সাক্ষাৎকাৰঃ যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real)

Posted by : translatorsassam
May 28, 2020


 যৌনাভিনয় প্ৰকৃত নহয় (Porn is not real) 
অনুবাদঃ স্ৰোতস্বিনী তেজিমলা

(টোকাঃ বছৰচেৰেক আগতে মিয়া খালিফাই Porn Industry এৰিছিল Porn Industry এৰাৰ পিছত, কেইমাহমান আগতে মিয়া খালিফাই
নিজৰ জীৱন আৰু
Porn Industry ৰ জগতখন সম্পৰ্কে
 আন্তৰাষ্ট্ৰীয় নিউজ চেনেল ‘BBC’‘Hard Talk’ শীৰ্ষক এটি সাক্ষাৎকাৰ প্ৰদান কৰিছিল সজাগতা আৰু সাৱধানতা
অৱলম্বনৰ বাবে এই সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ
, যাতে কোনেও নিজৰ
অনিচ্ছাসত্তে এই উদ্যোগত ভৰি দিবলগা নহয়
 কাৰণ, নানা ভূৱা প্ৰতিশ্ৰুতি দি অথবা জোৰজুলুমকৈ
বাধ্য কৰি আমাৰ দেশৰ বহুতো মহিলাক এচাম অসাধুৱে এনেধৰণৰ কামত লিপ্ত কৰোৱা বাতৰি
সততে আমি পাই থাকোঁ । লগতে পৰ্ণ উদ্যোগৰ ভিতৰত চলি থকা এনেধৰণৰ শোষণকামী
কাৰ্য-কলাপ নোহোৱা হ
ব লাগে । কৰ্মক্ষেত্ৰত মানুহে উচিত স্বাধীনতা আৰু মৰ্যাদা পোৱা উচিত। )
সংবাদদাতাঃ মিয়া খালিফা , আপুনি এগৰাকী অত্যন্ত প্ৰসিদ্ধ মহিলা। আপোনাৰ Instagram ত ১.৬ কোটি অনুসৰণকাৰী আছে। কিন্তু
এই জনপ্ৰিয়তাৰ এটা ডাঙৰ কাৰণ আছে যাৰ বাবে আপুনি এটা সময়লৈকেহে এই
 Porn
industry
 ত কাম কৰিছিল। ইয়াৰ পৰা ওলাই অহাৰ পিছৰ পৰিস্থিতিটোৰ লগত
মোকবিলা কৰাটো আপোনাৰ বাবে কঠিন আছিল নেকি
?
মিয়া খালিফাঃ যৌনব্যৱসায় জগতখনৰ পৰা ওলাই আহিবলৈ মোৰ
যথেষ্ট কষ্ট হৈছিল। মই যেতিয়া ইয়াৰ পৰা ওলাইছিলোঁ তেতিয়া মোৰ
Instagram একাউণ্টটো নোহোৱা কৰি দিছিলোঁ বুলি খবৰ উলাইছিল। আচলতে মই নোহোৱা কৰি দিয়া
নাছিলোঁ
  ISIS ৰ সমৰ্থকৰ দ্বাৰা মোৰ a/c
টো hack
 কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ কথা প্ৰচাৰ কৰা হৈছিল । সেইবাবে
মোৰ
Instagram একাউন্টটো বন্ধ হৈ গৈছিল। মই এবছৰলৈ নতুন একাউণ্ট খোলা
নাছিলোঁ
  শেষত মই যৌনাভিনয় উদ্যোগৰ ভিতৰত চলি থকা শোষনমূলক কামখিনিৰ বিৰোধিতাৰে কিবা
এটা কৰিম বুলি ভাবি নতুনকৈ
 Instagram একাউণ্টটো খুলিলোঁ। 

(আপুনি এ.পি.এছ.চি-ৰ প্ৰস্তুতি কৰি আছে নেকি? যদি হয়, ক্লিক কৰক)



সংবাদদাতাঃ আপোনাৰ নামটো google ত বিচাৰিলে তাত বহুত যৌন ভিডিঅৰ লিংক আহে   এইটো হয়তো কেতিয়াও মচ নাখাব ?
মিয়া খালিফাঃ এইটো নোহোৱা কৰাটো অতি কঠিন কাম । মই চেষ্টা
কৰিছোঁ
সংবাদদাতাঃ মোৰ এইটো অৰ্থ নাছিল যে আপুনি এনে হোৱাটো
বিচাৰিছিল
, কিন্তু প্ৰযুক্তি আৰু ইণ্টাৰনেটে এনেধৰণৰ কামবোৰ কৰেই।
মিয়া খালিফাঃ হয় , মই খুব বেছি google
friendly
 নহয় , আৰু মই এইখিনি সলনি কৰিবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমতেই মোৰ নামৰ এটা site আহে , যিটো মোৰ নহয় মই নচলাও সেই site টো। কিন্তু সেই site টোৰ home
page
 টো চালে এনেকুৱা লাগে যেন সেইটো মই চলাই আছোঁ। আৰু মোৰ
ৱিকিপিডিয়াত এনেকৈ লিখা আছে যে মোৰ নিজৰ এটা ৱেবচাইট আছে । আমি বহু বাৰ সেইটো
গুচাবলৈ যত্ন কৰিছোঁ । আনকি আইনী ব্যৱস্থাৰো সহায় লৈছোঁ। কিন্তু কোম্পানীয়ে এবাৰো
কাণসাৰ নিদিলে।
সংবাদদাতাঃ এগৰাকী ছোৱালী , যাক মাক দেউতাকে লেবাননৰ পৰা ( আপোনাৰ গৃহঠাই) আমেৰিকালৈ লৈ আনিলে , আমেৰিকাতেই স্কুলীয়া শিক্ষা ললে, টেক্সাছ মহাবিদ্যালয়ত
ইতিহাসৰ শিক্ষা ল
লে । কিন্তু কেনেকৈ আপুনি যৌন ব্যৱসায়ত সোমাই পৰিল?
