গল্পঃ আদিবাসীবোৰে আৰু নানাচে / হাঁচদা সৌভেন্দ্ৰ শেখৰ

Posted by : translatorsassam
May 26, 2020

আদিবাসীবোৰে আৰু নানাচে (ADIVASIS WILL NOT DANCE)


মূলঃ হাঁচদা সৌভেন্দ্ৰ
শেখৰ
অসমীয়া  অনুবাদঃ অৱনী বুঢ়াগোহাঁই । 

সিহঁতে মোক মাটিত পেলাই
হেঁচা মাৰি ধৰিলে। সিহঁতে মোক কথা কবলৈ নিদিলে
, মোক প্ৰতিবাদ কৰিবলৈ নিদিলে, আনকি
মই মূৰটো দাঙি
, মোৰ একে লগৰে গান বাজনা কৰা আৰু নচা
মানুহকেইটাক পুলিচে পিটি থাকোতে মোক এবাৰো চাবলৈ নিদিলে । মাত্ৰ মই শুনিবলৈ পালো
সিহঁতৰ কান্দোন আৰু ৰেহাই দিবলৈ কোৱা চিঞৰ আৰু কন্দাকটাবোৰ । মই সিহঁতৰ বাবে গভীৰ
দুখ পাইছিলো । মই সিহঁতক হতাশ কৰিলো । যিটো কৰিলো
, মই
নিজ খুচী মনে কৰিলো। ভাবো
, মোৰ জানো কিবা উপায় আছিল ? মই
যদি সিহঁতৰ সতে পৰিকল্পনাটো বুজাই কৰিলোহেঁতেন। সিহঁতে বিপদত মোৰ কাষত
থাকিলহেঁতেন। কাৰণ সিহঁতো মোৰ দৰেই ভূক্তভোগী । মই জানো
, সিহঁতে
মোৰ কাষত থাকিলহেঁতেন
, সিহঁতে মোৰ সৈতে একেলগে কথা বাৰ্তাত ভাগ
ললেহেঁতেন আৰু একেলগে আমাৰ কণ্ঠৰ আৱাজ সশব্দে ধ্বনিত প্ৰতিধ্বনিত হ
লহেতেন
। সিহঁতে আমাৰ চাওতাল পৰগণাৰ পৰা ওলাই আহিলহেঁতেন
, আমাৰ
ঝাৰখণ্ড ৰাজ্যৰ পৰা ওলাই আহিলহেঁতেন আৰু গলগৈহেঁতেন দূৰ দূৰান্তৰ দিল্লিলৈ আৰু গ
লহেঁতেন
ভাৰত-দিশমলৈ । তেতিয়া গোটেই পৃথিৱীয়ে গম পালেহেঁতেন আমাৰ যন্ত্ৰণা । তেতিয়া হয়তো
আমাৰ
  বাবেও
কিবা এটা কৰিলেহেঁতেন
, তেতিয়া হয়তো ৰাষ্ট্ৰপতিয়ে কিবা এটা কৰি দিবলৈ
ৰাজী হ
লহেঁতেন । কিন্তু মই, কাৰো সৈতে মোৰ পৰিকল্পনাৰ
আলোচনা নকৰিলো
, আৰু জধামূৰ্খৰ দৰে অকলে অকলে গুচি গলো । সিহঁতে
মোক গবা মাৰি ধৰিলে
, মাৰি মাৰি মাটিত পৰি যাব লগা কৰিলে, মুখত
হাত দি হাতেৰে সোপা মাৰি ধৰিলে । মোৰ নিজকে সহায়হীন আৰু মূৰ্খ যেন লাগিল । সঁচাকৈ
, আমি
চাওতালবোৰ মূৰ্খই ! সকলো আদিবাসীবোৰেই মূৰ্খ । বছৰৰ পাচত বছৰ জুৰি
, আমাৰ
প্ৰতিটো চামে চামে
, “দিকুবোৰে আমাৰ অজ্ঞতা আৰু মূৰ্খামীৰ সুযোগ লৈ আহিছে । কোৱাচোন মোক,  মই
কি ভুল কথা কৈছো নেকি
?

মই মাত্ৰ কৈছিলো, ” আমি আদিবাসীবোৰে এতিয়াৰ পৰা আৰু নানাচো“—
কিনো ভুল কথা কলো মই ? আমিবোৰ
পুতলাৰ দৰে —-কোনোবাই আমাক
অনকৰি দিব বা আমাৰ পাচফালৰ চাবি এটা পকাই দিব, আৰু
আমি চাওতালবোৰে আমাৰ তামাক আৰু টুমডাকত তাল দি লহৰ তুলিম
, আমাৰ
টিৰিয়ত ফুঁ দি সুৰ তুলিম আৰু ইফালে আমাৰ নাচোনৰ চোতালবোৰ কোনোবাই কাঢ়ি লৈ গৈ থাকিব
। কোৱাচোন। মই জানো ভুল কৈছো
?

মই ভবা নাছিলো, কথাবোৰ
ইমান বেয়ালৈ যাব । মই ভাবিছিলো ভাৰতৰ সকলোতকৈ ভাল মানুহজনক
____ ৰাষ্ট্ৰপতিজনক কথাবোৰ জনাইছো। তেওঁ আমাৰ চুবুৰীয়া নহয়জানো ? তেওঁৰ
ককাক
, আজোককাকহঁত সৌ  ওচৰৰে বীৰভূম জিলাৰ । তেওঁলোকৰ পুৰণি ঘৰখন
এতিয়াও তাতে আছে। বীৰভূম
__ ত ৰাবিন-হাৰাম আৰু
চাওতালবোৰে একেলগে সম্প্ৰীতিৰে বাস কৰিছিল । য
ত ৰাবিন-হাৰাম সজা হৈছে মই
তালৈ গৈছো । কি নাম আছিল! অঁ চান্তিনিকেতন ! মই তালৈ বহুত দিনৰ আগতে গৈছিলো
, আমাৰ
দলটো লৈ নৃত্য-গীত কৰিবলৈ । তাত দেখিছিলো আমাৰ চাওতাল দলটোক তেওঁলোকে বেছ সেৱা
সৎকাৰ কৰিছিল । চান্তিনিকেতন আছে বীৰভূমত আৰু আমাৰ ৰাষ্ট্ৰপতিও বীৰভূমৰে । তেওঁ
মোৰ কথাত কাণ দিব লাগিছিল
, কি কোৱা ? কিন্তু তেওঁ কাণ নিদিলে ।
কি যে মূৰ্খ মই । এটা মূৰ্খ
চাওতাল
, এটা মূৰ্খ আদিবাসী !

মোৰ নাম মঙ্গল মুৰ্মু । মই
গান বাজনা কৰা মানুহ । নহয় ৰ
বা ৰবা, মই
এজন খেতিয়ক বা
…… মই খেতিয়ক আছিলো। খেতিয়ক আছিলো কথাটোহে শুদ্ধ ।
কাৰণ এতিয়া আৰু মই খেতি নকৰো। পাকুৰ জিলাৰ
, আমৰাপাৰা ব্লকৰ, মোৰ
গাঁও মাটিয়াজুৰিত এতিয়া সৰহভাগ চাওতালেই এতিয়া আৰু খেতি নকৰে । আমাৰ মানুহবোৰৰ
কেইজনমানৰহে খেতি আছে
; খননকাৰী প্ৰতিষ্ঠানটোৱে চব মাটি লৈ ললে। বহুত
ধনী কম্পেনী এইটো । আমাৰ মাটিখিনি লৈ লওঁতে আমি যুঁজ বাগৰ কৰা নাছিলো
, এনে
নহয় । কৰিছিলো । আমি যেতিয়া যুঁজ কৰি আছিলো
, অমুক পলিটিকেল লীডাৰ আহিল, তমুক
পলিটিকেল লীডাৰ আহিল
, অমুক কিৰিস্টান চিস্টাৰ আহিল, তমুক
কিৰিস্টান ফাদাৰ আহিল । দেখিবলৈতো এনে লাগিল আমাৰ সমৰ্থন দিবলৈ আহিছে । কিন্তু আমি
হাৰিলো । আৰু হৰাৰ পাচত চব দিহাদিহি গুছি গ
ল । লীডাৰবোৰ হয় ৰাঁচী নহয়
দিল্লি বা আন আন ঠাইলৈ গুচি গ
ল । কিৰিস্টানবোৰ নিজৰ
মিছনেৰীলৈ উভটিল । কিন্তু আমাৰ মাটিবোৰ আৰু আমাৰ হাতলৈ নাহিল । আনহাতে এজনী
চিস্টাৰক কোনোবাই মাৰি পেলালে আৰু আমাৰ ল
ৰাহঁতক তাইৰ মৃত্যুৰ বাবে
সাঙুৰি লৈ গুচি গ
ল । খবৰকাগজবোৰে, মিডিয়াৰ
মানুহে আমাৰ ল
ৰাহঁতকে দোষাৰোপ কৰিলে । সিহঁতে জনালে যে
কিৰিস্টান চিস্টাৰজনীয়ে আমাৰ অধিকাৰৰ সম্পৰ্কত যুঁজ কৰিবলৈ আহিলে আৰু আমাৰ ল
ৰাহঁতে
তাইকহে হেনো হত্যা কৰিলে । কিয় বাৰু সিহঁতে তাইক হত্যা কৰিব
? আমাৰ
ৰাহঁতৰ কোনো ৰিপৰ্টাৰ বন্ধু নাই যে, সেয়ে
সিহঁতৰ সংগ্ৰামখন অন্যলোকে দেখা নাপালে
, কিন্তু কিৰিস্টান চিস্টাৰৰ
মিছনেৰী সংগঠন আৰু বন্ধুবান্ধৱ থকা গতিকে সকলোৰে মনযোগ কাঢ়িব পাৰিলে । এতিয়া
যেতিয়া আমাৰ ল
ৰাহঁত মিছা অভিযোগত জেলত
সোমাই আছে
, আমাৰ বাবে যুঁজিবলৈ কোন আগবাঢ়ি আহিব ?
এতিয়া সেই মিছনেৰীবোৰ আৰু সিহঁতৰ বন্ধুবিলাক
? যদি মিছনেৰীবোৰ আমাৰ হিতৈষী, আৰু
কোনোবা যদু-মধুবোৰে আমাৰ বাবে যুঁজিছিল
, তেন্তে কিয় সিহঁত পলাই গুছি
? এজনী কিৰিস্টান চিস্টাৰক হত্যা কৰা, নজনা
নুশুনা কোনোবা মাটিৰ বাবে যুঁজ কৰা চাওতাল ল
ৰা এজাকক সেই হত্যাত জড়িত
কৰাই দিয়া
, দুয়োটা প্ৰতিবন্ধকক আঁতৰাই দিয়া____ কিৰিস্টান আৰু চাওতাল লৰাজাকক ৰাষ্টাৰ পৰা নিলগ কৰি,  আৰু
যিমান পাৰা সিমান মাটি দখল কৰি আঁকুৰি ধৰা। যিমান পাৰা সিমান খনি খান্দিবলৈ লাগি
যোৱা
, আৰু গৰ্ভত থকা সকলো কয়লা উলিয়াই পেলোৱা । এনেদৰেই সকলো
কয়লাৰ কোম্পানীবোৰে কাম কৰে । এনে চিনেমাৰ কাহিনীৰ দৃশ্য বুজিবলৈ বৰ কঠিন নে
মিডিয়াৰ মূৰতে নোসোমায়
?

