অসমীয়া অনুবাদ কবিতা
মূলঃ কৈলাশ বাজপেয়ী (হিন্দী)
অসমীয়া ভাঙনিঃ ৰুবুল দাস
সমাগম
সকলো সলনি হয়নিজৰ গতিৰে
কেৱল নদীয়েই নহয়
পাহাৰো
টুকুৰা টুকুৰ হৈ বৈ যায়
পানীৰ তলেৰে
নদীৰ গাতে গা ঘঁহাই ।
অন্ততঃ
শৰীৰে সহযোগ
নকৰে
নহ‘লে
অনাহকত কোনেনো মৰে
নকৰে
নহ‘লে
অনাহকত কোনেনো মৰে
স্পন্দন
কবিতা প্ৰত্যেক মানুহেই
নিজৰ
বোধেৰে বুজে
ঈশ্বৰ এটা কবিতা ।
নিজৰ
বোধেৰে বুজে
ঈশ্বৰ এটা কবিতা ।
আদিতম প্ৰশ্ন
জন্মতে তুমি
একো নুসুধিলা
মৰিলেও
সুধিবলৈ নাপাবা একো
তেনেহ‘লে এই মাজৰ সময়খিনিত
সুধিছা কিয়
একো নুসুধিলা
মৰিলেও
সুধিবলৈ নাপাবা একো
তেনেহ‘লে এই মাজৰ সময়খিনিত
সুধিছা কিয়
কবি পৰিচিতিঃ জন্ম :১১ নভেম্বৰ,
১৯৩৬ । মৃত্যু :১ এপ্ৰিল,
২০১৫ ।
আধুনিক হিন্দী কাব্য-জগতৰ এগৰাকী অন্যতম কবি
হ‘ল কৈলাশ বাজপেয়ী।
তেওঁৰ জন্ম উত্তৰ প্ৰদেশত। ‘হৱা
মে হস্তাক্ষৰ‘ কাব্য
গ্ৰন্থৰ বাবে তেওঁ ২০০৯ চনত ‘সাহিত্য অকাডেমী ‘বঁটা লাভ কৰে । তেওঁৰ কবিতাত দাৰ্শনিক অনুভূতি বিদ্যমান ।
লগতে কম কথাতে কবিতাক শিল্পসন্মত কৰিব পৰাতো
তেওঁৰ অন্য এক বিশেষত্ব । তেওঁৰ কেইখনমান উল্লেখযোগ্য কাব্যগ্ৰন্থ হ‘ল–
১ ।
তিসৰা অন্ধেৰা
২। ভৱিষ্য ঘট ৰহা হ্যায়
৩। মহাস্বপ্ন কা সমন্দৰ ইত্যাদি |