মিয়া খালিফাঃ মই নাভাবো যে আত্মসন্মানৰ সমস্যাই
কাৰোবাৰ লগত ভেদভাৱ কৰিব পাৰে
, তেওঁ সম্ভ্ৰান্ত পৰিয়ালৰ পৰা হওক বা নহওঁক কিয়। মোৰ শাৰীৰিক ওজনে মোক গোটেই
শিশুকাল অশান্তি দিছিল
, মোৰ এনেকুৱা লাগিছিল যেন মই আকৰ্ষণীয় নহয় আৰু পুৰুষে মোক গুৰুত্ব নিদিয়ে। আৰু
অকস্মা
মহাবিদ্যালয় জীৱনত মোৰ ওজন কমাবলৈ আৰম্ভ কৰিলোঁ ।
মহাবিদ্যালয়ৰ শিক্ষা শেষ হোৱালৈ মই বহু সলনি হৈছিলোঁ। মই মোৰ স্তনক লৈ বহু বেছি
অশান্তিত আছিলোঁ। কাৰণ ওজন কমোৱাৰ সময়ত সৰ্বপ্ৰথম তাৰ পৰাই ওজন কমিছিল। মই মোৰ ওজন
৫০ পাউণ্ড কম কৰিছিলোঁ।
সংবাদদাতাঃ হয়, যথেষ্ট ওজন কমিছিল। ই আপোনাৰ শাৰিৰীক গঠন সলনি কৰি দিছিল।
মিয়া খালিফাঃ হয়, সম্পূৰ্ণৰূপে। মই মোৰ স্তন
দুটাক লৈ যথেষ্ট অসন্তুষ্টিত ভুগিছিলোঁ । মোৰ ওজন কমিছিল যদিও মই
মোৰ স্তনকেইটা আগৰ দৰে বিচাৰিছিলোঁ।
 মই পুৰুষৰ পৰা মনোযোগ আকৰ্ষণ কৰিবলৈ খুজিছিলোঁ  
সংবাদদাতাঃ আপুনি শিক্ষা শেষ কৰি চাকৰি বিচাৰি আছিল
। আপোনাক এজন ল
ৰাই ৰাস্তাত কৈছিল যে মই আপোনাৰ লগত কাম কৰিব বিচাৰো । তেওঁ
আপোনাক কৈছিল যে এইটো যৌন ব্যৱসায়। এনেকুৱা কি কথা আছিল যে আপুনি নাকচ কৰাৰ
বিপৰীতে তাত কাম কৰাৰ হাবিয়াস কৰিছিল।
মিয়া খালিফাঃ এনেকুৱা নহয় যে তেওঁ মোক সুধিছিল যে
“তুমি যৌনব্যৱসায় কৰিব বিচাৰা নেকি
?” তেওঁ এনেকৈ কৈছিল যে “তুমি খুব ধুনীয়া, তুমি মডেলিং কৰিব বিচাৰা নেকি , তোমাৰ শাৰীৰিক গঠন খুব সুন্দৰ সুন্দৰ , মই ভাবো তুমি নগ্ন মডেলিং কৰিলে ধুনীয়া লাগিব।” কথাবোৰ তেনেকুৱা আছিল  আৰু যেতিয়া মই ষ্টুডিঅলৈ গৈছিলোঁ, ষ্টুডিঅ’টো খুব সুন্দৰ ঠাইত আছিল। ফ্লৰিডাৰ মিয়ামি চহৰত আছিল। খুব চাফচিকুণ আছিল ঠাইখিনি। তাত কাম কৰা মানুহবোৰ খুব ভাল আছিল , এনেকুৱা একোৱে
নাছিল যাৰ পৰা মই অসহজ অনুভৱ কৰিম। আৰু যেতিয়া মই প্ৰথমবাৰ
ৰ বাবে তালৈ গৈছিলোঁ তেতিয়া যৌনচিনেমা (
pornfilm) কৰা নাছিলোঁ। দ্বিতীয় বাৰ হে কৰিছিলোঁ। প্ৰথমবাৰ যাওঁতে কেৱল চুক্তিপত্ৰ চহী কৰা আদি কামবোৰ কৰিছিলোঁ।
সংবাদদাতাঃ আপুনি কেতিয়া অনুভৱ কৰিছিল যে আপুনি
ভুক্তভোগী
? এতিয়া আপোনাৰ বয়স ২৬ বছৰ , কিন্তু তেতিয়া আপুনি মাত্ৰ ২১ বছৰীয়া ছোৱালী আছিল । আপোনাৰ এনেকুৱা লাগেনে যে
আপুনি তেওঁলোকৰ দ্বাৰা ব্যৱহৃত হৈছিল
?