কয়লাৰ সদাগৰহঁতে যদি আমাৰ
একাংশ মাটি লৈ ললে
, বাকী অংশ লৈ শেষ কৰিলে শিলৰ ব্যৱসায়ীহঁতে,  এই
সকলোবোৰ হ
দিকু” _____ মাৰোৱাৰী, সিন্ধী, মণ্ডল, ভগত, মুছলিম
। সিহঁতে আমাৰ মাটিবোৰ সম্পূৰ্ণ ভোঁহাৰি পেলালে
, তলৰ
মাটি ওপৰ কৰিলে
, ভিতৰৰ মাটি বাহিৰ কৰি পেলালে সিহঁতৰ শক্তিশালী
গধুৰ মেচিন লগাই । সিহঁতে আমাৰ মাতৃস্বৰূপা আইৰ ভিতৰৰ পৰা উলিয়াই অনা শিলবোৰ বেচি
দিলে দূৰ দূৰান্তত
_____ দিল্লি, নয়দা, পানজাবত
। এই কয়লা কোম্পেনী আৰু শিলৰ আকৰৰ মালিকবোৰে আমাৰ মাটিৰ তলৰ বস্তুৰে সীমাহীন আয়
কৰিলে । সিহঁতে নিজৰ বাবে টাউনত ডাঙৰ ডাঙৰ ঘৰ বনালে
, ধুনীয়া
ধুনীয়া কাপোৰ পিন্ধে
, দূৰৰ কোনোবা ভাল ইস্কুলত সিহঁতৰ লৰাছোৱালীক
পঢ়ুৱায়। যেতিয়া সিহঁত বেমাৰ পৰে
, ৰাঁচী, পাটনা, ভাগলপুৰ, মালদা, বৰ্ধমান, কোলকাতাৰ
ভাল ভাল ডাক্তৰৰ হতুৱাই চিকিৎসা কৰোৱায় । আৰু আমি চাওতালবোৰে বিনিময়ত পাওঁ কি
? পিন্ধিবলৈ
ফটা ছিটা এযোৰ কাপোৰ । কোনোমতে জীৱনটো ধৰি ৰাখিবলৈ অকনমান খোৱাবস্তু
আমি ভুগি থাকো ভালদৰে উশাহ ল
নোৱাৰা বেমাৰত
, কাহিলে তেজ ওলাই আহে, আৰু
চকুৰে হিচাব কৰিব পৰা বুকুৰ হাড়কেইডাল দেখা পোৱাকৈ
, কেৱল
জীয়াই থাকো ।

ৰা
ছোৱালীবোৰৰ শিক্ষাৰ বাবে বিনামুলীয়া চৰকাৰী বিদ্যালয়ৰ ওপৰত ভৰষা কৰো
,
মাষ্টৰবোৰ কেৱল মধ্যাহ্ণ 
ভোজন সিজাবলৈহে আহে অথবা আমি
কিৰিস্টান মিছনেৰী ইস্কুললৈ যাওঁ য
ত আমাৰ লৰাছোৱালীহঁতক
কোৱা হয় বংগা-বুৰুক পূজা নকৰি মাৰিয়াম আৰু যিচুৰ প্ৰতি নিষ্ঠাবান হ
বলৈ
। যদিহে আমাৰ শিশুহঁতে অস্বীকাৰ কৰে
, তেতিয়া চিস্টাৰ আৰু
ফাদাৰহঁতে কয় যে এই চাওতাল নামবোৰ যেনে
, হপনা, চন, চিঙ্গৰায়…… নামবোৰ
ভাল নহয় । সিহঁতক নতুনকৈ নামাকৰণ কৰা হয়
, ডেভিদ, মিকাইল, কিৰিস্টফাৰ
আৰু কিবাকিবি নামেৰে । আৰু সেয়াই নহয়
, মুছলিম বিলাকে আমাৰ ঘৰ ভাঙি
সোমাই আহি
, আমাৰ তিৰোতাৰ লগত একেলগে শোৱে আৰু আমি চাওতাল পুৰুষহঁতে
একোৱেই কৰিব নোৱাৰো ।

কিনো কৰিব পাৰো আমি ? সিহঁত
আমাতকৈ সংখ্যাত বহুত বেছি । চাওতাল পৰগণাত ইখন গাঁৱৰ পাচত সিখন গাঁও
, যিবোৰত
আমি চাওতালবোৰে বসবাস কৰি আহিছিলো
, আজি মুছলিমৰ গাঁও হৈ পৰিল ।
যিবোৰ এমুঠিমান হিন্দুও আছে সিহঁত নিম্ন জাতৰ । সিহঁতো শক্তিহীন আৰু সংখ্যাত কম।
কিন্তু হিন্দুবোৰে জানো আমাক সহায় কৰিব
? যিবোৰ হিন্দু পাকুৰ টাউনত
থাকে সিহঁত ধনী আৰু সিহঁতৰ কেৱল আমাৰ মাটিৰ ওপৰতহে চকু । সিহঁতৰ বিয়া-বাৰুৰ সময়ত
কেৱল আমাৰ নাচ গান চাবলৈহে ভাল পায় । যদিহে সিহঁতে আমাক সহায় কৰিবলৈ আহে
, সিহঁতে
কব যে আমি চাওতালবিলাকে গৰুৰ মাংস
, গাহৰিৰ মাংস আৰু হাঁড়িয়া
খাবলৈ বন্ধ কৰিব লাগিব। সিহঁতে আমাৰ চাৰণা ধৰ্মটোক পাহৰাই দিবলৈ চেষ্টা কৰি আছে
আৰু আমাক চাফা-হোৰলৈ ধৰ্মান্তৰিত কৰিবলৈ চেষ্টা কৰিছে যাতে সিহঁতৰ জনসংখ্যা বাঢ়ি
যোৱাৰ লগে লগে ভোটবেঙ্কো শক্তিশালী হৈ পৰে । চাফা হোৰ অৰ্থাৎ বিশুদ্ধ লোক
, পৰিষ্কাৰ
লোক কিন্তু সিহঁতৰ দৰে পৰিষ্কাৰ আৰু বিশুদ্ধ হবযে নোৱাৰে সেয়া সত্য ! সদায়েই
সিহঁততকৈ কিছু পৰিমাণ হলেও বিশুদ্ধতা আনৰ কম হ
ব । হিন্দুবোৰৰ দৃষ্টিত আমি
চাওতালবোৰ হয় কিৰিস্টান
, নহয় কিছু পৰিমাণৰ চাফা-হোৰ । আমাৰ হাতৰ পৰা
আমাৰ চাৰণা ধৰ্মবিশ্বাসটো এৰ খাই গৈছে
, আমাৰ পৰিচয় আৰু শিপা হেৰাই
গৈছে আৰু আমি হৈ পৰিছো ক
ৰবাৰ কোনোবা ।

