গল্পঃ হামিদা / অমৃতা প্ৰীতম

Posted by : translatorsassam
May 25, 2020

            হামিদা




               ইংৰাজী অনুবাদঃ হৰি শৰ্মা

               মূল গল্পকাৰঃ অমৃতা প্ৰীতম

               অনুবাদঃ অপৰাজিতা গগৈ


 

অমৃতা প্ৰীতম


      তেনেই পুৱাতে, আন্ধাৰ তেতিয়াও আঁতৰাই নাই, হামিদা ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল। এনেদৰে পুৱা ওলাই অহাটো তাই অভ্যাস। ৰাস্তাটোৰ ফুটপাথেদি তাই গৈ থাকিল। অলপ দূৰ গলেই ফিল্ডখন পায়গৈ। তাই কেইখোজমান গৈছিল হে তেনেতে গছজোপাৰ গাতে লাগি  মানুহৰ শৰীৰ এটা পৰি থকা দেখিলে। তাই সাহস গোটাই আঙুলিৰ মূৰত ভৰ দি পৰি থকা দেহটোৰ ওচৰ
পালেগৈ।
সেয়া পাগলী
তিৰোতাজনীৰ দেহ।
নিৰ্জীৱ শিলৰ দম
এটাৰ দৰে তাই পৰি আছে।
তাইৰ দুই ভৰিৰ মাজত
সদ্যজন্মা এটা কেঁচুৱা।
এতিয়াও মাকৰ নাড়ীৰ
পৰা বিচ্ছিন্ন হোৱা নাই।

      হামিদাৰ ডিঙি ভেদি চেপা আৰ্তনাদ এটা ওলাই আহিল। তাই চকু মুদি দিলে। এনে লাগি গল যেন বাগৰি পৰিব। শীতল তেজ এসোঁতা পিঠিয়েদি উজাই আহিব। স্বামী ৰছিদক এই বিষয়ে কবলৈ তাই ঘৰলৈ দৌৰ মাৰিলে।

       ৰছিদ আহিল আৰু মানুহজনীৰ নাড়ী
পৰীক্ষা কৰিলে।
চোৱাৰ কোনো
প্রয়োজনেই নাছিল
, কাৰণ ইতিমধ্যে
মৃত্যুৱে তাইৰ মুখখন শিল যেন কৰি পেলাইছিল।
মৃত্যুৱে কিন্তু কেচুঁৱাটোক আঁকোৱালি নললে। তাৰ হৃদস্পন্দন স্বাভাৱিক গতিতেই চলি আছে। সি তাৰ বাওঁহাতেৰে বুঢ়া আঙুলিটো চুহি আছিল। হামিদাই লৈ অহা পুৰণি কাপোৰ এখনেৰে মৃত শৰীৰটো ঢাকি দিলে।
 আল্লাৰ নামতৰছিদে কেঁচুৱাটো
নাড়ীডাল কাটি মাকৰ পৰা বিচ্ছিন্ন কৰিলে।
হামিদাই তাইৰ দোপাট্টাৰে কেচুঁৱাটো মেৰিয়াই ললে।

          পুৱাৰ কুঁৱলীজাকৰ দৰে বাতৰিটো গাঁওখনত
বিয়পি পৰিল।
তিৰোতাবোৰে মথিবলৈ
ঢালি লোৱা  ময়দা কাঁহীৰ পৰা আঁতৰাই থ
লে। তেওঁলোকে
চৌকাত জ্বলাই লোৱা জুইকুৰা এৰি হামিদাৰ ঘৰলৈ দৌৰ মাৰিলে।
হামিদাই কেচুঁৱাটো গা ধুৱাই নতুন কাপোৰ পিন্ধালে। খাটীয়া এখনত কেচুঁৱাটো শুৱাই দিলে। এনে লাগিল কাপোৰৰ টোপোলা এটাহে। হামিদাই গাখীৰত তিয়াই থোৱা কপাহ  অকনমান সি চুপি আছিল। জাভেদে তাৰ কণমানি আলহীটোক আপোন ভাৱে চাই আছিল।

