গল্পঃ মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য / আগাথা ক্ৰিষ্টি

Posted by : translatorsassam
May 25, 2020

মিষ্টাৰ ডাভেনহাইমৰ অন্তৰ্ধানৰ ৰহস্য(The Disappearance of Mr Davenheim) 



মূল ইংৰাজী: আগাথা ক্ৰিষ্টি

অসমীয়া অনুবাদ: নৱজ্যোতি বড়া



সেইদিনা পোঁৱাৰো আৰু মোৰ লগত ৰাতিপুৱাৰ চাহকাপ খাবলৈ
আমাৰ পুৰণি বন্ধু স্কটলেণ্ড য়াৰ্ডৰ ঈন্সপেক্টৰ জেপ অহাৰ কথা আছিল
আমি দুয়ো চাহৰ টেবুলতে বহি তেওঁ অহালৈ অপেক্ষা কৰি
আছিলোঁ
আমাৰ লেণ্ডলেডীগৰাকীৰ এটা বদ অভ্যাস আছিল, তেওঁ বাচন বৰ্তনবোৰ পৰিপাটিকৈ সজাই থোৱাৰ পৰিৱৰ্তে
যতে ততে দলিয়াই পেলাই থৈছিল
গতিকে পোৱাৰোয়ে জেপ আহি
পোৱাৰ আগতেই নিজে চাহৰ টেবুলত থকা কাপ প্লেটবোৰ পৰিপাটিকৈ নির্দিষ্ট স্থানত ৰাখিব
ধৰিলে
ধাতুৰ চাহদানীটোত গাৰজোৰে এবাৰ ফুঁৱাই পকেটৰ পৰা
ৰুমাল এখন উলিয়াই চাহদানীটো ওপৰৰ পৰা তললৈ পৰিষ্কাৰ কৰিলে
কেটলিত পানী উতলি আছিল, তাৰ কাষতে এনামেলৰ চচপেন
এটাত গাঢ় মিঠা চকলেটৰ মিশ্ৰণ এটা আছিল
পোৱাৰোয়ে তাৰে অলপমান মুখত দি লে এইবোৰ ইংৰাজ জাতিৰ এটা মাৰাত্মক বিহ!” মুখেৰে সমালোচনা কৰিলেও এই সুস্বাদু খাদ্যবিধযে পোৱাৰোৰ প্রিয় সেইয়া সহজেই অনুমান কৰিব পাৰি

এনেতে দুৱাৰত কোনোবাই টোকৰ মৰাৰ শব্দ আহিল আৰু কিছু মুহুৰ্তৰ পাছতেই বন্ধু জেপ আমাৰ কোঠাত সোমালহি

মই বৰ বেছি দেৰি কৰা নাই বোধহয়আমাক অভিবাদন জনাই জেপে লে, “আচলতে মই মিলাৰৰ লগত এটা বিশেষ আলোচনাত ব্যস্ত আছিলোঁমিলাৰক মিষ্টাৰ ডাভেনহাইম নিৰুদ্দেশ হোৱা ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে

মিষ্টাৰ ডাভেনহাইমৰ নাম শুনাৰ লগে লগে মোৰ কাণদুখন থিয় যোৱা তিনিদিন ধৰি
মিষ্টাৰ ডাভেনহাইম আচৰিত ভাৱে অন্তৰ্ধ্যান হোৱা বাতৰিটোৱে শিৰোনাম দখল কৰিছে।
মিষ্টাৰ ডাভেনহাইম “ডাভেনহাইম এণ্ড ছালমন” নামৰ বিখ্যাত বেংক তথা
বিত্তীয় প্ৰতিষ্ঠানৰ চিনিয়ৰ পাৰ্টনাৰ। 
যোৱা শনিবাৰে তেওঁ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে
এনে এটা চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে জেপৰ পৰা আৰু ভালদৰে
জানিব পাৰিম বুলি জেপৰ কথাবোৰ মনোযোগেৰে শুনিবলৈ ধৰিলোঁ।

মই ভাবিছিলোঁ আজিকালি কাৰো বাবে এনেদৰে অন্তৰ্ধ্যান হৈ যোৱাটো অসম্ভৱ।” –
মই মন্তব্য কৰিলোঁ।
পোৱাৰোয়ে পাওঁৰুটিৰ
প্লেটখন
আৰু মাখন
আগবঢ়াই দি ক
লে- “অন্তৰ্ধ্যান বুলি তুমি
কি বুজাইছা
? কোন প্ৰকাৰৰ অন্তৰ্ধ্যানৰ বিষয়ে
তুমি ক
ব বিচাৰিছা?”
“তাৰ মানে পোৱাৰো, তোমাৰ মতে অন্তৰ্ধ্যানৰ ঘটনাবোৰক বিভিন্ন ভাগ বা প্ৰকাৰে শ্রেণীভুক্ত কৰিব
পাৰি
?”- মই হাঁহি হাঁহি উত্তৰ দিলো।
মোৰ কথা শুনি জেপেও হাঁহিব ধৰিলে। আমি হাঁহিবলৈ ধৰা
দেখি আমাৰ ফালে চকু ঘোপা মাৰি চাই ক
বলৈ
ধৰিলে-
‘মই কোৱা কথাবোৰ তোমালোকে হাঁহিত উৰুৱাই নিদিবা।
তোমালোকৰ বাবে শুনিবলৈ আচহুৱা যেন লাগিলেও অন্তৰ্ধ্যানৰ ঘটনাবোৰক আমি তিনিপ্ৰকাৰে
শ্রেণীভুক্ত কৰিব পাৰো। প্ৰথম প্ৰকাৰৰ ঘটনাবোৰ তেনেই সাধাৰণ
, এনে ঘটনাসমূহত ব্যক্তি গৰাকী স্ব-ইচ্ছাৰে অন্তৰ্ধ্যান
হয়। দ্বিতীয় প্ৰকাৰৰ ঘটনাবোৰ ঘটে স্মৃতিশক্তি লোপ হোৱাৰ কাৰণে
, এনে ঘটনাবোৰ অতি বিৰল। তৃতীয় প্ৰকাৰত পৰে হত্যা। এনে
ঘটনাবোৰত হত্যাকাৰীয়ে ব্যক্তি এজনক হত্যা কৰাৰ পাছত তেওঁৰ মৃতদেহটো নষ্ট কৰি
হত্যাকাণ্ডৰ চিন-চাব নাইকিয়া কৰিবলৈ সক্ষম হয়। গতিকে কোনেও হত্যাকাণ্ডৰ শুংসূত্ৰ
নাপাই মানুহজন অন্তৰ্ধ্যান হ
ল বুলি ধৰি লয়।তুমি এই
তিনিধৰণেই অন্তৰ্ধ্যান হোৱাটো অসম্ভৱ বুলি ক
ব বিচাৰিছা নেকি?
‘মই ভবামতে অসম্ভৱেই। চোৱা তোমাৰ স্মৃতিশক্তি লোপ হব পাৰে, কিন্তু কোনোবাই নহয় কোনোবাই তোমাক চিনি পাব। বিশেষকৈ ডাভেনহাইমৰ দৰে এজন
বিখ্যাত ব্যক্তি এজনক বহুতেই চিনি পাব। দ্বিতীয়তে
, মৃতদেহ এটাক ইচ্ছা কৰিলেই কোনেও সহজতে নাইকিয়া কৰিব নোৱাৰে। আজি নহয় কালিলৈ, কোনো নিৰ্জন ঠাই, ট্ৰাংক যতেই নহওঁক কিয় মৃতদেহটো ওলাবই। হত্যাকাণ্ড এটা যিমানেই সুপৰিকল্পিত
নহওঁক কিয় তাৰ চিন চাব নোহোৱা কৰিব নোৱাৰি। তৃতীয়তে
, বৰ্তমানৰ অনাতাঁৰ টেলিগ্ৰাফৰ দিনত কোনেও আইনৰ চকুত ধূলি দি পলাই ফুৰিব নোৱাৰে।
বিদেশলৈ পলালেও জাহাজ বন্দৰ
, ৰেল ষ্টেচনত তালাচিৰ পৰা
বাচিব নোৱাৰিব। নিজৰ দেশত আত্মগোপন কৰি থাকিলেও বিপদ
, কাৰণ বাতৰি কাকতত তেওঁৰ ছবি শাৰীৰিক বিৱৰণ প্ৰকাশ হৈয়েই থাকিব। গতিকে দৈনিক
বাতৰি কাকত পঢ়া ব্যক্তিয়ে তেওঁক অনায়াসে চিনি পাব।’