এই কয়লা আৰু শিল, এইবোৰেই
আমাক ধদুৱা বনাই পেলাইছে । আমাৰ গাঁৱৰ মাজেদিয়েই গুছি গৈছে কয়লা ৰোডটো । বিশাল
আকাৰৰ হাইভাছখনে এই কয়লা ৰোডৰ ওপৰেদিয়েই কয়লা কঢ়িয়ায়। সেইসময়ত অন্য কোনো গাড়ী সেই
পথেদি যাব নোৱাৰে । এই ট্ৰাক ড্ৰাইভাৰবোৰ বৰ উগ্ৰ
, সিহঁতে
বাটত পোৱা যিকোনো গাড়ীকে মন গলেই খুন্দিয়াই দিব পাৰে । অৱশ্যে উপায়ো নাই
, সিহঁতৰ
কামেই তেনেধৰণৰ । যিমানে ট্ৰিপ মাৰিব
, সিহঁতে সিমানেই ধন ঘটিব
পাৰিব। আৰু যদি মানুহো মাৰে
, হব কি ? দুই
চাৰিটা দুৰ্ঘটনাজনিত মৃতুৱে কয়লা কোম্পানীৰ কামত মন্থৰতা আনিব নোৱাৰে । মৃতকৰ
পৰিয়ালক টকা দিয়া হয়
, ঘটনাটো লুকুৱাই পেলোৱা হয়, আৰু
পুনৰ চিন্তামুক্ত ড্ৰাইভাৰটোৱে পূৰ্ণোদ্যমে কোম্পানীৰ আন ট্ৰিপবোৰ মাৰিবলৈ লাগি
যায়।

আৰু আমি চাওতালবোৰে ? আৰু
আমি ৰৈ থাকো
, যেতিয়ালৈকে কয়লা ৰোডতএন্ট্ৰিফলকখন নালাগে ! তেতিয়াহে
আমাৰ মুনিহ
, তিৰোতা আৰু লৰাছোৱালীহঁতে
জুমে জুমে ৰাষ্টালৈ ওলাই আহি হাইভাচখনক ঘেৰি ধৰে। তাৰপাচত কোনোৱে নখেৰে
, আঙুলিৰে, হাতেৰে, বা
হাতৰ কাষত যিয়েই পালে তাকে লৈ
, কয়লা চুৰি কৰাত লাগি যায়।
ড্ৰাইভাৰবোৰে আমাক বাধা দিব নোৱাৰে
, ৰাষ্টাত মোতায়ন কৰা কয়লা
কোম্পানীৰ পেটুৱা পেটুৱা বিহাৰী চিকিউৰিটি গাৰ্ডবোৰেও নোৱাৰে । কাৰণ সিহঁতে ঠিক
জানে
, সিহঁতে যদি আমাক কয়লা চুৰি কৰিবলৈ নিদিয়ে, আমি
পথত ঘেৰাও কৰি সিহঁতৰ ট্ৰাকবোৰ যাবলৈ নিদিম ।

কিন্তু কথা হ
কোম্পানীয়ে
 
টনৰ হিচাবত কয়লা উলিয়ায়
, তাত কেই-কুইণ্টেলমান কয়লা চুৰ হোৱাটো এটা অতি
সাধাৰণ কথা। সিহঁতে ভালদৰে জানে
, আমি অৰ্থাৎ প্ৰখ্যাত
বিদ্ৰোহী চিদু আৰু কানহুৰ সতি সন্ততিহঁতে যদি ইচ্ছা কৰে
,তাত
থকা সকলো ব্যৱসায় বন্ধ কৰি দিব পাৰে । সেয়ে সিহঁতে আমাৰ সতে সুবিবেচনা আৰু
বাস্তৱসন্মত ব্যৱহাৰ কৰে। মুঠ কথাত আমাৰ মাটিবোৰ সিহঁতৰ হ
, আমাৰ
কয়লাবোৰ সিহঁতে লৈ ললে
, সেয়ে পুনৰ সিহঁতে আমাৰ পৰা পুনৰ বাৰ চুৰি কৰাৰ
অধিকাৰটো কাঢ়ি লব নোখোজে ।

এই কয়লাই আমাক টুকুৰা
টুকুৰকৈ গিলিব ধৰিছে । কয়লা ৰোডৰ কাষে কাষে দেখিব এক
  লা
আৱৰণ
,  গভীৰ, মচিব নোৱাৰা । আমাৰ গাঁৱৰ
গছবোৰে আৰু জোপোহাবোৰে বহন কৰি থাকে ক
লা ৰঙৰ পাতবোৰ । আমাৰ
ৰঙামাটিবোৰ ক
লা হৈ পৰিল । শিল, পাথৰ,  বালি
সকলোবোৰ ক
লা। আমাৰ ঘৰৰ মুধচৰ পাটবোৰ কলা
হৈ গ
ল আৰু জুয়ে পোৰা মাটিৰ ৰঙা ৰংটো হেৰুৱাই পেলালে । আমাৰ
চাওতালৰ ঘৰৰ বাহিৰৰ বেৰত আঁকি ৰখা ফুল আৰু লতাবোৰৰ ছবি
, ৰা
চৰাইৰ ছবি সকলো ক
লা হৈ গল । আমাৰ লৰাছোৱালীৰ
গাৰ ৰং শ্যাম বৰণীয়া হলেও
, এতিয়া কলা ধুলিৰ চামনি পৰি পৰি  চিৰস্থায়ীভাবে কলা
হৈ পৰিল । যেতিয়া সিহঁতে কান্দে
, চকুপানীৰ সোঁত গালেৰে বৈ আহে, এনেহে লাগে যেন এক শুকান কলা
ভূমিখণ্ডৰ মাজেদি দাগ কাটি কাটি গৈ আছে । মাত্ৰ আমাৰ চকুবোৰহে ৰঙা হৈ জ্বলে
, জ্বলন্ত
আঙঠাৰ দৰে । আমাৰ ল
ৰাছোৱালীৰ প্ৰায়বোৰেই স্কুললৈ নাযায়। কিন্তু
প্ৰত্যেকেই
…… স্কুললৈ যোৱাই হওক বা নোযোৱাই হওক, দিনে
ৰাতিয়ে সন্ত্ৰষ্ট হৈ থাকে কয়লা চুৰ কৰা আৰু বেচাৰ ন ন উপায়বোৰ চিন্তা কৰাত ।
 

চাওতালবোৰৰ ব্যৱসায়ৰ জ্ঞান
নাই । আমি সহজতে কয়লাবোৰ পাওঁ
, আৰু কম দামতে বেচি দিওঁ ।
ভাতৰ বাবে
, কাপোৰৰ বাবে আৰু মদৰ বাবে হলেই হকিন্তু এই জুল্হাবিলাক যাক তোমালোকে মুশ্লিম
বুলি কোৱা
, আমি কওঁ জুল্হা……
সিহঁতে কয়লাৰ দাম ভালদৰে
জানে
, সিহঁতে টকাৰ প্ৰকৃত মূল্যও চিনি পায় । সিহঁতে যিটো
সুবিধাজনক বুলি ভাবে
, তেনে দামেই নিৰ্দ্ধাৰণ কৰে । আৰু মাটিয়াজুৰিৰ
পৰা যিমানে কয়লা দূৰলৈ গৈ থাকিব
, দামো সিমানেই বাঢ়ি গৈ থাকিব।

দহ বছৰ মানৰ আগতে, মাটিয়াজুৰিৰ
চাওতালবোৰে বছৰৰ শেষত যেতিয়া খেতিৰ শইচ ভাগ বটোৱাৰা কৰিবলৈ নামালৰ দিশে যাবলৈ
ওলাইছিল
, চাৰিটা জুলহা পৰিয়াল ঘপহ্ কৰে কৰবাৰ
পৰা ওলালহি আৰু আমাক সিহঁতে থাকিবলৈ ঠাই বিচাৰিলে । বৰ দুখীয়া আছিল সিহঁত
, আৰু
আমাৰ নিচিনাই জুৰুলা দৰিদ্ৰ আছিল । সম্ভবত: আমাতকৈ বেছিহে জুৰুলা আছিল । থাকিবলৈ
দিয়াৰ বাবদ সিহঁতে কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । সিহঁতে কৈছিল যে আমি নথকা
সময়বোৰত সিহঁতে আমাৰ খেতি-বাতিবোৰ চাব আৰু খেতি কৰি আধিয়াৰ হিচাবে অংশ এটা ল
ব।
সিহঁতক
আমি বিশ্বাসত ললো ।