আল্লাই  তোমাক দয়া কৰক।’
আল্লাই তোমাৰ ঘৰ ভৰাই তোলক।’
তোমাৰ সন্তান দীৰ্ঘজীৱী হওক।’
তোমাৰ প্রতি আল্লাৰ কৃপাদৃষ্টি পৰিছে।’
তিৰোতাবোৰ আহি হামিদাক এনেদৰে
আশীৰ্বাদ কৰিলে।

      তেওঁলোকে হামিদাৰ দয়াক উচ্চ প্রশংসা
কৰি ঘৰা-ঘৰি হ
ল। জ্যেষ্ঠসকলে মৃত পাগলী তিৰোতাজনীৰ শৰীৰ কবৰ দিলে। গধূলি ৰছিদে হাৰিকন লেম্পটোৰ চিমনিটো চাফা কৰি ফিটাডাল বঢাই
জ্বলাই দিলে।
কেচুঁৱাটোয়ে তাৰ
চকুযোৰ উজ্জলাই তুলিলে।
  হামিদাই কেচুঁৱাটোক জুমি জুমি চালে।  কি দুৰ্ভাগ্যই বাৰু
এই অপ্রকৃতিষ্ঠ মানুহজনীক এনে এটা কামত প্রবৃত্ত কৰিলে
? তাই নিজকে সুধিলে – এই কামত তাইৰ সন্মতি আছিল নে , নে তাইক ধৰ্ষণ কৰিলে ? মানুহজনে বুজি
পাইছিল নে যে এই অস্বাভাৱিক মানুহজনীৰ গৰ্ভত 
স্থাপন কৰা বীজটোৰ এদিন কি অৱস্থা হ
ব। তাই বাৰু প্রসৱ যন্ত্রণা কেনেকে সহ্য কৰিছিল ? তাইকতো পৰিচৰ্যা 
কৰিবলৈ কোনো ধাই নাছিল।
তাই
আৰ্তনাদবোৰ নিশ্চয় ৰাতিৰ অন্ধকাৰে গিলি পেলাইছিল।
ঠাণ্ডা বতাহৰ কোবাল ছাটিয়ে তাইৰ যন্ত্রণা নিশ্চয় দুগুণ
বঢ়াই তুলিছিল।
কিন্তু প্রকৃতিৰ
নিয়ম যে অলংঘণীয়।
কেচুঁৱাটোৱে নাজানে
মাকৰ কি যন্ত্রণা।
সি এই পৃথিৱীলৈ
আহিল।
মাকে নিজক শেষ কৰি তাক আনিলে । 

      হামিদাই খাটখনৰ কাষতে কলমটিয়াই
থাকিল। তাই সপোন দেখিলে ৰছিদে ঘোঁৰাৰ লেগাম ধৰি দ্ৰুত গতিৰে তাইক এৰি আতঁৰি গৈছে।
তাইক তিনিদিন তিনিৰাতি বাগানৰ মালিৰ পঁজাঘৰত ৰাখি ঘৰটোৰ পৰা বাহিৰ কৰি উলিয়াই
পঠাইছে। তাৰ পাছত তাই পাগলী হৈ গৈছে। গৰ্ভত এটি ভ্ৰুণ লৈ তাই গাৱত অনাই বনাই
ফুৰিছে। তাৰ পাছত এদিন গছৰ ছাঁত এটা কেঁচুৱা জন্ম দিছে। সন্তানটি দেখিবলৈ ঠিক
জাভেদৰ দৰে। সি তাৰ দাঁত নোহোৱা আলুৰে স্তনৰ মুখ গুজিছে।
কিন্তু শুকান স্তনত কোনো গাখীৰ নাই।