মিয়া খালিফাঃ  তেতিয়া মই ইমান বুজন হৈ উঠা নাছিলোঁ । গতিকে মই অনুভৱ কৰা নাছিলোঁ যে মোক ব্যৱহাৰ কৰা হৈছে। মোক যিবোৰ কোৱা হৈছিল সেইবোৰ মিছা আছিল বুলি মই গম পোৱা নাছিলোঁ। হয়তো সকলোখিনি মিছা নাছিল, কিন্তু তেওঁলোকে কৰিব বিচৰাখিনি যেনেকৈ হলেও মোৰ দ্বাৰা  কৰাই লৈছিল। মই নিজকে ভুক্তভোগী হিচাপে নাচাও। মই এই
শব্দটোৱে
বেয়া পাওঁ। মই মোৰ
সিদ্ধান্ত বোৰ নিজে লৈছিলোঁ
 , লাগিলে সিদ্ধান্ত বোৰ যিমান
ভয়ানকেই নহওঁক। মই ভাবো মহিলাসকলৰ লগত সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত কিছুমান সালসলনিৰ
প্ৰয়োজন।
সংবাদদাতাঃ এইখন এখন কোটিটকীয়া উদ্যোগ। ইয়াত পুৰুষ
তথা নাৰী দুয়োপক্ষই কেমেৰাৰ সমুখত যৌন অভিনয় কৰিব লগা হয়। সেই কোটি কোটি দৰ্শন
থকা ভিডিঅবোৰৰ ক্ষেত্ৰত আপোনাৰ ওচৰত কিমান কতৃত্ব আৰু ক্ষমতা আছিল ? কি কি
দিশত আছিল ?
মিয়া খালিফাঃ  একদম কম আছিল বুলি কব পাৰি। কামৰ বিষয় ঠিক কৰা, সামগ্ৰীবোৰৰ ব্যৱস্থা কৰা,  ভিডিঅ’ বনোৱা ঠাই আদিত আমাৰ
কোনো হাত নাথাকে
সংবাদদাতাঃ তেওঁলোকে আপোনাক কিবা কৰিবলৈ কৈছিল নেকি
যিটোত আপুনি একেবাৰে সুখী নহয়।
মিয়া খালিফাঃ নহয়, তেওঁলোকে জোৰ দি একো কৰাব নোৱাৰে। একেবাৰে নোৱাৰে।
সংবাদদাতাঃ আপুনি সেই ভিডিঅ বোৰ কৰা সময়ৰ মানসিকতাৰ বিষয়ে কৈছিল। আপুনি কৈছিল যে আপুনি
অন্ধকাৰত আছিল আৰু আপোনাৰ আচলতে একো মনত নাই আপুনি কি কৰিছিল। অকণমান বুজাই ক
ব নেকি আপোনাৰ মগজুত কি চলি আছিল যেতিয়া
আপুনি এই জগতখনত আৰু গভীৰ ভাৱে সোমাই গৈছিল।
মিয়া খালিফাঃ মই ভাবো এইবোৰ হৈছিল মোৰ এড্ৰেনলিন হৰমনৰ বাবে। কাৰণ মোৰ এড্ৰেনলিন খুব বেছি
আছিল
মই জানিছিলোঁ যে মই যি
কৰি আছিলোঁ সেইটো খুব ভয়ংকৰ
। কিন্তু আগতে মই এই কাম কেতিয়াও কৰিম বুলি ভবা নাছিলো।
সংবাদদাতাঃ আপুনি অসুবিধা পাইছে নেকি এই বিষয়ে কবলৈ?
মিয়া খালিফাঃ হয়, অকণমান দ্বিধাবোধ হৈছে।
সংবাদদাতাঃ হয় , মই বুজিছোঁ। মই খোলাখুলিকৈ সুধিব বিচাৰিছোঁ, আপুনি প্ৰকৃততে আৰৱৰ হয়। আপোনাৰ মা দেউতা লেবাননৰ বাসিন্দা।
মিয়া খালিফাঃ হয়, মই লেবাননৰ, মই তাত জন্মগ্ৰহণ কৰিছোঁ আৰু তাতেই ডাঙৰ
দীঘল হৈছোঁ।
সংবাদদাতাঃ হয়। আৰবীক সংস্কৃতি অত্যন্ত ৰক্ষণশীল
বুলি কোৱা হয়। সেই ৰক্ষণশীলতাখিনি আপোনাৰ বাবে বাধাৰ প্ৰাচীৰ আছিল নেকি
 ? আপুনি এইখন জগতত আহিবলৈ সেই বাধাৰ
প্ৰাচীৰ ভাঙি আহিব লগা হৈছিল
  ?
