গল্প : গৃহ প্ৰত্যাৱৰ্তন (সত্য ঘটনাৰ আলমত)

Posted by : translatorsassam
May 29, 2020

 গৃহ
প্ৰত্যা
ৰ্তন (সত্য ঘটনা
আলমত)

মূল: কেণ্ডেচ টাৰ্টল
অনুবাদ: ননী চহৰীয়া বৰা
 জেনেট ৰে‘—–পেট ৰেৰ কন্যা। বয়স মাত্ৰ ছয়বছৰ। সেই বয়সৰ পৰাই ছোৱালীজনী এটা
অনুসন্ধানত ব্ৰতী হৈছিল । তাইৰ দেউতাকৰ বিষয়ে আছিল তাইৰ অনুসন্ধান।
     সেইদিনা মাকে
কৈছিল—ভায়েক টম স্কুলৰ পৰা আহিলেই তাইক কিবা এটা কথা ক
ব।
জেনেট উৎফুল্লিত হৈ পৰিছিল। জেনেটে ভাবিছিল–মাকে কি কথা ক

তাই জানে। ক
,
তাইৰ মৰমৰ দেউতাক ঘৰলৈ আহি
আছে।
     বাৰ্মিংহামত থকা আইতাকৰ
ঘৰত টম আৰু তাই বিচনা এখনত ওচৰা-ওচৰিকৈ বহি আছিল।
মাকে কি কয় শুনিবলৈ  উৎকন্ঠাৰে
ৰৈ আছিল জেনেট। কিছু সময়ৰ পিছত মাক সিহতৰ ওচৰলৈ আহিছিল আৰু ধীৰে ধীৰে
কৈছিল—-“তোমালোকৰ দেউতাৰা ঘূৰি আহিবৰ বাবে যোৱা নাছিল। তেওঁ আৰু কেতিয়াও
ঘূৰি নাহে
,কাৰণ তেওঁৰ মৃত্যু হৈছে। এতিয়াৰ পৰা দেৱদূত
হৈ সৰগৰ পৰা তেওঁ তোমালোকলৈ চাই থাকিব।”
     জেনেটৰ বিশ্বাস হোৱা
নাছিল। কিছুদিন আগতে সৈনিকৰ পোচাক পৰিধান কৰি এদিন দেউতাকে জেনেটৰ হাতত ধৰি বিমান
এখনৰ ভিতৰলৈ লৈ গৈছিল তাইক আৰু বহু ওপৰৰ পৰা তলৰ পৃথিৱীখন দেখুৱাইছিল। ওপৰৰ পৰা
দেখা পোৱা সকলো বস্তুকে বৰ ক্ষুদ্ৰ যেন লাগিছিল।
     জেনেটে উচুপি উচুপি কান্দি
আছিল আৰু বাৰে বাৰে কৈছিল—“মোৰ দেউতা সদায় ঘৰলৈ আহে”—তাই বাৰান্দালৈ
ওলাই গৈ তেনেকৈ কান্দিয়েই আছিল।মাকে যিমান পাৰে বুজনি দিছিল। কিন্তু জেনেটৰ কাণত
একো সোমোৱা নাছিল। তাইৰ অন্তৰাত্মাই কৈ উঠিছিল —-“জেনেট
, তেওক
বিচাৰি উলিওৱা।”
     ১৯৬১ চনৰ এপ্ৰিল মাহত
কিউবাৰ পিগছ উপসাগৰীয় আক্ৰমণ ৰ সময়ত থমাছ উইলাৰদ পে

ৰেৰ
B–26 বিমানখন যেতিয়া গুলীয়াই ভূপতিত কৰা হৈছিল, সেই
সময়ত জেনেট একেবাৰে সৰু এজনী ১ম মান শ্ৰেণীৰ ছাত্ৰী।কিউবাৰ নিৰ্বাসিত পাইলট সকলক
প্ৰশিক্ষণ দিবৰ বাবে পে
ট ৰেক আমেৰিকাই গুৱাটেমেলা আৰু নিকাৰাগুৱাৰ সীমান্তবৰ্তী
গোপন ঘাটিলৈ তিনিমাহৰ অস্থায়ী নিযুক্তি দি পঠিয়াইছিল। প্ৰয়োজন হলে আক্ৰমণৰ সময়ত
বোমাৰু বিমানতো যাবলগীয়া হৈছিল। আক্ৰমণ কাৰী বাহিনীটোৱে বিশ্বাস কৰিছিল যে
ৱাশ্বিংটনে তেওলোকক আমেৰিকাৰ যুজাৰু বিমানৰ সাহায্য ও দিব। কিন্তু
 