সিহঁতে আমাৰ পথাৰত কামত লাগি
ল আৰু মাটিয়াজুৰিৰ আঁতৰৰ চুকীয়া ঠাই এডোখৰত চাৰিটা জুপুৰী
সাজি ললে । আজি সেই চাৰিটা জুপুৰীৰ থুপটো বাঢ়ি বাঢ়ি গৈ এশটা ঘৰতকৈ অধিক এটা চুবুৰী
(তলা) হ
লগৈ। জুপুৰী নহয়, ঘৰ । যিসময়ত আমি চাওতালবোৰে
আমাৰ গাঁওবোৰত এতিয়াও বোকা মাটিৰে লিপা ঘৰবোৰত থাকো
, প্ৰতিটো
জুলহাৰ ঘৰবোৰত একোখনকৈ হলেও পকী বেৰ
, আৰু চিমেন্টেৰে পকী কৰা এখন
আগচোতাল থাকে । এই চুবুৰীটোৰ এতিয়া নাম মাটিয়াজুৰিৰ জুলহা তলা। এটা সময়ত কিন্তু
মাটিয়াজুৰি একমাত্ৰ কেৱল চাওতাল মানুহৰ গাঁও আছিল । এতিয়া দুটা চুবুৰী
, চাওতাল
তলা আৰু জুলহা তলা
; তাৰে জুলহা তলা চুবুৰীটো আমাৰটোতকৈ বেছি ডাঙৰ।
কেতিয়াবা মই ভাবি পাৰ নাপাওঁ
, আচলতে ইয়াত অল্পসংখ্যককোনবোৰ
? এই জুলহাখিনিয়ে খুব কষ্ট কৰিব পাৰে, আৰু
সিহঁত সদায়েই একগোট । সিহঁতে হয়তো নিজৰ মাজত কাজিয়া কৰিব পাৰে
, সৰু
সুৰা কথাতেই সিহঁতে ইটোৱে আনটোৰ মূৰৰ তালুৰ চুলি উঘালিব পাৰে
, সিহঁতে
ইটোৱে সিটোৰ বিৰুদ্ধে থানাত এফ আই আৰ দিব পাৰে
, কোৰ্টলৈ ইটোৱে সিটোক চোঁচৰাব
পাৰে
; কিন্তু যদিহে কোনোবা অন্য জাতিৰ মানুহ এটাই জুলহা এটাক বেয়া
আৰু অবাঞ্চনীয় কথা এটাও যদি কয়
, সমগ্ৰ জুলহা তোলাটো একগোট হৈ
মানুহটোৰ বিপক্ষে থিয় হয় । পাকুৰ আৰু চাহেবগঞ্জৰ
, আৰু
অন্য কোনোবা কোনোবা ঠাইৰ জুলহাৰ নেতা বিলাক গোটখাই ভাতৃত্ববোধ দেখুৱাবলৈ উত্ৰাৱল
হৈ পৰে। আৰু আমি চাওতালবোৰে
? আমাৰ মানুহবোৰক মৰিয়ায়, পুলিচৰ
লক-আপলৈ প্ৰেৰণ কৰে
, জেইললৈ পঠিয়ায়, সৰু
সৰু কাৰণবোৰত
, মনে সজা অভিযোগত । আমাৰ তিৰোতাবোৰক বলাৎকাৰ কৰে, আৰু
তাৰে কিছুমানে কয়লা ৰোডত দেহৰ বেপাৰ কৰে। আমাৰ বেছিভাগ মানুহেই জন্মৰ ঠাই এৰি পলাই
আহিবলগা হ
ল । কেনেকৈনো আমি একগোট হোৱাটো সম্ভৱ ?
আছে আমাৰ চাওতালৰ নেতাসকল
? সেই আঁতৰি ফুৰা নেতাবোৰ,
আছে সিহঁত
?

ক্ষমা কৰিব । মইনো কি কৰিব
পাৰিম
? একোৱেই কৰিব নোৱাৰোঁ । মই এটা ষাঠি বছৰীয়া মানুহ, পিঠিত
তেজ গোট মৰাকৈ মাৰ খাই লক-আপত বহি আছো
, মোৰ আৰু  ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে ।
এতিয়া মাথোঁ ক্ৰোধৰ অগনি। অঁ
……মই কি কৈছিলো । হয় ঠিকেই, আমাৰ
মাজত চিঞৰিবলৈ কোনো নাই
, কোনো শক্তিশালী কণ্ঠ নাই আমাৰ চাওতালৰ মাজত ।
আমাৰ চাওতালবোৰৰ টকা- সিকাও নাই —– যদিও আমি য

জন্ম হৈছিলো
, তাৰ মাটিৰ তলত সমৃদ্ধি পোত খাই আছে । আমি
চাওতালবোৰে নাজানো কেনেকৈ নিজৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ
দিব
লাগে । আমি মাত্ৰ জানো কেনেকৈ পলাই যাব লাগে ।

সেইবাবেই চাগে হাজাৰে হাজাৰে
চাওতাল
, পাকুৰ জিলাৰ বিভিন্ন চুক-কোণৰ আৰু চাওতাল পৰগণাৰ অন্য
দূৰণিৰ এলেকাৰ
, ৰেলত উঠি গুচি যায় প্ৰতিটো খেতিৰ সময়ত । আমি
কেৱল জানো কেনেকৈ পলাই যাব লাগে ।

মই আপোনাক কৈছিলো নে নাই
জানো ! এসময়ত মই খেতিয়ক আছিলো। এসময়ত । এতিয়া মোৰ ল
ৰাহঁতে
খেতি কৰে । ডাঙৰটোৱে আমাৰ পথাৰত খেতি কৰিব লাগে বুলি থাকি যায়
, বাকীদুটাই
নিজৰ পৰিয়ালটোক লৈ খেতিৰ দিনত নামাললৈ উঠি যায়গৈ । মই গান ৰচনাত মন দিওঁ । মই
এতিয়াও ৰচো । আৰু মই নাচৰ দল এটা চলাই থাকো । পোন্ধৰ বিছ বছৰ আগতে থকা মোৰ দলটো
, যেতিয়া
মোৰ বয়স কম আছিল
, গাত শক্তি আৰু মনত আশা আৰু উদ্দীপনা আছিল, মোৰ
এই এতিয়াৰ দলটোক নিয়মীয়া দল বুলি কব নোৱাৰি ।
 

মাটিয়াজুৰি,পাথৰকোলা, আম্ৰাপাৰা
—- মোৰ গায়ক আৰু নৃত্যৰ দলটোৰ বাবে এইবোৰৰ পৰা শিল্পী গোটাইছিলো । মই গান
ৰচিছিলো আৰু সেইবোৰত সুৰ দিছিলো
;  আৰু মোৰ দলৰ ডেকা-জীয়ৰিহঁতে, সিহঁতৰ
নাচৰ দ্বাৰা
, কণ্ঠৰ দ্বাৰা, টামাক
আৰু টুমডাকৰ তালৰ দ্বাৰা
, তিৰিয়আৰু বানামৰ সুৰ লহৰীৰ দ্বাৰা, মোৰ
গীতক সিহঁতে জীৱন দিছিল ।

সেই সময়ত, আমাৰ
চাওতাল পৰগণা
,  টুকুৰা টুকুৰ জিলাবোৰ হৈ
ভাগি যোৱা নাছিল । আজিকালি বিহাৰীকে ধৰি সকলোবোৰ
দিকুৱেই নিজৰ উপকাৰ আৰু সুবিধাৰ বাবে চাওতাল
পৰগণাটো ভাঙি পেলালে । এতিয়াও যদি সিহঁতৰ লাভ পৰ্যাপ্ত নহয় বুলি
ভাবে, সিহঁতে পুনৰ জিলাবিলাক ভাঙি
দীঘলে দহ ফুট আৰু পুতলে দহ ফুট আকাৰৰ জিলা তৈয়াৰ কৰিবলৈও পাচ নুহুঁহুকিব । মই
যেতিয়া ডেকা আছিলো
, ঝাৰখণ্ডও বিহাৰৰ পৰা উলিয়াই অনা হোৱা নাছিল ।
তথাপি
, বহুত আশাৰ সঞ্চাৰ হৈছিল । আমি আমাৰ গাঁৱত, ওচৰৰ
গাঁওবোৰত
, পাকুৰত, ডুমকাত, চাহেবগঞ্জত, দেওঘৰত, জামতাৰাত, পাটনাত, ৰাঁচীত, আনকি
লকাতা ভুবনেশ্বৰতো নৃত্য-গীত পৰিবেশন কৰিছিলো,
পৰা আমাক সাগৰ দেখুৱাবলৈ নিয়া হৈছিল । কি যে মনোমোহা দৃশ্য আছিল ! অ
আমি
গোড্ডাতো পৰিবেশন কৰিছিলো । (মোৰ ছোৱালী মুগলিক বিয়া দিয়া হৈছে গোড্ডাত) আমাক
পৰিবেশনৰ বাবে টকা-সিকা দিছিল
, ভাল ভাল বস্তুৰে আমাক খাবলৈ
দিছিল
, মেডেল, শ্বীল্ড, চাৰ্টিফিকেট
দিয়া হৈছিল । আমাৰ কামৰ কথা খবৰকাগজতো চৰ্চা হৈছিল ।

এতিয়া সকলোবোৰ পৰিবৰ্তন হৈ গল ।
পহিলাতে
, আমাৰ দলটোৰ মানুহবোৰৰ বয়স হৈ গল ।
তাৰে কিছুমান মৰিল । কিছুমান প্ৰব্ৰজন কৰি গুছি গ
, কিছুমানে
সাময়িকভাবে প্ৰব্ৰজন কৰিলে । যিখিনি বাকী থাকিল
, গীতবোৰ
গুণগুণালে
, নিজৰ ভিতৰতে গালে, কিন্তু মঞ্চত পৰিবেশন ? ওহোঁ…… আৰু
নহ
ব । মোৰ দৰেই সিহঁত, যদিওবা সিহঁত ভাগৰুৱা, মূলত:
স্বপ্নভংগৰ বাটৰুৱা । আমাৰ দ
ম দম চাৰ্টিফিকেট, শ্বীল্ডবোৰৰ
বিনিময়ত আমি পালো কি
? “দিকুবোৰৰ লৰাছোৱালীহঁত স্কুল আৰু কলেজলৈ যায়, শিক্ষিত
হয়
, চাকৰি পায় । আমি চাওতালবোৰে পাওঁ কি ? আমি
চাওতালবোৰে গান গাব
, নাচিব পাৰো আৰু তেনে কলাত আমাৰ ব্যুৎপত্তি আছে
। তথাপি
, আমাৰ কলাই আমাক কি দিলে ? উৎখাত
কৰি আমাক যাযাবৰ সজালে। টিবি বেমাৰে শৰীৰত স্থান ল’লে ।