মিয়া খালিফাঃ হয়তো! হয়তো মোৰ এই ৰক্ষণশীলতাকলৈ মনত এটা
বিদ্ৰোহৰ ভাৱনা আছিল আৰু এনেকুৱা কিবা কৰিব মন আছিল যাৰ দ্বাৰা মই নিজেও আচৰিত হৈ
পৰোঁ
সংবাদদাতাঃ আপোনাৰ পৰিয়ালে আপুনি কৰা কামৰ বিষয়ে অৱগত
আছিল নে
?
মিয়া খালিফাঃ নাই, জনা নাছিল। আৰু যেতিয়া জানিছিল তেতিয়া মোক এৰি দিছিল।
সংবাদদাতাঃ হয়। এইটো আপোনাৰ বাবে নিশ্চিত ভাবে ভয়ানক
আছিল
?
মিয়া খালিফাঃ হয়। মই নিজকে অকলশৰীয়া অনুভৱ কৰিছিলোঁ কেৱল সমাজৰ আগত নহয় , মোৰ পৰিয়াল আৰু মোৰ আশে পাশে থকা লোকসকলৰ পৰাও অকলশৰীয়া অনুভৱ কৰিছিলোঁ।
বিশেষকৈ মই এইবোৰ এৰি দিয়াৰ পাছতো অকলশৰীয়া হৈ আছিলোঁ। মই অনুভৱ কৰিছিলোঁ কিছুমান
ভুল মানুহে কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু সময়ে সকলো ঠিক কৰে। এতিয়া বহুখিনি
বস্তুৱেই ঠিক হ
ব ধৰিছে।
সংবাদদাতাঃ মই আপোনাক এই উদ্যোগখনৰ পদ্ধতিৰ বিষয়ে অন্য
ধৰণে সুধিব বিচাৰো
 , সেইটো হল ক্ষমতা আৰু টকা। প্ৰথমতে , এনেধৰণৰ ব্যৱসায়ত পুৰুষৰ লগতে মহিলাও দেখা যায়। কিন্তু ইয়াৰ বাহিৰেও ক্ষমতাৰ
লগত জড়িত কোনোবা মহিলা আছে নে
?
মিয়া খালিফাঃ হয়, নিশ্চিত ভাবে আছে। মই যিটো গোটত কাম কৰিছিলোঁ তাতো এগৰাকী মহিলাই কাম কৰিছিল।
তেওঁ খুব নম্ৰ আৰু অভিজ্ঞতাসম্পন্ন আছিল। ইয়াৰোপৰি আমাৰ অফিচত বিভিন্ন মহিলাই কাম
কৰিছিল। মই সেই মহিলা গৰাকীক সুধিছিলো
 , “আপুনি কেনেকৈ এইটো কাম বিচাৰি পালে, আপুনি এনেকুৱা কামৰ বাবে আবেদন কৰিছিল নেকি?”
সংবাদদাতাঃ এই ব্যৱসায়ৰ আৰ্থিক দিশটোও অলপ বেলেগ।
আপুনি যেতিয়া এটা ভিডিঅ
 কৰিছিল যত আপুনি ইছলামিক হিজাব পৰিধান কৰি আছিল, ইয়াৰ পিছত আপুনি বহুদিনলৈ pornhub উদ্যোগৰ আটাইতকৈ জনপ্ৰিয় যৌন নায়িকা আছিল আৰু আপোনাক লাখ লাখ মানুহে চাইছিল।
আপুনি মুঠ ১২টা ভিডিও বনাইছিল
, তাৰ বাবে আপোনাক মাত্ৰ ১২ হাজাৰ আমেৰিকান ডলাৰ প্ৰদান কৰা হৈছিল। কিন্তু আপোনাৰ কোম্পানী আৰু pornhub উদ্যোগে কোটি কোটি টকা উপাৰ্জন কৰিছিল। এইটো কেনেকৈ সম্ভৱ হ?
মিয়া খালিফাঃ এনেকুৱাই হয়। এইটো নহয় যে কেৱল মোৰ লগতেই
এনেকুৱা হৈছে। আৰু এনেকুৱাও নহয় যে মোৰ চুক্তিটো বেয়া আছিল বা মোৰ মেনেজাৰ জন ভাল
নাছিল। আচলতে মোৰ কোনো মেনেজা
ৰেই নাছিল।
সংবাদদাতাঃ সেইসময়ত আপোনাৰ কোনো উপদেশকাৰী নাছিল
নেকি
?
মিয়া খালিফাঃ নাই কোনো নাছিল।
সংবাদদাতাঃ  আপুনি তেতিয়া মাত্ৰ ২১ বছৰীয়া এজনী
ছোৱালী আছিল আৰু আপোনাৰ কোনো উপদেশকাৰীও নাছিল
!