কোনো যুজাৰু বিমান অহা
নাছিল সহায় কৰিবলৈ আৰু সেয়ে পে
ট ৰে আৰু লগৰীয়া সকলো
অসুৰক্ষাৰ বলি হৈছিল।
     দেশ দখল অভিযান নো কি অথবা
ফিডেল কাষ্ট্ৰোৰ বিষয়ে জেনেটে একো নাজানিছিল। তাই মাথো জানিব বিচাৰিছিল—-তাইৰ
দেউতাকৰ নো কি হ
ল।
     মাক,খুড়াক, ককা-আইতা
সকলোকে প্ৰশ্ন সুধি তাই ব্যতিব্যস্ত কৰি তুলিছিল। ।কেতিয়াবা তাই সুধিছিল–তেওঁ
বাৰু ক
ৰবাত বন্দী হৈ আছে নেকি!
      কিন্তু
পৰিয়ালৰ কোনো এজন সদস্যই তাইক সদুত্তৰ দিব পৰা নাছিল।অথচ নিশ্চিত ভাৱে ক
বও
পৰা নাছিল যে তেওঁৰ মৃত্যু ঘটিছে।
     জেনেটে কোনোপধ্যে দেউতাকৰ
চিন্তা মনৰ পৰা আতৰাব পৰা নাছিল‌। ৰাতি ঘৰত বহি কণমানি জেনেটে দেউতাক ঘূৰি আহিবলৈ
কাগজৰ উৰা জাহাজ সাজে। তেওঁ সদায় এনেদৰেই আকাশেৰে উৰি উৰি ঘৰলৈ ঘূৰি অহা নাছিল
জানো
? 
     পাইলট পে
ৰে নিৰুদ্দিষ্ট হোৱাৰ
  কুৰিটা
মাহৰ পিছত এদিন খবৰ আহিল—ফিডেল কাষ্ট্ৰোৱে যুদ্ধ বন্দী সকলক মুক্ত কৰি দিছে ।
ফ্লৰিডাত থকা বায়ু সেনা বাহিনীৰ ঘাটি
,–মষ্টেডত
যুদ্ধ বন্দী সকল উপস্থিত হৈছিল আৰু দূৰদৰ্শন ত সেই দৃশ্য দেখুওৱাৰ সময়ত জেনেটে টি
,ভি
পৰ্দাৰ নিচেই কাষতে ৰৈ সেই দৃশ্য চাইছিল। তাই তন্ন তন্ন কৈ ফটোবোৰ চাইছিল।শেষৰজন
যুদ্ধ বন্দী দেখাৰ পিছত জেনেটে উচুপি উচুপি কান্দিছিল।
     ঘৰত সকলোৱে জেনেটক লৈ
চিন্তাত পৰিল। তেওঁলোকে বুজি পাইছিল
,
দেউতাকৰ মৃত্যুৰ কথাটো
জেনেটে সহজভাৱে ল
ব পৰা নাই। আইতাকে জেনেটক সাৱটি ধৰি
বুজাইছিল—-“জীৱন বৰ অনুপম বুলি মই তোমাক ক