মোৰ ষাঠি বছৰ হল ।
অলপ বেছিও হব পাৰে । মোক এতিয়া
হাৰামবুলি
মাতে ।
হাৰাম‘ …… সসন্মানেৰে। মই এতিয়া ডাঠ
চশমা পিন্ধিব লগা হৈছে । আনকি আগৰ দৰে ভালদৰে শুনিবও নোৱাৰা হৈছো । অৱশ্যে মোৰ
কণ্ঠটো এতিয়াও ঠিকে আছে । গাঁৱৰ মানুহে কোৱা মেলা কৰে মোৰ মাতটোৱে আজিও মানুহক
আকৰ্ষণ কৰে । কেতিয়াবা সিহঁতে মোক গীত গাবলৈ কয় । মই সিহঁতক মোৰ পুৰণি গীতবোৰৰ পৰা
গাই শুনাওঁ । সিহঁতে সুখী অনুভৱ কৰে । মই এতিয়াও গান ৰচোঁ
হিচাবৰ জোখেৰে চালে বৰ বেছি
নহয় । ছমাহ বা আঁঠমাহৰ মূৰত এটাকৈ গীত । ছশৰীয়া বা আঁঠশৰীয়া এটা গান । মোৰ পাৰ হৈ
অহা দিনবোৰে দিয়া প্ৰসিদ্ধিৰ বাবেই নেকি
, এতিয়াও মোক ৰাইজৰ
অনুষ্ঠানবোৰত আমন্ত্ৰণ জনায়
, পাকুৰত, ডুমকাত
অথবা ৰাঁচীত ।
 

মই নতুনকৈ দলটো গোটাই থাকো
কাৰণ দলৰ কৰ্মীবোৰ সলনি হৈ থাকে । আজি মোৰ নাচৰ মানুহটোৱে কাম কৰি আছে কিন্তু কালিলৈ
সি বৰ্দ্ধমানৰ বাঙালী জমিদাৰৰ মাটিত আলু লগাবলৈ যাব লগা হ
ল ।
সেয়ে তাক সলনি কৰি অন্য এটাক ল
ব লগা হল ।
দুদিনৰ পাচত আকৌ সেই স্থায়ী কৰ্মীটো আহিলত
, পুনৰ বদলিলৈ লোৱা মানুহটোক
বিদায় দিব লগা হ
ল। আজিকালি মই এই ধৰণেৰেই দলটোক পৰিচালনা কৰি
থাকিবলগা হয় । তথাপিও এনেদৰেই অলপ হলেও পইচা-পাতি পাওঁ আৰু যদিহে টাউনত আমাৰ
দৰ্শনি দেখুৱাবলৈ যাওঁ তেতিয়াহলেতো খাবলৈও পাওঁ পেট পূৰাই । এনেকৈয়ে আমি দলটোৱে
প্ৰদৰ্শন কৰি ফুৰো ।

আমি চাওতালবোৰৰ কাৰণে, আমাৰ
নৃত্য
, আমাৰ গীতবোৰ বৰ পবিত্ৰ বস্তু । কেৱল ভোক আৰু দাৰিদ্ৰই আমাক
এই পবিত্ৰ সম্পদটো বেচিবলৈ বাধ্য কৰাইছে । যেতিয়া মোৰ ল
ৰাখিনিয়ে
কোনোবা
দিকুৰ বিয়া মণ্ডপত নাচি, গাই, বজাই
থাকে
, মই এটা অভঙৰ দৰে বিচাৰো যেন তাত থকা সকলোৱে সিহঁতৰ ওপৰত
মনোযোগ দিয়ক । কোন
দিকুৱে বাৰু আমাৰ গীত-মাতবোৰত
মনোযোগ দিব
? আনকি খুব ওখ খাপৰ অনুষ্ঠানবোৰতো, বেছিভাগদিকুৱে মাত্ৰ আমাৰ পৰিৱেশন কেতিয়ানো শেষ হয়
তালৈকেহে ৰৈ থাকে । সেয়া খেল-ধেমালীৰ হওক
, কিবা উদ্ঘাটন সমাৰোহেই হওক
অথবা কোনো প্ৰতিপত্তি থকা উচ্চলোকে আয়োজন কৰা অনুষ্ঠানেই হওক — আদিবাসি আৰু
ঝাৰখণ্ডী সংস্কৃতিৰ নামত আদিবাসিক তাত নচুৱাবই লাগিব । আনকি বিহাৰি
, বাঙালী
আৰু উড়িয়া মানুহে কয় যে ঝাৰখণ্ড হেনো সিহঁতৰ ! এইটোও কয় যে আদিবাসিবোৰতকৈ সিহঁতৰ
সংস্কৃতি
, গীত-মাত আৰু নৃত্য বহু ওপৰৰ। তেনেহলে ঝাৰখণ্ডী সংস্কৃতিৰ
নামত
  সিহঁতৰ
তিৰোতাবোৰক খোলা ময়দানত নাচিবলৈ গাবলৈ বিচাৰি নাপায় কিয়
? নিজৰবোৰৰ
চাকৰি
, শিক্ষা ইত্যাদি সকলোবোৰতে প্ৰত্যেকটো সুবিধা লবৰ বাবে, “দিকুবোৰে  ঝাড়খণ্ড সিহঁতৰ বুলি কবলৈ পলম নকৰে —–
আদিবাসি গলেও জহান্নামে যাওক। কিন্তু ঝাড়খণ্ডী সংস্কৃতি দেখুৱাবৰ বেলিকা
, গীত-নৃত্যৰ
দায়িত্বটো পৰে কেৱল আদিবাসিকেইটাৰ ওপৰত ।

তোমালোকে এতিয়া সুধিবা, মই
ৰাষ্ট্ৰপতিৰ ওচৰ কেনেকৈ পালোগৈ
?…… প্ৰায় তিনিমাহমানৰ আগেয়ে মোৰ
মাটিয়াজুৰিৰ ঘৰটোৰ ঠিকনাত এখন চৰকাৰী চিঠি আহিছিল । ডাঠ বগা লেফাফাৰ ওপৰত ঝাড়খণ্ড
চৰকাৰৰ চীলমোহৰ মৰা আছিল । যিখন চিঠি হিন্দীৰে টাইপ কৰি কথাবোৰ লিখিছিল সেইখনো
আছিল ডাঠ আৰু মচমচিয়া । পাঁচ শাৰী লিখনিতকৈ অলপ কম কথা লিখা চিঠিখনত মোক কোৱা
হৈছিল যে ঝাড়খণ্ড চৰকাৰে আনন্দেৰে জনাইছে যে এক বিশেষ অনুষ্ঠানৰ বাবে মোৰ সংগীত
পৰিৱেশনৰ বাবে আগ্ৰহ কৰিছে । কি ধৰণৰ অনুষ্ঠান আৰু ক

হব সেইকথা পাচত জনোৱা হ
ব । আৰু তাৰবাবে সকলো অংশগ্ৰহণকাৰীৰ দল গোটাই
লৈ দহ-পোন্ধৰ মিনিটৰ এটা নৃত্যানুষ্ঠান কৰিব লাগিব আৰু সকলো অংশগ্ৰহণকাৰীকে
উপযুক্ত মাননী দিয়া হব । চিঠিখনৰ তলত ৰাঁচীৰ কোনোবা উচ্চপদস্থ আই এ
এচ
বিষয়াৰ চহী আছিল ।

এজন ক্ষুধাতুৰ মানুহক কি
লাগে
? খাদ্য । এজন নিঃস্ব মানুহক কি লাগে ? টকা-পইচা।
সেয়া মই
, —- মোক দুয়োটাৰে প্ৰয়োজন । আৰু এটা প্ৰয়োজন, স্বীকৃতিৰো
। আমি কলাকাৰবোৰ আক্ৰোহী প্ৰাণী । আমি ভোকাতুৰ স্বীকৃতিৰ বাবে
, অলপ
প্ৰাপ্তি স্বীকাৰৰ বাবে
, অলপ আনৰ মনৰ সোঁৱৰণি হৈ থকাৰ বাবে । 

সেয়ে, বিশেষ
চিন্তা নকৰি
, পাচদিনাই চিঠিৰ প্ৰত্যুত্তৰ দি মোৰ সন্মতি
জনালো
, যে মই তাত যোগ দিবলৈ পালে সুখী হম ।
মই ইমানেই সুখী হৈছিলো যে মই পাকুৰত থকা ডাঙৰ ডাকঘৰলৈ বিশ কিলোমিটাৰ ৰাষ্টা কেৱল
চিঠিখন ৰেজিস্ট্ৰি কৰিবলৈকে অকলে গুচি গৈছিলো । মোৰ দৰে আন আন চাওতাল মানুহৰে পাণ
জপাদি জপা
  বিক্ৰমখনত
হেঁচি ঠেলি উঠি পাকুৰ পাইছিলোগৈ ।
  আমি প্ৰায় সকলোবোৰেই কয়লা ৰোডৰ কলা
ধূলিত পোত খাই কলীয়া হৈ পৰিছিলো । কিন্তু ইমান সুখী মই
, তেনেবোৰ
কথাত মন দিবলৈ সময় ক
?