মই তোমাৰ কথা অস্বীকাৰ কৰা নাই।পোৱাৰোয়ে কলে, ‘কিন্তু তুমি এটা সাধাৰণ ভুল কৰিছা। তুমি এনে এজন
ব্যক্তিৰ বিষয়ে এবাৰো ভাবি চোৱা নাই যাৰ ওচৰত পলায়ন কৰি নিজকে ৰক্ষা কৰাৰ বাহিৰে
অন্য উপায় নাই। অপাততঃ দৃষ্টিত পলায়ন কৰি অন্তৰ্ধ্যান হোৱাটো অসম্ভৱ যেন লাগিলেও
এজন অতি চতুৰ ব্যক্তিৰ বাবে অসম্ভৱ নহবও পাৰে। তেনে এজন ব্যক্তি বিৰল হ
ব পাৰে, কিন্তু তেওঁ যদি পলাবলৈ পুংখানুপুংখভাৱে পৰিকল্পনা কৰে তেনেহলে পুলিচৰ চকুত ধূলি মাৰি বিভ্ৰান্ত কৰাত তেওঁ সফল নোহোৱাৰ
অৱকাশ মই নেদেখো।

কিন্তু তেনে এজন মানুহে তোমাক বিভ্ৰান্ত কৰিব নোৱাৰে
নহয় জানো পোৱাৰো
?’- জেপে ঠাট্টাৰ সুৰত কলে।

পোৱাৰোয়ে অলপ বিনয়ী সুৰত কলে- ব পাৰে ময়ো কেতিয়াবা বিভ্ৰান্ত হ
পাৰো। অৱশ্যে এটা কথা সঁচা যে মই বহুক্ষেত্ৰত সফলতা লাভ কৰোঁ কাৰণ এনে সমস্যা
সমূহৰ সমাধানৰ ক্ষেত্ৰত মই বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰোঁ। আজিকালিৰ তথাকথিত
ডিটেকটিভ সকলে এই পদ্ধতি সমূহ আওকান কৰে।
তোমাৰ দক্ষতাৰ ওপৰত সন্দেহ নাই।‘- জেপে হাঁহি হাঁহি কলে, ‘কিন্তু এই ঘটনাৰ তদন্তৰ দ্বায়িত্বত
থকা মিলাৰ এজন যথেষ্ট মেধাৱী ল
ৰা।তেওঁ অপৰাধ এটাৰ
তদন্ত চলাওঁতে অপৰাধস্থলী তন্ন তন্নকৈ পৰীক্ষা কৰে যাতে অপৰাধীয়ে এৰি থৈ যোৱা সৰু
সৰু চিনবোৰো যাতে ধৰা পৰে।তেওঁৰ তীক্ষ্ণ দৃষ্টিৰ পৰা খোজৰ চাপ
, চিগাৰেটৰ ছাঁই, পাওঁৰুটিৰ টুকুৰা একোৱেই সাৰি নাযায়।
হা হা বন্ধু, এই বস্তুবোৰ লণ্ডনৰ অলিয়ে গলিয়ে উৰি ফুৰা সাধাৰণ ঘৰচিৰিকা চৰাই এটাৰ চকুতো
পৰে। সেইবুলি সেই চৰাইটোক তুমি ডাভেনহাইমৰ সমস্যা সমাধান কৰিবলৈ মাতি আনিবা নেকি
?’
 তুমি কি বুজাব বিচাৰিছা পোৱাৰো, এই সৰু তথ্যবোৰৰ ৰহস্যৰ অনুসন্ধানত একো গুৰুত্ব নাই
নেকি।
 মই একো গুৰুত্ব নাই বুলি কব বিচৰা নাই। আচলতে এনে তথ্যবোৰক অত্যাধিক গুৰুত্ব প্ৰদান কৰাৰ পক্ষপাতী মই
নহয়। তাকে কৰিলে বিপদ হোৱাটো অনিবাৰ্য।
পোৱাৰো অলপ সময় থমকি ৰল। তাৰপিছত নিজৰ কঁপাললৈ
আঙুলিয়াই আকৌ ক
ব ধৰিলে, ‘আচলতে কি জানাআটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে এই মগজুটো। সকলো সমস্যাৰ সমাধান ইয়াৰ
ভিতৰতে সোমাই আছে
, বাহিৰত একো নাই।
পোৱাৰো, তুমি এই চকীখনৰ পৰা লৰচৰ নকৰাকৈ অকল মগজুৰ জোৰত এই ৰহস্যৰ সমাধান কৰিব পাৰিম
বুলি ক
ব বিচাৰিছা নেকি?’
 হয় জেপ! যদি হৈ যোৱা ঘটনাৰ পুংখানুপুংখ বিৱৰণ মোৰ আগত দাঙি ধৰা, তেনেহলে মই ৰহস্যৰ সমাধান
বিচাৰি উলিয়াব পাৰিম। ধৰি লোৱা তোমালোকৰ এই তদন্তত মই এজন “
Consulting Specialist” হিচাপে কাম কৰিম। তোমালোকে মোক
সমস্যাৰ বিৱৰণ দিবা মই তোমালোকক সমাধান সূত্ৰ বিচাৰি উলিয়াই দিম
 ঠিক আছে।ইন্সপেক্টৰ জেপ উত্তেজিত হৈ উঠিল- “তেনেহলে মইও তোমাক প্ৰত্যাহ্বান জনাইছোঁ পোৱাৰো। তোমাক এসপ্তাহৰ সময় দিলোঁ, এই এসপ্তাহৰ ভিতৰত তুমি যদি মোক ডাভেনহাইমৰ জীৱিত বা
মৃত যি অৱস্থাতেই নহওঁক কিয় সন্ধান উলিয়াই দিব পাৰা তেন্তে মই তোমাক পাঁচ পাউণ্ড
দিম।
পোৱাৰোয়ে অলপ সময় চিন্তা কৰি কলে, “তোমালোক
ইংৰাজ সকলৰ এই খেলুৱৈসুলভ মেজাজটো মই বৰ ভাল পাওঁ। ঠিক আছে জেপ মইও তোমাৰ
প্ৰত্যাহ্বান গ্ৰহণ কৰিলোঁ। এতিয়া তুমি মোক আৰম্ভণিৰে পৰা কি কি ঘটিলে ভালদৰে কৈ
যোৱা।