নোখোজো। কিন্তু যি ঘটি গ
ল তাক যাবলৈ দিয়া। তোমাৰ অন্তৰে যি শুদ্ধ
বুলি বিবেচনা কৰে আৰু তোমাৰ দেউতাৰ বিষয়ে জানিবলৈ মনত যি প্ৰশ্নৰ উদয় হৈছে—তাৰ
বাবে যুজঁ কৰা।”
 ছয়বছৰ বয়সীয়া এজনী  কণমানি
য়ে সেইদিনাই অন্তৰত সেই মন্ত্ৰ
  স্থাপন
কৰি লৈছিল।
     দিন বাগৰিছিল। পিগচ
উপসাগৰীয় এলেকাৰ বিষয়ে লিখা কিবা প্ৰৱন্ধ পালেই
  জেনেটে সংগ্ৰহ  কৰি এটা বাকচত ভৰাই ৰাখে। মাকৰ লগত কথা
পাতিলে তেওঁ কেইজনমান পাইলট আৰু দেউতাকৰ বন্ধুৰ নাম
  উল্লেখ কৰা শুনিছিল জেনেটে কেতিয়াবা। সেইবোৰ
যত্ন সহকাৰে নোটবহী এখনত লিখি ৰাখিছিল
  তাই।
     লাহে লাহে জেনেট ডাঙৰ হল।সপ্তাহৰ
শেষৰ দিনবোৰ জেনেটে লাইব্ৰেৰীত কটায়। পুৰণি বাতৰি সমূহ সংগ্ৰহ কৰে
, সেইবোৰ
পঢ়ে আৰু নোটবহীত টুকি লয়। লাহে লাহে
  চুটকেচতো ভৰি আহিছিল কিন্তু সেইবোৰৰ মাজত 
তাইৰ দেউতাকৰ বিষয়ে কোনো
আশাব্যঞ্জক বাতৰি নাছিল।
     জেনেটে যেতিয়া গাড়ীচালনাৰ
অনুজ্ঞাপত্ৰ লাভ কৰিলে
, তেতিয়াৰ পৰাই তাইৰ
অনুসন্ধানে নতুন গতি লাভ কৰিবলৈ সক্ষম হ
ল। এতিয়া অনুসন্ধানৰ বাবে
জেনেট দূৰ-দূৰণিলৈ অকলে যাব পাৰে। তাইৰ অনুসন্ধানৰ বিষয়সমূহ আছিল—–দেউতাক উৰা
বিমানখনৰ ফিচাত
  থকা
নম্বৰটো কি আছিল
? বিমানত একেলগে উৰা
মানুহকেইজনৰ নাম কি আছিল
? কিমান সময়ত বিমানখন
গুলীয়াই ভূ-পতিত কৰা হৈছিল
? সেই সময়ত তেওঁ কি পোচাক
পিন্ধি আছিল —প্ৰতিটো কথা তাই জানিব বিচাৰিছিল। মৃত বা জীৱিত—যিয়েই নহওক
লাগিলে
, তাই কেৱল অনুসন্ধান কৰিছিল। তাৰ বাহিৰেও পুৰণি ফটো আৰু ধূসৰ
স্মৃতিবোৰকে সাৰথি কৰি
  তাই
আগুৱাবলগীয়া হৈছিল।
     কলেজত পঢ়ি থকা সময়ছোৱাত, বন্ধ
কটাবলৈ জেনেট এবাৰ কিউবাৰ ওচৰৰ মিয়ামিলৈ যোৱাৰ
  সিদ্ধান্ত ললে। তাতো জেনেটে দেউতাকৰ বিষয়ে
নিৰৱচ্ছিন্ন অনুসন্ধান চলাই গ
ল‌। তাই উপযাচি মানুহবোৰৰ
 লগত চিনাকি হয় আৰু
সোধে—–“আপুনি মোৰ দেউতাৰ বিষয়ে কিবা কথা জানে নেকি
?’ তেওঁৰ নাম পেট ৰে। তেঁও এজন আমেৰিকান পাইলট আছিল আৰু
পিগচৰ উপসাগৰীয় অঞ্চলত তেওঁক গুলীয়াই হত্যা কৰা
   হৈছিল। আপুনি যদি কিবা জানে অনুগ্ৰহ কৰি মোক
জনাওক।”
     তাইৰ ফোন নম্বৰ দি অনুৰোধ
কৰিছিল।
     ঠাইখনৰ মানুহে ইংৰাজী ভাষা
নজনা বাবে তাইৰ কথালৈ কাণ নিদি আতৰি গৈছিল‌। জেনেট কিন্তু নিৰাশ হোৱা নাছিল। তাই
বাৰে বাৰে তালৈ গৈছিল আৰু মানুহবোৰক লগ ধৰিছিল।
     জেনেটৰ 
অনুসন্ধানৰ বাবে কোনো
নিৰ্দিষ্ট সময় নাছিল। কলেজীয়া ছাত্ৰী হিচাপে নিয়মিত পঢ়া-শুনা কৰাৰ মাজতে দেউতাকৰ
মৃত্যু ৰহস্যৰো সন্ধান অব্যাহত ৰাখিছিল‌।
     ভ্ৰমণত সদায় লগত নিয়া
চামৰাৰ সৰু বেগটো পুৰণি চিঠি আৰু থিতাতে লোৱা ফটোৰে ওফন্দি উঠিছিল। লাহে লাহে তাই
দেউতাকৰ মৃত্যুৰ সময়ৰ ঘটনাৰ পৰিৱেশৰ টুকুৰা টুকুৰ অস্পষ্ট ছবি এখন লাভ কৰিবলৈ
সমৰ্থ হৈছিল।
    গোপন
সামৰিক ঘাটি থকা পিগচৰ উপসাগৰীয় অঞ্চলত জেনেটে বিশিষ্ট প্ৰৱীণ লোক বিশেষকৈ পাইলট
সকলৰ সন্ধান কৰিছিল। কিছুমানে কৈছিল যে মৃতদেহ তাতেই আছিল । আন কিছুমানে
কৈছিল–তেওঁ লোকে তাইৰ দেউতাকৰ মৃতদেহৰ ফটো দেখিবলৈ পাইছিল।আকৌ এনে উৰাবাতৰিও
 