যিসময়ত মই আমাৰ পৰিবেশন
কৰিবলগীয়া কামবোৰ সাজু কৰি আছিলো
, যেনে মোৰ দলৰ বাবে
ডেকা-গাভৰুৰ নিৰ্বাচন
, পুৰণি গীতবোৰ মনৰ তলিৰ পৰা খান্দি খান্দি
উদ্ধাৰ কৰা
,…… ঠিক তেনে সময়তে মই এটা আচৰিত
বিষয়ৰ সন্মুখীন হলো ।

মই কৈছিলো নহয় আগে যে মুগলি, মোৰ
ছোৱালীজনী গোড্ডা জিলাৰ মানুহ এঘৰলৈ বিয়া দি উলিয়াই দিছিলো
, …… কোৱা নাছিলো জানো ? তাই কিছুদিনৰ পৰা নিয়মিতভাবে মোৰে সৈতে মবাইল
ফোনত কথা কবলৈ আৰম্ভ কৰিছিল । প্ৰথমে মই কথাবোৰ বুজি পোৱা নাছিলো
, কিন্তু
লাহে লাহে গম পালো কথাবোৰ সিহঁতৰ ঘৰৰ মাটি সম্পৰ্কীয় কথা । তাইৰ গিৰিয়েক খেতিয়ক
, মানুহঘৰ
খেতি-খোলা কৰি জীয়াই থকা মানুহ
, আৰু সেইখন গাঁৱৰ চাওতাল
মানুহবোৰ সকলো তেনেকুৱাই । সিহঁতৰ ওচৰতে আন কেইখনমান গাঁও আছে
, তাত
চাওতাল
, পাহাৰিয়া আৰু নিম্ন জাতৰ হিন্দু কিছুমানে বাস কৰে


কি
, জিলা প্ৰশাসনে এই গাঁওবোৰত বাস কৰা সকলোকে, নিজ
নিজ মাটিবোৰ খালি কৰি দিবলৈ জাননী দিছে
, ঘৰ, বাৰী, খেতি, পথাৰ
সকলোবোৰ । এঘাৰখন গাঁৱৰ । বিশ্বাস কৰিব পাৰিনে
? আৰু
গাঁৱৰ সকলোৱে মাথোঁ এটাই প্ৰশ্ন সুধিছে
,
ইমানবোৰ
মাটি লৈ চৰকাৰে কি কৰিব
?”

আৰম্ভনিতে, মই
ভাবিছিলো এইবোৰ চ
ব উৰাবাতৰি । আৰু ভাবিছিলো, চাওতাল
পৰগণাৰ চাওতালবোৰক সিহঁতৰ মাটিবোৰ খালি কৰিবলৈ কোনোবাই কেনেকৈ জোৰ কৰিব পাৰে
? আমাক
জানো প্ৰজাস্বত্ব আইনখনে ৰক্ষণাবেক্ষণ নিদিব
?

উৰাবাতৰিবোৰ উৰি থকা
সময়খিনিতে
, মই গোড্ডা পালোগৈ । আমি এটা বৃহৎ দল লৈ পদব্ৰজে ব্লক অফিচ
পালো । তাত থকা বিষয়াসকলে আমাক নিশ্চিত কৰিলে যে এই সকলোবোৰ উৰাবাতৰিহে । মাটিবোৰ
নিৰাপদে থাকিব
, গাঁওবোৰো নিৰাপদে থাকিব ।

তথাপিও পুলিচ পঠোৱা হ
গাঁওবোৰলৈ । তেওঁলোকে হাতত জিলা প্ৰশাসনৰ লিখিত আদেশ লৈ আহিছিল । তাপবিদ্যুৎ
কেন্দ্ৰ সজাৰ বাবে ঠাই মোকলাই দিবলৈ সকলো গাঁও খালি কৰিব লাগিব।

গাঁওৰ সকলো ৰাইজে চিধাচিধি
অমান্য কৰিলে সেই আদেশ । চাওতাল
, নিম্ন জাতৰ হিন্দু, পাহাৰিয়া, সকলোবোৰ
মাটি ৰক্ষাৰ বাবে যুঁজত অৱতীৰ্ণ হ
ল ।

জিলা প্ৰশাসনে বিৰোধিতাৰে
ওলোটাই যুদ্ধ কৰিলে। আন্দোলনকাৰী সকলোকে ডগৰি পিটা হ

আৰু পুলিচ লক-আপলৈ নিক্ষেপ কৰা হল। মই মোৰ ছোৱালীজনীক তাইৰ ল
ৰা-ছোৱালীৰ
সৈতে মাটিয়াজুৰিলৈ মাতি পঠিয়ালো
, যেতিয়া তাইৰ গিৰিয়েক জেলত
সোমাল । মুগলি আহি পালেহি
, লগত সোমালহি তাইৰ গিৰিয়েকৰ ফালৰ মানুহবোৰো ।
মোৰ বৰ আচৰিত লাগিছিল
,……… যিখন গাঁও বছৰত কেইবামাহো
জুৰি খালি হৈ পৰে
, এতিয়া হঠাতে বহিৰাগত লোকৰ আশ্ৰয়স্থলি হৈ পৰিল ।

মই এতিয়া কেনেকৈ ইমানবোৰ
মানুহৰ বাবে সকলোবোৰ যোগাৰ কৰিব পাৰিম
, যিবোৰ মানুহ মোৰ ওপৰত
নিৰ্ভৰশীল হৈ পৰিল
? কেনেকৈ মোৰ দলৰ মানুহখিনিয়ে, সিহঁতৰ
ঘৰবোৰত আহি আশ্ৰয় লোৱা মানুহবোৰক খুৱাব বুৱাব
? আমাক বহু পইচা-পাতিৰ প্ৰয়োজন
হব । আৰু আমাৰ
……’ৰহস্যজনক কৰণীয় কামটো‘ …… সেয়াই হব আমাৰ একমাত্ৰ আশা । সেয়ে বিপদ চলি থকা সময়তো
আমি আাখৰা কৰাৰ কামটোত লাগি থাকিলো ।

ইতিমধ্যে, কিছুমান
লোক গোড্ডাৰ স্থানান্তৰিত মানুহবোৰক সহায় কৰিবলৈ আহি পাইছিলহি । তেওঁলোকে চৰকাৰৰ
তেনে লোকলৈ চিঠি পত্ৰ লিখিলে
, যিসকল লোক ৰাঁচী আৰু দিল্লিত
থাকে। আনকি তেওঁলোকে
, গোড্ডাত  তাপ বিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰিব খোজা
ব্যৱসায়ীজনলৈও চিঠি লিখিলে । আমি গম পালো তেওঁ খুব ধনী
  আৰু চতুৰ মানুহ । তেওঁ বোলে
এজন এম পি ও। আৰু শুনিলো তেওঁ প
খেল
ভাল পায়
, ঘোঁৰাত উঠি যিটো খেল খেলে —– আৰু তেওঁৰ ঘোঁৰাবোৰ আমাৰ  চাওতাল পৰগণাৰ সকলো চাওতাল
মানুহবোৰতকৈ হেনো বেছি ভাগ্যবান

গোড্ডাৰ উচ্ছেদ কাৰ্য্যৰ
বাতৰিবোৰ খবৰকাগজত লাহে লাহে প্ৰকাশ হ
ল আৰু কেইদিনমানৰ পাচত
টিভিতো দেখুৱাবলৈ ধৰিলে। আমি সকলোৱে মনবোৰ একত্ৰিত কৰি আখৰাত কেন্দ্ৰীভূত কৰাৰ
চেষ্টাত থাকিলো । কিন্তু গান কেনেকৈ গাওঁ
,
……
নাচ
কেনেকৈ অভ্যাস কৰোঁ
, যেতিয়া অদূৰত ধুমুহাৰ নাচোন আৰু ভয়াবহ শব্দ
শুনিবলৈ পাওঁ
? তাৰে মাজতে, ৰাঁচী আৰু ডুমকাৰ আৰু পাকুৰৰ
কেইবাজনো বিষয়াৰ ফোনকল পাইছিলো । তেওঁলোকে আমাক আখৰাৰ কামত নিয়োজিত হৈ থাকিবলৈ কৈ
আছিল । তেওঁলোকে বাৰে বাৰে মনত পেলাই দিবলৈ নাপাহৰিছিল যে এই অনুষ্ঠানটো অতিশয়
গুৰুত্বপূৰ্ণ আৰু আমি কিছুমান ডাঙৰ মানুহৰ আগত প্ৰদৰ্শন কৰিব লাগিব। ডুমকা আৰু
পাকুৰৰ কেইজনমান বিষয়া মাটিয়াজুৰিলৈও নিজে চাবলৈও আহিল যে আমি ঠিকমতে ৰিহাৰ্চেল
কৰি আছোনে নাই ! যেতিয়া দেখিলে যে আমি প্ৰাণপনে চেষ্টাত ব্ৰতী হৈ আছো
, তেওঁলোক
সুখী হ
ল । আনন্দৰে হাঁহি আৰু আমাক উদগণি দি আমাৰ সতে অতি মৰমেৰে
কথা পাতিলে । ইমান মৰমেৰে কথা পাতিলে যে আমি আচৰিত হলো তেওঁলোকে বাৰু সঁচাই আমাৰ
উদ্বিগ্ন কৰা মুখবোৰ নেদেখিলেনে
? কেইবাবাৰো মোৰ এনে লাগিছিল
যেন তেওঁলোকক সুধি পেলাম :
কেনেদৰে তোমালোক ইমান উদাসীন
হৈ থাকিব পাৰা
? কেনেকৈ বাৰু তোমালোকে আমাক গীত গাবলৈ কৈছা, নাচিবলৈ
কৈছা
, যিসময়ত আমাৰ পৰিয়ালবোৰক সিহঁতৰ নিজৰ গাঁৱৰ পৰা উঘালি পেলোৱা
হৈছে
?” অন্য এবাৰ মোৰ সুধিবলৈ মন গৈছিল, ” কোন ভিআইপি আহিছে ?  ভাৰতৰ ৰাষ্ট্ৰপতি ?  এমেৰিকাৰ
ৰাষ্ট্ৰপতি
? তোমালোকে আমাক, চাওতালবোৰক
পাকুৰত নচুৱাবলৈ লৈছা
, আৰু তোমালোকেই নিজৰ গাঁও গোড্ডাত চাওতালবোৰক বেঘৰ
কৰিছা
? তোমালোকৰ ভিআইপি সকলে এইবোৰ নেদেখে নেকি ? তোমালোকৰ
ভিআইপি সকলে খবৰকাগজ নপঢ়ে নেকি
, টিভিত বাতৰি নেচায় নেকি ? আমি
জধামূৰ্খ চাওতালবোৰে মণিব পাৰিছো আমাৰ চাৰিওফালে কিবোৰ ক্ষতি হ

