৈছে ভাৰতৰ বাবে অতি ইতিবাচক সংকেত।
নাবাৰ্ড আৰু আঞ্চলিক বেংক তথা অৰ্থনৈতিক
অনুষ্ঠানসমূহ একত্ৰিত হৈ ক্ষুদ্ৰ বিনিয়োগ কৰিবলৈ আৰম্ভ কৰাত দেশৰ ক্ষুদ্ৰ কৃষকসকল
লাভৱান হৈছে। ক্ষুদ্ৰ বিনিয়োগ, স্বাস্থ্য বীমা, শস্য আৰু পশুধনৰ বীমা, নিম্নতম চিকিৎসা খৰচ আদিয়ে কৃষকসকলক সুৰক্ষিত কৰে।
চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ড- দুয়োটাই
গ্ৰাহকৰ পৰা প্ৰত্যোত্তৰ গ্ৰহণ কৰা উচিত। তেতিয়াহে গ্ৰাহক সকলক হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী
ভাবে সৰ্বাধিক সন্তুষ্টি দিব পৰা যাব। এই ক্ষেত্ৰত পৰ্টেল আৰু ৱেবছাইটসমূহ হৈছে সবাতোকৈ
নিৰ্ভৰযোগ্য মাধ্যম। গতিকে পৰ্টেল আৰু ৱেবছাইটসমূহ সময়ে-সময়ে উন্নত বা আপডেট কৰা
অতিকৈ প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ মনৰ ইচ্ছা-অনিচ্ছা প্ৰকাশ কৰাৰ লগতে
পৰামৰ্শও প্ৰদান কৰাৰ সুযোগ লাভ কৰিব।
বৰ্তমান বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাই প্ৰতি বছৰে ৩ মিলিয়নকৈ স্নাতক আৰু স্নাতকোত্তৰ
ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি কৰে। এক বিংশ শতিকাত ভাৰতক প্ৰয়োজন বুজন পৰিমাণৰ
প্ৰতিভাবান যুবশক্তিৰ। বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাই দুইধৰণৰ ব্যক্তি সৃষ্টি কৰিছিল-১)
যিসকলে প্ৰশিক্ষণ লাভ কৰি কোনো এক কৰ্মত নিপুণতা লাভ কৰিছে ২) যিসকলে উচ্চ শিক্ষা লাভ
কৰিছে।
আমাৰ শিক্ষা ব্যৱস্থাই প্ৰকৃত জ্ঞান অৰ্জনৰ
প্ৰতি আকৰ্ষিত কৰাতকৈ ছাত্ৰসকলক নম্বৰৰ যুঁজখনত দৌৰিবলৈহে উৎসাহী কৰে। প্ৰকৃতাৰ্থত
যেতিয়া আমাৰ যুৱ সমাজে নিজৰ জ্ঞানসমূহ নিজৰ কুশলতা বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিব পাৰিব
তেতিয়াই আমাৰ দেশ লক্ষ্যগামী হ‘ব। ছাত্ৰ-ছাত্ৰীসকলক
বিদ্যালয় পৰ্যায়ৰ পৰাই নিজস্ব কৰ্ম পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত। অভিভাৱক
সকলেও ঘৰত এই ক্ষেত্ৰত সন্তানক উৎসাহিত কৰিব লাগে।”পৰিকল্পনা এক সম্পদ”-
এনে মনোভাৱ গঢ় দিবলৈ যত্নপৰ হোৱা উচিত।
দেশখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিজন
নাগৰিকে সক্ৰিয় ভূমিকা কৰিব লাগিব। ধৰ্মীয় নেতাসকলে এই ক্ষেত্ৰত আগবাঢ়ি অহা উচিত।
তেওঁলোকে তেওঁলোকৰ অনুগামী সকলৰ সৈতে চাফাই অভিযান জাতীয় আচঁনি হাতত ল‘ব পাৰে।কালিবেইন (Kali Bein) নদীত চলোৱাৰ দৰে নাগৰিকসকল সংগঠিত হৈ চাফাই অভিযান আৰম্ভ কৰিব পাৰে।
কৰ্মচাৰী সকলে তেওঁলোকৰ কাৰ্যালয়সমূহ
পৰিষ্কাৰকৈ ৰখাটো নৈতিক দায়িত্ব হিচাপে পালন কৰা উচিত।