মিয়া খালিফাঃ আচলতে ২৫ বছৰ বয়সলৈকে মানুহৰ মগজুৰ
সম্পূৰ্ণ বিকাশ হৈ নুঠে। মোৰো সিদ্ধান্ত লোৱা ক্ষমতা খিনি সেই সময়ত বিকশিত হৈ উঠা
নাছিল যিয়ে মোক শুদ্ধ-অশুদ্ধ ৰ বিচাৰ কৰাত সহায় কৰি
লেহেতেঁন
সংবাদদাতাঃ যৌন ব্যৱসায়ৰ এটা গুৰুত্বপূৰ্ণ কথা হল যে আপুনি যিবোৰ ভিডিও বনায় সেইবোৰ
ইণ্টাৰনেটত চিৰদিনৰ বাবে থাকি যায়। কেৱল আমেৰিকাই নহয়
 , আপোনাৰ বহুতো ভিডিও মধ্যপ্ৰাচ্যতো খুব জনপ্রিয় ।
মিয়া খালিফাঃ আচলতে আটাইতকৈ জনপ্ৰিয় মধ্যপ্ৰাচ্যতেই সেই কাৰণেই চাগে মোলৈ আটাইতকৈ বেছি মৃত্যুৰ ভাবুকি মধ্যপ্ৰাচ্যৰ পৰাই আহিছিল।
সংবাদদাতাঃ হয়, নিশ্চয়কৈ। আমি এইবিষয়ে কথা পাতিম কিন্তু ইয়াৰ আগতে আৰ্থিক দিশটোৰ ওপৰত কথা
পাতিব বিচাৰিছোঁ। আপুনি আটাইতকৈ জনপ্ৰিয় তাৰকা হোৱাৰ পাছতো নিজৰ জনপ্ৰিয়তাৰ
সঠিক মূল্য পোৱা নাছিল ।
মিয়া খালিফাঃ হয়।
সংবাদদাতাঃ মই সেই ভিডিও টোৰ বিষয়ে কব খোজো যত আপুনি হিজাব পৰিধান কৰি আছিল । সেই
ভিডি
অ’টো কিমান উত্তেজনাদায়ক
আছিল আপুনি নিশ্চয়কৈ জানিছিল ।
মিয়া খালিফাঃ তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আপোনালোকে মোক
মৰিয়াই পেলাৱক
সংবাদদাতাঃ তেওঁলোকে কি কৈছিল?
মিয়া খালিফাঃ তেওঁলোকে মাত্র হাঁহিছিল।
সংবাদদাতাঃ আপুনি তেতিয়া সেই কামটো নাকচ কিয়
নকৰিলে
?
মিয়া খালিফাঃ ভয় লাগিছিল। মই ভয় খাইছিলোঁ । এনেকুৱা
নাছিল যে তেওঁলোকে মোৰ ওপৰত জোৰ জবৰদস্তি কৰিব। কাৰণ তেনেকুৱা হ
লেতো ঘটনাটো বলৎকাৰ হৈ যাব। মই জানিছিলোঁ
মই নকৰো বুলি ক
লে তেওঁলোকে মোক জোৰ নকৰে। কিন্তু তথাপিও মই ভয় খাইছিলোঁ।
আপুনি কেতিয়াবা কিবা ক
বলৈ ভয়  শংকিত হৈ
পাইছেনে
? যেনে ধৰক আপুনি এখন হোটেলত বিচৰা ধৰণে খাদ্যৰ সোৱাদ নাপালে , আৰু ৱেটাৰ জনে আহি আপোনাক খাদ্য কেনেকুৱা হৈছে সুধিলে আপুনি বেয়া হোৱা বুলি কবলৈ অলপ হলেও সংকুচিত হব। মোৰো তেনেকুৱাই হৈছিল।
সংবাদদাতাঃ আপুনি কোৱাৰ ধৰণে , সন্মতিৰ ধাৰণাটো অৰ্থহীন হৈ পৰে , বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত, ত এই
যৌনব্যৱসায়ৰ সাম্ৰাজ্যখন পুৰুষেই চলাই থাকে। বিশেষকৈ আপোনাৰ দৰে এগৰাকী ২১ বছৰীয়া
ছোৱালীৰ বাবে আৰু কঠিন হৈ পৰিছিল বোধহয়!
মিয়া খালিফাঃ নিশ্চয়কৈ। যেতিয়া এটা কোঠালিত চাৰিজনকৈ
পুৰুষ পৰিচালক থাকিব আৰু আপুনি কিবা আপত্তি কৰিলে তেওঁলোকে আপোনাৰ ফালে চাই কেৱল
হাঁহিব
 , সেইটো খুব ভয়লগা পৰিস্থিতি হৈ পৰে। ইয়াৰ পিছত আকৌ কিবা কবলৈ সাহস নোহোৱা হৈ যায়। আনকি আপুনি
চুক্তিপত্ৰ চহী কৰাৰ সময়তো
  কোম্পানীৰ স্বত্বাধিকাৰী আপোনাৰ সমুখত বহি থাকিব আৰু আপুনি চুক্তিখন পঢ়ালৈ ৰৈ
থাকিব। আপুনি সেইখন পঢ়িলে ভয়তে একো বুজি নাপাব কাৰণ মানুহবোৰে আপোনাক খুব
আপত্তিজনকভাবে
আৰু উদ্বিগ্নতাৰে চাই থাকে।
সংবাদদাতাঃ যেতিয়া আপুনি হিজাব পৰিধান কৰা সেই
নিৰ্দিষ্ট ভিডিঅ
টো কৰিছিল তেতিয়া আপোনাৰ মনত কিবা অনুভৱ হৈছিল নে যে এই
ভিডিঅ
টো
আপোনাৰ জীৱনৰ বাবে ভয়ানক হৈ পৰিব
?