       হামিদা খকমককৈ সাৰ পালে।তাইৰ নতুন
কেঁচুৱাটোৱে তীব্রভাৱে চিঞৰি কান্দিছে। তাই তাক কোলাত লৈ বুকুৰ মাজত সোমোৱাই ল
লে। তাই কিছু উৎকন্ঠাৰে জাভেদলৈ চালে।সি এইমাত্র টোপনি
গৈছে।তাই ৰছিদলৈ কিছু সময় চালে। তেওঁ চোতালৰ চৌকাৰ কাষত বহি আছে।তেওঁ তাইক এৰি
যোৱা নাই অথবা বাহিৰ কৰি পঠিওৱা নাই। তাইক ঘৰতে সুন্দৰকৈ ৰাখিছে। তেওঁ এজন
মৰমিয়াল স্বামী। তেওঁ তাইক কেঁকোৰা-কেঁকুৰি চুলিৰে মৰমলগা জাভেদক উপহাৰ দিছে। এতিয়া
তাইৰ পৰিয়াল বাঢ়িল। ভগৱানে নিজেই অন্য এটা সন্তান পঠাইছে। হামিদা উঠিল। তাই নতুন
কেঁচুৱাটোৰ কপালত চুমা খালে।

       জাভেদে দুবছৰ তাইৰ বুকুৰ গাখীৰ খালে।
হামিদাই শুনিছিল যে বগা জিৰা খালে তিৰোতাৰ বুকুত গাখীৰ উৎপন্ন হয়। তাই বগা জিৰা
মিহলাই এগিলাচ গাখীৰ খালে। তিনিদিনৰ পিছত হামিদাৰ স্তন গাখীৰে ওপচি পৰিল। তাই তুলি
লোৱা কেঁচুৱাটোক নিজৰ কেঁচুৱাৰ দৰে গাখীৰ খুৱাবলৈ ল
লে।
ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ দৰে
হামিদাই তুলি লোৱা অনাথ শিশুটিৰ কথা গাঁৱত বিয়পি পৰিল।
পাগলী তিৰোতাজনী হিন্দু আছিল। মুছলিমবোৰে হিন্দু লৰা এটা তুলি ললে। ইমান
সহস্ৰজন হিন্দু থাকোতে ল
ৰাটো মুছলিম কৰি
পেলালে।

       মেকুৰী পোৱালীটো ইঠাইৰ পৰা সিঠাইলৈ
লৈ ফুৰাৰ দৰে হামিদাই অনাথ শিশুটি বুকুত লৈ ইফালে সিফালে দৌৰি থাকিল।সমুখৰ চোতালৰ
পৰা চ
ৰাঘৰলৈ  ৰাঘৰৰ পৰা শোৱা কোঠালৈ,ভিতৰৰ পৰা
পাছ চোতাললৈ অ
ত তত দৌৰি ফুৰিল।হামিদাৰ এনে লাগিল যেন তাইৰ ঘৰৰ চালে বেৰেও  কেচুঁৱাটো আৰু মৃত মাকৰ কথাকে কৈছে।

হিন্দু সকলে কথাটো আলোচনা কৰিবলৈ সভা
এখন আয়োজন কৰিলে। 

‘আমি নিশ্চিত নে যে পাগলী তিৰোতা জনী হিন্দু আছিল?’ – এজনে সুধিলে। 

       ‘মই এই কথাটো নিজকানে শুনিছোঁ, তাই
লালা মুচাৰ এজন চহকী বনিকৰ  জীয়ৰী আছিল। তাইৰ
স্বামীৰ দ্বিতীয় পত্নীয়ে খোৱা বস্তুত কিবা এবিধ মিহলাই তাইক পাগল কৰি পেলালে।’
’ –এজনে উত্তৰ দিলে

‘‘মোৰ কথা হল যে তাইৰ ঘৰৰ মানুহে মানুহজনীক ঘৰতে ৰাখি চোৱা-চিতা কৰিব
লাগিছিল।’
কিন্তু কি কৰিবা এইয়া তাইৰ ভাগ্য।’ আন
এজনে ব্যাখ্যা কৰিলে ।

মই নিজ চকুৰে তাইৰ বাওঁ হাতত ঔমশব্দটো টাটু কৰা
প্ৰত্যক্ষ কৰিছোঁ।
এজনে মাটিত ভৰিৰ
গোৰোহা মাৰি কথাটোত জোৰ দিলে।