ওলাইছিল যে আমেৰিকাৰ সেনাৰ
শৱদেহবোৰ হাভানাৰ মৰ্গত ৰখা হৈছিল।
  তেওলোকে জনা কথাবোৰ কবলৈ পাই বেচিভাগ প্ৰৱীণ
লোকেই আনন্দিত হৈছিল আৰু আগলৈও তাইক সহায় কৰিব বিচাৰিছিল। বিমান যুজঁৰ বৰ্ণনা
দিবলৈ গৈ হাতেৰে তেওঁলোকে বিভিন্ন
  অঙ্গীভঙ্গী কৰিছিল।উত্তেজনাত তেওঁলোকৰ 
মাতবোৰ ডাঙৰকৈ ওলাইছিল।
তেওঁলোকে আৰু কৈছিল যে ফিডেল কাষ্ট্ৰোৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰা তাইৰ দেউতাক
এজন
  বীৰ
আছিল। জেনেটে প্ৰমাণ বিচাৰিছিল।কিউবাৰ নিৰ্বাসিত পাইলট সকলৰ বহুতো ল
ৰা-ছোৱালীক
জেনেটে লগ পাইছিল। সেই অভিযানটোৰ পিছত সিহঁতৰ দেউতাক সকলো কেতিয়াও আৰু ঘূৰি অহা
নাছিল। সিহঁতৰ সতে জেনেটে এক পৰম আত্মীয়তাৰ ভাৱ অনুভৱ কৰিছিল। প্ৰথম বাৰৰ বাবে
জেনেটে তাইৰ দৰেই কিছুমান মানুহৰ সতে
  দুখ আৰু লক্ষ্য ৰ ভাগ বতৰা কৰিছিল, যিয়ে
প্ৰকৃততে তাইক বুজি পায়।
     জেনেটৰ ঘৰৰ ওচৰত থকা, চেলমাৰ
প্ৰশিক্ষণ কেন্দ্ৰলৈ উৰণৰ প্ৰশিক্ষণ লবলৈ অহা মাইক উইনিঞ্জাৰ নামৰ বায়ু সেনা
বাহিনীৰ বিষয়া এজনক প্ৰথম লগ পোৱাৰ দিনা তাই কিছু ভাৰমুক্ত অনুভৱ কৰিছিল। চুটিকৈ
কটা চুলি
, মশৃন মুখ আৰু উৰণত পিন্ধা সেউজীয়া পোচাকেৰে, উইনিঞ্জাৰ
আৰু
  একলগে
প্ৰশিক্ষণ লবলৈ অহা ফূৰ্তিবাজ
,দেশপ্ৰেমিক বন্ধুকেইজনক
জেনেটৰ দেউতাকৰ দৰে দেখা হৈছিল। তেওঁলোকক তাই দেউতাকৰ বিষয়ে বিশেষ একো কোৱা নাছিল‌।
কোৱাৰ দৰ্কাৰো হোৱা নাছিল। মাইক আৰু বন্ধুকেইজনে সকলো বুজি পাইছিল আৰু তাইক সমৰ্থন
কৰি গৈছিল।
     এটা সময়ত 
জেনেটে জানিব
পাৰিছিল—-সেই
  আগ্ৰাসনটোৰ
আগতে প্ৰেছিডেন্ট কেনেডীয়ে আমেৰিকা সেই আক্ৰমণত সম্পূৰ্ণৰূপে জড়িত নহবলৈ সিদ্ধান্ত
লৈছিল আৰু দেউতাকেও নোযোৱাৰ সিদ্ধান্তই লৈছিল। কিন্তু যুদ্ধৰ ভাগৰ আৰু ক্ষতিবোৰে
 