মিয়া খালিফাঃ নাই। এই ভিডিঅ’ কৰাৰ দ্বিতীয় দিনলৈকে মোৰ একো অনুভৱ হোৱা
নাছিল কাৰণ তেতিয়ালৈকে মোৰ এড্ৰেন
লিন খুব বেছি পৰিমানে দেহত
আছিল। কিন্তু যেতিয়াই এইটো ভিডিও মুকলি হ
ল তেতিয়াৰ পৰা মোৰ জীৱনটো শেষ হৈ গল। যৌনব্যৱসায় কৰিবলৈ মই নিজকে এইবাবেই
প্ৰস্তুত কৰিছিলোঁ কাৰণ বহুতো ছোৱালীয়ে
  যৌনব্যৱসায় কৰে আৰু কোনোৱে তেওঁলোকক চিনি নাপায়, তেওঁলোকক নাজানে বা মনত নাৰাখে। ময়ো এইটো মোৰ এটা গোপনীয় কথা হিচাপে ৰাখিব
বিচাৰিছিলোঁ। কিন্তু ই মোৰ মুখত মুখত এটা ভয়ংকৰ চৰ সোধালে।
সংবাদদাতাঃ হয়। ই নিশ্চয়কৈ কৰিলে। কিন্তু ভিডিঅ বনোৱা মানুহখিনিৰ চকুৰে চালে এই এক আনন্দৰ কথা আছিল, কাৰণ ইয়াৰ পৰা তেওঁলোকে কোটি কোটি দৰ্শক লাভ কৰিছিল।
মিয়া খালিফাঃ তেওঁলোকে মোক খুব প্ৰশংসা কৰিছিল আৰু
অপ্ৰতিদ্বন্দী বুলি আখ্যা দিছিল।
সংবাদদাতাঃ কিন্তু প্ৰকৃততে আপোনাৰ মুখখন এগৰাকী যৌন
কৰ্মী হিচাপে
, যিয়ে হিজাব পৰিধান কৰিছিল, সমগ্ৰ বিশ্বৰ আগত পৰিচিত হৈ পৰিছিল আৰু আপুনি মৃত্যুৰ ভাবুকিও পাইছিল।
মিয়া খালিফাঃ হয়, মই সঠিককৈ ISIS বুলি নকওঁ, ISIS ৰ সমৰ্থক সকলে মোৰ ফটোখন আন কাৰোবাৰ মুখত
লগাই দিছিল যাক মৃত্যুদণ্ড দিয়া হৈছিল
, আৰু কৈছিল, দ্বিতীয়তে তুমি মৰিবা।
সংবাদদাতাঃ মই কল্পনা কৰাও কঠিন যে আপুনি সেইসময়ত কিমান
অকলশৰীয়া অনুভৱ কৰিছিল
, কাৰণ আপুনি সেইবোৰ কথা কাৰো লগত আলোচনা
কৰিব পৰা নাছিল।
মিয়া খালিফাঃ হয়। ই অতি ভয়ানক আছিল কিন্তু মোৰ মোকাবিলা কৰাৰ পদ্ধতিটো খুব হাস্যকৰ আছিল , সেইবাবে মোৰ প্ৰতিক্ৰিয়া খুব সাধাৰণ আছিল।
সংবাদদাতাঃ আপুনি ২১ বছৰীয়া এগৰাকী ছোৱালী  আছিল । আপুনি কৈছে যে আপোনাৰ জীৱনটো প্ৰায় শেষ হৈ গৈছিল , কিন্তু আজি ৫ বছৰ পিছত আপুনি ইয়াত বহি আছে। আপুনি যিবোৰ কৰিলে সেইবোৰৰ বাবে
আপুনি নিজকে কিমান উত্তৰদায়ী হ
ব লাগে বুলি ভাবে?
মিয়া খালিফাঃ ১০০% । মই সিদ্ধান্ত লৈ লৈছিলোঁ। মই
ভাবিছিলোঁ এই উদ্যোগটোৰ আঁৰৰ সঁচা কথাবোৰ সকলোৰে আগত উলিয়াম আৰু আন ছোৱালীবোৰক
ৰক্ষা কৰিম যিসকলে মোৰ দৰে একে জালত পৰিছে। কিন্তু শেষত এইটো মোৰ এটা ৰুচিলৈ
পৰিৱৰ্তন হৈ পৰিল।
সংবাদদাতাঃ যেতিয়া সেই ভিডিও টো প্ৰসাৰিত হৈছিল আৰু
আপোনাৰ মুখখন মানুহে চিনি পোৱা হৈছিল আৰু সেইটো খুব উত্তেজক ভিড
অ’ আছিল। আপুনি হত্যাৰ ভাবুকি পাবলৈও আৰম্ভ
কৰিছিল
 তেতিয়া আপুনি কাম এৰিব বুলি একেবাৰেই
সিদ্ধান্ত লৈছিল নে
 ?