বন্ধুসকল।এইটো কেনে অনিয়ম চোৱাচোন।
আমি বহলকৈ মেলিব খোজা চকুত সিহঁতে ধূলি মাৰিছে।
আমাৰ সকলোৰে বাবে লাজৰ কথা। যেন
হিন্দুধৰ্মী ল
ৰা এটাক ইছলামধৰ্মী কৰাটো পৃথিৱীৰ
একেবাৰে স্বাভাৱিক কথা এটাহে।

কিছুলোকে কথাটো এৰিব খুজিলে।

আমি কব নোৱাৰো কোন বদমাচ এই সন্তানৰ পিতৃ। কোনে এতিয়া জাৰজ সন্তানৰ পিতৃত্ব স্বীকাৰ
কৰিব।

মূৰ্খ! প্ৰচণ্ড উষ্মাৰে এজনে চিঞৰি
উঠিল। বিষয়টো আমাৰ আৰু সিহঁতৰ বিশ্বাসৰ সংঘাত। আমি যদি এই কথাটো নধৰোঁ
,কাইলৈ সিহঁত সকলোৱে আমাক মুছলিম কৰিব খুজিব। তোমালোকে দেখা
নাইনে
,
সিহঁতৰ আচৰণবোৰ কেনে দাম্ভিক হৈছে?’

      কোঠাটোৰ পৰিবেশ ঘৃণাৰে বিষাক্ত হৈ
পৰিল।

আমি লৰাটো ঘূৰাই আনিম।
চাম
,
কোনে আমাক বাধা দি ৰাখিব পাৰে, তাক ডাঙৰ কৰিবলৈ ইমান সমস্যা নহব। তাক ডাঙৰ দীঘল কৰিবলৈ পানীৱালাৰ ঘৈণীয়েক জনীক চান্দা
তুলি পইচা দিম।

নিশ্চয় আমি কোনোৱে এই ভাগ্যহীন লৰা এটাক তুলি-তালি ডাঙৰ কৰাৰ নিচিনা জামেলা এটাত সোমাব
নোৱাৰো।

কোনেও কব নোৱাৰে যে লৰাটো
কলা-বোবা নহ
ব বা মাকৰ নিচিনা পগলা নহব বা সি…..

সেইবোৰ প্ৰসংগ কিয় ? যেতিয়া সি ডাঙৰ হ, সি মন্দিৰটো সৰা-মোচা কৰিব পাৰিব। সি বিচৰা দুবেলা-দুসাজ
আমি যোগান ধৰিব পাৰিম।

সিহঁতে পৰস্পৰে প্ৰশংসাত হাতচাপৰি
বজাই উঠিল।

পানীৱালাৰ তিৰোতাজনীৰ কিবা কথা থাকিব
পাৰে।আমি কিবা কৰাৰ আগতে তাইক বিচৰাটো ভাল হ
ব।

‘তাই আমাক বিমুখ কৰিবলৈ সাহস নকৰে ।
আমি তাইক ৰূপৰ অলংকাৰ এপদ দি পাছত বিষয়টো উত্থাপন কৰিম ।

আনে কাঢ়ি নিয়াৰ আগতে আমি আমাৰ
সম্পত্তিৰ হিচাপ জনাতো উচিত । ধৰা হওঁক ল
ৰাটো ডাঙৰ
হোৱাৰ পাছত সিহঁতে তাইক আমাৰ বিৰুদ্ধে নলগাবনে
?’

তোমালোকে এতিয়াই তাক ঘূৰাই অনাটো
নিবিচাৰানে
? যদি তোমালোকে নিজৰ বিশ্বাস, ধৰ্মক ৰক্ষা কৰিবলৈ এফেৰিমানো কৰিব নোৱাৰা, তেন্তে সাগৰত ডুবি মৰাই ভাল ।

যদি কোনোবাই তোমাৰ পথাৰৰ পৰা নলা
কাটি পানিখিনি লৈ যায়
, তেন্তে হয়তো মনে
মনে থাকিব পাৰা কিন্তু যদি একো নোকোৱাকৈ ল
ৰাটোকে কাঢ়ি
লৈ যায় তেতিয়া কি মৌন হৈ ৰ
বা ?’

