অসমীয়া অনুবাদ কবিতাঃ সাউদৰ ঘৈণীয়েকৰ চিঠি / এজৰা পাউণ্ডৰ কবিতা

Posted by : translatorsassam
May 25, 2020

অসমীয়া অনুবাদ কবিতাঃ সাউদৰ ঘৈণীয়েকৰ চিঠি(The
River-Merchant’s Wife : A Letter
)

মূল কবি: এজৰা পাউণ্ড
অসমীয়া ভাঙনিঃ বিজিত লাহন

তেতিয়াও মোৰ চুলিবোৰ
মাজ-কপালত পৰাকৈ কাটি থোৱা আছিল
মই পদূলিমূৰত উমলি আছিলোঁ, ফুল ছিঙি
তুমি বাঁহৰ পেং-লাখুটিৰ ঘোঁৰাত
উঠি আহিছিলা
তুমি মোৰ কাষলৈ আহিছিলা,
নীলা জামুবোৰ হাতত আছিল তোমাৰ
আৰু আমি চকান গাঁৱত
ঘৰ পাতিবলৈ গুচি গৈছিলোঁ
দুটা সৰু মানুহ–
ঘৃণা অথবা সন্দেহ নথকাকৈ, নুবুজাকৈ!
চৈধ্য বছৰ বয়সত মই
তোমাৰ পত্নী হৈছিলোঁ, মোৰ দেৱতা;
মই কেতিয়াও হঁহা নাছিলোঁ,
ইমান লাজ মোৰ!
তলমূৰকৈ বেৰলৈ চাই
মই বহি ৰৈছিলোঁ, হাজাৰ চিঞৰতো
মই ঘূৰি চোৱা নাছিলোঁ।
পোন্ধৰ বছৰত মই
গোমোঠা মাৰি থকা বাদ দিলোঁ,
মই মোৰ আশাবোৰক তোমাৰ
সৈতে মিলিবলৈ দিলোঁ হেঁপাহেৰে
চিৰকাল চিৰকাল আৰু চিৰকালৰ বাবে–
কেৱল নিজৰ কথাই ভবাটো ভাল জানো?
আৰু, ষোল্ল বছৰত তুমি গলাগৈ
দূৰৈৰ কু-ট‘-য়েনলৈ তুমি গুচি গলা
পকনীয়াৰে ভৰা নদীৰে–
আৰু এয়া, পাঁচ মাহ হল তুমি যোৱাৰো
চোৱাচোন, বান্দৰবোৰে মোৰ মূৰৰ
ওপৰত কেনেকৈ চিঞৰি বিনাইছে!
তুমি ওলাই যাওঁতে
ভৰি দুখন চোঁচৰাই নিছিলা বলেৰে।
পদূলিটো এতিয়া শেলুৱৈয়ে ঢাকি
পেলাইছে, ভিন ৰঙৰ শেলুৱৈ,
শেলুৱৈবোৰ চাফা কৰিব নোৱাৰাকৈ ডাঠ!
এইবাৰ শৰতত পাতবোৰ
আগতীয়াকৈ সৰিল, বতাহত।
ভাদ সোমোৱাৰ লগে লগে
যোৰ-পতা পখিলাবোৰ হালধীয়া হৈ পৰিছে
সৌ পশ্চিমৰ বাগিছাৰ ঘাঁহনিৰ ওপৰত–
আৰু চোৱা, মোৰ হিয়া ভাঙিছে।
মই লেৰেলি আহিছোঁ লাহে লাহে।
যদিহে তুমি কিয়াং নৈৰ
ঠেক সুঁতিৰে উভতি আহা,
মোক আগতীয়াকৈ জনাবা দেই–
মই চ‘-ফু-ছালৈকে আগুৱাই যাম
তোমাক চাবলৈ!

অনুবাদকৰ টোকাঃ Ezra Pound মোৰ প্ৰিয় কবিৰ
এগৰাকী। তেখেতৰ সৰল আৰু আৱেদনময়ী ভাষাই পাঠকক মুগ্ধ কৰি আহিছে। এই কবিতাটো
Li Po নামৰ এজন চীনা কবিৰ এটা কবিতাৰ মূল ভাৱ একে ৰাখি লিখিছিল পাউণ্ডে, তেখেতৰ ভাষাত-“এয়া শব্দৰ অনুবাদ নহয়, ভাৱৰ বিশ্বজনীনতাৰ অনুবাদ!” মজাৰ কথাটো হ, এই কবিতাটোৰ প্ৰেৰণাৰে
হেম বৰুৱাই লিখিছিল “মমতাৰ চিঠি”! ইংৰাজী ৰূপটো পঢ়িব
, পাব বিচাৰিলে!



কবি পৰিচয়ঃ এজৰা পাউণ্ডৰ জন্ম ১৮৮৫ চনত । তেওঁ আধুনিক
মাৰ্কিন সাহিত্যৰ এজন অন্যতম পিতৃ পুৰুষ। 
আধুনিক কবিতাৰ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ
নাম পাউণ্ড এজন
ফেচিষ্ট চিম্পেথাইজাৰআছিল। পাউণ্ডে ইমেজিজমক আধুনিক কবিতালৈ প্ৰাচীন চীনা আৰু জাপানী কাব্যৰ পৰা তুলি আনিছিল।
তেখেতৰ বিখ্যাত কাব্য-সৃষ্টি সমূহ
—Ripostes(১৯১২), Hugh Selwyn Mauberley(১৯২০), The Cantos(১২০ খণ্ডৰ অসম্পূৰ্ণ মহাকাব্য)। পাউণ্ডে বিংশ শতিকাৰ প্ৰথম ভাগত
বহুকেইখন অমেৰিকান কাব্য আলোচনীত
বিদেশী সম্পাদকহিচাপে কাম কৰিছিল আৰু এলিয়ট, জেমচ জয়ছ, ৰবাৰ্ট ফ্ৰষ্ট, হেমিংৱে আদিৰ দৰে সাহিত্য প্ৰতিভাৰ উত্থানত সহায় কৰিছিল।

 তেওঁ পুঁজিবাদৰ বিৰোধিতা কবি ৰাষ্ট্ৰদ্ৰোহৰ
অপৰাধত তেৰ বছৰ কাৰাগাৰত থকা কবি। ১৯৭২  চনত
তেওঁৰ মৃত্যু হয়।

Popular Post

ঐতিহাসিক চিঠি