যদিও এইটো পৰ্যায়ত উপনীত হ‘বলৈ যথেষ্ট কঠিন আৰু সময়ৰ প্ৰয়োজন তথাপি এনে এক সময় আহিব
যেতিয়া জিলা সত্ৰ ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ
অধীনত বিচাৰ চলি থকা সকলো গোচৰৰ মীমাংসা কৰা হ‘ব ৩ বছৰৰ ভিতৰত।
এককথাত দেশৰ ন্যায়িক ব্যৱস্থাক খৰতকীয়া
কৰিব লাগিব। আকৌ, আমাৰ দেশৰ গাঁৱসমূহৰ
নিয়ন্ত্ৰণ আৰু উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ এক বিৰাট ভূমিকা আছে। পঞ্চায়ত ব্যৱস্থাৰ
যথোপযুক্ত ব্যৱহাৰে গ্ৰাম্য অঞ্চল সমূহলৈ এক বিৰাট পৰিবৰ্ত্তন কঢ়িয়াই আনিব।
এতিয়া যদি আমাৰ দেশৰ প্ৰতিৰক্ষা বিভাগলৈ
চকু দিওঁ- দিনে-নিশাই বহু সেনাই সীমান্তত পহৰা দি দেশৰ নিৰাপত্তা নিশ্চিত কৰিছে।
মই যেতিয়া চিয়াচেন গ্লেচিয়াৰলৈ গৈছিলো
আৰু সেই সময়ত জলবায়ুৰ তাপমাত্ৰা আছিল -৩৫ ডিগ্ৰী। কিন্তু সেই প্ৰচণ্ড শীতে আমাৰ জোৱানসকলৰ
উদ্যম ৰোধ কৰিব পৰা নাছিল। মই দেখিছোঁ আমাৰ দেশৰ যুঁজাৰু পাইলটসকলে কেনেকৈ সাহসেৰে
যিকোনো বিপদৰ মুখামুখি হয়।
শিশু সকল হৈছে দেশৰ ৰাষ্ট্ৰীয় সম্পদ।
তেওঁলোকৰ প্ৰতি কৰা নিৰ্মম আৰু ই অনৈতিক আচৰণ কোনোপধ্যেই সহ্য কৰা উচিত নহয়।
যুৱ প্ৰজন্মৰ লগত থকা সম্পৰ্কৰ জৰিয়তে
মই এটা কথা বাৰুকৈয়ে দেখিছিলো যে তেওঁলোকে প্ৰকৃতাৰ্থত সাধ্য অনুসৰি দেশৰ উন্নতিৰ
হকে বৰঙনি আগবঢ়াব বিচাৰে।
লক্ষ্যত উপনীত হ‘বৰ বাবে সাহস হৈছে মূল শক্তি।বিগত ২০০৬ চনৰ ৮জুন তাৰিখে মই Su-30-MKI নামৰ বিমানখনৰ চালক হিচাপে আছিলোঁ আৰু মোৰ সৈতে আছিল কেপ্তেইন অজয় ৰাথড়। উৰণৰ
মুঠ সময় আছিল ৪০ মিনিট। আনকি মই ফ্লাইট একচনত ভাগ লৈছিলোঁ।
মই নামি অহাৰ পিছত মোক এজন যুৱকে প্ৰশ্ন
কৰিছিল -” আপুনি ৭৪ বছৰ বয়সত কেনেকৈ বায়ুবেগী উৰাজাহাজ চালক হিচাপে কাম কৰি
আছে?
আপোনাৰ কেতিয়াবা ভয় লগা নাছিল নে বাৰু সেইখিনি সময়ত!”
মই তেতিয়া তেওঁক কৈছিলো যে সেই বিশেষ ৪০ মিনিট সময় মই এনেকৈ ব্যস্ত হৈ পৰো যে ভয়
কৰিবলৈ আহৰিকে নাপাওঁ।
গতিকে মোৰ মৰমৰ যুৱ বন্ধুসকল , মই তোমালোকৰ বাবে সাহসৰ বাৰ্তা আগবঢ়াইছো–
সাহস কৰা পৃথককৈ চিন্তা কৰিবলৈ।
সাহস কৰা নতুনকৈ কিবা এক উদ্ভাৱন কৰিবলৈ।
সাহস কৰা নজনা কথা শিকিবলৈ এখন নতুন ঠাই
ভ্ৰমণ কৰাৰ।
সাহস কৰা জ্ঞানসমূহ বিতৰণ কৰিবলৈ।
সাহস কৰা যন্ত্ৰণাবোৰ নোহোৱা কৰিবলৈ।
সাহস কৰা নোপোৱাবোৰ পাবলৈ।
সাহস কৰা সমস্যাসমূহৰ সৈতে যুঁজ কৰি সফল
হ‘বলৈ।
যুৱ প্ৰজন্মৰ দৰে ময়ো মোৰ আঁচনি অনুসৰি
কৰ্ম কৰি আছোঁ নিৰৱিচ্ছিন্ন ভাৱে আৰু সাহসিকতাৰে সফলতাক স্পৰ্শ কৰাৰ মানসেৰে।
শেষত, মোৰ মৰমৰ জনগণ- আপোনালোকক পুনৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ভগৱানে মংগল কৰক।
জয় হিন্দ