      পুনৰ পৰিবেশটো ঘৃণাৰে পূৰ্ণ হৈ পৰিল ।
যেন কয়লা জুইৰ ধোঁৱাই কোঠাটো আৱৰি ধৰিলে ।
তেতিয়াৰ পৰা হিন্দুবোৰে ৰছিদত তীব্ৰ
বিদ্বেষৰ দৃষ্টিৰে চাবলৈ ধৰিলে । সি তেতিয়াই গাঁওখনেদি পাৰ হৈ যায়
, তাৰ প্ৰতি এই দৃষ্টি নিক্ষেপ কৰা হয় ।

      ৰছিদে সিহঁতক উপেক্ষাৰ ভাও জুৰিলে ।
কিন্তু সি পত্নীক সৰ্তক কৰি দিলে যে বিষয়টো বৰ সহজ হৈ থকা নাই । যেতিয়াই ৰছিদে ল
ৰাটোক বিষয়ে কিবা কব খোজে, হামিদাৰ হৃদয় ভয়ত কঁপি উঠে । তাই অকণমানিটোক ছমাহ দিন ধৰি
প্ৰতিপাল কৰিলে
, নিজৰ বুকুৰ গাখীৰ
খুৱালে । এতিয়া সিয়ো তাইক জাভেদৰ দৰে ৰ
লাগি চায় । তাৰ গাল দুখন নোদোকা হৈ পৰিছে । সি হামিদাক নিজৰ মাক বুলিয়েই
ভাবিছে । তাই ঘৰখনৰ য
তেই নাথাকক তাৰ
চাৱনিয়ে তাইকে বিচাৰি ফুৰে । সি তাৰ হাত ৰছিদৰ ফালে আগবঢ়াই দিয়ে
, যিকোনো শিশুৱে দেউতাকক বিচৰাৰ দৰে । হিন্দুসকলে কেঁচুৱাটোৰ
কথা জন্মৰ প্ৰথম দিনাই কিয় নাভাবিলে
? কিয় সিহঁতে তাইক ছমাহ উজাগৰী নিশা কটাবলৈ দিলে ? কিয় সিহঁতে তাইক বুকুৰ গাখীৰৰ বাবে বগা জীৰাৰ গুটি খাবলৈ বাধ্য কৰালে ? কিয় তাইক কেঁচুৱাটোৰ শৌচ , পেচাব কৰা কাপোৰ ধুৱালে ? কিয় ? কিয় ?

এদিন হিন্দুসকলৰ জেষ্ঠ দুজনমানে
ৰছিদক মাতি পঠালে ।

হামিদৰ জিভা শুকাই গল । তেওঁলোকে ৰচিদক বেয়া ব্যৱহাৰ কৰিব নেকি? তেওঁলোকে অপমান কৰিব নেকি? তাই স্বামীৰ
মূৰত হাত থৈ সুধিলে । তায়ো ৰছিদৰ লগতে যাবলৈ কাকূতি-মিনতি কৰিলে । তায়ে তেওঁলোকৰ
সকলো প্ৰশ্ন উত্তৰ দিব। কেঁচুৱাটো তাইক দিবলৈ মিনতি কৰিব । কিন্তু ৰছিদে তাইক নিব
নুখুজিলে । সি অকলেই তেওঁলোকে মাতি পঠিওৱা ঘৰটোলৈ গ
ল ।

হিন্দুসকলৰ জেষ্ঠসকলৰ দল এটা চোতালত
খাটীয়া পাৰি বহি আছিল । তেওঁলোকে ৰছিদ আৰু তাৰ লগৰীয়া সকললৈ অপেক্ষা কৰি আছিল ।

ৰছিদ অকলেই আহিল । তেওঁলোকৰ সবলতাৰ বিপৰীতে
ৰছিদৰ উপস্থিতি যেন এক অৱমাননাৰ প্ৰতীক। এক অসহজ নীৰৱতা বিৰাজ কৰিলে ।

ঠিক আছে , তুমি
কি কৰিব খুজিছা
? তুমি লৰাটো আমাক
ঘূৰাই দিবা নে নিদিয়া
?’ এজনে বৰ গৰ্বিতেৰে হুপি থকা হোকাটো
কাষৰজনক দি সুধিলে।