জেপে কবলৈ
আৰম্ভ কৰিলে
, ‘যোৱা শনিবাৰে গতানুগতিক ভাৱে
ডাভেনহাইমে দুপৰীয়া ১২:৪০ বজাৰ ৰেলখনত ভিক্টোৰিয়া ষ্টেচনৰ পৰা চিংচাইডলৈ গ
ল। চিংচাইডত তেওঁৰ “দ্য চিদাৰ” নামৰ
প্ৰাসাদোত্তম বাংলো আছে। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ বাগিচাত মালি কেইজনক
নিৰ্দেশনা দি থকা দেখা গৈছিল। সেইদিনা তেওঁৰ কাম কাজ বা ব্যৱহাৰত কোনো ধৰণৰ
অস্বাভাৱিক লক্ষণ ধৰা পৰা নাছিল। আবেলিৰ চাহকাপ খাই তেওঁ পত্নীৰ শোৱা কোঠালৈ গ
ল আৰু পত্নীক জনালে যে তেওঁ চিঠি কেইখনমান ডাকত দিবলৈ
গাঁৱৰ ফালে খোজকাঢ়ি যাব। পত্নীক লগতে এইবুলিও জনালে যে এক বিশেষ কামত তেওঁক লগ
কৰিবলৈ মিষ্টাৰ ল
ৱেন অহাৰ কথা আছে। গতিকে তেওঁ উভতি
আহি পোৱাৰ আগতেই যদি ল
ৱেন আহি পায় তেন্তে লৱেনক তেওঁৰ পঢ়া কোঠালিতে বহিবলৈ দিবলৈ কলে। তাৰ পিছত তেওঁ যে ঘৰৰ পৰা ওলাই গল আৰু উভতি নাহিল।
বঢ়িয়া, বঢ়িয়া! এটা আমোদজনক
ৰহস্য।
পোৱাৰোয়ে মুখতে ভোৰভোৰালে- ঠিক আছে আগবাঢ়া বন্ধু।
ডাভেনহাইম ওলাই যোৱাৰ প্ৰায় এঘণ্টা মানৰ পাছত এজন
কৃষ্ণ বৰণীয়া ওখ পাখ মানুহ আহি দ্য চিদাৰত উপস্থিত হ
ল। তেওঁ নিজকে লৱেন বুলি পৰিচয় দিলে। ডাভেনহাইমে কৈ
যোৱা মতেই তেওঁক পঢ়া কোঠাত বহিবলৈ দিয়া হ
ল। তাৰ এঘণ্টামানৰ পাছতো যেতিয়া ডাভেনহাইম উভতি নাহিল, ৱেনে আৰু অপেক্ষা কৰিব নোৱাৰে বুলি
কৈ বিদায় মাগিলে।
ৱেন আহিব বুলি জনাৰ
পাছতো ইমান দেৰিলৈকে ডাভেনহাইম উভতি নহা দেখি তেওঁৰ পত্নী কিছু চিন্তিত হ
ল। ডাভেনহাইমৰ অপেক্ষাত ৰাতিটো পাৰ হ, তেওঁ উভতি নাহিল।
দেওবাৰে পোৱা পুলিচৰ সৈতে যোগাযোগ কৰা হ
ল।
পুলিচেও কি হ
ল তাৰ একো উৱাদিহ নাপালে।
ডাভেনহাইম  যেন একেবাৰে কিবা যাদুকৰৰ দৰে
অদৃশ্য হৈ গ
ল।  ডাকঘৰত খবৰ কৰি গম পোৱা গল যে ডাভেনহাইম ডাকঘৰলৈ যোৱা নাছিল, তেওঁৰ গাড়ীখনো গেৰেজতে আছিল, ৰেল ষ্টেচনত যে তেওঁ কোনো ৰেল ধৰা নাই তাকো নিশ্চিত কৰা হল। তেনেহলে
তেওঁ গ
ল কলৈ? ধৰি ললো তেওঁ বেলেগ এখন গাড়ী ভাড়া কৰি পলাই গ, তেতিয়াও তেওঁৰ সন্ধান পোৱা যাব।
কাৰণ তেওঁৰ সন্ধান দিওঁতা জনলৈ যিহেতু এক বিয়াগোম ধনৰাশি আগবঢ়োৱা হৈছে
, সেই ধন পোৱাৰ লোভত তেওঁক লৈ যোৱা চালকজনে নিজে আগবাঢ়ি
আহি ডাভেনহাইমৰ খবৰ দিলেহেঁতেন। অৱশ্যে সেইদিনা পাঁচ মাইল মান দূৰত থকা এণ্টফিল্ড
ৰেচ কোৰ্চত যথেষ্ট জনসমাগম হৈছিল। সেই ভিৰৰ মাজেৰে কাৰো চকুত নপৰাকৈ পলায়ন কৰাৰ
সম্ভাৱনা নুই কৰিব নোৱাৰি। তথাপিও তাৰ পাছৰে পৰা বাতৰি কাকতত নিয়মিত ভাৱে এই ঘটনাৰ
বিষয়ে বাতৰি প্ৰকাশ হৈয়েই আছে
, তেওঁৰ ছবি প্ৰকাশ হৈছে, তেওঁৰ শাৰীৰিক বিৱৰণ তাত বৰ্ণনা কৰা হৈছে। তথাপিও
তেওঁৰ একো শুংসূত্ৰ নোলোৱাটো বৰ আচৰিত হৈছে।
সোমবাৰে ৰাতিপুৱা এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ
আহিল।  ডাভেনহাইমৰ পঢ়া কোঠাৰ এখন পৰ্দাৰ
পাছফালে এটা চন্দুক আছিল। সেই চন্দুকটো ভঙা অৱস্থাত পোৱা গৈছে আৰু তাত থকা
বস্তুবোৰ হেৰাইছে। খিৰিকী কেইখন ভিতৰৰ পৰাই বন্ধ আছিল। গতিকে চুৰি ভিতৰত থকা
কোনোবাই কৰিছে বুলি অনুমান কৰিব পাৰি! অৱশ্যে ঘৰৰ কোনোবা বনকৰা মানুহে চোৰৰ লগত লগ
লাগি চুৰি হৈ যোৱাৰ পাছত খিড়িকীখন বন্ধ কৰি দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি
দেওবাৰে ঘৰখনত যিহেতু এটা হুলস্থূলীয়া পৰিৱেশে বিৰাজ
কৰিছিল গতিকে চুৰি শনিবাৰেই হৈছিল বুলি অনুমান কৰিব পাৰি।
তেনেহলে লৱেন সন্দেহৰ আৱৰ্তত, নহয় জানো? তেওঁক গ্ৰেপ্তাৰ কৰা হল নেকি?’ – পোৱাৰোয়ে প্ৰশ্ন কৰিলে।
নাই কিন্তু তেঁওৰ গতিবিধিৰ ওপৰত চোকা নজৰ ৰখা হৈছে।
চন্দুকটোৰ পৰা কি কি চুৰি হল কিবা গম পাইছানে?’
মিছেজ ডাভেনহাইম আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ জুনিয়ৰ
পাৰ্টনাৰ গৰাকীৰ লগত কথা বতৰা পাতি গম পালোঁ যে চন্দুকটোত যথেষ্ট মূল্যৱান সম্পদ
আছিল। বহু পৰিমাণৰ বণ্ড
, নগদ ধন থকাৰ লগতে
চন্দুকটোত মিছেজ ডাভেনহাইমৰ সকলো গহনা আছিল। শেহতীয়াকৈ মিষ্টাৰ ডাভেনহাইমৰ গহনা
কিনাটো এটা নিচালৈ পৰিৱৰ্তন হৈছিল। প্রতিমাহেই তেওঁ পত্নীক মূল্যৱান গহনা উপহাৰ
দিছিল।
তেনেহলে যথেষ্ট মূল্যৱান
সম্পদ চুৰি হ
ল।পোৱাৰোয়ে চিন্তা কৰি কলে – বাৰু লৱেনে
বাৰু কি কামত ডাভেনহাইমক লগ কৰিব আহিছিল
?’
জানিব পৰা মতে দুয়োজনৰে মাজৰ সম্পৰ্ক বৰ ভাল নাছিল। লৱেন এজন সৰু সুৰা ষ্টক মাৰ্কেটৰ দালাল। আয় আৰু
ক্ষমতাৰ দিশত ডাভেনহাইম ল
ৱেনতকৈ বহুত আগবঢ়া।
তেওঁলোকৰ চিনাকি বৰ বেছিদিনীয়া নহয়
, শ্বেয়াৰৰ লেনদেনৰ কাৰণেই
দুই এবাৰ লগ পোৱা হৈছে দুয়োৰে। ল
ৱেনৰ লগত এনে দুটামান
লেনদেনতে ডাভেনহাইমৰ কিছু লোকচান হৈছিল। যি কি নহওঁক দক্ষিণ আমেৰিকাৰ কিছু শ্বেয়াৰ
বিক্ৰীৰ প্ৰসংগতেই ডাভেনহাইমে শনিবাৰে ল
ৱেনক
আহিবলৈ কৈছিল।
মানে ডাভেনহাইমৰ দক্ষিণ আমেৰিকাৰ প্ৰতি আগ্ৰহ
উপজিছিল।
হয় তেওঁৰ পত্নীয়ে কোৱামতে যোৱা বছৰ শৰৎকালটো তেওঁ
বোৱেনছ আইৰছতে (
Buenos
Aires)
আছিল।
বাৰু স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক কেনে আছিল?’
মই যিমানদূৰ জানো পোৱাৰো, তেওঁলোকৰ দাম্পত্য জীৱন খুবেই শান্তিপূৰ্ণ আৰু ঘটনাবিহীন আছিল। মিছেজ
ডাভেনহাইম বুদ্ধিমতী তিৰোতা নহ
লেও তেওঁৰ স্বভাৱ-চৰিত্ৰ,ব্যৱহাৰ বৰ ভাল।
তেওঁৰ কোনোবা শত্ৰু আছিল নেকি?’
ব্যৱসায়িক ক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দী বহুতো আছিল।
ডাভেনহাইমৰ উন্নতি দেখি ঈৰ্ষাত জ্বলি পুৰি মৰাও বহুকেইজন আছিল। সেইবুলিয়েই
তেওঁলোকে হত্যা কৰাৰ সাহস কৰিব নোৱাৰে। যদি হত্যা কৰিছে
, তেনেহলে মৃতদেহ ক?’
ঠিকেই, হেস্টিংছে কোৱাৰ দৰে
মৃতদেহ এদিন নহয় এদিন ওলাবই।
যি কি নহওঁক পোৱাৰো, এজন মালীয়ে পুলিচৰ আগত কোৱা মতে তেওঁ চকামকাকৈ এজন মানুহক গোলাপৰ বাগিচাৰ পৰা
ঘৰৰ ফালে যোৱা দেখিছিল। ডাভেনহাইমৰ পঢ়া কোঠালীৰ দীঘলীয়া ফৰাছী আৰ্হিৰ খিড়িকীখন
গোলাপৰ বাগিচাৰ দিশে খোল খাইছিল। মিষ্টাৰ ডাভেনহাইমে প্ৰায়ে সেইদিশেৰে অহা যোৱা
কৰিছিল। মালীজনে ডাঠি ক
ব নোৱাৰে যে তেওঁ দেখা
ব্যক্তিজন তেওঁৰ মালিক হয় নে নহয়। তেওঁ সময়টোও সঠিককৈ ক
ব পৰা নাই যদিও আমি সন্ধ্যা ছয় মান বাজিছিল বুলিয়েই অনুমান কৰিছোঁ কাৰণ সেই
সময়লৈ সকলো মালীয়ে কাম শেষ কৰিছিল।
ডাভেনহাইমে ঘৰ কেইবজাত এৰিছিল?’
প্ৰায় চাৰে পাঁচ বজাৰ ওচৰে পাজৰে।
গোলাপৰ বাগিচাৰ সিপাৰে কি আছে বাৰু?’
এটা ডাঙৰ জলাশয়।
বোট হাউছো (Boat House) আছে চাগে?’
হয় আছে, লগতে কেবাখনো সৰু সৰু নাওঁ আছে। মই জানো পোৱাৰো, তুমি নিশ্চয় আত্মহত্যাৰ সম্ভাৱনীয়তাৰ কথা ভাবি আছা। তোমাক জনাব বিচাৰিছোঁ, মিলাৰে অহাকালিলৈ সেই জলাশয়ৰ পানী পাম্পেৰে তুলি
অনুসন্ধান চলাবলৈ প্ৰস্তুতি চলাইছে। তেনেহ
লে ভাবি চোৱা মিলাৰ কিমান বুদ্ধিমান আৰু পৰিশ্ৰমী ব্যক্তি।
পোৱাৰোয়ে মিচিকিয়াই হাঁহিলে আৰু মোৰ ফালে ঘূৰি কলে, ‘হেস্টিংছ
অনুগ্ৰহ কৰি মোক
Daily
Megaphone
কাকতখনৰ
কঁপিটো দিয়াচোন। মই যদি ভুল কৰা নাই তাত ডাভেনহাইমৰ স্পষ্ট ফটো এখন প্ৰকাশ হৈছে।