মিয়া খালিফাঃ মই একেবাৰে সিদ্ধান্ত লোৱা নাছিলোঁ , মই তেতিয়া সংকুচিত হৈ আছিলোঁ। মই  ভাবি পোৱা নাছিলোঁ তেওঁলোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
মই এমাহ পাছত তেওঁলোকৰ সৈতে এখন মিটিং কৰিছিলোঁ। আৰু অৱসৰৰ পত্ৰখন দিছিলোঁ। মই মোৰ
কথাখিনি তেওঁলোকক কৈছিলোঁ
 , তেওঁলোকে মোক বুজাবলৈ বহু চেষ্টা কৰিছিল, কৈছিল যে মই অত্যাধিক প্ৰতিক্ৰিয়া কৰিছোঁ আৰু মই এই বিষয়ে বেছিকৈ বঢ়াই কৈছোঁ।
সংবাদদাতাঃ সেই সময়ত আপুনি সুৰক্ষা বাহিনী ৰাখিব লগা
হৈছিল নেকি
? আপুনি আপোনাৰ ঘৰ এৰি দিব লগা হৈছিল নেকি?
মিয়া খালিফাঃ হয় মই মোৰ ঘৰ ইতিমধ্যেই সলনি কৰিছিলোঁ কাৰণ কোনোবাই মোৰ ঘৰৰ  ঠিকনা  google map ৰ পৰা screenshot লৈ থৈছিল।
সংবাদদাতাঃ সেই ব্যক্তিসকলে আপোনাক কেৱল টকাৰ যন্ত্ৰ
হিচাপে চাইছিল।
মিয়া খালিফাঃ হয়।
সংবাদদাতাঃ কিন্তু আপোনাৰ ওচৰত সেই সময় পৰ্যন্ত কোনো
উপদেশকাৰী
 , কোনো উকীল নাছিল?
মিয়া খালিফাঃ মই ২১ বছৰীয়া আছিলোঁ। এগৰাকী ২১ বছৰীয়া
ছোৱালীৰ হাতত কেনেকৈ এইবোৰ থাকিব
?
সংবাদদাতাঃ এতিয়া সেই ঘটনাবোৰ হোৱা বহু বছৰ হল।
আপুনিও এতিয়া নিজৰ জীৱনত আগবাঢ়িছে। কিন্তু এতিয়াও আপোনাৰ মনত সেই দুখটো আছেনে
?
মিয়া খালিফাঃ হয় আছে। আৰু মোৰ আটাইতকৈ বেছি দুখ তেতিয়া
লাগে যেতিয়া মই মানুহৰ মাজলৈ যাওঁ। মানুহবোৰে মোক যেনেদৰে চাই মোৰ এনেকুৱা লাগে
যেন মোৰ কাপোৰৰ ভিতৰেৰে মোৰ দেহৰ অংগ তেওঁলোকে দেখি আছে। আৰু এইটোৱে মোক সাংঘাতিক
লাজত পেলায়। মোৰ এনেকুৱা লাগে মই মোৰ সকলো গোপানীয়তা হেৰুৱাই পেলালোঁ। যিটো সঁচা
কথা।
সংবাদদাতাঃ আপোনাৰ কিছুমান ফটো, যিবোৰ ফটো আপোনাৰ একান্তই ব্যক্তিগত ফটো, সেইবোৰ আপুনি এতিয়া ইচ্ছা কৰিলেও লাখ লাখ মানুহৰ দৃষ্টিৰ পৰা আঁতৰাই দিব
নোৱাৰে। খুব দুখ লগা এই কথাবোৰ। এই ঘটনাটো আপোনাৰ যদিও আন যৌনকৰ্মীসকলৰো হয়তো
এনেকুৱা কাহিনী আছে।
মিয়া খালিফাঃ এই ব্যৱসায়ৰ ভিতৰৰ কথাবোৰ বাহিৰ হোৱাৰ
পাছতেই এনেকুৱা বহু
 ঘটনা মই দেখিবলৈ পাইছোঁ। মোক বহুতে email কৰি কৈছিল যে বহুতো ছোৱালী sex traffickingত পৰিছিল আৰু যৌনকৰ্ম কৰিবলৈ জোৰ কৰা হৈছিল আৰু ছোৱালীবোৰৰ
জীৱন ধ্বংস কৰি দিয়া হৈছিল। তেতিয়া মোৰ অনুভৱ হৈছিল যে মই ইয়াৰ ভিতৰচৰাৰ বিষয়ে কম।
কাৰণ বাকী মানুহবোৰেও আমাৰ দৰে একেই অনুভৱ কৰে। হয়তো সকলোৱে যৌনকৰ্মৰ ক্ষেত্ৰত
নিজকে অনুভৱ কৰিব নোৱাৰিব পাৰে তথাপি তেওঁলোকে বুজিব যে ইচ্ছাৰ বিৰুদ্ধে কাম কৰিলে
কেনেকুৱা অনুভৱ হয়।
সংবাদদাতাঃ আপুনি কথাবোৰ খুলি কবলৈ সিদ্ধান্ত লৈছিল। যদি আপুনি ইয়াৰ পিছত
এগৰাকী সক্ৰিয়কর্মী
(Activist) হিচাপে কাম কৰে তেন্তে আপুনি যৌনচিনেমাৰ ক্ষেত্ৰত থকা সমাজৰ
দৃষ্টিভংগী সলনি কৰিব বিচাৰিব নে
?