ধৰিছে। তোমালোকৰ ভিআইপি বোৰে এইবোৰ দেখা নাই
?’
………
কিন্তু
একো নকৈ নীৰৱে থাকিলো ।

আচল কথাটো ওলাই পৰিল, আমাৰ
বলগা অনুষ্ঠানৰ প্ৰায় তিনি সপ্তাহ আগেয়ে । প্ৰথমে উৰাবাতৰি
হৈ ওপঙিছিল
, কিন্তু লাহে লাহে খবৰকাগজৰ বাতৰিত সত্যতা
প্ৰতিপন্ন হ
ল ।

প্ৰকৃত সত্যটো হ
ব্যৱসায়ীজনে গোড্ডাত তাপ বিদ্যুত প্ৰকল্পটো স্থাপন কৰিবই । আৰু সেই প্ৰকল্পটো
পাকুৰ আৰু চাহেবগঞ্জৰ খনিৰ পৰা উৎপাদিত কয়লাৰে চলিব। যদি প্ৰয়োজন হয়
, অন্যান্য
ঠাইৰ পৰাও কয়লা অনা হ
ব । আচলতে ব্যৱসায়ীজনে ঝাৰখণ্ডতে সেই কাৰখানা
গঢ়িব খুজিছে । তেওঁ স্বাৰ্থৰ প্ৰয়োজনতহে কাৰখানাটো গঢ় দিব খুজিছে
; পিছে
যদি তেওঁ কোৱা কথা ধৰা যায়
, তেওঁ হেনো সমগ্ৰ ঝাৰখণ্ডক তেওঁৰ কাৰখানাৰ পৰাই
বিজুলী যোগান ধৰিব । সকলোবোৰ নগৰ-চহৰ বিৰামহীন ভাবে পোহৰাই তুলিব
, কোনোদিনে
বিজুলী শক্তিৰ অভাৱ নহব আৰু কাৰখানাবোৰ বিজুলীৰ অভাৱত কাহানিও বন্ধ নহ
ব ।  চাৰিওফালে উন্নতিৰ বাতাবৰণত
অফুৰন্তভাবে জীৱিকাৰ আৰু সুখানুভূতিৰ ঢল ব
ব। ………… আৰু অৱশেষত, বাতৰিয়ে আমাক জান দিলে যে প্ৰকল্পটোৰ শিলান্যাস
আন
  নহয়, ভাৰতৰ
ৰাষ্ট্ৰপতিয়েহে কৰিব । আৰু আমি তেওঁৰ সন্মানাৰ্থে মনোৰঞ্জনৰ অনুষ্ঠান কৰিম।

হয়, মই
আশ্চৰ্যচকিত হৈ পৰিছিলো । অকল মই নহয়
, সকলোৱে । দুখ আৰু প্ৰচণ্ড
আবেগৰ খুন্দাত থৰ হৈ গৈছিলো। আনহাতে আচৰিতো হৈছিলো
, ভালো
পাইছিলো । আমাৰ কপালক বিশ্বাসত লব পৰা নাছিলো । মন্ত্ৰীবোৰৰ আগত আমি পৰিবেশন কৰিছো
, মুখ্যমন্ত্ৰী
আৰু ৰাজ্যপালৰ আগতো আমাৰ কলা পৰিবেশন কৰিছো । কিন্তু কাহানিও দেশৰ ৰাষ্ট্ৰপতিৰ আগত
কৰি পোৱা নাই !

অলপ পাচতে আৰু কিছু বাতৰি
কাণত পৰিল । জোৰ জৱস্তি কৰি মাটি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে বিক্ষোভ আৰু আন্দোলন কৰা
মানুহবোৰক পুলিচে নিৰ্মম লাঠিচাৰ্জ কৰিলে আৰু লক-আপলৈ প্ৰেৰণ কৰিলে । পৰিস্থিতি
নিয়ন্ত্ৰণ কৰিবলৈ অৰ্দ্ধ-সামৰিক বাহিনী
, চিআৰপিএফক মতা হল ।
ইতিমধ্যে এঘাৰখন গাঁৱৰ চাৰিখনক বুলডজাৰ লৈ পিহি ধূলিৰ লগত মিলাই দিয়া হ
ল ।
এয়া কৰা হ
ল কেৱল আধাৰশিলা স্থাপনৰ অনুষ্ঠানৰ বাবে বিস্তৃত ঠাই মুকলি
কৰাৰ মানসেৰে।

কিন্তু বিভিন্ন ছবিৰে সৈতে
সজাই খবৰকাগজবোৰে অত্যুৎসাহী খবৰেৰে জনালে কেৱল ৰাঁচী আৰু ডুমকাত ৰাষ্টা-ঘাটবোৰ
মেৰামতি কৰা বা পুনৰ নিৰ্মাণ কৰা হৈছে । উশাহৰ বিৰতি নোলোৱাকৈ তেওঁলোকে জনালে যে
ৰাষ্ট্ৰপতি ঝাৰখণ্ডত তিনিদিনৰ বাবে থাকিব। তেওঁ এদিন ৰাঁচীত কটাব
, দ্বিতীয়দিনা
ডুমকাৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত পৌৰোহিত্য কৰিব । তৃতীয় দিনা গোড্ডালৈ যাব
, তাত
শিলান্যাসৰ কাম শেষ কৰি
, ঝাৰখণ্ডৰ বাহিৰলৈ উৰা মাৰিব।

 হবলগীয়া অনুষ্ঠানৰ বিষয়ে আমাক চৰকাৰী বিভাগৰ
পৰা এসপ্তাহ আগতে জনোৱা হৈছিল । অনুষ্ঠানৰ এদিন আগেয়ে আমাক বাছেৰে গোড্ডালৈ লৈ
যোৱা হৈছিল । গোটেই জিলাখন
, জিলা সদৰৰ কাৰ্য্যালয়বোৰ চিনিব নোৱাৰাকৈ সলনি
হৈছিল । এখন ফুটবল ফিল্ডক এখন প্ৰকাণ্ড হেলিপেডলৈ পৰিবৰ্তিত কৰা হৈছিল । শই শই
পুলিচ আৰু চিআৰপিএফৰ লোকেৰে গিজগিজাই আছিল । যি ফালেই আমি মূৰ ঘূৰাওঁ দেখিছিলো
কেৱল মানুহ আৰু মানুহ। মই জানিছিলো সিহঁতবোৰ হেলিকপ্টাৰ চাবলৈকে আহিছে ।
বাতৰিকাগজত খবৰ মুকলি হৈছে যে বিক্ষোভকাৰী বিলাকক এঠাইত ৰাখি থোৱা হৈছে আৰু
কিছুমানক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে । সম্ভৱ
, মোৰ জোঁৱাইও সিহঁতৰ দলতে আছে

যিটুকুৰা ঠাইত মই থিয় হৈ
আছিলো
, মঞ্চটো বহুত ডাঙৰ যদিও, যিখিনি মানুহ তাত উঠা নমা
কৰিছে
, তাক দেখিলে সকলোবোৰক যে তাত জুৰিব, সন্দেহ
হয় । দিল্লি আৰু ৰাঁচীৰ পৰা অহা
, গাত সুন্দৰকৈ সাজোন-কাছোনেৰে
নেতাৰ সাজ পিন্ধি ভুমুকি মৰা মন্ত্ৰীসকলে নিজৰ মাজতে কথা পাতিছে আৰু হাঁহিত বুৰ
গৈছে । সকলোৱে উন্নতি আৰু অগ্ৰগতিৰ বাবে সুখী হৈছে । এতিয়া চাওতাল পৰগণাই চন্দ্ৰলৈ
উৰা মাৰিব
চাওতাল পৰগণা এতিয়া দিল্লি
বা বোম্বেৰ দৰে হৈ পৰিব । ব্যৱসায়ীজনে কোৱাৰি ফাটি যাব পৰা হাঁহি এটা মাৰিছে ।
দেশপ্ৰেমমূলক হিন্দী গান
, সকলো দিশে স্থাপন কৰা লাউডস্পিকাৰৰ বাকচবোৰত
ধ্বনিত প্ৰতিধ্বনিত হৈছে ।
ভাৰত মহানবুলি কোনোবাই মঞ্চৰ পৰা চিঞৰি আছে, যাতে শ্ৰোতা-দৰ্শক জাগৃত হয়, যাৰ
মাতষাৰৰ শব্দকম্পন তীব্ৰতাৰে বাঢ়ি যায় বিভিন্ন দিশত ৰখা স্পীকাৰ বাকচবোৰত ।
 

কি মহান ? মই
অবাক হৈছিলো। কোন মহান দেশে সেই দেশৰ মানুহক
, কেৱল মহানগৰবোৰ উজ্বলতৰ
কৰিবৰ আৰু কাৰখানাবোৰ চলিবৰ বাবে প্ৰয়োজনীয় বিদ্যুত উৎপাদন কৰিবলৈ
, সিহঁতৰ
ঘৰৰ পৰা আৰু জীৱিকাৰ পৰা খেদি পঠিয়ায়
? আৰু চাকৰি ! কি চাকৰি ? এটা
আদিবাসি খেতিয়কৰ চাকৰি হ
, খেতি কৰা ।  কিয় তাক অন্য  চাকৰি দিব লাগে ? কিয়
সি এজন কোটিপতিৰ কাৰখানাত চাকৰৰ কাম কৰিব
, যি কাৰখানা প্ৰতিষ্ঠিত হব
সেই মাটিটুকুৰাত
, ত এসপ্তাহ আগলৈকে সেই
আদিবাসি মানুহটোৰ নিজৰ মাটি আছিল
?