মই বহাৰ পৰা উঠি কাকতখন পোৱাৰোৰ হাতত দিলোঁ। পোৱাৰোয়ে
মনোযোগেৰে ছবিখন চাবলৈ ধৰিলে।

দীঘলীয়া ঢৌঁ খেলা চুলি। বিয়াগোম মোচ, ঘন চেলাউৰী, থিয় থিয় দাড়ি, চকুৰ ৰঙো কলা, নহয় জানো?’
হয়।
চুলি আৰু দাড়ি পকিছে।
জেপে মূৰ দুপিয়ালে, ‘বাৰু পোৱাৰো তুমি ইয়াকে বুজাব বিচাৰিছা নেকি যে ঘটনাটো একেবাৰে দিনৰ পোহৰৰ দৰে
স্পষ্ট
?’
নহয় জেপ, এই ৰহস্যটো জটিল।
পোৱাৰোৰ মুখৰ পৰা এনে প্ৰত্যুত্তৰ শুনি জেপে মনে মনে
বৰ ৰং পালে।
ৰহস্য জটিল বাবেই মই ইয়াক সমাধান কৰিব পাৰিম বুলি
দৃশবিশ্বাসী।
ব! হব!জেপে ভোৰভোৰালে, ‘কৰিব পাৰিলে বাৰু ভালেই। কিন্তু সময় মাত্ৰ এসপ্তাহ
মনত ৰাখিবা।
মই মোৰ কাম কৰি জেপ। তুমিও যিবোৰ নিত্য নতুন তথ্য
পোৱা সেইসমূহ মোৰ আগত দাঙি ধৰিব লাগিব।
নিশ্চয়, সেইটোৱেই চৰ্ত আছিল। বাৰু এতিয়ালৈ বিদায়।
মই জেপক দুৱাৰমুখলৈকে আগবঢ়াই থৈ আহিলোঁ। উভতি আহি
দেখোঁ যে পোৱাৰোয়ে একে ঠাইতে বহি চিন্তা কৰি আছে। মই কিবা এটা ক
বলৈ ধৰাৰ আগতেই তেওঁ মাত দিলে-
বন্ধু আহা, আমি এই সমস্যাটোৰ ওপৰত অলপ আলোচনা কৰো। তথ্যসমুহ আধৰুৱা যদিও দুই এটা
গুৰুত্বপূৰ্ণ দিশ মোৰ চকুত ধৰা পৰিছে।
জলাশয়টো।‘ – মই কলো।
তাতোকৈও গুৰুত্বপূৰ্ণ বোট হাউছটো।

মই পোৱাৰোলৈ কেৰাহীকৈ চালোঁ। তেওঁৰ মুখত সেই
স্বভাৱসুলভ ৰহস্যময় হাঁহিটো বিৰিঙি আছিল। মই বুজিছিলোঁ যে এতিয়া আৰু তেওঁক প্ৰশ্ন
কৰাটো অৰ্থহীন।