জীৱন এটা ধৰি ৰাখিবলৈ বা এৰি
দিবলৈ মোৰ কি অধিকাৰ আছে
? সেয়া কেৱল আল্লা, যাৰ দান এইয়া । আল্লাইহে সকলো বিবেচনা কৰিব পাৰে ।কপালখন
স্পৰ্শ কৰি আকাশলৈ চাই ৰছিদে উত্তৰ দিলে ।

এইবোৰ বাজে কথা । বাস্তৱলৈ আহা ।
এজনে খঙতে ফোঁচফোঁচাই কলে ।

আল্লাই অসীম দয়া কৰি মোক এই
শিশুটিৰ জীৱন বচাবলৈ তুমি দিছে । যদি দুঘণ্টাৰ পাছত গৈ পালোহেঁতেন
, তেন্তে এই কেঁচুৱাটি কুকুৰ-মেকুৰীয়ে ফালি চিৰা-চিৰ কৰিলেহেঁতেন । আল্লাই
তাৰ কপালত আয়ুস লিখি দিছে ।

সঁচা , যদি
ভগৱানে কাৰোবাৰ আয়ুসত চাউল কঠা দিয়ে
, তেন্তে এই পৃথিৱীৰ কাৰো
সাধ্য নাই যে তাৰ আয়ুস চুটি কৰিব । কিন্তু তুমি সন্দেহ নাৰাখিবা । ইয়াৰ মাক হিন্দু
আছিল । আমি হিন্দু সন্তানক বেলেগে লৈ যোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰে ।

বন্ধুসকল । মই নাজানো তাই হিন্দু
নে মুছলিম । তাই হিন্দু
, মুছলিম সকলোৰে ঘৰৰ পৰা আহাৰ খাই
জীয়াই আছি ।

তাই পাগল আছিল । তুমি সুস্থ নহয়নে
?’ এজনে খঙত ফোঁচফোঁচালে ।

       যদি তোমালোকে প্ৰথম দিনা কেঁচুৱাটো পালাহেঁতেন  আৰু ডাঙৰ- দীঘল কৰিলাহেঁতেন ,  মই কেতিয়াও এটা
শব্দ ক
বলৈ নাযাওঁ । আমি যেতিয়া প্ৰথম তাক কোলাত তুলি লওঁ,  সি কেইডালমান হাড়ৰ
সমষ্টি । মোৰ পত্নীয়ে অসীম যত্নেৰে তাক ছমহীয়া কৰিলে আৰু তাৰ জীৱন বচালে । এতিয়া
হঠাতে তোমালোকে তাৰ ভৱিষ্যত সম্পৰ্কে সজাগ হৈছা । বন্ধুসকল । আল্লাৰ বিচাৰৰ প্ৰতি
সজাগ হোৱা । এইয়া তেওঁৰ হুকুম হ
ব পাৰে লৰাটোক কোনে ডাঙৰ- 
দীঘল কৰিব
; তুমি নে মই ।
তোমালোকে কি ভাবিছা মই ইয়াৰ পৰা আঁতৰি যাম ।
ৰচিদৰ কণ্ঠত এটা দৃঢ়তা ফুটি উঠিল । কেইজনমান হিন্দুৱে ৰচিদৰ ডিঙি কাটি পেলাওঁ
যেন কৰিলে।    
         
       ‘ আমি এই বিষয়টো এৰি নিদিওঁ ।’ 

এজন হিন্দুৱে নম্ৰভাৱে কলে- লৰাটো তোমাৰ বা কাৰো সম্পৰ্কীয় নহয়‌ । এইটো এটা ধৰ্ম
সম্পৰ্কীয় কথা ।  কোনেও ইয়াৰ পথত বাধা হ
ব নোৱাৰে । কিয় তোমাৰ জীৱন বলিশাললৈ আগ বঢ়াইছা ?  তোমাৰ ভীষণ ক্ষতি হব নোৱাৰে । নকবা যে আমি
সৰ্তক কৰি দিয়া নাছিলো । তুমি বিবেচনা কৰা কি কৰিলে ভাল । ল
ৰাটো নিজ ইচ্ছাৰে আমাক দিয়া । যদি খৰচ লাগে দিবলৈ ৰাজী আছো।

