অসমীয়া অনুবাদ কবিতা
মূল কবিঃ ইজ্ব্যেগনেভ হাৰ্বাট
(Zbigniew
Herbert)
মূল ভাষাঃ প’লিছ
ইংৰাজী অনুবাদঃ ছেজলো মিলজ
মূল কবিঃ ইজ্ব্যেগনেভ হাৰ্বাট
(Zbigniew
Herbert)
মূল ভাষাঃ প’লিছ
ইংৰাজী অনুবাদঃ
অসমীয়া ভাঙনিঃ
অনন্ত ৰাজখোৱা
অনন্ত ৰাজখোৱা
চকুপানীৰ প্ৰযুক্তিবিদ্যাৰ পৰা
(From the Technology of tear)
সদ্যহতে যিমান দূৰলৈকে আমাৰ জ্ঞানৰ পৰিসৰ
বিস্তৃত,
তাৰ পৰা এটা কথা জনা যায় যে চিকিৎসা অথবা যিকোনো উৎপাদন কৰ্মৰ
বাবে মিছা চকুপানীহে উপযুক্ত। প্ৰকৃত চকুপানী যথেষ্ট গৰম, সেই হেতু তাক মুখমণ্ডলৰ পৰা পৃথক কৰিব নোৱাৰি। কঠিনাৱস্থালৈ ৰূপান্তৰিত
হোৱাৰ পাছত, চকুপানীবোৰ বেচ ঠুনুকা বুলি প্ৰমাণিত
হোৱাটো জৰুৰী। সেয়ে প্ৰকৃত চকুপানীক বানিজ্যিক ভাৱে আহৰণ কৰাটো প্ৰযুক্তিবিদ সকলৰ বাবে
এটা ডাঙৰ মুৰ কামোৰণি।

মিছা চকুপানীক গোট মৰাৰ আগতেই এক বিশেষ
ৰকমৰ পাতন প্ৰক্ৰিয়াৰ মাজলৈ প্ৰক্ষেপিত কৰোৱা হয়।স্বভাৱগত ভাৱে যিহেতু সেইবোৰ ভেজাল, সিহঁতক এক বিশেষ অৱস্থালৈ উন্নীত কৰোৱা হয়, য‘ত মিথ্যাছাৰ অনুপাতে
সিহঁতৰ গুণগত পৰ্যায়ীকৰণ হয়।যদিওবা মান হিচাপত প্ৰকৃত চকুপানীতকৈ সিহঁতৰ স্থান নিম্ন
তথাপিও মিছা চকুপানী যথেষ্ট কঠিন আৰু দীৰ্ঘম্যাদী, যাৰ কাৰণে ই উপযুক্ত হৈ উঠে, মাথো শোভাবৰ্ধনৰ বাবেই
নহয়,
গ্লাছ কাটিবৰ কাৰণেও।

হাতী
(Elephant)
স্বভাৱগত ভাৱে, হাতীবোৰ সংবেদনশীল আৰু চঞ্চল।সিহঁতৰ কল্পনা শক্তিও বেচ নিপোটল, যিটোৰ কাৰণে সিহঁতে যেতিয়াই তেতিয়াই পাহৰি পেলায় নিজৰ বাহ্যিক
অবয়ৱ। পানীত নমাৰ সময়ত সিহঁতে চকুবোৰ জপাই লয়।নিজৰেই ভৰিৰ খোজ দেখি সিহঁত ক্ষোভিত হয়
আৰু উচুপে।

মই নিজেই এটা হাতীক জানিছিলোঁ যি মৌপিয়া
চৰাই এটাৰ প্ৰেমত পৰিছিল! লাহে লাহে সি খীনাই আহিল, ভালদৰে টোপনি নামাৰিলে,শেষত এদিন হাৰ্ট এটেক
হৈ ঢুকাই থাকিল।

যিসকলে হাতীৰ স্বভাৱৰ বিষয়ে নাজানে সিহঁতবোৰে
এতিয়াও কৈ ফুৰে-সি বৰ লেতেৰা আছিল!
এতিয়াও কৈ ফুৰে-সি বৰ লেতেৰা আছিল!
(কবি পৰিচিতিঃ ইজ্ব্যেগনেভ হাৰ্বাট এজন
পোলেণ্ডৰ আগশাৰীৰ কবি, নাট্যকাৰ আৰু ঔপন্যাসিক
আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তেওঁ সাহিত্যৰ জগতত ভৰি দিয়ে।ইউৰোপৰ বহুচৰ্চিত সাহিত্যিক
সকলৰ মাজত হাৰ্বাটো অন্তৰ্ভুক্ত। প‘লিছ কবিতাৰ ছন্দ:প্ৰকৰণৰ
বিবৰ্তনত হাৰ্বাটৰ উল্লেখযোগ্য অৱদান আছে।

যিসময়ত ইউৰোপৰ কবি-সাহিত্যিক সকল বিভিন্ন
ৰাজনৈতিক পাকচক্ৰত পৰি আদৰ্শৰ কেম্প সাল সলনি কৰি আছিল সেই সময়ত হাৰ্বাটে সদায় প্ৰতিষ্ঠান
বিৰোধী স্থিতিত অটল আছিল। শোষণকাৰী যি ব্যৱস্থাই নহওক তেও সদায় সিবিলাকৰ বিপৰীত দিশত
অৱস্থান গ্ৰহণ কৰিছিল যদিওবা তেও মুক্ত ৰাজনৈতিক আলোচক কেতিয়াও নাছিল।

পোলেণ্ডৰ এগৰাকী ন‘বেল বটাঁ বিজয়ী কবি ছেজলো মিলজে হাৰ্বাটৰ দুটামান কবিতাৰ সংকলন
ইংৰাজী ভাষালৈ অনদূতি কৰিছিল।
ইংৰাজী ভাষালৈ অনদূতি কৰিছিল।
এই কবিতা দুটিও মিলজৰ অনূদিত সংকলনৰ পৰা
লোৱা।)
লোৱা।)