পাছদিনা সন্ধিয়া ৯ বজাত জেপ আকৌ আহিল। তেওঁৰ অভিব্যক্তি
দেখিয়েই অনুমান কৰিব পাৰিছিলোঁ যে তেওঁ নতুন খবৰ লৈ আহিছে।

বন্ধু!  জেপক দেখা মাত্ৰকে পোৱাৰোয়ে কলে, ‘সকলো ঠিকেই
আছেতো
? পিছে জলাশয়ত ডাভেনহাইমৰ মৃতদেহ
বিচাৰি পালোঁ বুলি নক
বা। কাৰণ তুমি কলেও মই বিশ্বাস
নকৰিম।
মৃতদেহ বিচাৰি পোৱা নাই যদিও তেওঁ সেইদিনা পিন্ধি থকা
কাপোৰ তাতেই বিচাৰি পালোঁ। এই বিষয়ে তুমি কি ক
বা পোৱাৰো?’
তেওঁৰ বেলেগ কাপোৰ ঘৰৰ পৰা হেৰাইছে নেকি খবৰ
কৰিছিলানে
?’
সেই বিষয়ে খবৰ কৰা হল। তেওঁৰ ব্যক্তিগত পৰিচাৰক গৰাকীয়ে কোৱা মতে 
তেওঁৰ  সকলোবোৰ কাপোৰ আলমীৰাতে
একেদৰেই আছে। ৰ
বা আৰু এটা ঘটনা ঘটিল। লৱেনক 
গ্ৰেপ্তাৰ কৰা হ
ল। ডাভেনহাইমৰ ঘৰৰ দুৱাৰ
খিৰিকী বন্ধ কৰাৰ দ্বায়িত্বত থকা মহিলা গৰাকীয়ে কোৱা মতে তেওঁ হেনো ল
ৱেনক গোলাপৰ বাগিচাৰ ফালৰ পৰা ডাভেনহাইমৰ পঢ়া কোঠালৈ
অহা দেখিছিল।
এই বিষয়ে লৱেনে
কি কয়
?’
ৱেনে কোৱা মতে তেওঁ হেনো
পঢ়া কোঠা এৰি ক
লৈকো যোৱা নাই।পিছে বনকৰা মহিলা
গৰাকীয়ে ডাঠি কোৱাত ল
ৱেনে নিজৰ ভাষ্য সলনি কৰিলে। এইবাৰ
তেওঁ ক
লে যে বিশেষ এপাহ গোলাপ ফুল
চাবলৈহে ওলাই গৈছিল।
আচৰিত।‘ – পোৱাৰোয়ে ভোৰভোৰালে।
আৰু এটা আচৰিত ঘটনা ঘটিল। ডাভেনহাইমে সোঁহাতৰ কেঞা
আঙুলিত এটা হীৰাখচিত সোণৰ আঙুঠি পিন্ধিছিল। সেই আঙুঠিটো যোৱা শনিবাৰে বিলি কেলেট
বোলা দগবাজ এটাই ধনৰ বিনিময়ত বন্ধকত ৰাখিছিল। এই বিলি কেলেট বোলাটো এটা সৰু সুৰা
চোৰ
, দগবাজ। স্কটলেণ্ড য়াৰ্ডৰ পুলিচে তাক ভালকৈ চিনি পায়।
যোৱাবছৰ বয়সস্থ মানুহ এজনৰ ঘড়ী চুৰ কৰি সি তিনিমাহ জেল খাটিছিল। দগবাজটোৱে আঙুঠিটো
বন্ধকত দি যি কেইটা পইচা পালে তাৰে টেঁটুলৈকে মদ গিলিলে। মদৰ নিচাত ক
ব নোৱাৰা হৈ পুলিচৰ লগত কাজিয়া লাগি আকৌ ফাটেকত
সোমাল। মই আৰু মিলাৰে তাক সোঁধ-পোছ কৰিবলৈ যাওঁতে তাৰ জ্ঞান ঘূৰি আহিছিল। সকলো কথা
গম পাই তাৰ অৱস্থা কাহিল। হত্যাৰ গোচৰত অভিযুক্ত হ
ব পাৰে বুলি জানি সি বিৰাট ভয় খাইছে।
সি আঙুঠিটো পালে কেনেকৈ?’ মই সুধিলোঁ।
সি কোৱা মতে যোৱা শনিবাৰে সি এণ্টফিল্ডৰ ৰেচ কোৰ্চলৈ
গৈছিল। তাৰ উদ্দেশ্য আছিল গোটখোৱা ভিৰৰ মাজৰে পৰা মূল্যবান দুই এপদ সম্পদ কেনেকৈ
সৰকাব পাৰি। পাছে তাৰ অভিপ্ৰায় সফল নহ
ল।
হতাশ হৈ সি চিংচাইডৰ ফালে যাবলৈ ধৰিলে। গাঁৱত সোমোৱাৰ আগতে সি নলা এটাৰ কাষতেই সি
বহিল। তাৰ কিছুসময় পাছতেই সি গাঁৱৰ দিশৰ পৰা মানুহ এজন আহি থকা দেখিলে। ৰাস্তাৰ
কাষতে পৰি থকা শিলৰ দ
ম এটাই কেলেটক ব্যক্তিজনৰ দৃষ্টিৰ
পৰা আৰ কৰি ৰাখিছিল। কেলেটে কোৱা মতে সেই মানুহজনে হেনো ৰাস্তাত কোনো নথকা দেখি নিজৰ
পৰা সেই আঙুঠিটো উলিয়াই ৰাস্তাৰ সিপাৰে দলিয়াই দিছিল। মানুহজন যোৱাৰ পাছত কেলেটে
আঙুঠিটো বিচাৰি পাইছিল। কেলেটে মানুহজনৰ যি শাৰীৰিক বিৱৰণ দিলে তাৰ পৰা সেই
মানুহজন ল
ৱেন বুলি অনুমান কৰিব পাৰি।
এইটো কেলেটৰ কাহিনী। লৱেনে এই কাহিনী অগ্ৰাহ্য কৰিছে। অৱশ্যে কেলেটৰ দৰে ঠগ দগাবাজ এটাৰ কথাৰ ওপৰত
বিশ্বাস কৰিবও নোৱাৰি। অৱশ্যে এনেকুৱাও হ
ব পাৰে যে কেলেটে ৰাস্তাতে  ডাভেনহাইমক
পাই ডকাইতি কৰি হত্যা কৰে।

