প্রাক্তন / জয় গোস্বামীৰ কবিতাৰ অসমীয়া অনুবাদ

Posted by : translatorsassam
July 2, 2021

মূল কবিতা : প্রাক্তন
কবি : জয় গোস্বামী  (বাংলা)
অসমীয়া অনুবাদ : অনুৰাধা বৰুৱা


 

প্রাক্তন

 


সময়মতে যায়নে অফিচলৈ?

পুৱাৰ জলপান খায়নে ভালকৈ?

টিফিন নিয়েনে?

নে কেণ্টিনতে খায়?

কাপোৰ কানি কোনে ধুৱে?

চাহ কোনে কৰে আগৰ দৰে?

দুৰ্গাৰ মাক কেই বজাত আহে?

মইতো খুব পুৱাই উঠিব লাগিছিল৷

সেই চাৰ্টটো পিন্ধেনে এতিয়াও?

টেকটেকীয়া নীল ৰঙৰ?

তেঁওৰতো সেইটোয়েই পছন্দৰ,

মই দিছিলোঁ জলফাই ৰঙৰ৷

কোন বাটেৰে ঘৰলৈ যায়?

দোকানৰ বাঁওপিনেৰে?

শিৱমন্দিৰ?

ৰিক্সা ৰখালেই দেখা পাইছিলোঁ খিৰিকিৰে৷

অফিচৰপৰা ঘৰলৈকে যায়নে?

নে বাহিৰে বাহিৰে কোনো আড্ডালৈ?

 

তাছখেলৰ বন্ধু, অন্যান্য বন্ধু —-

আহেনে এতিয়াও  সকলো বন্ধু?

মজিয়াত পৰি ৰয় টেবুল ঢাকনি,

সমগ্র কোঠা খেলিমেলি

বগৰাই গিলাচ, বগৰাই বটল

ঢলং পলং খোজ

কিন্তু ভঙা বটলে  কাটে যদি ভৰি,  তেজেৰে হয় ৰাঙলী৷

তেতিয়াতো আৰু হুঁচ নাথাকে ,

চাবনো কোনে ৰাতি বিয়লি?

কিয়, সেই যে ছোৱালীজনী!

যাৰ লগত তেতিয়া ফুৰিছিল ঘূৰি!

কোনজনী ছোৱালী? অহ্ তাই?

তাইতো কেতিয়াবাই গল আঁতৰি!

ভাল হৈছে, উচিত শাস্তি পাইছে৷

অতবোৰ কাণ্ড চম্ভালিব কোনে!

ছোৱালীজনী যে গণ্ডগোলীয়া, 

আৰম্ভণিতেই বুজিছিলোঁ সেই কথা৷

তেন্তে কোন আছে লগত?

দাদা বৌ? মা ভাইভনী!

তিনিকুলততো কোনোৱে নাছিল,

এতিয়া এক্কেবাৰেই অকলশৰে ৷

 কোনে বাঢ়ি দিয়ে ভাত?

ৰাতিপুৱায়েবা জগায় কোনে?

কোনে ৰাতি খুলি দিয়ে দুৱাৰ?

ইমান ঝামেলা  সহ্য কৰে কোনে?

 কাৰ বিছনাত শুৱে তেন্তে?

 এতিয়া কাৰ গাত বাৰু তোলে হাত?

এতিয়া কাৰ গাত বাৰু তোলে হাত?

Popular Post

ঐতিহাসিক চিঠি