নিশ্চয়
নিশ্চয় ।

বাকীসকলে সমস্বৰে চিঞৰিলে।

আল্লাই আমাক দয়া কৰক ।ৰচিদে কাণত দুই হাত দি আটাহ পাৰি উঠিল ।

           ইয়াত আমাৰ পানীৱালাৰ তিৰোতাজনী আছে। আমাৰ দুজনমান তোমাৰ লগত
তোমাৰ ঘৰলৈ যাওক আৰু ল
ৰাটো হৈ আহক । আমি
তাক পৰাচিত কৰি হিন্দু কৰিম ।

         শেষবাৰৰ বাবে মই ভিক্ষা খুজিছোঁ ।ৰছিদে দুই হাত যোৰ কৰি প্ৰাৰ্থনাৰ ভংগীত কাকূতি কৰিলে । লৰাটোক দয়া কৰা, সি যতে আছে, তে থাকিবলৈ দিয়া । মোৰ পত্নীয়ে নিজ গৰ্ভজাত সন্তানৰ দৰে তাক
প্ৰতিপাল কৰিছে ।

           আমি তোমাক চিধা কথা কৈছোঁ আৰু কি কৰিব লাগে তাকো কৈছোঁ ।
যদি তুমি বুজিছা জ্ঞানীলোকৰ দৰে আমাৰ সতে আঁহা। নহ
লে ইয়াৰ ফলাফললৈ বাট চোৱা । আমিও জানো পোন আঙুলিত ঘিঁউ নুঠে ।

        হিন্দু জেষ্ঠসকলে বিষয়টো নিষ্পত্তি
কৰিবলৈ থিয় হ
ল‌ । পানীৱালাৰ  ঘৈণীয়েকক তাত দেখা গল । তাইৰ মূৰটো দোপাট্টাৰে ঢকা। ৰচিদ নিৰুপায় হল।
সি থিয় হ
ল আৰু দলটোক তাৰ ঘৰলৈ লৈ আহিল।

  
হামিদা দুৱাৰডলিত থিয় হৈ আছিল। তাইৰ চকু সমুখৰ ৰাস্তাত নিবদ্ধ। তাই দেখিলে
ৰচিদৰ আহত দুচকু আৰু তাৰ স
তে অহা মানুহবোৰ ।
তাইৰ কলিজা কঁপিব ধৰিলে। মনত পৰিল এদিন তাইক মাকৰ পৰা কাঢ়ি লৈ যোৱাৰ কথা। তাইৰ
দেউতাকৰ পৰা পৃথক কৰি দিয়াৰ কথা আৰু ভাই-ভনীৰ সতে সু-সম্পৰ্ক নোহোৱা কৰি দিয়াৰ
ঘটনাবোৰ। অনাথ শিশুটি তাইৰ নিজ তেজ-মঙহ যেন হৈ পৰিল। হামিদা দৌৰি ভিতৰলৈ গ
ল। কেঁচুৱাটো তাইৰ বুকুত সুমুৱাই ললে।

   
ৰচিদে তাৰ নিজ চোতাললৈ ৰাস্তা হেৰুওৱা পথিকৰ দৰে ঢলংপলংকৈ আহিল। সি একো ক
বৰ দৰকাৰ নহল বা হামিদাৰো সুধিবৰ
প্ৰয়োজন নহ
ল । পানীৱালা তিৰোতাজনীয়ে হামিদাৰ বুকুৰপৰা
কেঁচুৱাটো কাঢ়ি আনিবলৈ ইতঃস্ততা কৰিলে।

     খৰ কৰা,বহুত পলম হৈছে।  এজন হিন্দুৱে কঠোৰ মাতেৰে আদেশ
দিলে
, ‘ আমাৰ কৰিব লগা অন্য কাম আছে।