পোৱাৰোয়ে মূৰ জোকাৰিলে।

অসম্ভৱ বন্ধু। হত্যা কৰিলেও মৃতদেহটো লুকুৱাই দিয়া
তাৰ পক্ষে ইমান সহজ নহয়। দ্বিতীয়তে
, সি যদি সঁচাকৈ
ডাভেনহাইমক হত্যা কৰিলেহেঁতেন তেনেহ
লে সি
কাহানিও আঙুঠিটো বন্ধকত নিদিলেহেঁতেন। তাৰ নিচিনা সৰু-সুৰা চোৰ এটাই হত্যাৰ দৰে
ডাঙৰ অপৰাধ সহজে কৰিব নোৱাৰে। পিছে সি ল
ৱেনৰ
চেহেৰাৰ নিখুঁত বৰ্ণনা দিয়াটোহে বৰ আচৰিত।
জেপে মূৰ দুপিয়ালে, ‘তুমি ভুল কৈছা বুলি মই নকওঁ পোৱাৰো। পিছে কেলেটৰ এই  কথাখিনিয়ে লৱেনৰ প্ৰতি সন্দেহ আৰু ঘনীভূত কৰিলে। 
মই এইটো ভাবি আচৰিত হৈছোঁ
, ৱেনে আঙুঠিটো তাত দলিয়াই পেলোৱাৰ পৰিৱৰ্তে বেলেগ
উপায়েৰে নষ্ট নকৰিলে কিয়
?’
কিন্তু আঙুঠিটো মৃতদেহৰ পৰা আতঁৰালেই বা কিয়?’ মই প্ৰশ্ন কৰিলোঁ।
তাৰো এটা কাৰণ আছে বোধহয়।‘- জেপে কলে, ‘জলাশয়ৰ সিপাৰে পাহাৰলৈ যোৱা এটা লুংলুঙীয়া বাট আছে। সেই বাটেৰে তিনি মিনিট মান
লে কি পাবা জানানে? এটা চূণৰ ভাটি।
হে ভগৱান!মই উচপ খাই উঠিলোঁ, -‘তাৰ মানে
জেপ
, তেওঁ চূণৰ ভাটিত থকা চূণেৰে  মৃতদেহটো নষ্ট কৰিব পাৰিলে, কিন্তু ধাতুৰ এই আঙুঠিটো নষ্ট কৰিব নোৱাৰিলে!
হয়।‘- জেপে মূৰ
দুপিয়াই ক
লে।
এতিয়াহে কথাবোৰ স্পষ্ট হৈছে। দেখিছানে পোৱাৰো, কি জঘন্য অপৰাধ।
মই আৰু জেপে পোৱাৰোৰ ফালে চালোঁ। আমি ভাবি আছিলোঁ
পোৱাৰোৰ প্ৰতিক্ৰিয়া কি হ
ব। তেওঁ হুমুনিয়াহ এটা
কাঢ়ি জেপৰ ফালে চাই প্ৰশ্ন কৰিলে-
জেপ তুমি বাৰু জানানে মিষ্টাৰ আৰু মিছেজ ডাভেনহাইমে
একেলগে শুইছিল নে বেলেগ বেলেগ কোঠাত শুইছিল
?’
পোৱাৰোৰ প্ৰশ্নতো ইমানেই আচহুৱা আছিল যে আমি দুয়ো
কিছুসময় অবাক হৈ তেওঁৰ ফালে চাই আছিলোঁ। জেপে হাঁহি ৰখাব নোৱাৰিলে
, ‘পোৱাৰো কি আচৰিত কথা কিছুমান সুধি থাকা হে? মই ভাবিছিলোঁ তুমি যুক্তিসংগত প্ৰাসংগিক প্ৰশ্ন এটা
কৰিবা। আৰু তুমি
, সঁচায়ে আচৰিত দেই।
তুমি জানা নে নাজানা সেইটো কোৱা জেপ।
মই নাজানোঁ। কিন্তু তুমি যদি সঁচায়ে জানিব বিচাৰিছা
মই সুধিব পাৰিম।
ধন্যবাদ জেপ। পাহৰি নাযাবা কিন্তু।
তাৰ পাছতে জেপে বিদায় ললে। মইও জেপক বিদায় দি ৰহস্যটোৰ বিষয়ে এতিয়ালৈকে যিখিনি শুনিলোঁ তাৰ ওপৰত নিজে
বিশ্লেষণ কৰি টোকা লিখিবলৈ ধৰিলোঁ।
তুমি কি কৰি আছা হেস্টিংছ?’-
পোৱাৰোয়ে এনেদৰে হঠাতে মাত দিয়াত মই উচপ খাই উঠিলোঁ।
মই এতিয়ালৈকে যিখিনি শুনিলোঁ, তাৰে কেইটামান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত টোকা লিখি আছোঁ।
বঢ়িয়া, অৱশেষত তুমিও পদ্ধতি
সমূহ অৱলম্বন কৰিব শিকিছাঁ।
পোৱাৰোৰ প্ৰসংশাত মই উফন্দি উঠিলোঁ। তথাপিও নিজৰ
আনন্দ ঢাকি ৰাখিবলৈ চেষ্টা কৰি সুধিলোঁ
, ‘শুনিবা নেকি কি কি লিখিছোঁ?’
নিশ্চয়।
মই গলহেকাৰি এটা মাৰি কবলৈ আৰম্ভ কৰিলোঁ-
প্ৰথম, সকলোবোৰ তথ্যই  চন্দুকটো যে লৱেনেই ভাঙিছে তালৈ আঙুলিয়াইছে।
দ্বিতীয়, ৱেনৰ ডাভেনহাইমৰ প্ৰতি ব্যক্তিগত
আক্ৰোশ  আছিল।
তৃতীয়, প্ৰথম বাৰ প্ৰশ্ন কৰোঁতে
তেওঁ বাহিৰলৈ যোৱা নাছিল বুলি মিছা মাতিছিল।
চতুৰ্থ, কেলেটৰ কোৱা কথাখিনি যদি সঁচা তেন্তে লৱেনে নিঃসন্দেহে দোষী।
মই সকলোবোৰ গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিলোঁ বুলি ভাবি
থমকিলোঁ আৰু পোৱাৰোক সুধিলোঁ
, ‘নহয় জানো?’
পোৱাৰোয়ে দৰদী দৃষ্টিৰে মোলৈ চাই বৰ নম্ৰভাৱে মূৰটো
জোকাৰিলে
, ‘বন্ধু, আচলতে তুমি গুৰুত্বপূৰ্ণ দিশবোৰ আওকান কৰিছা আৰু তোমাৰ যুক্তিবোৰো ভুল।
কেনেকৈ?’
তুমি যি চাৰিটা দিশ দাঙি ধৰিছা, সেই বিষয়ে মোৰ যুক্তি শুনা। প্ৰথমে, ৱেনে চন্দুকটো ভাঙিবলৈ
সুবিধা পাব বুলি আগতীয়াকৈ প্ৰস্তুত কেনেকৈ হ
ব পাৰিব তুমি ভাবাচোন। তেওঁ ডাভেনহাইমক লগ কৰিবলৈহে আহিছিল, ডাভেনহাইম অনুপস্থিত থাকিব বুলি তেওঁ কেনেকৈ আগতীয়াকৈ
অনুমান কৰিব পাৰিব তুমি ভাবাচোন।
তেওঁ ডাভেনহাইম নথকাৰ সুযোগ গ্ৰহণ কৰিলে বোধহয়।
চন্দুকটো ভাঙিলে কিহেৰে? সৰু সুৰা চুৰী কটাৰীৰে ইমান শক্তিশালী চন্দুক ভাঙিব নোৱাৰি। তাৰ বাবে প্ৰয়োজন
বিশেষ হাথিয়াৰ। তেনে হাথিয়াৰ ভদ্ৰলোক এজনে লগত লৈ ঘূৰি নুফুৰে।
আৰু?’
তুমি কৈছা লৱেনৰ ডাভেনহাইমৰ ওপৰত আক্ৰোশ আছিলজেপে কোৱামতে, ৱেনৰ লগত লেনদেন কৰি
ডাভেনহাইমৰ লোকচান হৈছিল। তাত ল