হাতত কেমেৰা লৈ ৰিপৰ্টাৰবোৰে
চাৰিওফালে পিনপিনাই ফুৰিছিল । মুধচত ডিশ্ব এন্টেনা লগোৱা তিনিখন ৱেন সভাস্থলিৰ
ওচৰত ৰখাই থোৱা আছিল । তাৰে এখনৰ গাত জনপ্ৰিয় চেনেল এটাৰ প্ৰতীকচিহ্নটো দেখি চিনি
পালো। সন্দেহ আহিছিল মোৰ মনলৈ
, যে এই সাংবাদিকৰ দলৰ কোনোবা
এজনো বাৰু মানুহে
, পুলিচে আৱদ্ধ কৰি ৰখা গাঁৱৰ মানুহজাকৰ ওচৰলৈ
গৈছেনে বাৰু !

মোৰ দলটো অংশগ্ৰহণকাৰীৰ বাবে
বিশেষভাবে সজা আঁচুতীয়া ঘেৰাটোত ৰৈ আছিল । দলৰ সকলো তিৰোতামানুহে ৰঙা ব্লাউজ
পিন্ধিছিল
, নীলা লুঙী আৰু সেউজীয়া পাঁচ্চি, আৰু
খোপাটো
, ডাঙৰ বিভিন্নৰঙী প্লাষ্টিকৰ ফুলেৰে সজাইছিল । সিহঁতে হাতত
স্টীলৰ একোটাকৈ লোটা লৈছিল
, ত ফুল আৰু পাতবোৰ সুমোৱাই
সজাই তোলা হৈছিল । সকলো মতা মানুহে ফুটবল জাৰ্চি আৰু সেউজীয়া কাছা পিন্ধিছিল আৰু
মূৰত সেউজীয়া গামছা বান্ধি লৈছিল । আমাৰ সকলোকে দেখিবলৈ ভাল লগা হৈ পৰিছিল ।

হেলিকপ্টাৰখন আহি পালেহি !
থাড্ থাড্ থাড্ থাড্ । পাঙ্খাকেইখনে মুকলি পথাৰখনত ধূলি উৰুৱাবলৈ আৰম্ভ কৰিলে ।
ভীৰৰ মাজত উৎকণ্ঠা আৰু গুণগুণনি বাঢ়ি আহিল ।

তেওঁৰ নিৰাপত্তাৰক্ষীক লগত
লৈ ৰাষ্ট্ৰপতিয়ে মঞ্চলৈ উঠি গ
ল । তেওঁ চুটি-চাপৰ আৰু
ভাবুক প্ৰকৃতিৰ মানুহ । কবলৈ গলে সকলো বাঙালীলোক দেখাত জ্ঞানী আৰু ভাবুক
প্ৰকৃতিৰেই হয়। এই বাঙালী ৰাষ্ট্ৰপতিজন কিয় বাৰু বাকী লোকসকলতকৈ বেলেগ হব
?

আনন্দ উল্লাস আৰম্ভ হল ।
যিজন মানুহে
ভাৰত মহানবুলি চিঞৰি আছিল, কলে যে ঝাৰখণ্ডৰ মাটি আজি কৃতাৰ্থ 
যে প্ৰতিষ্ঠিত বিশাল ধনকুবেৰজনে আমাৰ ইয়াত তাপবিদ্যুৎ শক্তি প্ৰকল্প স্থাপন কৰা
উচিত বুলি ঠিক কৰিছে । তেওঁ এইটো নক
লে যে, ধনকুবেৰজন
কিমান সৌভাগ্যবান
;  তেওঁ ঝাৰখণ্ডলৈ আহিছে, এখন
ঠাইলৈ য
ত খনিজ সম্পদ খুন্দ খাই আছে ভৰিৰ তলৰ মাটিৰ বুকুত ; একো
কথাৰ ভু নোপোৱা সৰল মানুহখিনি তাৰ ওপৰত বাস কৰি আছে
; আৰু
এমুঠি প্ৰবঞ্চক
, লোভী, চোৰ নেতা, অফিচাৰ
আৰু ব্যবসায়ীৰ দলবিলাক ৰাজ্যৰ শাসনত আছে আৰু হাতৰ মুঠিত নিয়ন্ত্ৰণ কৰি ৰাখিছে
সকলোকে
, এই ঠাইৰ মাটি, মানুহ আৰু সম্পদক ।

এইভাৰত মহানমানুহজনে ঘোষণা কৰিলে যে
এতিয়া আদৰণি নৃত্য হ
ব আৰু মোৰ দলক মঞ্চৰ সমুখৰ মুকলি ঠাইলৈ সোমাবলৈ
লে । লগত তামাক, টুমডাক, টিৰিয়আৰু
বানাম লৈ আমি সোমাই পৰিলো । ৰাষ্ট্ৰপতিজনক আগ্ৰহী যেন দেখা গ
ল ।
ব্যৱসায়ীজনৰ মুখত আমনি পোৱাৰ ভাৱ এটা দেখা গ
ল ।

যেতিয়া আমি মঞ্চৰ সমুখৰ আমাৰ
নিজৰ নিজৰ ঠাইত থিয় হলো
, মই হাতত মাইকটো লৈ ৰাষ্ট্ৰপতিজনক হাউলি অভিবাদন
জনালো। তাৰ পাচত হাতৰ মাইকটো কাম কৰিছেনে নাই চাবলৈ টুকুৰিয়ালো আৰু হিন্দীতে আৰম্ভ
কৰিলো । মোৰ আবেগ শিখৰত উঠা স্বত্বেও যিমান পাৰো সিমান ভালকৈ হিন্দীত কবলৈ চেষ্টা
কৰিলো । আচলতে এটা অদ্ভূত কাণ্ড হ
ল যে কেনেকৈ ইমান শোকে
খুন্দা মাৰি ধৰাতো মই নকন্দাকৈ ৰলো ।

জোহাৰ, ৰাষ্ট্ৰপতিবাবু, আমি খুব গৰ্ব আৰু সুখী অনুভৱ কৰিছো যে আপুনি
আমাৰ চাওতাল পৰগণালৈ আহিলে
, আমি আৰু গৰ্ব অনুভৱ কৰিছো যে আমাক আপোনাৰ সমুখত
গীত-নৃত্য দেখুৱাবৰ বাবে কোৱা হ
ল আৰু আমি আপোনাক আমাৰ
ঠাইখনলৈ আদৰণি জনাইছো । আমি আপোনাৰ আগত গীত গাম
, নৃত্য
কৰিম কিন্তু কওকচোন
, গীত গাবলৈ অথবা নাচিবলৈ আমাৰ বাৰু কিবা যুক্তি
আছে নে
? আমি সুখী বুলি দেখুৱাবলৈ কিবা যুক্তি আছেনে ? আপোনালোকে
ইয়াত এতিয়া শক্তি প্ৰকল্প বনাব
, কিন্তু এই প্ৰকল্পটোৱেই আমাক
সকলোকে শেষ কৰিব
, আমাক, সকলো আদিবাসীক। আপোনাৰ  ওচৰত বহি থকা মানুহবোৰে
আপোনাক কৈছে
, শক্তি প্ৰকল্পটোৱে আমাৰ ভাগ্য সলাই দিব, কিন্তু
সেই একেকিজন লোকেই আমাক আমাৰ গাঁৱৰ পৰা
, ঘৰৰ পৰা  জোৰেৰে বাহিৰ কৰি দিছে ।
আমাৰ যাবলৈ ক
তো ঠাই নাই, খেতি কৰিবলৈ কতো
মাটি নাই ! কেনেকৈ এই শক্তি প্ৰকল্পটোক ভাল বুলি কওঁ বাৰু
? আৰু
কেনেকৈ আমি
আদিবাসীবোৰে   সুখী
হৈ নাচিব পাৰিম
? যেতিয়ালৈকে আমাক ঘৰবোৰ ঘূৰাই নিদিয়ে, মাটিবোৰ
ঘূৰাই নিদিয়ে
, আমি গীত নাগাওঁ, নানাচোঁ
। আমি
আদিবাসীবোৰে আৰু
নানাচোঁ । আদিবাসীয়ে নানাচে
                     

Popular Post

ঐতিহাসিক চিঠি