   
পানীৱালা তিৰোতাজনীয়ে অনাথটিক হামিদাৰ দুবাহুৰ পৰা এৰুৱাই আনিলে । ল
ৰাটোৰ হাত দুখনে হামিদাৰ দোপাট্টা এৰি নিদিলে । তাইৰ মূৰটো
হাউলি গ
ল ।পানীৱালাৰ তিৰোতাজনীয়ে হামিদাৰ দোপাট্টাৰ পৰা
কেঁচুৱাটোৰ হাত দুখন এৰুৱাবলৈ 
জোৰ দিব লগা হল । কেঁচুৱাটোৱে
অচিনাকি কঠিন হাতৰ স্পৰ্শত জোৰেৰে কান্দি উঠিল ।

   
হামিদা মাটিত বাগৰি পৰিল । তাই কেঁচুৱাটোৰ কান্দোন ঘূৰি ঘূৰি শুনিলে । তাইৰ
স্তনেদি গাখীৰ ওলাই কামিজটো তিয়াই পেলালে ।

   
সেই ৰাতি ৰচিদৰ ঘৰৰ চৌকালে জুই নগ
ল ।
জাভেদে তাৰ দেউতাকক সুধিলে
আব্বা,মোৰ
সৰু ভাইটিক তেওঁলোকে ক
লৈ নিলে? আব্বা!
মোৰ
 ভাইটি কেতিয়া ঘৰলৈ আহিব? ৰচিদে পুতেকলৈ চালে আৰু বুকুত
তাৰ মূৰটো সুমুৱাই ল
লে ।

   
হামিদাই কেঁচুৱাটিৰ কথা ভাবিলে।  তাই
বাৰু লোকে ছিঙা ফুলপাহ কিয় বুটলি ল
লে ?
তাইৰ অন্তৰ্ভাগৰ পানীয়ে মৰহা ফুলপাহ সজীৱ কৰি তুলিছিল। আৰু এতিয়া
তাইক নিঃসঙ্গতাত ডুবাই তেওঁলোকে কাঢ়ি লৈ গ
ল। তাইৰ কাষত
থাকিল ৰচিদ, তাইৰ সন্তান জাভেদৰ পিতৃ।

       দ্বিতীয়
দিনা পাৰ হ’ল। তৃতীয় দিনাও। তাৰ পাছৰ দিনা প্ৰত্যেক গাঁওবাসীৰ মুখত এটাই কথা। সেই হতভগীয়া
কেঁচুৱাটোৰ ভাগ্যৰ কথা। সি এতিয়া মৃত্যুৰ দুৱাডলিত। সিহঁতে মুখত দিয়া প্ৰতিটোপাল গাখীৰ
বমি কৰি দিছে।
গল্পকাৰৰ পৰিচয়ঃ ১৯১৯ চনত পাঞ্জাৱত অমৃতা প্ৰীতমৰ জন্ম । তেওঁ প্ৰথম উল্লেখযোগ্য
পাঞ্জাৱী মহিলা কবি-গল্পকাৰ-উপন্যাসিক। তেওঁ ভাৰত আৰু পাকিস্তান উভয়ৰে জনপ্ৰিয় লেখক
আছিল ।  Kagaz Te Canvas শীৰ্ষক উপন্যাসৰ বাবে সন্মানীয় জ্ঞানপীঠ
বঁটা লাভ কৰে । তেওঁ পদ্মশ্ৰী আৰু পদ্ম-বিভূষণ সন্মানেৰেও সন্মানিত। তেওঁ Sunehade
নামৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 
২০০৫ চনত নতুন দিল্লীত মৃত্যু হোৱা অমৃতা
প্ৰীতম এগৰাকী প্ৰগতিশীল সবল মহিলা লেখিকা হিচাপে জনাজাত।



উৎসঃ অনুবাদকৰ ‘অমৃতা প্ৰীতমৰ গল্প’ নামৰ গ্ৰন্থৰ পৰা উক্ত গল্পটি লোৱা হৈছে। গ্ৰন্থখন প্ৰকাশ কৰিছে পূৰ্বাঞ্চল প্ৰকাশনে। 

Popular Post

ঐতিহাসিক চিঠি