ৱেনৰ আৰ্থিক ক্ষতি হোৱা
নাছিল। তেনেহ
লে আক্ৰোশ কি কথালৈ?’
তেওঁ যে পুলিচৰ আগত মিছা মাতিছিল সেইটো তুমি অস্বীকাৰ
কৰিব নোৱাৰা।
নকৰোঁ। কিন্তু চোৱা, ভয়ৰ বশৱৰ্তী হৈ মিছা মতাটো মানুহৰ স্বাভাৱিক প্ৰবৃত্তি। তেনে পৰিস্থিতিত বহুতে
তাকেই কৰিব।
আৰু কেলেটৰ কথাটো?’
কেলেটৰ ভাষ্য সঁচা প্ৰমাণিত হলে লৱেনৰ বাচিবৰ উপায় নাই।
এই কেলেটৰ বাবেই গোটেই ঘটনাটো আকৰ্ষণীয় হৈ পৰিছে।
যি কি নহওঁক, এটা হলেও মোৰ অনুমান শুদ্ধ হৈছে
তথাপিও তুমি দুটা গুৰুত্বপূৰ্ণ তথ্য আওকান কৰিছা যত এই ৰহস্যৰ সমাধান সূত্ৰ লুকাই আছে।
কি বাৰু?’
প্ৰথম, ডাভেনহাইমৰ গহনা ক্ৰয়
কৰাৰ প্ৰৱণতা বৃদ্ধি হোৱাটো। দ্বিতীয়তে
, যোৱাবছৰ শৰৎ কালত বুৱেনছ আইৰছত থকা ঘটনাটো।
পোৱাৰো তুমি ফুচুৰি কৰি আছা নেকি?’
মই ফুচুৰি কৰা নাই। মই ভাবোঁ অতি সোনকালেই এই ৰহস্যৰ
ওৰ পেলাব পাৰিম। জেপে আমাৰ চৰ্তৰ কথা নাপাহৰিলেই হ
ল আৰু।
পাছদিনা দুপৰীয়া জেপে এখন টেলিগ্ৰাম পঠিয়ালে।
পোৱাৰোয়ে পঢ়ি দিবলৈ অনুৰোধ কৰাত মই তেওঁক পঢ়ি শুনালো-
মিষ্টাৰ আৰু মিছেজ ডাভেনহাইমে যোৱাবছৰৰ শীতকালৰ পৰাই
পৃথক শোৱাকোঠা ব্যৱহাৰ কৰি আহিছে।
টেলিগ্ৰামত লিখা কথাখিনি শুনি পোৱাৰো উচাহত জঁপিয়াই
উঠিল
, ‘ আৰু এতিয়া জুন মাহৰ মাজভাগ। ৰহস্যৰ
সমাধান হৈ গ
ল হেস্টিংছ।
মই ভেবা লাগি পোৱাৰোলৈ চাই থাকিলোঁ।
হেস্টিংছ, ডাভেনহাইম এণ্ড ছালমন বেংকত তোমাৰ ধন জমা আছে নেকি?’
নাই। কিয় সুধিলা বাৰু?’ – মই আচৰিত হৈ প্ৰশ্ন কৰিলোঁ।
যদি আছে, তেনেহলে পৰিস্থিতি বেয়া হোৱাৰ আগেয়েই
জমাধন উলিয়াই আনিবলৈ পৰামৰ্শ দিম।
কিয় পোৱাৰো? তুমি কি হব বুলি অনুমান কৰিছা বাৰু?
মই ভাবো বেংক দেউলীয়া হোৱাৰ দিশে আগবাঢ়িছে। খবৰটো
জেপক দিব লাগিব। মই কৈ যাওঁ তুমি জেপলৈ চিঠি এখন লিখাচোন- “প্রিয় জেপ
, ডাভেনহাইম এণ্ড ছালমন বেংকত যদি ধন জমা ৰাখিছা অতি
সোনকালে উলিয়াই আনা।” চাবা হেস্টিংছ
, মই পঠিওৱা এই টেলিগ্ৰাফৰ কথাবোৰ যেতিয়া সঁচা প্ৰমাণিত হব তেতিয়া বেচেৰা জেপ আচৰিত নহৈ নোৱাৰিব।
পোৱাৰোৰ টেলিগ্ৰাফ জেপলৈ পঠিওৱা হল। সঁচাকৈয়ে পোৱাৰোয়ে কোৱা কথা আখৰে আখৰে ফলিয়ালে।
পাছদিনা বাতৰি কাকত সমূহত ডাভেনহাইম এণ্ড ছালমন বেংকৰ চাঞ্চল্যকৰ বিপৰ্যয়ৰ বাতৰিয়ে
শিৰোনাম দখল কৰিলে। ডাভেনহাইম নিৰুদ্দেশ হোৱা ঘটনাটোৱে এই বিপৰ্যয়ক এক নতুন মাত্ৰা
প্ৰদান কৰিছিল। মইও আচৰিত নহৈ নোৱাৰিলোঁ।
আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি থকা সময়তে হুৰমুৰকৈ জেপ
আহি সোমালহি। তেওঁৰ এখন হাতত বাতৰি কাকত খন আছিল আৰু আনখন হাতত আছিল পোৱাৰোয়ে
পঠিওৱা চিঠিখন।
কেনেকৈ পোৱাৰো কেনেকৈ? তুমি ইমান সঠিককৈ ভৱিষ্যত বাণী কিদৰে কৰিব পাৰিলা?’ –জেপে প্ৰশ্ন কৰিলে।
পোৱাৰোয়ে শান্ত সমাহিত হাঁহি এটা মাৰি কবলৈ আৰম্ভ কৰিলে, ‘চোৱা জেপ, তুমি পঠিওৱা তাৰবাৰ্তাটো পঢ়াৰ পাছত
সম্পূৰ্ণ ঘটনাক্ৰম মোৰ চকুৰ আগত জলজল পটপট হৈ পৰিল। চোৱা জেপ
, এই ডাভেনহাইম এজন অতি চতুৰ ব্যক্তি। তেওঁ বহুদিনীয়া
পৰিকল্পনা কৰি এইদৰে সকলোৰে চকুত ধূলি দি “অন্তৰ্ধান” হ
বলৈ সক্ষম হৈছে। তেওঁ বেংকৰ যথেষ্ট ধন আত্মসাৎ কৰিলে
যাৰ বাবে বেংকৰ আজি এই দেউলীয়া অৱস্থা। তেওঁ জানিছিল তেওঁৰ এই কেলেংকাৰী এদিন নহয়
এদিন পোহৰলৈ আহিবই আৰু তেওঁ বাচিবৰ একো উপায় নাথাকিব
, গতিকে তাৰ আগতেই তেওঁ পলায়ন কৰিব লাগিব। সেই আত্মসাৎ কৰা ধনেৰেই ক্ৰয় কৰিছিল
চন্দুকটোত থকা গহনা-গাঁথৰি
, বিয়েৰাৰ বণ্ডবোৰ। সময়
আহি পোৱাত তেওঁ চন্দুকটো নিজে ভাঙি সকলোবোৰ লৈ উধাও হ
ল আৰু বলিৰ পঠা সাজিলে বেচেৰা লৱেনক।
সেইবাবেই প্ৰথমৰে পৰা চন্দুক ভঙা কাৰবাৰটো মোৰ বৰ আচহুৱা যেন লাগিছিল।
বাৰু তোমাৰ কথা মানিলোঁ। ডাভেনহাইমেই দোষী। কিন্তু
তেওঁ ক
লৈ পলায়ন কৰিলে? তেওঁ ক
লুকাই আছে
?’
তেওঁ এনে এঠাইত আছে যত তেওঁ সবাতোকৈ সুৰক্ষিত। সঁচায়ে
এজন বুদ্ধিমানেহে এনে এঠাইত আত্মগোপন কৰি থকাৰ চিন্তা কৰিব পাৰে।
ভগৱানৰ দোহাই দি কৈছোঁ পোৱাৰো, বেছি পাক নলগাই কথাবোৰ পোনপটীয়াকৈ কোৱাচোন।
জেপে পোৱাৰোৰ পৰা উত্তৰ শুনিবলৈ অধৈৰ্য্য হৈছিল যদিও