কিউবাৰ নিৰ্বাসিতসকলৰ মাজত
চৰম হতাশাৰ সৃষ্টি কৰিছিল। বহুদিন একেলগে থকা বাবে কিউবান আৰু আমেৰিকান সকলৰ মাজত
সহৃদয়তাও স্থাপন হৈছিল। জেনেটে আৰু জানিব পাৰিছিল যে শেষ সিদ্ধান্ত লোৱাৰ ভাৰ তাইৰ
দেউতাকৰ ওপৰত আছিল——–উৰিব নে নিকাৰাগুৱাত ৰৈ যাব। এজন স্বাধীনতাপ্ৰিয় মানুহ
হিচাবে অৱশেষত তেওঁ উৰিবলৈ সিদ্ধান্ত লৈছিল। পে

ৰেই উৰিছিল।
     লক্ষ্য স্থান সমূহত
বোমাবৰ্ষণ কৰাৰ পিছত ঘৰলৈ ঘূৰিবলৈ তেওঁ সাজু হৈছিল। ঠিক সেই সময়তে ফিডেল কেষ্ট্ৰোৰ
যুজাৰু বিমান এখনেৰে
  B–26বিমানখন গুলীওৱা হৈছিল। সংগ্ৰীহিত কিছু তথ্য অনুসৰি পে
ৰেৰ লগত থকা সহকাৰী পাইলট লিও ফ্ৰান্সিচ বেকাৰৰ মাটিত নমাৰ সময়তে মৃত্যু হৈছিল।
হাতত বন্দুক লৈ পে
ট ৰে  বিমানৰ ভিতৰৰ পৰা ওলাই আহিছিল। তেতিয়াই
স্বয়ংক্ৰিয় ৰাইফলেৰে তেওঁক পেট আৰু শৰীৰৰ ওপৰভাগত গুলীয়াইছিল। শেষত কিউবান সৈনিক
এজনে নিচেই ওচৰৰ পৰা মূৰত গুলীয়াই তেওঁক হত্যা কৰিছিল।
    দেউতাকৰ
মৃত্যু হোৱা বুলি জেনেট যদিও প্ৰায় নিশ্চিত হৈছিল
, তাই
বিভাগীয় স্বীকৃতি বিচাৰিছিল। সেয়ে এই বিষয়টো লৈ কিউবাৰ ৰাজধানী চহৰ
, হাভানাৰ
ৰাষ্ট্ৰপতি ভৱনলৈ বহু চিঠি আৰু টেলিগ্ৰাম পঠিয়াইছিল। কিন্তু কাষ্ট্ৰোৱে
 
