অসমীয়া অনুবাদ কবিতাঃ শেষৰজন ৰাজকুমাৰ/ এ কে ৰামানুজন

Posted by : translatorsassam
May 26, 2020

অসমীয়া অনুবাদ কবিতাঃ শেষৰজন ৰাজকুমাৰ
(The Last of the Princes)



মূল কবিঃ এ কে ৰামানুজন
অসমীয়া ভাঙনিঃ বিজিত লাহন

ramanujan

তেওঁলোকে মৰিবলৈ সময় লৈছিল,

যথেষ্ট সময়, ঔৰংজেৱৰ দিনৰ পৰাই
বংশটো কাছ-গতিত পৰি আহিছিল:
কোনোবা হাড়ৰ ক্ষয় ৰোগত,
কিছুৰ মূৰত লণ্ডনৰ কুঁৱলীয়ে*
নাচি নাচি চেপিছিল
কিছু আকৌ নতুন সোঁতত উটিছিল
আমদানীকৃত মদ আৰু মাইকী;
দুই এজন বীৰৰ দৰে যুঁজত মৰিছিল
আৰু দুই এজন দৰিদ্ৰতাত
এওঁলোকৰ নামত মালিতা আছে!
দেউতাক, খুড়াক, লোকগাঁথাৰ
সপ্তভ্ৰাতা
,
আলসুৱা কুমলীয়া ভনীয়েক
তাইৰ সৌন্দৰ্যত সাপ বলিয়া হৈছিল
আৰু মৃত্যুৰ দেশলৈ লৈ গৈছিল
পুৰুষানুক্ৰমিক প্ৰেমিকটোৰ
প্ৰাসাদৰ আটালত** ঘৰ,
ভ্ৰাতৃগণৰ অগণিত পত্নী
তেওঁলোকৰ নোপজা
অথবা মৰি ওপজা কেঁচুৱাবোৰ,
অগণন সম্পৰ্কীয় ভাই-ভনী,
প্ৰাসাদৰ মাইনা আৰু ভাটৌবোৰ
হেৰেমত কলকলাইছিল সিহঁতে:
সকলো মৰি গৈছিল, আৰু তেওঁৰ
ধীৰ বাৰ্তালাপৰ বিষয় হৈছিল।
তেওঁ জীয়াই আছে
তেজৰ সূত্ৰে পোৱা দীঘল আঙুলি লৈ
ছবিৰ মুখবোৰৰ সৈতে
আটালত থকা এটা মাংগলিক
সাপৰ বিশ্বাস পুহি :
তেওঁ জীয়াই আছে–কাহিবলৈ,
সুঁৱৰিবলৈ আৰু হাঁচিয়াবলৈ,
কফ আৰু পিত্তৰ সম-উপস্থিতিৰে
ঢিলা পেট আৰু কৌষ্ঠকাঠিন্যৰ
সলনা-সলনি যন্ত্ৰণা লৈ
তেওঁ জীয়াই আছে
হনী আৰু বানী–দুয়োজনী জীয়েক
স্কুললৈ যায়, আধা মাছুলৰ স্কুল!
তেওঁৰ পত্নী আকৌ গৰ্ভৱতী হৈছে,
ঘৈণীয়েকৰ নাক-ফুলটোত
সম্ভ্ৰান্ত বংশৰ মুকুতাৰ গৰিমা,
তেওঁৰ ডাঙৰ পুতেক
টেলিগ্ৰাফীৰ শিকাৰু,
সি ইতিমধ্যে টকা খুজি
তিনিবাৰ টেলিগ্ৰাফ কৰিছে!
[টোকা: *লণ্ডনৰ কুঁৱলী–লণ্ডন ফগনামৰ এবিধ বেমাৰ।
এই বেমাৰত লণ্ডনলৈ যোৱা বহু মোগল ৰাজকোঁৱৰ মৰিছিল।
**আটাল–চিলিং]
(অনুবাদকৰ টোকাঃ এক কে ৰামানুজন এজন ভাৰতীয়
কবি। কেৱল তিনিটি সংকলনেৰে তেখেতে ইংৰাজী ভাষাৰ সম-সাময়িক কবিসকলৰ ভিতৰত
প্ৰভাৱশালী আসন দখল কৰিছে। একোটি দীঘল বাক্যক চুটি চুটি টুকুৰাৰে গাঁঠি ৰাখি কবিয়ে
পাঠকক এক ব্যতিক্ৰমী সোৱাদ দিছে কবিতাসমূহত। এই কবিতাটো মোগলৰ শেষৰজন ৰজা বাহাদুৰ
শ্বাহক কেন্দ্ৰ কৰি লিখা হৈছে। তীব্ৰ আইৰণী কবিতাটোত লুকাই আছে। আইৰণী কি জানে
নিশ্চয়! নাজানিলেও অভিধান মেলিব। এইটো এটা বহুল-পঠিত আৰু চৰ্চিত কবিতা। গতিকে মূল
ৰূপটো বিচাৰি পঢ়িব।
কবি পৰিচিতিঃ এ কে ৰামানুজন (১৬
মাৰ্চ
, ১৯২৯১৩ জুলাই, ১৯৯৩): ৰামানুজন এজন ভাৰতীয় কবি আৰু
পণ্ডিত। ৰামানুজনে ইংৰাজী ভাষাৰ সমান্তৰালভাৱে কানাড়া ভাষাতো কাব্য-চৰ্চা কৰিছিল।
ৰামানুজনৰ কবিতাসমূহ বিস্ময়কৰ স্বকীয়তা আৰু গতিশীল কলাসুলভতাৰ পৰিচায়ক। ইংৰাজী
ভাষাত কাব্য-চৰ্চা কৰা ভাৰতীয় কবিসকলৰ অন্যতম ৰামানুজনক মৰণোত্তৰভাৱে তেওঁৰ
কাব্য-সংকলন
“The Collected Poems”-ৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমীবঁটাৰে সন্মানিত কৰা হয়।)

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি