আকৌ লৃগাং
মূলঃ মিচিং
কবিঃ টাবুৰাম টাইদ
অসমীয়া ভাঙনিঃ নিতুল নন্দন ৰেগন
গুমৰাগ গুমৰাগ ইফালে গুমৰাগ
গুমৰাগ গুমৰাগ সিফালেও গুমৰাগ
বৰনৈ গুমৰাগ সোৱণশিৰি গুমৰাগ
উজনিত গুমৰাগ নামনিতো গুমৰাগ
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে বতাহে গুমৰাগ ৰাগ !
বহিব নোৱাৰোঁ, থাকিব নোৱাৰোঁ, গুমৰাগে লহৰ তুলিছে
টোপনি নধৰে, পেটৰ কলমলনি বাঢ়িছে
যোৱাবেলিৰ দুমদুমৰ ৰগৰেই আতিছিলে
যোৱাবেলিৰ শুকান, নীৰস হৈ যোৱাই আতিছিলে
লৃগাং ঐ লৃগাং এইবেলিও আহি
অন্তৰখন কিয় খাইছ?
পেটত কিয়নো জ্বলা-পোৰা ঢালিছ?
হাঁহো নে কান্দোঁ
আকাশে-বতাহে গুমৰাগ ৰাগ !
দিবলগীয়া খোজ দিছিলোঁ
দুহাতৰ বলেৰে কৰিবপৰাখিনি কৰিছিলোঁ
সিচিবলগীয়া বীজ সিচিছিলোঁ
কোনে জানিছিল, কোনেনো জানিছিল?
সিচি দিয়া বীজত ভোক আছে
গঁজালি মেলা বীজত ভোক আছে
সৌৱা লৗনং বাজিছে
মোৰ আতুৰ পেটে উচুপিছে, কিৰিক-কৰক
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে-বতাহে গুমৰাগ ৰাম !
মেলিবলগীয়া কুঁহি ঐ এতিয়াই নেমেলিবি
ফুলিবলগীয়া ফুলপাহ ঐ এতিয়াই নুফুলিবি
গান গোৱা চৰাইজনী অ’ এতিয়াই নাগাবিচোন
কুঁহি মেলি কিনো হ’ব, ফুল ফুলিনো কি হ’ব
পেটটো, অন্তৰখন উকা হৈ আছে
সৌ মৗৰমৰ জুইকুৰা নুমুৱাই দে
সৌ ভাতৰ চৰুখন বেৰত ওলোমাই ৰখা পাতলকৈ
সৌ উৰালখন পৗৰাবত শুকুৱাই থ’
সাঁচতীয়া এটকাটিও মূল্যহীন হ’ল
হেৰৌ য়াকাদৈৰ মাক, হাঁহো নে কান্দো
আকাশে বতাহে গুমৰাগ ৰাগ
আমি চুকৰ কাঠফুলা
চুকৰ কাঠফুলা আমি
তেওঁলোক একো একোজোপা বৰগছ
বৰগছ তেওঁলোক
উদয়ন বেলিটি তেওঁলোকৰ
জোনৰ পোহৰকণো তেওঁলোকৰে
জাৰকালিৰ ফিৰফিৰিয়া বতাহজাক
পিয়াহৰ পানীটুপি
এই সকলোবোৰ তেওঁলোকৰ
আমি চুকৰ কাঠফুলা
পুষ্পহীন ফল নধৰা
গধূৰ মুণ্ড দাঙি থকা কাঠফুলা
আমাৰ বাবে দাঁত নিকটাই ৰৈ থাকে এন্ধাৰ
হেৰৌ য়াকাদৈৰ মাক, গামোচাখন দে
পেটৰ জ্বালাক গামোচাখনেৰে বান্ধি থওঁ
আকৌ গুমৰাগৰ লহৰ তুলি চাওঁ
ফটা লৗনাংখন বজাই দিওঁ
ফুটা দুমদুমেৰে দপদপাই দিওঁ
এইবেলিৰ লৃগাং এনেকৈয়ে পাতি চাওঁ
মোৰ সমস্ত অকথিত কাহিনীক বৰ্ণনা কৰি চাওঁ
হেৰৌ য়াকাদৈৰ মাক, কান্দিছ নেকি ?
য়াকাদৈৰ মাক , নাকান্দিবি ।
শবাৰ্থঃ দুমদুম – ঢোল, লৗনং –মিচিংসকল
এবিধ লোকবাদ্য, মৗৰম – জুইশাল, পৗৰাব –
জুইশালৰ ওপৰত ওলোমাই ৰখা পাতলকৈ সজা বাঁহৰ চাং ।
এবিধ লোকবাদ্য, মৗৰম – জুইশাল, পৗৰাব –
জুইশালৰ ওপৰত ওলোমাই ৰখা পাতলকৈ সজা বাঁহৰ চাং ।
অনুবাদকৰ টোকাঃ শ্ৰদ্ধাৰ শিক্ষাগুৰু ৰূপনাথ পেগু ছাৰ আৰু শ্ৰদ্ধাৰ ডঃ পবিত্ৰ কুমাৰ পেগু ছাৰৰ হাতত আন্তৰিক
শ্ৰদ্ধাৰে অনুবাদিত কবিতাটি তুলি দিলোঁ
শ্ৰদ্ধাৰে অনুবাদিত কবিতাটি তুলি দিলোঁ