কেতিয়াও উত্তৰ দিয়া নাছিল।
    ১৯৭৯
চনৰ এপ্ৰিল মাহ । জেনেট ৰে ইতিমধ্যে জেনেট উইনিঞ্জাৰ হৈছিল আৰু গিৰিয়েকৰ লগত
জাৰ্মানীৰ হান(
Han) বায়ু সেনা 
শিবিৰত আছিল। সেই দিনাৰ
দিনটো আছিল এটা ৰৌদ্ৰোজ্জল দিন। বাহিৰৰ পৰা গাড়ীৰে জেনেট আহি নামিছিল আৰু তাইৰ
নামত অহা চিঠিবোৰ হাতত লৈছিল।চিঠিবোৰত এনেয়ে
  চকু ফুৰাওতে পিটাৰ ওৱাইডেন নামৰ এজন ব্যক্তিৰ
পৰা অহা খাম এটা তাইৰ চকুত পৰিছিল। পিটাৰে পিগচ উপসাগৰীয় অঞ্চলৰ গোপন সামৰিক ঘাটিৰ
ওপৰত এখন কিতাপ লিখি আছিল। মাত্ৰ কেইটামান মাহৰ পূৰ্বে তেওঁৰ লগত তাইৰ চিনাকি
হৈছিল। সেই তেতিয়াই পিটাৰে জেনেটক জানিবলৈ দিছিল যে কিউবাৰ চৰকাৰৰ ওচৰত দুজন মৃত
পাইলটৰ ফটো আছে। তেওঁ তাইলৈ তাৰ কপি পঠিয়াব বুলিও কৈছিল। খামটো গধূৰ আৰু ঠৰঙা
হোৱালৈ চাই তাত ফটো থকা যেনেই লাগিছিল তাইৰ । বুকুখন দুৰু দুৰুকৈ কপিছিল জেনেটৰ
আৰু কপা কপা হাতেৰে খামটো খুলি চাইছিল । অস্পষ্ট ক
লা
বগা প্ৰিন্টৰ ফটোখনত থকা মানুহ দুজনৰ মুখদুখন স্পষ্ট নাছিল।
     জেনেটৰ বাবে সেয়াই যথেষ্ট
আছিল। মুখত তেজৰ দাগৰ সৈতে বগা টি চাৰ্ট
  পৰিহিত মানুহজনক তাই চিনিব পাৰিছিল।
     অৱশেষত ইমান বছৰে বিচাৰি
ফুৰা প্ৰমাণ জেনেটৰ হাতত আহি পৰিল‌। এতিয়া অনুসন্ধানৰ এটাই কাম বাকী আছে
—-দেউতাকৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনা।
     সেই বছৰৰে জহকালি, যুক্তৰাষ্ট্ৰ
কংগ্ৰেছৰ ওচৰত সহায় বিচাৰি কৰা চেষ্টা আৰু ফিডেল কাষ্ট্ৰো লৈ প্ৰেৰণ কৰা অসংখ্য
চিঠি আৰু টেলিগ্ৰাম সমূহৰ পিচত কিউবান চৰকাৰে সেইটো পে

ৰেৰ শ বুলি নিশ্চিত কৰিলে। শটো হাভানাৰ এটা মৰ্গত ওঠৰ বছৰ বৰফৰ মাজত ৰখা হৈছিল।
কেইবাটাও মাহ চলা আলোচনাৰ অন্তত শৱদেহ ঘূৰাই দিবলৈ কিউবাৰ চৰকাৰ মান্তি হ
ল।
     বাৰ্মিংহামৰ মিউনিচিপালিটি
বিমানবন্দৰত সেইদিনা পাতলীয়া বৰষুণ পৰি আছিল। কেইমাহমানৰ গৰ্ভৱতী
, ৰুগ্ন
আৰু ভাগৰুৱা জেনেটে দেউতাকৰ কফিন কঢ়িয়াই অনা বিমানখন লৈ অপেক্ষা কৰি আছিল। ত্ৰিশ
বছৰীয়া পে
ট ৰেই  ওঠৰ
বছৰ আগতে এইটো ৰানৱেৰেই
  এদিন
ওলাই গৈছিল
,ত আজি বিমানখন নামিবহি।
     বিমানখনৰ পৰা কফিনটো নমাই
এখন এম্বুলেঞ্চত উঠোৱা হ
ল‌। মৰ্গলৈ অনাৰ সময়ত জেনেটে কাঠৰ বাকচটো সাৱটি
ধৰি আছিল। পাইন কাঠৰ বাকচটো তাই গালেৰে স্পৰ্শ কৰিলে
, বাকচৰ
ওপৰলৈ হাতেৰে চুই চালে
,
অলপ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা এখন উৰিব । মনে মনে তাই ক
লে—“দেউতা, তুমি
ঘৰলৈ ঘূৰি অহাৰ বাবে মই বৰ আনন্দিত হৈছো”।
    ১৯৭৯
চনৰ ৮ডিচেম্বৰ তাৰিখে পে
ট ৰেক বাৰ্মিংহামত 
সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে
সমাধিস্থ কৰা হ
ল।
     আনুষ্ঠানিকতা শেষ হোৱাৰ
পিছতো দেউতাকক অকলশৰে পাবলৈ জেনেট কিছু সময় ৰ
ল। জেনেটে 
দেউতাকলৈ চিঠি এখন লিখি
আনিছিল। সমাধিস্থ কৰাৰ সময়ত তেওঁৰ সামৰিক পোচাকৰ বুকুৰ জেপত সেইখন তাই ভৰাই
দিছিল।তাই লিখিছিল—-কিমান গৰ্বিত আজি তাই। তাই স্বীকাৰ কৰিছিল যে নিজৰ জীৱন
বিপন্ন কৰি কিয়নো তেওঁ কাৰোবাৰ ৰণত যুজিবলৈ গৈছিল
,  প্ৰথমতে
বুজিব পৰা নাছিল। কিন্তু বহু বছৰ ধৰি কিঊবাৰ প্ৰৱীণ লোকসকল আৰু তেওঁলোকৰ
পৰিয়ালসমূহক লগ পোৱাৰ পিছত তাই বুজিছিল যে সেয়া আছিল স্বাধীনতা প্ৰিয় মানুহ এজনৰ
সিদ্ধান্ত। তাই আৰু লিখিছিল—পুনৰ যদি তেনে পৰিস্থিতি হ
লহেতেন
, তুমি আকৌ তেনে কৰাটোৱেই মই বিচাৰিলোহেতেন।”
     ১৯৮০ চনৰ ২১ জুলাইৰ দিনা
জেনেটৰ এটি পুত্ৰ সন্তান জন্ম হ
ল। তাই তাৰ নাম
ৰাখিলে-“পে
ট”।
    ১৯৮৭
চনৰ ১৭ এপ্ৰিল। মিয়ামিত বসন্ত কালৰ এটা সুন্দৰ দিন। পিগচৰ উপসাগৰীয় অভিযানৰ
বৰ্ষপুৰ্তিৰ অনুষ্ঠানত জেনেটক ক
বলৈ দিলে। তাই থিয় হোৱা
মঞ্চৰ পিছফালে মৃত সৈনিক সকলৰ লগতে দেউতাকৰো এটা স্মৃতিস্তম্ভ আছিল।
    মাইকৰ
ওচৰলৈ
  জেনেট
আগবাঢ়ি গ
ল। সুন্দৰ ভাষণ দিলে। কিউবানসকলেও বুজি পাইছিল‌। তেওঁ লোকৰ
চুটকেছবোৰো হালধীয়া পৰা ফটো আৰু নিৰাশা কঢ়িওৱা কাগজেৰে ভৰি আছিল। তেওঁলোকে
 
বুজি পাইছিল —-তাইৰ
ক্ষতিও তেওঁলোকৰ দৰেই অপূৰণীয়। ইংৰাজ-আমেৰিকান জেনেটে বিশ্বাস কৰিছিল যে কিছুমান
সংগ্ৰামৰ কেতিয়াও শেষ নাই।
    পে
ৰেৰ জীয়ৰী জেনেটক ব্ৰিগেডৰ সদস্য সকলেও আগুৱাই আহি সামৰিক কায়দাৰে চেলুট দিছিল।
সেইজন আমেৰিকান যিজনে কিউবানসকলৰ হকে যুজি পৰদেশত মৃত্যুবৰণ কৰিছিল। অনুস্থান শেষ
ল।
     কিন্তু জেনেটৰ অনুসন্ধানৰ
শেষ হোৱা নাছিল। পিগচৰ উপসাগৰীয় অঞ্চলৰ কোনোবা প্ৰৱীণ লোকক লগ পালেই নিজৰ নোটবহীখন
আগুৱাই দি তাই কৈছিল—–“আপুনি বাৰু মোৰ দেউতাৰ বিষয়ে জানিছিলনে”
?

Popular Post

ঐতিহাসিক চিঠি