পোৱাৰোয়ে আকৌ ব্ৰেকফাষ্টৰ বাবে ৰাখি থোৱা কণীৰ বাকলি ভঙাত হে মনোনিৱেশ কৰিলে।
কামটো হৈ যোৱাৰ পাছত মিহিকৈ হাঁহি এটা মাৰি ক
লে-
তোমালোক দুয়ো বুদ্ধিমান মানুহ। ভাবাচোন তোমালোক যদি
ডাভেনহাইমৰ পৰিস্থিতিত পৰিলাহেঁতেন তেনেহ
লে কত আত্মগোপন কৰিলাহেঁতেন? হেস্টিংছ তুমিয়েই কোৱাচোন।
মই হোৱা হলে
লণ্ডনতে থাকিলোঁহেঁতেন। লণ্ডনৰ ভিৰৰ মাজত মিলি গ
লো হয়ভিৰৰ মাজত ধৰা পৰাৰ ভয় কম।
বাৰু জেপ তুমি কোৱাচোন।
মই হেস্টিংছৰ লগত সহমত নহয়। মই হোৱা হলে বিদেশলৈ হে গলো হয়।
আমি দুয়ো পোৱাৰোলৈ চালোঁ,
আমি বাৰু কলো।
তুমি কি ক
বা?’
বন্ধু, মই যদি পুলিচৰ পৰা পলাই
থাকিলোঁহেঁতেন
, তেনেহলে মই কত থাকিলোঁ হয় জানানে? কাৰাগাৰত!
তুমি কি বুজাব বিচাৰিছা পোৱাৰো?’- জেপে হতবাক হৈ প্ৰশ্ন কৰিলে।
জেপ, তুমি কৈছিলা মিছেজ
ডাভেনহাইম বৰ বুদ্ধিমতী তিৰোতা নহয়। তথাপিও তুমি যদি তেওঁক এতিয়া ব
ষ্ট্ৰীটৰ কাৰাগাৰত বন্দী হৈ থকা বিলি কেলেটৰ সৈতে লগ
কৰাই দিয়া
, তেনেহলে মেডামে তেওঁক অতি সহজেই চিনি পাব পাৰিব। এজন মানুহে নিজৰ চুলি, দাড়ি, চেলাউৰি খুৰাই ৰূপ
পৰিৱৰ্তন কৰিলেও তেওঁৰ পত্নীয়ে তেওঁক চিনি পাবই।
বিলি কেলেট? ডাভেনহাইম বিলি কেলেট কেনেকৈ হব পাৰে? কেলেটক পুলিচে চিনি পায়।
কেতিয়াৰ পৰা চিনি পায় চিন্তা কৰি নোচোৱা কিয়? যোৱা বছৰ চুৰ কৰি ধৰা পৰাতহে পুলিচে চিনি পোৱা হৈছে।
মই বাৰে বাৰে কৈছোঁ
, এই ডাভেনহাইম এজন অতি চতুৰ
ব্যক্তি। যোৱা বছৰ শৰৎ কালত তেওঁ
বোৱেনছ আইৰছলৈ যোৱা নাছিল। সেই সময়ত তেওঁ বিলি কেলেটৰ
চৰিত্ৰটো গঢ় দি আছিল। বিলি কেলেটৰ ৰূপ ধাৰণ কৰি চুৰ কৰি তিনিমাহ জেল খাটিলে যাতে
ডাভেনহাইম অন্তৰ্ধান হোৱাৰ সময়ত বিলি কেলেট আবিৰ্ভাৱ হ
লে কোনেও যাতে সন্দেহ নকৰে।
তিনি মাহ জেল খটাৰ পাছত আকৌ ডাভেনহাইমৰ ৰূপ লব লগা হল। তাৰ
বাবে তেওঁ নকল দাড়ি
, চুলি লগাব লগা হল।  নকল চুলি, দাড়ি পিন্ধি শুৱাটো সহজ নহয়, পত্নীৰ সন্দেহ হব পাৰে। গতিকে পত্নীৰ লগত একেলগে
শুবলৈ বাদ দিলে। সেইবাবেই মই এই কথাটো বেছি জোৰ দি সুধিছিলোঁ। তোমাৰ টেলিগ্ৰামখন
পোৱাৰ পাছত মোৰ বাবে সকলোখিনি স্পষ্ট হৈ পৰিল। এজন মালীয়ে যে গোলাপৰ বাগিচাৰ
কাষেৰে কাৰোবাক যোৱা দেখিছিল সেয়া ডাভেনহাইমৰ বাদে আন কোনো নহয়। তেওঁ সেইফালেদি জলাশয়লৈ
, বিলি কেলেটৰ ৰূপ লৈ
ডাভেনহাইমৰ কাপোৰবোৰ পানীত পেলালে। ল
ৱেনক
দোষী সজাবলৈ আঙুঠি বন্ধকত দিয়া কাৰবাৰটো কৰিলে আৰু অতি চতুৰতাৰে পুলিচৰ লগত কাজিয়া
কৰি আকৌ জেলত সোমাল। কাৰণ তেওঁ জানিছিল যে কেলেটৰ ওপৰত কোনেও সন্দেহ নকৰিব আৰু
কাৰাগাৰত তেওঁ সুৰক্ষিত হৈ থাকিব।
অসম্ভৱ।‘ – জেপে ভোৰভোৰালে।
তেনেহলে নিজে মেডামক লৈ গৈ
নিশ্চিত হৈ লোৱা।
‘ – পোৱাৰোয়ে হাঁহি মাৰি কলে।
পাছদিনা ৰেজিষ্টাৰ্ড ডাক এখন আহিল। পোৱাৰোয়ে লেফাফা
খুলি চোৱাত পাছ পাউণ্ডৰ নোট ওলাল। পোৱাৰোৰ মুখত এটা হাঁহি বিৰিঙি উঠিল।
দেখিছা হেস্টিংছ মোৰ অনুমানেই সত্য প্ৰমাণিত হল। বেচেৰা জেপ, মোৰ লগত চৰ্ত লগাই বেচেৰাই পাঁচ পাউণ্ড হেৰুৱালে। এতিয়া দেখোন নিজকে দোষী দোষী
লাগিছে। এই কেইটা পইচাৰে কি কৰোঁ কোৱাচোন…….. এটা কামকে কৰোঁ দিয়া হেস্টিংছ
, জেপকো মাতা, ৰাতিৰ সাজ ভালকৈ একেলগে খাওঁ।
মইও প্ৰাণখুলি হাঁহিবলৈ ধৰিলোঁ।
গল্পকাৰৰ পৰিচয়ঃ  ১৮৯০ চনত ইংলেণ্ডত জন্ম । বিখ্যাত অপৰাধ আৰু অনুসন্ধান
বিষয়ক গল্প-উপন্যাসৰ প্ৰণেতা। যুগজয়ী ৰহস্য আৰু কল্পসাহিত্যৰ ৰচনাৰ বাবে তেওঁ সমগ বিশ্ব-সাহিত্যৰ
এটা চিনাকী নাম। যাৰ বাবে তেওঁক ‘দ্য কুইন অৱ ক্ৰাইম’ বুলি কোৱা হয়। তেওঁ গল্প-উপন্যাস
সমূহৰ কাহিনীৰে বিভিন্ন বিখ্যাত চিনেমা নিৰ্মিত হৈছে। UNESCO ৰ প্ৰতিবেদন মতে বিশ্বত
আটাইতকৈ বেছি ভাষালৈ যিগৰাকী লেখকৰ গ্ৰন্থ অনুবাদ হৈছে , সেই গৰাকী হৈছে
আগাথা ক্ৰিষ্টি । ১৯৭৬ চনত তেখেতৰ
মৃত্যু হয়।
সংযোগঃ আগাথা ক্ৰিষ্টিৰ  ‘এণ্ড দেন দেয়াৰ ৱেৰ নান’ নামৰ উপন্যাসখনৰ কাহিনীৰ আধাৰত ১৯৬৫ চনত ‘গুমনাম’ নামৰ বলিউদৰ ছবিখন নিৰ্মাণ কৰা হয়।  ‘চুপি চুপি আসে’ আৰু ‘শুভ মহৰৎ’ নামৰ বাংলা ভাষাত নিৰ্মিত দুখন ভাৰতীয় চিনেমাৰ কাহিনীও আগাথা ক্ৰিষ্টিৰ পৰা লোৱা। 

Popular Post

ঐতিহাসিক চিঠি