মিয়া খালিফাঃ বৰ্তমান সময়ত সকলো মানুহেই যৌনচিনেমা চায় মই যদি সলনি কৰিব বিচাৰো,  এই ব্যৱসায়ত লৈ হোৱা পদ্ধতিটোহে সলনি হোৱাটো বিচাৰিম।
কোনোৱে যাতে মহিলাক জোৰ কৰি আনিব নোৱাৰিব। কোনোৱে
যাতে তেওঁক জোৰ কৰি চুক্তিচহী কৰিব দিব নোৱাৰিব। চুক্তিখন পঢ়িবলৈ তেওঁলোকক সময় দিব লাগিব।
সংবাদদাতাঃ বৰ্তমান সময়ত আমাৰ সংস্কৃতিবোৰ লাহে লাহে
যৌন বিষয়ত ব্যাপকৰূপে জড়িত হৈ পৰিছে। ই বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজৰ সম্পকবোৰ
নষ্ট কৰিব ধৰিছে। আপুনি কি ক
ব এই বিষয়ে?
মিয়া খালিফাঃ  যৌনপ্ৰৱণতা হৈছে অত্যন্ত প্ৰচলিত বিষয় ।
মানুহে ভিডিঅ
বোৰত যিবোৰ দেখে সেইবোৰ আচলতে সত্য নহয়। কোনো মানুহেই ইমান  যথাযথ হব নোৱাৰে। কোনো মানুহেই তেওঁলোকৰ ভাল পোৱা ব্যক্তিৰ লগত
সেইবোৰ কাম কৰিব নোৱাৰে।
সংবাদদাতাঃ আপোনাৰ যৌনকৰ্মৰ লগত জড়িত ফটোবোৰ, যিবোৰ ইণ্টাৰনেটত উপলব্ধ  সেইবোৰ  গ্ৰহণ কৰিবলৈ হয়তো আপোনাৰ বাবে কঠিন হব। কিন্তু এতিয়া , সেই যৌনকৰ্মৰ ধাৰণাটো বাদ দি, আগবাঢ়িবলৈ আপুনি সক্ষম হৈছেনে? আপুনি কৈছিল আপুনি নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছে যিবোৰ মানুহৰ সেই
জগতখনৰ লগত কোনো সম্পৰ্ক নাই।
মিয়া খালিফাঃ হয়। মই নিজকে খুব ভাগ্যবান অনুভৱ কৰোঁ
কাৰণ মই এনে এগৰাকী মানুহ লগ পাইছোঁ যিয়ে মোৰ কথা কেতিয়াও শুনাই নাছিল। যিটো মোৰ
বাবে খুব ভাল লগা কথা আছিল। পিছত মই তেওঁক মোৰ কথাবোৰ কৈছিলোঁ। তেতিয়া তেওঁ কৈছিল
যে আমি কথা পতা আৰম্ভ কৰাৰ পাছত তেওঁ মোক
 google ত বিচাৰিছিল কাৰণ মোৰ ৫ লাখ অনুকৰণকাৰী আছিল। সেই সময় খিনি মোৰ বাবে কঠিন আছিল
কাৰণ এনেকুৱা এজন মানুহ মই বিচাৰি পোৱাটো সহজ নাছিল যিজন ব্যক্তি এইবোৰৰ লগত
একেবাৰেই জড়িত নাছিল।
সংবাদদাতাঃ আপুনি কেতিয়াও প্ৰসিদ্ধ হব বিচৰা নাছিল। আপুনি এইটো গোপানীয়
হিচাপে ৰাখিব বিচাৰিছিল
, আৰু এতিয়া আপুনি খুব অসহজ অনুভৱ কৰে
এনেদৰে প্ৰসিদ্ধ হৈ!
মিয়া খালিফাঃ হয়। বহুতো মহিলাকৰ্মীয়ে মোক বেয়া পায়।
তেওঁলোকৰ মতে মই ইয়াৰ বাবে অকৃতজ্ঞ। কিন্তু মই কেতিয়াও এ
নে জনপ্ৰিয়তা বিচৰাই নাছিলোঁ।
সংবাদদাতাঃ যদি এতিয়া আপোনাক কোনোবাই আপোনাৰ লগত কাম
কৰিব বিচাৰো বুলি সোধে যেনেকৈ সেই ২১ বছৰ বয়সীয়া মিয়া খালিফাক সুধিছিল তেতিয়া
আপোনাৰ উত্তৰ কি হ
?
মিয়া খালিফাঃ  এই দৃষ্টিকোণটোতেই গণ্ডগোল আছে। মই পলাই
যাম।
সংবাদদাতাঃ মিয়া খালিফা, ধন্যবাদ আজি এই সাক্ষাৎকাৰত উপস্থিত থকাৰ বাবে।

Popular Post

ঐতিহাসিক চিঠি